সপোনত সাপ দেখিলে কি হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 20, 2021

সপোনত সাপ দেখিলে কি হয় : Assamese Fact

Assamese Fact

সপোনত সাপ দেখাৰ বিভিন্ন অৰ্থ আছে। সপোনত সাপ দেখাটো শুভ আৰু অশুভ দুয়োটাই সূচায়।Assamese Fact )

Assamese Fact
পিছে, সেয়া নিৰ্ভৰ কৰিব আপুনি সপোনত সাপডাল কি পৰ্য্যায়ত দেখিছে। মানুহৰ মাজত সপোনত সাপ দেখাক লৈ, বিভিন্ন কথা প্ৰচলিত হৈ আহিছে। তাৰ মাজৰে কেইটামান এনে ধৰণৰ, 


১/সপোনত সাপ মাৰিলে : সপোনত বহুতো সাপ একেলগে আৰ্বিভাৱ হোৱাটো অশুভ। কিন্তু যদি আপুুনি সপোনত সাপক হত্যা কৰে, বা আঁতৰাই দিয়ে, ইয়াক শুভ বুলি গণ্য কৰা হয়। ইয়ে আসন্ন সংকটৰপৰা পৰিত্ৰাণ পোৱাটো সূচায়। 


২/সাপে আপোনাক সপোনত খেদিলে : যদি এডাল সাপে আপোনাক সপোনত প্ৰায়ে খেদে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি কিবা এটা বস্তুক অত্যন্ত ভয় কৰে আৰু আপুনি ভাল নোপোৱা সত্যক সহজে গ্ৰহণ কৰিব নোৱাঁৰে। অদূৰ ভৱিষ্যত আপোনাৰ লগত, তেনে কোনো ভয়ংকৰ পৰিস্থিতি হোৱাটোহে সূচায়। সপোনত সাপৰ পাছে পাছে দৌৰাটোকো অশুভ বুলি গণ্য কৰা হয়। Assamese Fact )


৩/সাপে খুটিলে : যদি আপোনাক সপোনত সাপে খুটিছে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি সোনকালে গুৰুত্বৰ ৰোগত আক্রান্ত হব পাৰে। 


৪/মৃত সাপ দেখিলে : সপোনত মৃত সাপ দেখাটো শুভ বুলি গণ্য কৰা হয়। যদি আপুনি সপোনত এডাল মৃত সাপ দেখিছে, ইয়াৰ অৰ্থ হৈছে যে, আপুনি ৰাহুৰ দুখ কষ্ট ভুগিছে, আৰু এতিয়া আপোনাৰ ভাল সময় আহিছে। 


৫/সাপৰ দাঁত দেখিলে : সপোনত সাপৰ দাঁত দেখাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে, আপোনাৰ এজন বন্ধু বা আত্মীয়ই আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে এই সপোন দেখাৰ পাছত, কেইবাদিনৰ বাবে খুবেই সাৱধান হব। 


৬/সাপ নেউলৰ যুদ্ধ দেখিলে : যদি আপুনি সপোনত এডাল সাপ আৰু নেউলৰ যুদ্ধ দেখিছে, তেন্তে ই অত্যন্ত অশুভ। ইয়াৰ অৰ্থ হৈছে যে, আপুনি আইনী ফান্দত পৰি আদালতলৈ যাব লগা হব পাৰে।। (সংগ্ৰহিত)

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

No comments:

Post a Comment

Advertisement

Pages