প্ৰিয় পাঠকসকল,আজি আমি আপোনালোকক সেই সকল ব্যক্তিৰ বিষয়ে ১৫ টা কথা কম যিসকল ব্যক্তিৰ বুকুত নোম থাকে।( Assamese Fact )এই কথাবোৰ শুনি আপোনালোক নিশ্চিত ভাবে আচৰিত হৈ উঠিব। সামুদ্ৰিক শাস্ত্ৰত মানুহৰ শৰীৰৰ বিভিন্ন সৰু-সুৰা কথাৰ বা বস্তুৰ বিষয়ে কোৱা আছে। যিবোৰ শুনি যিকোনো ব্যক্তিৰে এনেকুৱা লাগে যেন তেওঁৰ বিষয়েহে কোৱা হৈছে। কেতিয়াবা এনেকুৱা লাগিব যেন,আপোনাৰ জীৱনৰহে এটা এটা পাঠ খোলা হৈছে ।তেতিয়া হ'লে আজিৰ এই প্ৰসংগ বিস্তৃত ভাবে জানো আহঁক।
সামুদ্ৰিক শাস্ত্ৰত শৰীৰত নোম থকা ব্যক্তি সকলৰ বিষয়ে কোৱা ১৫ টা ৰহস্য তলত দিয়া ধৰনৰ।আৰু শেষলৈ উল্লেখ কৰা হৈছে এনে ব্যক্তি সকলৰ ৭ টা বিশেষ দোষ।
১ঃ শাস্ত্ৰৰ অনুসৰি যি ব্যক্তিৰ বুকুত নোম থাকে তেওঁলোক স্বতন্ত্ৰ স্বভাৱৰ হোৱা লগতে পৰাক্ৰমী বিধৰ হয়। লগতে এওঁলোক উচ্চকাংশী আৰু যাত্ৰা অৰ্থাৎ ফুৰি ভাল পায়।
২ঃ এওঁলোকৰ জীৱনটো সংঘৰ্ষৰে ভৰা হয়। কিন্তু শাস্ত্ৰৰ অনুসৰি যেতিয়া এওঁলোকৰ বয়স বাঢ়ি বাঢ়ি গৈ থাকে তেনেকৈ সিহঁতৰ জীৱনৰ পৰা সংঘৰ্ষ কমি গৈ থাকে।
৩ঃ জীৱনত যি সফলতা লাভ কৰে নিজৰ কৰ্ম দক্ষতা ফলতে কৰে। এওঁলোকে সদায় আনক সহায় কৰে।
৪ঃ ইফালে এওঁলোকক সহায়ৰ আৱশ্যকতা হ'লে কিন্তু কোনেও সোনকালে আগবাঢ়ি নাহে।
৫ঃ যেনেকুৱা পৰিস্থিতিয়ে নাহক কিয় এওঁলোকে নিজৰ বুদ্ধিৰে সেই সমূহ সমাধান কৰে।
৬ঃ এওঁলোকৰ কথাত কঠোৰতা ভাব দেখা যায় কিন্তু মনত কাৰো প্ৰতি হিংসা ভাব নাথাকে।
৭ঃ এওঁলোকে সদায় সেইটোৱে কয় যিটো এওঁলোকে শুদ্ধ বুলি ভাবে। যদি ঘৰৰ মানুহে কিবা বেয়া কৰিছে বা অচিনাকি ব্যক্তিজন সঁচা বা শুদ্ধ এওঁলোকে তেওঁকে শুদ্ধ বুলি কয়।
৮ঃ ক'বলৈ গ'লে এওঁলোকে ন্যায় প্ৰিয় হয়। এওঁলোকে সৰু-সুৰা কথাবোৰ ইমান গুৰুত্ব নিদিয়ে।
৯ঃ যদি কিবা কাম কৰিবলৈ কোৱা হয় সেই কামটো কৰিবলৈ সদায় আগত আহি থিয় হয় আৰু সেই কামতো ভালদৰে সম্পূৰ্ণ ও কৰে।
১০ঃ এওঁলোকে ভায়েক-ভনীয়েকৰ সুখ বেছি নাপায়।
১১ঃ উচ্চ আৰু ধনী জীৱন যাপনৰ ইচ্ছা এওঁলোকৰ মনত বহুত দেখা যায়।
১২ঃ এই স্বভাৱৰ ফলত তেওঁলোকে নিজৰ আয়ৰ তুলনাত ব্যয় বহুত কৰি দিয়ে আৰু সেই কাৰণে এওঁলোকে কেতিয়াবা আৰ্থিক সমস্যাত ভুগিব লগা হয়।
১৩ঃ ধন ঘটাৰ কৰা ইচ্ছা এওঁলোকৰ বহুত থাকে আৰু বহুত চেষ্টাও কৰে।
১৪ঃ এওঁলোকৰ কথা আৰু স্বভাৱ দেখি ঘৰৰ মানুহেও কেতিয়াবা ভাবে এওঁলোকৰ স্বভাৱ ভাল নহয়।
১৫ঃ সদায় এওঁলোকে ঘৰৰ মানুহক আৰ্থিক ভাবে সহায় কৰা দেখা যায়।( Assamese Fact )
এইয়া হ'ল এওঁলোকৰ মাজত পোৱা বিভিন্ন গুণৰ বিষয়ে।
এতিয়া এওঁলোকৰ মাজত পোৱা বিভিন্ন দোষৰ বিষয়ে জানো আহঁক-
১ঃ এওঁলোকে অলপ খঙাল স্বভাৱৰ হয়।যাৰ ফলত তেওঁলোকে সোনকালেই খঙ কৰা দেখা যায়।
২ঃ খঙত এওঁলোকে কিছুমান এনেকুৱা কাম কৰে তাৰ পাছত তেওঁলোকে সেই কামতো কৰা বাবে তাৰ শাস্তি বহুত দিনলৈকে পাব লগা হয়।
৩ঃ শাস্ত্ৰৰ অনুসৰি যি ব্যক্তিৰ বুকুত নোম থাকে তেওঁলোকে সদায় নিজকে সৰ্বশ্ৰেষ্ট বুলি ভাৱে।
৪ঃ নিজকে সৰ্বশ্ৰেষ্ট বুলি ভাৱাৰ কাৰণে জীৱনত বহুত বাৰ সমস্যাৰ সন্মুখীন হব লগা হয়।
৫ঃ এওঁলোকে বেলেগৰ কথা নুশুনে আৰু যদি শুনে তথাপিও নিজৰ মনে যি বিচাৰে তাকে কৰে আৰু এইবোৰ কাৰণতেই কেতিয়াবা আৰ্থিক সমস্যাত ভুগা দেখা যায়।
৬ঃ যদি চোৱা হয় এওঁলোকে কাৰো ওপৰত বিশ্বাস নকৰে। কিন্তু কাৰোবাৰ ওপৰত কৰিলে চকু মুদি বিশ্বাস কৰে। যিটো কোনো ফালৰ পৰা শুদ্ধ কথা নহয়।
৭ঃ এওঁলোকে নিজৰ মিছা প্ৰশংসা শুনি ভাল পায়।যদি কোনো ব্যক্তিয়ে নিজৰ স্বাৰ্থ বাবে এওঁলোকৰ মিছা প্ৰশংসা কৰি দিয়ে এওঁলোকে সেই মানুহজনক নিজৰ পৰম মিত্ৰ বুলি ভাবি লয় আৰু সময় আহিলে সেইজন ব্যক্তিয়ে এওঁলোকৰ পৰা দূৰত থকা দেখা পোৱা যায়।
এইয়া আছিল বুকুত নোম থকা ব্যক্তিসকলৰ বিষয়ে কিছু কথা ।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment