হিন্দু ধৰ্মৰ অনুসৰি অন্নক দেৱতা বা দেৱী বুলি ধৰা হয়। সেই কাৰণে আমাক অন্নক সন্মান কৰিবলৈ শিকোৱা হয়।( Assamese Fact )অন্ন উৎপাদন কৰিবলৈ যিমান টান কিন্তু তাক নষ্ট কৰিবলৈ সিমান টান নহয়। ভোজন আমাৰ মৌলিক আৱশ্যকতা বোৰৰ ভিতৰত এটা বুলি ধৰা হয়। আমাৰ ঘৰত সদায় ভোজন তৈয়াৰ কৰা হয়। কিন্তু শাস্ত্ৰত ভোজন বনোৱাৰো কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে। ঘৰত যি ভোজন বনাই তেওঁ সেই নিয়মবোৰ পালন কৰিব লাগে। আজি আমি আপোনালোকক বাস্তো শাস্ত্ৰৰ অনুসৰি ভোজন বনোৱাৰ দুটা প্ৰমুখ্য বিধিৰ বিষয়ে কম-
১ঃ ভোজন আমি সদায় আমাৰ পাকঘৰতে বনাওঁ। সেই কাৰণে আমি এইটো চাব লাগে যে আমাৰ পাকঘৰতো বাস্তো শাস্ত্ৰৰ অনুসৰি সঠিক ঠাইত বনোৱা হৈছে নে নাই। বাস্তো শাস্ত্ৰৰ অনুসৰি আমাৰ পাকঘৰতো সদায় অগ্নি দিশৰ ফালে হ'ব লাগে।এই দিশত পাকঘৰতো থাকিলে ভোজন বনোৱা ব্যক্তিৰ স্বাস্থ্য সদায় ভালে থাকে আৰু ভোজন বনাবলৈ উৎসাহ থাকে। লগতে আমি সদায় উত্তৰ দিশৰ ফালে বা পূব দিশৰ ফালে মুখ কৰি ভোজন তৈয়াৰ কৰিব লাগে।
২ঃ ভোজন সদায় শান্তিৰে আৰু শুদ্ধ মনেৰে বনাব লাগে। ভোজন বনোৱা সময়ত হিংসা বা খঙত ভোজন বনাব নালাগে। এনেকুৱা কৰিলে মা অন্নপূৰ্ণাৰ খঙ উঠে। চিঞৰ বাখৰ বা খঙ কৰি বনালে তাৰ পৰা বহুত লোকচান হয়।
৩ঃ ভোজন বনোৱা সময়ত পাকঘৰ সদায় চফা হৈ থাকিব লাগে। ভুলতো বাহিৰত পিন্ধা চেন্দেল বা জোতা ভিতৰলৈ আনিব নালাগে। ঈশ্বৰক সদায় চফা ঠাইত বনোৱা ভোজনৰ ভোগ দিব লাগে। এনেকুৱা কৰিলে ঈশ্বৰ বহুত সোনকালে প্ৰসন্ন হয়। বেয়া ঠাইত বা জোথা আৰু লেটেৰা বাচনত বনোৱা ভোজন কেতিয়াও ঈশ্বৰক দিব নালাগে।
৪ঃ চিঞৰ বাখৰ বা খঙ কৰি বনোৱা ভোজন ভগৱানে কেতিয়াও গ্ৰহণ নকৰে। ভোজন বনোৱা সময়ত মুখেৰে বেয়া কথা ক'লে ইয়াৰ প্ৰভাৱ বেয়াকৈ পৰে।
৫ঃ ভোজন বনোৱা সময়ত বাৰে বাৰে টেষ্ট কৰি চাব নালাগে । এনেকুৱা কৰিলে ভোজন জোথা হৈ পৰে আৰু অন্য ব্যক্তিক খোৱালে আমাৰ হানি হয় আৰু ভগৱানক আমাৰ জোথা ভোজন দিলে তাক মহাপাপ বুলি কোৱা হয়।
৬ঃ ভোজন সদায় গা ধুই নিত্য নিয়মীত কাম কৰিহে বনাব লাগে। ৰাতিপুৱা প্ৰথমতে ভোজন বনোৱা আগত মা অন্নপূৰ্ণাক স্মৰণ কৰিব লাগে আৰু তাৰ পাছত অগ্নি দেৱক স্মৰণ কৰি জুই জ্বলাব লাগে। এনেকুৱা কৰিলে ঘৰত অন্ন কম নহয় আৰু সুখ শান্তি বিৰাজমান হৈ থাকে।( Assamese Fact )
৭ঃ লেটেৰা বা ভগা বাচনত কেতিয়াও ভোজন বনাব নালাগে আৰু খাবও নালাগে। সদায় চফা বাচনতে ভোজন বনাব লাগে আৰু পানীও বাটিত খাব নালাগে। কেৰাহীৰ পৰা খাব নালাগে। এনেকুৱা কৰিলে ঘৰত ৰাহু দোষ উৎপন্ন হয়।
এতিয়া জানো আহঁক আটা মুঁঠোতে আমি কি কথা মনত ৰাখিব লাগে আৰু আটাত কি মিলাবৰ লাগে যাৰ শুভ প্ৰভাৱ আমাৰ জীৱনত পৰে -
কেতিয়াবা মহিলাসকলে সময় বচাবলৈ একেলগে দুবাৰৰ বাবে আটা মুঁঠি থয় । কেতিয়াও বেছিকৈ আটা মুঁঠি থব নালাগে। মুঁঠি থোৱা আটা ঘৰৰ বাবে অশুভ বুলি ধৰা হয়। যাৰ ফলত ঘৰলৈ বেমাৰ আহে বুলি ধৰা হয়। এনেকুৱা ৰুটি খালে ব্যক্তিৰ মানসিক স্বাস্থ্যত বেয়া প্ৰভাৱ পৰে।
হিন্দু ধৰ্মৰ অনুসৰি যেতিয়া ঘৰৰ কাৰোবাৰ মৃত্যু হয়। মৃতকৰ আত্মাৰ শান্তিৰ বাবে আটাৰ সৰু সৰু গোল কৰি পানীত বোৱাই দিয়া হয়। ইয়াক পিণ্ড বুলি কোৱা হয় আৰু এই গোলবোৰত একো চিন বা চিহ্ন বনোৱা নহয়। সেই কাৰণে আটা মুঁঠাৰ সময়ত আঙুলিৰে কিবা চিন বা চিহ্ন বনাব লাগে যাতে ইয়াৰ পৰা এইটো গম পায় যে এইটো মৃতকৰ বাবে বনোৱা হোৱা নাই। আটাৰ প্ৰথম ৰুটিতো গৌ মাতাক আৰু শেষৰটো কুকুৰক খাবলৈ দিব লাগে।যাৰ ফলত ঘৰলৈ বিপদ নাহে।
আটা মুঁঠাৰ সময়ত আমি তাত নিমখ দিওঁ।যদি তাত নিমখৰ লগত ঘীওঁ আৰু চেনী অলপ মিলাই দিওঁ তেতিয়া ইয়াক বহুত শুভ বুলি ধৰা হয়। নিমখ, ঘীওঁ,আটা আৰু চেনী সকলোবোৰ বগা ৰঙৰ হয়।যাৰ সমন্ধ শুক্ৰ গ্ৰহ আৰু চন্দ্ৰৰ লগত আছে। সেই কাৰণে এই চাৰিটা একেলগে মিলাই আমি শুক্ৰ গ্ৰহ আৰু চন্দ্ৰ মজবুত কৰিব লাগে। যাৰ ফলত ইয়াৰ শুভ ফল আমি লাভ কৰোঁ।
প্ৰিয় পাঠকসকল এইসমূহ আছিল কিছুমান মহত্বপূৰ্ণ কথা । যিবোৰ আমি আজি আলোচনা কৰিলোঁ,ধন্যবাদ।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment