ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ উপায় জানো আহক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 14, 2021

ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ উপায় জানো আহক : Assamese Fact

Assamese Fact

এষাৰ পুৰণা কথা আছে যে যি জাগে সি পায় আৰু যি শুয়ে সি হেৰুৱাই। Assamese Fact )

Assamese Fact
বলিউদৰ চুপাৰৰ্ষ্টাৰ অক্ষয় কুমাৰে কৈছিল,'  আজিলৈকে এনেকুৱা কোনোদিন হোৱা নাই যেতিয়া নেকি মই উদয় হোৱা সূৰ্য্য দেখা নোপোৱাকৈ আছোঁ। কিয়নো মই ৰাতিপুৱা ৪ বজাত উঠোঁ , হয়তো এইয়াই মোৰ সফলতাৰ ৰহস্য। পৃথিৱীত যিমানবোৰ সফল ব্যক্তি আছে তাৰ প্ৰায় লোকেই ৰাতিপুৱা সূৰ্য্য উদয় হোৱাৰ লগে লগে বিছনাৰ পৰা উঠি আহে। আমি সৰুৰে পৰা শুনি আহিছোঁ যে ৰাতিপুৱা আমি সোনকালে শুই উঠিব লাগে। কিন্তু আমাক ৰাতিপুৱা সোনকালে উঠিবলৈ কিয় কোৱা হয়? আজি আমি জানিম ৰাতিপুৱা সোনকালে শুই উঠিলে হোৱা ৭ তা লাভৰ বিষয়ে-


১/ ৰাতিপুৱা সোনকালে শুই উঠিলে দিনটোৰ বাবে অলপ বেছি সময় পোৱা যায়। দেৰিকৈ শুই উঠা লোকতকৈ আপোনাৰ হাতত আৰু বেছি সময় থাকিব । আজিৰ পৃথিৱীখন হৈছে প্ৰতিযোগিতামূলক। আপুনি যি বিভাগতেই নাথাকক কিয় আপোনাক কষ্ট কৰিবলৈ বেছি সময়ৰ দৰকাৰ হয়।  ধৰি লওক যদি আপুনি ৰাতিপুৱা ৬ বজাত শুই উঠে আৰু অহাকালিৰ পৰা আপুনি ৪ বজাত উঠিবলৈ আৰম্ভ কৰে  তেন্তে সদায় ৰাতিপুৱা আপোনাৰ হাতত বেছিকৈ ২ ঘণ্টা সময় থাকিব। অৰ্থাৎ প্ৰতিবছৰে আপোনাৰ হাতত থাকিব ৭৩০ ঘণ্টা আৰু বাকীবোৰ লোকতকৈ আপোনাৰ হাতত এমাহ সময় বেছি থাকিব। আপুনি তেতিয়া বেলেগতকৈ এমাহ বেছি কষ্ট কৰিব আৰু নিজৰ লক্ষ্যত সোনকালেই উপনীত হব বাকীবোৰ মানুহতকৈ।


২/ আপোনাৰ মনোযোগ শক্তি বাঢ়িব। ৰাতিপুৱা ৪ বজাৰ পৰা ৫ বজাৰ সময় চোৱা ব্ৰহ্ম কাল হয়। আৰু এই সময়ছোৱাত আমাৰ মগজুৰ স্মৃতি শক্তি সক্ৰিয় হৈ থাকে । এই সময়ছোৱাৰ ভিতৰত আমি যিকোনো কাম কৰিলে ভালদৰে মনোযোগ দিব পাৰো, কথাবোৰ মনত ৰাখিব পাৰো। যদি আপুনি এজন শিক্ষাৰ্থী হয় তেন্তে ৰাতিপুৱা সোনকালে উঠি নিশ্চয় পঢ়িব লাগে। 


৩/ আমি যেতিয়া দিনত কাম কৰোঁ তেতিয়া সেই সময়ত আমি মন লগাব নোৱাৰো ভালদৰে। কিয়নো কোনো সময়ত কাৰোবাৰ ফোন আহে আৰু কেতিয়াবা মেছেজ আহে। আমি কাম বেলেগ কৰি থাকোঁ কিন্তু মগজুত বেলেগ চিন্তা হৈ থাকে। আৰু এইবোৰৰ মাজত ২ ঘণ্টাৰ কাম ৪ ঘণ্টাত সম্পূৰ্ণ হয়। কিন্তু ৰাতিপুৱা ইয়াৰ বিপৰীত হব। কিয়নো সেই সময়ত প্ৰায় মানুহ শুই থাকে ।

যিসকল মানুহে শুই থাকে তেওঁলোকে আপোনাক আমনি কৰিব নোৱাৰে আৰু যিসকল সাৰ পায় আছে তেওঁলোকৰ ওচৰতো সময় নাই। সেই সময়ত আপুনি নিজৰ কামত ভালদৰে মনোযোগ দিব পাৰিব। ৰাতিপুৱা ২ ঘণ্টা কাম কৰি দিনটোৰ ৪ ঘণ্টা সময় আপুনি বচাব পাৰিব।


৪/ ধনাত্মক চিন্তাধাৰা, ৰাতিপুৱা যেতিয়া আপুনি সোনকালে শুই উঠিব তেতিয়া আপোনাৰ মগজুলৈ এক ধনাত্মক চিন্তাধাৰা আহিব। আপুনি ভাবিব যে নিজৰ সপোন পূৰণ কৰিবলৈ আপুনি ভালদৰে কাম কৰি আছে। আপুনি নিজক থগা নাই, বেলেগতকৈ আপুনি ভাল কাম কৰি আছে। আপুনি নিজেই উপলব্ধি কৰিব যে আপোনাৰ সফলতা নিশ্চিত।


৫/ আপুনি নিজকে ভাল পাবলৈ আৰম্ভ কৰিব। আপুনি যদি ৰাতিপুৱা সোনকালে উঠি নিজৰ বাবে কাম কৰে তেন্তে আপুনি নিজকে আনতকৈ উত্তম বুলি ভাবিব । আপুনি নিজক লৈ গৰ্ব কৰিব, নিজৰ ওপৰত বিশ্বাস হব। আৰু ইয়াৰ বাবে আপুনি নিজক ভাল পাবলৈ আৰম্ভ কৰিব।Assamese Fact )


৬/ আপুনি নিজক যোগ্য অনুভৱ কৰিব। কিয়নো ৰাতিপুৱা সোনকালে উঠাৰ বাবে সদায় আপুনি ২ ঘণ্টা বেছিকৈ কাম কৰিব যিটো দিনত ৪ ঘণ্টা কাম কৰাৰ সমান হব। ইয়াৰ দ্বাৰা আপুনি সদায় নিজৰ যোগ্যতা বোৰ অনুভৱ কৰিব পাৰিব।


৭ / আপুনি নিজকে শক্তিশালী যেন অনুভৱ কৰিব পাৰিব। কিয়নো ৰাতিপুৱা সোনকালে উঠিলে আমাৰ ব্লাড , ছোগাৰ লেভেল নিয়ন্ত্ৰণত থাকে। আমাৰ মগজু সেই সময়ত শান্ত হৈ থাকে যাৰ বাবে আমাৰ ইচ্ছা শক্তি বাঢ়ি যায়।


এতিয়া আহিছোঁ ৰাতিপুৱা সোনকালে কেনেকৈ উঠিব পৰা যায়- 

পৰিৱৰ্তন অবিহনে উন্নতি সম্ভৱ নহয়। সেইবাবে বেছি ভাবি নাথাকি ইয়াক সঁচাত পৰিণত কৰিব লাগে।  ৰাতিপুৱা সোনকালে উঠিবৰ বাবে আপোনাৰ ওচৰত এটা কাৰণ থাকিব লাগে যিয়ে আপোনাক সোনকালে উঠিবলৈ বাধ্য কৰায় । কিয়নো ৰাতিপুৱা সময়ত এনেকুৱা টোপনি আহে যেন পৃথিৱী ধ্বংস হৈ গলেও উঠিব মন নাযায়।


তাৰ পাছত আপোনাৰ মোবাইলত এনেকুৱা এটা এলাৰ্ম লগাব লাগে যিটো বহুত আমনিদায়ক হয় আৰু শুনাৰ মাত্ৰেই বন্ধ কৰিবলৈ মন যায়। ফোনটো নিজৰ পৰা ইমান দূৰত থৈ দিয়ক যাতে এলাৰ্ম তো বন্ধ কৰিবলৈ আপুনি উঠি আহিব লগা হয়। তাৰ পাছত আপুনি পানী খাই শুই যাওক। তাৰ পাছত যেতিয়াই এলাৰ্ম বাজিব সেইটো বন্ধ কৰিবলৈ আপুনি উঠিবই লাগিব।


আপুনি সেই সময়ত প্ৰসাৱ কৰিবলৈ যাব লাগিব কিয়নো আপুনি ৰাতিপুৱা পানী অলপ খাই শুইছিল। আৰু আপোনাৰ মুখ খন ধুবলৈ সেই সময়ত সুবিধা থাকিব। যদি আপুনি সাৰ পাই মুখ খন ধুই লয় তেন্তে ভাবি লওক যে ৭৫% আপোনাৰ কাম হৈ গল। এতিয়া বাকী থকা ২৫% আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি পুনৰ বিচনা লৈ উভতি যাব নে ৰাতিপুৱা সোনকালে শুই উঠাৰ কাৰণটো মনত পেলাই নিজৰ কামত মনোযোগ দিব।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages