আমাৰ শৰীৰটোৱে কাম কৰে বিভিন্ন পোষকতত্বৰ জৰিয়তে লাভ কৰা শক্তিখিনিৰ যোগেদি।যদি শক্তি নাথাকে আমাৰ শৰীৰে একেবাৰেই কাম নকৰা হ'ব।( Assamese Fact )আমাৰ শৰীৰৰ যি ১২ মুখ্য তন্ত্ৰ আছে,সেইখিনিয়ে শক্তিখিনিৰ জৰিয়তেই কাম কৰে।আৰু আমি সেই শক্তি পাঁও খাদ্যৰ জৰিয়তে।খাদ্যৰ অক্সিকৰণৰ দ্বাৰা।আমি যি খাদ্য খাও সেইখিনি যদি হজমেই নহয় তেনেহ'লে আমি শক্তি নাপাম আৰু লগতে সেই পোষকতত্ব খিনি যিয়ে আমাৰ শৰীৰৰ গঠন কৰে যেনে প্ৰ'টিন (যিয়ে আমাৰ মাংসপেশী গঠন কৰে আৰু তাৰ মেৰামতি কৰে);ভিটামিন(যিয়ে খনিজ পদাৰ্থ খিনি শুহি লয়)আৰু কিছুমান বিশেষ খনিজ পদৰ্থ (যিয়ে তেজৰ দৰে বস্তুখিনি গঠন কৰে)।
এতিয়া কথা হ'ল আমি খোৱা খাদ্য খিনি কিদৰে হজম হয়?
খাদ্য হজম হোৱাৰ পিছত শৰীৰত কিদৰে শক্তিৰ সঞ্চাৰ হয়?
যেতিয়াই খাদ্য খাওঁ,সেই খাদ্য মুখত পৰাৰ লগে লগে সিহঁতে লালটি খিনি পাই যায় আৰু দাঁতে সেই খাদ্যখিনি বহু সৰু সৰু টোকোৰালৈ ভাঙি দিয়ে।এইটো এটা বহুত মহত্ত্বপূৰ্ণ কাম।কাৰণ খাদ্য হজম হ'বলৈ খাদ্যখিনি সৰু সৰু টোকোৰালৈ পৰিৱৰ্তন হোৱাটো প্ৰয়োজন।আমাৰ দাঁতৰ আৰু জিভাৰ পিছফালে মুখ-গহ্বৰ পোৱা যায় য'ৰ পৰা লালটিখিনি ওলাই।এই লালটি খিনি খাদ্যখিনিৰ লগত মিহলি হৈ খাদ্যখিনিক বেছি কোমল কৰি দিয়ে।লালটিত এনেকুৱা ৰাসায়নিক পদাৰ্থ থাকে,যিয়ে খাদ্যখিনি ভাঙি দিয়ে,তাৰপিছত যেতিয়াই এই খাদ্য আমাৰ জিভালৈ আহে,আমাৰ জিভাত থকা সোৱাদকণিকাই খাদ্যৰ সোৱাদ আমাৰ মগজুলৈ পঠাই,তাৰপিছতে এই কোমল খাদ্য খিনি খাদ্যনলীৰ (যাক ইচ'ফেগাচ বুলি কোৱা হয়) যোগেদি আমাৰ পাকস্থলী পৰেগৈ।
খাদ্য পাকস্থলীত পৰাৰ পিছত হে প্ৰকৃত হজম প্ৰক্ৰিয়া আৰম্ভ হয়।খাদ্যখিনি খাদ্যনলীৰ মাজেদিও এক বিশেষ ধৰণৰ চলনৰ যোগেদি যায়।এই চলনত খাদ্যনলী ডাল কোঁচখাই আৰু মেল খাই যায়,যাৰ জৰিয়তে খাদ্যখিনি সহজতে পাকস্থলী পাইগৈ।
যেতিয়াই খাদ্য পাকস্থলী পাইগৈ,পাকস্থলীয়ে এই খাদ্যখিনিক নিজৰ ভিতৰৰ বেৰৰ পৰা ওলোৱা গেষ্ট্ৰিক পাচক ৰস,হাইড্ৰ'ক্ল'ৰিক এচিদ আৰু মিউকচৰ লগত সম্পূৰ্ণভাবে মঠি পেলাই বা সানমিহলি কৰি দিয়ে।যাৰ যোগেদি মুখ্যতঃ কিণ্বকসমূহ ,খাদ্যৰ পৰা পৃথক কৰি দিয়ে,তেতিয়াই হাইড্ৰ'ক্ল'ৰিক এচিদে খাদ্যক বহুত সৰু সৰু টোকোৰালৈ ভাগ কৰি দিয়ে,আৰু মিউকচে(যি পাকস্থলীৰ বেৰৰ পৰাই ওলাই)পাকস্থলীৰ বেৰ খনক পাকস্থলীৰ পৰা ওলোৱা এচিডৰ পৰাই ৰক্ষা কৰে,যাতে সি নষ্ট হৈ নাযায়।মিউকচে পাকস্থলীৰ পৰা ওলোৱা হাইড্ৰ'ক্ল'ৰিক এচিড আৰু খাদ্যৰ পৰা ওলোৱা কিছুমান ক্ষতিকাৰক পদাৰ্থক পেটতেই নষ্ট কৰি দিয়ে।সেইবাবে ইহঁতে আমাৰ বেছি ক্ষতি সাধন কৰিব নোৱাৰে।( Assamese Fact )
পাকস্থলীৰ লগত আমাৰ ক্ষুদ্ৰান্ত সংযোগ হৈ আছে।খাদ্যখিনি আমাৰ পেটতে থকাবহুত গেষ্ট্ৰিক পাচক ৰসৰ সৈতে মিহলি হৈ যায়,তাৰপিছত ইয়াত মিহলি হৈ থকা সানমিহলি পদাৰ্থ বোৰ পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তলৈ যাবলৈ ধৰে,এই ঘটনাটোত প্ৰায় দুঘণ্টা সময় লাগে,এই প্ৰক্ৰিয়াটোত লগা সময় খাদ্যৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে।
যেতিয়াই খাদ্য পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তৰ দিশে গতি কৰে তেতিয়া ইয়াত আৰু বহু ধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়া হ'বলৈ আৰম্ভ কৰে।আমাৰ ক্ষুদ্ৰান্তটো প্ৰায় ৭মিটাৰ মান দীঘল,আৰু ই বহুতো পাক খাই থাকে।
ক্ষুদ্ৰান্তক তিনি ভাগত ভাগ কৰা হয়,সকলোতকৈ ওপৰৰ অংশক ডুৱ'ডেনাম বুলি কোৱা হয়,তাৰ পিছত মধ্যভাগক জেজুনাম আৰু একেবাৰে তলৰ অংশক ইলিয়াম বুলি কোৱা হয়।
যেতিয়া খাদ্য ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে,তেতিয়া সৰ্বপ্ৰথমে ই ডুৱ'ডেনামত প্ৰৱেশ কৰে,যিটো ক্ষুদ্ৰান্তৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ।ইয়াত যকৃতৰ পৰা অহা পিত্ত ৰস আৰু অগ্নাশয়ৰ পৰা অহা অগ্নাশয় ৰস মিহলি হৈ যায়।যকৃতৰ পৰা অহা পিত্ত ৰস যিয়ে পাকস্থলীৰ পৰা অহা খাদ্যৰ লগত মিহলি যায়,তাৰফলত খাদ্যত থকা চৰ্বিখিনি সৰু সৰু ফেটি এচিডলৈ পৰিৱৰ্তন হৈ যায়।তাৰ ফলত ইয়াক শৰীৰে শুহি লোৱাত সহজ হয়।তেনেদৰেই অগ্নাশয়ৰ পৰা অহা অগ্নাশয় ৰসৰ কাৰণে কাৰ্ব'হাইড্ৰেট,চুগাৰ আৰু গ্লুকজ ভাঙি যায়,আৰু প্ৰ'টিন এমিন' এচিডলৈ ভাঙি যায়।
ৰস বিলাকৰ জৰিয়তে খাদ্যৰ বিভিন্ন অংশ সৰু সৰু টোকোৰালৈ ভাঙি যায়।যাৰ সহায়ত এই বিলাক তেজৰ সোঁতৰ লগত মিহলি হৈ যাবলৈ সহায় হয়।ক্ষুদ্ৰান্তৰ দ্বিতীয় অংশ জেজুনামত পোৱাৰ পিছতে ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু সৰু আঙুলি সদৃশ অংশ যাক বিলিছ বুলি কোৱা হয়,তাত পোৱা সৰু সৰু ৰক্তকোশিকাৰ লগত পোষক তত্ববোৰ মিহলি হোৱা আৰম্ভ হৈ যায়,আৰু এই প্ৰ'টিন,কাৰ্ব'হাইড্ৰেট,আৰু চৰ্বি দৰে বস্তুবোৰ ৰক্তবাহিকালৈ গৈ শৰীৰৰ বিভিন্ন অংশলৈ প্ৰবাহিত হৈ যায়।
লাহে লাহে খাদ্যখিনি হজম হৈ হৈ ক্ষুদ্ৰান্তৰ ইলিয়ামত প্ৰৱেশ কৰে য'ত খাদ্যত থকা খনিজ পদাৰ্থ খিনিৰ শোষণ হয়।য'ৰ পৰা হাড় আৰু তেজ গঠন কৰা খনিজ তত্ব শৰীৰৰ বিভিন্ন অংশলৈ প্ৰবহিত হৈ যায়।
ইমানখিনি হোৱাৰ পিছত খাদ্য ক্ষুদ্ৰান্তৰ পৰা বৃহদান্ত্ৰত প্ৰৱেশ কৰে য'ত আমাৰ শৰীৰৰ কাৰণে পানীৰ শোষণ হয়,আৰু কিছুমান এনে খনিজ যি ক্ষুদ্ৰান্তত শোষণ হ'ব পৰা নাছিল সেইখিনি বৃহদান্ত্ৰৰেদি ৰক্ত্ববাহিকালৈ গুছি যায়।বৃহদান্ত্ৰ আকাৰত ১.৫ মিটাৰলৈকে দীঘল হয় আৰু ই ক্ষুদ্ৰান্ততকৈ আকাৰত সৰু হয়।যিখিনি খাদ্য হজম হ'ব নোৱাৰে সেইখিনি বৃহদান্ত্ৰৰেদি হৈ আমাৰ শৰীৰৰ পায়ুৱেদি শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়।এইখিনিক বিষ্ঠা বুলি কোৱা হয়।
এইদৰেই খাদ্যবস্তু আমাৰ শৰীৰত বহুত দীঘল আৰু কঠিন প্ৰক্ৰিয়াৰ মাজেৰে হজম হয়।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment