আনাৰসৰ এই ১৫ টা লাভালাভ জানিলে আপুনিও আচৰিত হব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 15, 2021

আনাৰসৰ এই ১৫ টা লাভালাভ জানিলে আপুনিও আচৰিত হব : Assamese Fact

Assamese Fact

টেঙা-মিঠা সুস্বাদু ৰসাল ফলবিধক আমি সকলোৱে চিনোহঁক ।  প্ৰাচীন কালত এই ফলবিধ প্ৰথমে ব্ৰাজিলত পোৱা গৈছিল । ( Assamese Fact )

Assamese Fact
লাহে লাহে ইউৰোপ আদি দেশৰ লগতে  ভাৰতত  প্ৰথমে গোৱাত  পৰ্তুগালীসকলে ৰোপন কৰে (১৫৪৮চনত)  আৰু বৰ্তমান ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো সহজলব্ধ হৈছেহি । 

পুষ্টিকৰ উপাদান সমুহ:----আনাৰসত ভিটামিন এ, বি১,২,৩,৫,৬ , চি, কেলচিয়াম,প'টেচিয়াম,মেংগানীজ, ফ'লিক এচিড, থায়মিন,বিটা কেৰ'টিন,ফচফ'ৰাচ,ক'পাৰ , এন্টিঅক্সিডেন্ট আদি আমাৰ শৰীৰৰ উপযোগী  খনিজ আৰু পোষক গুণেৰে ভৰপুৰ ।


      আনাৰস  সাধাৰনতে গ্ৰীষ্মকালত  প্ৰচুৰ পৰিমানে পোৱা যায় যদিও  কমবেচি পৰিমানে শীতকালতো পোৱা যায় ।  অৱশ্যে  শীতকালতকৈ  গ্ৰীষ্মকালৰ  কদৰ্য্য গৰমত  ৰসাল পকা আনাৰসৰ  শীতল ৰসে  সকলোৰে দেহ মন জুৰ পেলায় ।  

ব্যৱহাৰ :---- পকা অনাৰস সাধাৰনতে বাকলি গুচাই টুকুৰাকৈ  কাটি খোৱা হয  নতুবা  চেপি ৰস উলিয়াই বা জুচ বনাই খোৱা হয় ।  (মাজৰ  টান অংশ  খোৱাতো পেটৰ বাবে হানিকাৰক ।)  কেচা আৰু টেঙা আনাৰস  ভাজি বা তৰকাৰি কৰিও খোৱা হয় । আন্যহাতে ঔষধী  হিচাৱে  কুমলীয়া পাত আৰু তলৰ শিপাৰ মুঢ়া অংশ ব্যৱহাৰ  কৰা হয় ।

(খালি পেটত আনাৰস খোৱা ক্ষতিকাৰক)

আনাৰসৰ গুণাগুণ-----------

আনাৰস শীতল, সুস্বাদু ,  পিত্তনাশক, কৃমিনাশক,স্মৃতিবৰ্ধক , মুত্ৰকাৰক , ৰুচি ,পাচন শক্তি আৰু ৰক্তবৃদ্ধিকাৰক ।


১।  গৰমত আনাৰস  বা ইয়াৰ জুচ   শীতল পানীয় হিচাৱে  উত্তম । শৰীৰৰ গৰম ভাৱ দুৰ কৰে ।

২। আনাৰসত  ক'লা নিমখ বা সৈন্ধৱ লবন মিহলাই খালে  পাচন শক্তি মজবুত হয় , হজম শক্তি বাঢ়ে , অজীৰ্ন,  অৰুচি,  প্লীহা বৃদ্ধি  ,অগ্নিমন্ডতা  ,আম্লপিত্ত দুৰ হয় আৰু পেটত জমা হোৱা অপদ্ৰব্য বাহিৰ হয় ।

৩। আনাৰসে কৌষ্ঠকাঠিন্য আতৰায় । 

৪। মুত্ৰকাৰক আৰু  মুত্ৰাশয়ৰ সমস্যা দুৰ কৰে।

কিডনী পাথৰৰ বাবে  আনাৰস  উপকাৰী ।

কামলা বা জন্ডিচ ৰোগৰ বাবে আনাৰস হিতকাৰী ।

৫। জলোদৰ বা পেট ত   পানীজমা হলে  আনাৰস  হিতকাৰী ।

৬।  বাত ৰোগ গাথিৰ বিষ arthoritis জোৰাৰ বিষ আদি  কমায় ।হাড়  মজবুত কৰে । 

~ গাথিবিষ বা ভৰিফুলা ৰোগত  আনাৰসৰ পাত থেতেলি এড়ি তেল (কেস্তৰ অইল) মিহলাই  প্ৰলেপ দিলে উপসম হয় ।

৭। উচ্চ  ৰক্ৰচ্চাপ  কমায়,নিয়ন্ত্ৰনলৈ আনে ।

৮।   কৰ্কট   আৰু  হৃদৰোগীৰ বাবে হিতকাৰক ।

৯।  চকুৰ নানা ৰোগৰ বাবে উপকাৰী ।

১০। গাৰ চাল ,নখ আৰু চুলিৰ সৌন্দৰ্যৰ বাবে আনাৰস খোৱা আৰু গাত সনাতো  ফলপ্ৰদ ।

১১। আনাৰসে  #দেহৰ_ওজন_আৰু

_আতিৰিক্ত_চৰ্বি কমায় দিয়ে _। মেদবহুলতা দুৰ কৰে ।

১২। #মহিলাৰ_মাহেকীয়া অকাৰনত বন্ধ হলে আনাৰসে  ঋতুস্ৰাৱ কৰায় । ফলৰ  ৰস বা কুমলীয়া  পাত চাৰিখিলা  থেতেলি পানীত সিজাই খাব ।

১৩।   সৰু লৰাছোৱালীৰ কৃমিৰ উপদ্ৰব হলে  আনাৰসৰ কুমলীয়া পাতৰ  ১চামুচ ৰস অলপ  মৌৰে  ৰাতিপুৱা খালিপেটত  খুৱাব । ( Assamese Fact )

১৪।  কাহ আৰু শ্বাস ৰোগীৰ বাবে  উপকাৰী

জালুক,আদা নিমখ মিহলাই খাব ।

১৫ ।  ৰক্তহীনতা দুৰ কৰে 


আনাৰস ৰোগী বা নিৰোগী  সকলোৰে বাবে  বল শক্তি আৰু স্বাস্থ্যবৰ্দ্ধক ফল   হোৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰনালী Immune system  মজবুত কৰায় ।

🚫🚫🚫__ক্ষতিকাৰক গুণ__🚫🚫🚫

  আনাৰসৰ ভাল গুণৰ লগতে  ক্ষতিগুণখিনিও

জানি লোৱাতো ভাল----

১। মহিলাৰ গৰ্ভকালীন অৱস্থাৰ পৰা  কেচুৱাৰ  ৫-৬মাহ বয়সলৈ  মাতৃ গৰাকীয়ে আনাৰস নাখাব ।

২। মাহেকীয়া ঋতুকালীন সময়চোৱাত  নাখাব ।

৩। যিকোনো ঔষধ  নাইবা এন্টিবায়োতিক দৰৱ খোৱাৰ আগত বা পিচত আনাৰস নাখাব ।

৪। বহুমুত্ৰ ৰোগীৰ বাবে  আনাৰস  হানিকাৰক

    (অধিক শৰ্কৰা যুক্ত হোৱাৰ বাবে )

৫। দন্তক্ষয় ৰোগীয়ে  আনাৰস  খালে লগে লগে  দাঁত আৰু মুখ  ধুই পেলাব ।

৬। অস্ত্ৰোপচাৰ কৰা  বা   ৰক্তপাত  হোৱা ৰোগীয়ে  আনাৰস নাখাব ।

৭। এলাৰ্জী থকা লোকে  আনাৰস  নোখোৱাই ভাল । 

৮। কেচা আৰু খুব টেঙা আনাৰস ক্ষতিকাৰক

   ভাজী বা তৰকাৰী খাব পাৰে ।


🚫🚷খালিপেটে আৰু অধিক মাত্ৰাত আনাৰস কেতিয়াও নাখাব

🅾 চিকিত্সাধীন জটিল ৰোগীয়ে ডক্তৰৰ পৰামৰ্শ লৈহে আনাৰস খাব

আনাৰসৰ দুস্প্ৰভাৱ আতৰাবলৈ  সন্ধা নিমখ , ক'লা নিমখ বা যিকোনো নিমখৰ লগতে  জালুক খোৱাতো ভাল ।

আনাৰস খাই মুখ বা গল চেকচাকালে বা খজুৱালে নেমু আৰু নিমখ পানীৰে কুলকুলিয়াব আৰু খাব । 

      জেগা থাকিলে বাৰীৰ  এচুকত  আনাৰস নিশ্চয় ৰুব ।

       সকলোৰে সুন্দৰ স্বাস্থ্য কামনাৰে 

            শ্ৰী যতীন দাস /মালয়বাৰী

          কামৰূপ~ম/ অসম

Assamese Fact

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Fact )আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আজি আমাৰ ৱেবচাইটত প্ৰকাশ পাব লগীয়া কেইটামান বিশেষ লেখাৰ সময়সূচী।নিৰ্দিষ্ট সময়ত লেখা সমূহ পঢ়িবলৈ গুগুলত চাৰ্ছ কৰিব - smj24.in

Assamese Fact


বিঃদ্ৰঃ নিতৌ প্ৰকাশিত ধাৰাবাহিক সমূহ পূৰ্বৰ সময়তে প্ৰকাশ পাব,ধন্যবাদ।


No comments:

Post a Comment

Advertisement

Pages