আপোনালোকে জানেনে পানীৰ দৰে সাধাৰণ বস্তু এটাৰ বাবেই আমাৰ শৰীৰত কিমান ভয়াবহ পৰিণামে দেখা দিব পাৰে??( Assamese Fact )পৃথিৱীৰ ৫০% জনসংখ্যাই আজিকালি পানী খোৱাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে।বেছি সংখ্যক মানুহেই পানীৰ অভাৱ অৰ্থাৎ dehydration ৰ ফলত হ'ব পৰা গম্ভীৰ বেমাৰৰ বিষয়ে নাজানে।
যদি আপুনিও আপোনাৰ পানী খোৱা অভ্যাসক গুৰুত্ব নিদিয়ে বা আপুনি যদি গমেই নাপাই দৈনিক আপুনি কিমান পানী খাই বা নাখাই তেন্তে আজিৰ পৰাই এই ক্ষেত্ৰত গুৰুত্ব দিয়া আৰম্ভ কৰক।
এই লেখা টোৰ জৰিয়তে আপুনি জানিব পাৰিব পানীৰ অভাৱৰ ফলত আপোনাৰ শৰীৰত কি কি ঋণাত্মক প্ৰভাৱ পৰিব পাৰে তাৰোপৰি কি কি লক্ষণৰ দ্বাৰা শৰীৰত পানীৰ অভাৱ হৈছে বুলি জানিব পাৰিব।
পানী আমাৰ দেহৰ বাবে ইমান প্ৰয়োজনীয় কিয়?
আমাৰ শৰীৰৰ ৭৫% পানীৰে গঠিত।হৃদয়,মগজু,ছাল আনকি আমাৰ হাড় বিলাক যিবিলাক দেখাত শুকান যেন লাগে তাতো ৩১%পানী থাকে।আমাৰ শৰীৰৰ সকলোখিনি অংগই সঠিক্ভাৱে কাম কৰিবলৈ পানীৰ বহুতো প্ৰয়োজন আছে।গতিকে দেখিবলৈ পোৱা যায় যে পানীৰ অভাৱৰ ফলত তেজৰ অভাৱত ফলত হোৱা সমস্যাতকৈও গম্ভীৰ সমস্যা হ'ব পাৰে।
শ্বাস সম্ভন্ধীয় সমস্যাৰ কাৰণো পানীৰ অভাৱ হ'ব পাৰে।
যিবিলাক মানুহে পানী কম খায়,তেওঁলোকৰ বৃক্ক,হৃদয়,পাচন তথা পেটৰ বেমাৰ হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায়।
পানীৰ অভাৱৰ পৰিণাম ইমানেই গম্ভীৰ হৈ যায় যে প্ৰায়ে দুৰ্বলতাৰ কাৰণে সেই ব্যক্তি চিকিৎসালয়তো ভৰ্তি হ'বলগীয়া হ'ব পাৰে।
আমাৰ শৰীৰত যেতিয়া কোনো অসাধাৰণ ঘটনা ঘটে তেতিয়া আমাৰ শৰীৰে বিভিন্ন লক্ষণৰ দ্বাৰা আমাক সেই বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰে।এই লক্ষণ খিনিক আমি কেতিয়াও মনোযোগ নিদিয়াকৈ থাকিব নালাগে।
এই লেখাটোত আপোনাক জনাম যে পানীৰ অভাৱৰ ফলত কি কি লক্ষণে দেখা দিয়ে।
১)মুখৰ পৰা দুৰ্গন্ধ ওলোৱা-
বহুলোকে এনেদৰে ভাবে যে খাদ্য খোৱাৰ বাবে বা দাঁত ব্ৰাছ নকৰাৰ বাবে মুখলৈ দুৰ্গন্ধ আহে।কিন্তু মুখৰ দুৰ্গন্ধ ওলোৱাৰ বাবে শৰীৰত পানীৰ অভাৱো এটা কাৰণ হ'ব পাৰে।পানীৰ অভাৱৰ কাৰণে মুখত লালটিৰ পৰিমাণ কমি যায়,ফলত মুখখ্ন শুকান হয় আৰু এনে হোৱাৰ ফলত মুখত বেক্টেৰিয়াৰ পৰিমাণ বেছি হয় আৰু ফলস্বৰুপে মুখৰ পৰা দুৰ্গন্ধ ওলাব ধৰে।কিন্তু প্ৰায়ে পানী কম খোৱা মানুহে তেওঁলোকৰ মুখৰ দুৰ্গন্ধৰ কথা নিজে নাজানে।
২)হালধীয়া প্ৰস্ৰাৱ আৰু জ্বলন-
যেতিয়া কোনো ব্যক্তিয়ে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলন অনুভৱ কৰে আৰু প্ৰস্ৰাৱৰ ৰং হালধীয়া হয়।তেন্তে জানিব যে তেওঁৰ শৰীৰত পানীৰ অভাৱ হৈছে।আমাৰ শৰীৰে প্ৰস্ৰাৱ আৰু ঘামৰ যোগেদি শৰীৰত থকা টক্সিন একেৰাহে বাহিৰলৈ উলিয়াই থাকে।যেতিয়া আমি পৰ্যাপ্ত পৰিমাণৰ পানী নাখাও তেতিয়া আমাৰ শৰীৰত টক্সিনৰ পৰিমাণ বাঢ়িব ধৰে আৰু ইয়াৰ প্ৰ্ভাৱ বৃক্কত পৰে।প্ৰস্ৰাৱ বেছি আম্লিক হৈ যায় সেইবাবে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলন অনুভৱ হয়।কম পানী খোৱা মানুহৰ বৃক্কত পাথৰ আৰু মূত্ৰাশয়ৰ লগত জৰিত বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।( Assamese Fact )
৩)গাঁথিত বিষ হোৱা আৰু জঠৰতা-
পানী কম খোৱাৰ ফলত কঁকাল,ডিঙি,পিঠি আৰু সকলো গাঁঠিতে বিষ হয়। কম পানী খোৱা মানুহ যেতিয়া বহু সময় একে ঠাইতে বহি থাকে তেতিয়া তেওঁৰ গাথিৰ জঠৰতা আহি যায় আৰু বহু সময়ত বিষো হ'ব পাৰে।পানী বেছি খোৱা মানুহৰ গাঁঠি আৰু হাড় বেছি শক্তিশালী হয়।আমাৰ গাঁথিবিলাকৰ মাজত synobial fluid নামৰ এবিধ তৰল পদাৰ্থ থাকে যিয়ে গাঁথিৰ মাজত গ্ৰিছৰ দৰে কাম কৰে।পানীৰ অভাৱত শৰীৰত এই তৰল বিধৰ মাত্ৰা কমিব ধৰে আৰু পিছলৈ গম্ভিৰ গাঁথিৰ বিষৰ আৰম্ভণি হ'ব পাৰে।
৪)বাৰে বাৰে ভোক লগা-
প্ৰায়ে দেখা যায় পানী কম খোৱাৰ বাবে আমাৰ পিয়াহো ভোক লগাৰ দৰে অনুভৱ হ'ব ধৰে।খাদ্য খোৱাৰ পিছতে যদি পুনৰ ভোক লাগিব ধৰে তেন্তে সেইয়া ভোক নহয় পিয়াহ হে লগাৰ অনুভৱ হৈছে।এনে স্থিতিত মানুহে অত্যাধিক ভোজন কৰিবলৈ ধৰে যায় ফলত পিছলৈ এচিডিটি,পেট বাঢ়ি যোৱা,পেট গধুৰ হোৱা,পেট বেয়া হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হ'ব লগীয়া হ'ব পাৰে।
৫)ভাগৰ লগা,এলাহ ভাৱ আৰু বহু সময়লৈকে বেমাৰত ভুগি থকা-
শৰীৰত পানীৰ অভাৱত মানুহে এলাহ আৰু ভাগৰুৱা অনুভৱ কৰিব ধৰে।পানী নাখালে যেতিয়া শৰীৰৰ সকলো অংগত পানী নাইকিয়া হ'ব ধৰে তেতিয়া আমাৰ শৰীৰে তেজত থকা পানীৰ জৰিয়তে এই অভাৱ পূৰণ কৰিবলৈ বিচাৰে,এনে হোৱাৰ ফলত তেজত অক্সিজেনৰ পৰিমাণ কম হ'ব ধৰে আৰু লাহে লাহে তেজ ডাঠ হ'ব ধৰে,আৰু ডাঠ তেজৰ কাৰণে তেজৰ চাপৰ সমস্যা হ'ব পাৰে।আৰু জ্বৰ হৈ যোৱাৰ ফলত মানুহ সোনকালে সুস্থ হ'ব নোৱাৰে আৰু পানী কম খোৱাৰ ফলত মানুহৰ দৈনিক কাম কৰাত এলাহ লাগে।
৬)শুকান ছাল-
শুকান আৰু ফটা ছাল পানীৰ অভাৱৰ ফলত হোৱা এটা সচৰাচৰ সমস্যা।পানীৰ সম্পূৰ্ণতাত ছালক সতেজ আঙুৰৰ লগত তুলনা কৰা হয়।যেতিয়া পানীৰ অভাৱত ছাল শুকাব বা ফাটিব ধৰে তেতিয়া সেই চালক শুকান আঙুৰ বা কিচমিচৰ লগত তুলনা কৰা হয়।সেই অৱস্থাত ছালত অলপকৈ নখ লগালেও বগা আঁচ বহি যায়।যেতিয়া আমি প্ৰয়োজনীয় মাত্ৰাত পানী খাওঁ তেতিয়া ক্ৰীম বা লোচন নলগোৱাকৈয়ে আমাৰ ছাল সতেজ আৰু উজ্জ্বল হৈ থাকে।
৭)পিয়াহ লগা-
বহু মানুহে যেতিয়ালৈকে তেঁওলোকৰ বহুত বেছি পিয়াহ নালাগে তেতিয়ালৈকে পানী নাখায়,এনে কৰাটো সম্পূৰ্ণ ভুল।অলপ পিয়াহ লাগিলেই লগে লগে পানী খাব লাগে।কাৰণ যেতিয়া আমাৰ পিয়াহ লাগে তাৰ বহু আগতেই আমাৰ শৰীৰত পানীৰ স্তৰ বহুত তললৈ নামি যায়।বেছিকৈ পানী নাখালে শৰীৰৰ লগে মগজুটো বেয়া প্ৰভাৱ পৰে।মূৰৰ বিষ,মনোযোগ দিব নোৱাৰা,খিংখিঙীয়া হোৱা আদিবোৰো শৰীৰত পানী কম হোৱাৰ লক্ষণ হ'ব পাৰে।
৮)চকু শুকান হোৱা-
চকু শুকান হোৱাটোও এটা বহুত গুৰুত্বপূৰ্ণ সমস্যা যাৰ ফলত চকু দুৰ্বল বা অন্ধও হ'ব পাৰে।যিদৰে আজিকালি আমি টিভি,মোবাইল,লেপটপ আদি সঘনাই ব্যৱহাৰ কৰিব ধৰিছো তাৰকাৰণে পানীৰ সেৱনৰ পৰিমাণটো দুগুণ কৰাটো প্ৰয়োজন।পানীৰ অভাৱৰ কাৰণে মোবাইল,টিভি আদিৰ পৰা ওলোৱা ক্ষতিকাৰক ৰশ্মিৰ প্ৰভাৱ দুগুণ হৈ যায়।আৰু সুস্থ চকুটো চশমা লগাব লগীয়া হয়।পানী কম খোৱা মানুহৰ চকু ৰঙা আৰু শুকান হোৱাৰ বাবে চকুৰ লগতে চকুৰ চৌপাশো বিষাব ধৰে।চকুত যদি চকুপানীৰ পৰিমাণ কমি যায় চকুত ঋণাত্মক প্ৰভাৱ পৰে আৰু চকুৰ কৰ্ণিয়াত জাল বান্ধে যি চকুৰ এটা ডাঙৰ ৰোগ।
৯)পাচন সম্বন্ধীয় সমস্যা-
পাচন বা পেটৰ লগত জড়িত সমস্যা থকা মানুহে সদায় বেছি পানী সেৱন কৰাটো উচিত।পাচন প্ৰক্ৰিয়াত অত্যধিক পানী থকাটো উচিত।আমি খোৱা খাদ্য মুখেদি গৈ যেতিয়া পাচন তন্ত্ৰত পৰেগৈ তেতিয়া পানীৰ অভাৱ পূৰণ কৰিবৰ কাৰণে খোৱা খাদ্যৰ সকলোখিনি তৰল ধৰি ৰাখি তাক শুকুৱাই দিয়ে বাবে বিষ্ঠা খিনি শুকান আৰু টান হৈ যায়।গেছ,কোষ্ঠকাঠিন্য,পাইলছ,পেট চফা নোশোৱা আদি বেমাৰৰ প্ৰধান কাৰণ পানীৰ অভাৱো হ'ব পাৰে।
১০)মাংসপেশী কমা-
যি ব্যক্তিয়ে ব্যায়াম অনুশীলন কৰে বা জিম যায়,তেওঁলোকে বেছি পানী খোৱাটো প্ৰয়োজন।যদি তেওঁলোকে ব্যায়াম কৰাৰ আগত আৰু পাছত পৰ্যাপ্ত পানী নাখাই তেন্তে তেওঁলোকৰ মাংসপেশী কম হোৱাৰ সম্ভাৱনা বেছি হৈ যায়।অৰ্থাৎ পানী কমকৈ খালে আপুনি বিচৰাৰ দৰে আপোনাৰ দেহৰ গঠন নহব।পানীৰ অভাৱত অনুশীলন কৰাৰ পিছত মাংসপেশী,শৰীৰৰ গাঁথিৰ বিষ বহু পৰিমাণে বাঢ়ি যায়।
এইখিনিয়ে হৈছে পানীৰ অভাৱত দেখা দিয়া লক্ষণ। সঠিক মাত্ৰাত পানীৰ সেৱন কৰি এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment