এই খিনি কথা যিকোনো সময়তে আপোনাৰ কামত আহিব পাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 13, 2021

এই খিনি কথা যিকোনো সময়তে আপোনাৰ কামত আহিব পাৰে : Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল ভাৰতবৰ্ষ এখন সাপ থকা ঠাই। ইয়াত বিভিন্ন ধৰণৰ সাপ দেখা পোৱা যায়।ভাৰতত বহুত মানুহৰ মৃত্যু সাপে খুঁটিলে হোৱা দেখা যায়।Assamese Fact )

Assamese Fact
এবছৰত প্ৰায়  ১ লাখ মানুহ সাপে খুঁটাৰ ফলত মৃত্যু মুখত পৰে বুলি জানিব পৰা গৈছে। তাৰ ভিতৰত ৫০% মানুহ ভাৰতবৰ্ষৰ।ভাৰতবৰ্ষত এবছৰত ৪০-৫০হাজাৰ মানুহৰ সাপে খুঁটাৰ ফলত মৃত্যু হয়। যি সকল মানুহ চহৰত থাকে তেওঁলোকৰ বেছি ভয় নাথাকে। কাৰণ তাত বেছি সাপ নাথাকে আৰু চিকিৎসালয়ো ওচৰতে থাকে। কিন্তু গাঁৱ , পাহাৰ আৰু জংঘলৰ ওচৰত থকা মানুহবোৰৰ বহুত কষ্ট আৰু সমস্যা হয়। কাৰণ তাত বহুত ধৰণৰ বিষাক্ত সাপ পোৱা যায় আৰু তাত ইমান ওচৰত চিকিৎসালয়ো নাথাকে। 


কিছুমান ঠাইত ঘৰত প্ৰায়ে সাপ ওলোৱাটো একেবাৰে সাধাৰণ কথ।যদি আপোনাক সাপে খুঁটে তেতিয়া কি কৰিব লাগে এই কথাটো বহুতে নাজানে যাৰ ফলত তেওঁলোকৰ মৃত্যু হয়। যদি চিকিৎসালয় ওচৰত আছে তেতিয়া একো নাই । কিন্তু যদি ওচৰত নাই তেতিয়া কি কৰিব লাগে। আজি আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে সাপে খুঁটিলে প্ৰথমতে কি কৰিব লাগে।

ভাৰতবৰ্ষত প্ৰায় ৩০০টা প্ৰজাতিৰ সাপ পোৱা যায়। তাৰ ভিতৰত ১৫ টা প্ৰজাতিৰ সাপৰ বহুত বিষ থাকে। যাৰ ফলত  খুঁটিলে মানুহৰ মৃত্যু হযব পাৰে। সেই ১৫ টা সাপৰ ভিতৰত কব্ৰা,ক্ৰেক,ৰৌচল উৱাইপাৰ, অচ্ছ্ গ্ৰেল  উৱাইপাৰ এই চাৰিটা সাপ বেছিকৈ পোৱা যায়। ভাৰতত এই চাৰিটাই খুঁটিলে মানুহৰ মৃত্যু হয়। বাকী ২৫০ প্ৰজাতিৰ সাপ বেছি বিষাক্ত নহয় বা বিষ নাথাকে। 


এটা কথা এইটোও যে বহুত বাৰ মানুহৰ মৃত্যু সাপে খোঁটাৰ ফলত নহয় ভয়ৰ ফলত হোৱা দেখা যায়। সাপে খোঁটাৰ পিছত মানুহে বেছি ভয় কৰে যাৰ ফলত হৃদয়ৰ ক্ৰিয়া বন্ধ হৈ যায় নতুবা ভুল সিদ্ধান্ত লোৱাৰ ফলতো বহুজনৰ মৃত্যু হোৱা দেখা যায়। সেই কাৰণে সাপে খোঁটাৰ পিছত কেতিয়াও মানসিক ভাবে ভাগি যাব নালাগে।

এতিয়া আমি আপোনালোকক কম যে সাপে খোঁটাৰ পিছত কি কৰিব নালাগে।

(১) ভয় কেতিয়াও কৰিব নালাগে : সাপে খোঁটাৰ পিছত বেচি কান্দিব আৰু দৌৰিব নালাগে। কাৰণ এনেকুৱা কৰিলে ৰক্তচাপ অধিক বাঢ়ি যাব আৰু তাৰ ফলত বিষ শৰীৰত বিয়পি যাব আৰু মানুহজনৰ সোনকালেই মৃত্যু হ'ব পাৰে।


(২) জঁৰা-ফুঁকা : পূৰ্বতে সাপে খোঁটাৰ পিছত কৰিবলৈ একো চিকিৎসা নাছিল যাৰ ফলত  জঁৰা-ফুঁকা কৰা হৈছিল আৰু সাপটো বেছি বিষধাৰী নহ'লে মানুহ বাচি গৈছিল । তাৰ পাছত মানুহে ভাবিছিল যে বাবাজনে জঁৰা-ফুঁকা কৰি মানুহজনক বচালে। কিন্তু আজি কালি ইয়াৰ বহুত চিকিৎসা আছে। সেই কাৰণে ভুল কৰিও কেতিয়াও কোনো বাবা ওচৰত বা জঁৰা-ফুঁকা নকৰাব।


(৩) কটা : মানুহে ভাবে য'ত সাপে খুঁটিছে তাত যদি ব্লেডে অলপ কাটি তেজ উলিয়াই দিওঁ তাৰ লগত বিষ উলাই আহিব।  এইটো বহুত ভুল কথা। এনেকুৱা কৰিলে তেজ বেছিকৈ যাব আৰু তাৰ ফলত মানুহজনৰো মৃত্যুহে হ'ব।Assamese Fact )


(৪) বিষ সোঁপা : কিছুমান মানুহে ভাবে যে বিষ সোঁপি বাহিৰলৈ উলিয়াই আনিব পাৰে। কিন্তু বিষ সোঁপি কেতিয়াও বাহিৰলৈ উলিয়াই আনিব নোৱাৰে। কাৰণ বিষ তেজৰ লগত মিলি যায়।

 

(৫) বন্ধা : মানুহে ভাবে যে য'ত সাপে খুঁটিছে তাত জোৰে ৰচী বান্ধি দিওঁ।যাৰ ফলত  তেজ চলাচল নহ'ব আৰু বিষ শৰীৰত বিয়পি নাযাব।এই প্ৰক্ৰিয়াটো বহুত ভুল । কাৰণ কিছুমান সাপৰ বিষ ইমান বেয়া যে জোৰে বান্ধিলে সেই জেগা খিনি কাটিব লগা হ'ব পাৰে। সেই কাৰণে কেতিয়াও জোৰে বান্ধিব নালাগে।


এইবোৰ কিছুমান কথা আছিল যিবোৰ আমি কেতিয়াও কৰিব নালাগে।এতিয়া জানো আহঁক সাপে খোঁটাৰ পিছত লগা লগ কি কৰিব লাগে।


(১) সাৱধানতা : ইয়াৰ কাৰণে আপুনি সাপৰ ভোজন যেনে- কুকুৰা,ডিম, ভেকুলী, নিগনি আদি নিজৰ পৰা বা ঘৰৰ পৰা দূৰত ৰাখিব লাগে। ভোজন বিচাৰি সাপ মানুহৰ ঘৰত সোমাই যায় । সেই কাৰণে ঘৰৰ ওচৰে পাজৰে চফা কৰি ৰাখিব লাগে আৰু ঘৰত বস্তু দম কৰি থব নালাগে।  ক'ৰবাত গ'লে জুতা পিন্ধি যাব লাগে । মাটিত শুৱ নালাগে আৰু শুলেও আঠুৱা তৰি শুৱ লাগে।  ৰাতি লাইট বা টৰ্চ লৈ বাহিৰলৈ যাব লাগে।


(২) শান্তিত থাকিব লাগে : এই সময়ত চিঞৰ বাখৰ কৰিব আৰু কান্দিব নালাগে।


(৩) চিকিৎসালয়লৈ যোৱা : যদি সাপে খুঁটে সোনকাল চিকিৎসালয়লৈ যাব লাগে। যদি আপোনালোকৰ ঘৰৰ ওচৰত চিকিৎসালয় নাই তেতিয়া ১০৮বা ১০২ নম্বৰত ফোন কৰি এম্বুলেন্স মাতিব লাগে আৰু তেওঁলোকে যি কয় সেই মতে কৰিব লাগে। যদি এম্বুলেন্স নাহে বা আহি পোৱাত দেৰি হয় তেতিয়া বাইকত হ'লেও মানুহজনক চিকিৎসালয়লৈ লয় যাব লাগে। যদি আপোনালোকৰ তাত সাপ বেছি উলাই আগতেই কোনোবা জনা ডাক্তৰৰ নম্বৰ নিজৰ তাত সংগ্ৰহ কৰি ৰাখিব লাগে আৰু তেওঁৰ মতে কৰিব লাগে। পাৰিলে যিটো সাপে খুঁটে তাৰ ফটো এখন মাৰি ল'ব লাগে নহবা মনত ৰাখিব লাগে তাৰ আকাৰ ৰঙ কেনেকুৱা আছিল যাতে চিকিৎসালয়ত ক'ব পাৰে আৰু ডাক্তৰে সোনকাল চিকিৎসা কৰিব পাৰে।


(৪) শৰীৰটো ধিলা কৰি ৰাখিব লাগে : সাপে খোঁটাৰ পিছত শৰীৰৰ পৰা সকলো টান বস্তু খুলি পেলাব লাগে।চিকিৎসালয়লৈ  যোৱা সময় মানুহজনক বাওঁ ফালে কৰি শুৱাব লাগে যাতে তেওঁৰ বমি হ'লেও উশাহ লোৱাত কষ্ট নহয়।


সদাই মনত ৰাখিব যে,সাপে খোঁটাৰ পিছত সকলোতকৈ উত্তম চিকিৎসা হৈছে এন্টিভেনন ইনজেক্সন।এই এন্টিভেনন ইনজেক্সন সাপৰ বিষৰ পৰাই বনোৱা হয় যিটো চিকিৎসালয়ত উপলবদ্ধ হয়।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages