গৰ্ভাৱস্থাত কি কি কাম কৰিব নালাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 16, 2021

গৰ্ভাৱস্থাত কি কি কাম কৰিব নালাগে : Assamese Fact

Assamese Fact

আপুনি যদি এগৰাকী গৰ্ভৱতী মহিলা তেন্তে আপুনি  নিজৰ উচিত যত্ন লোৱাটো খোবেই প্ৰয়োজন।যাৰ জৰিয়তে আপোনাৰ গৰ্ভধাৰণ সহজ আৰু সুখৰ হ'ব।Assamese Fact )

Assamese Fact
আজিৰ এই লেখাটোত আপোনাক এনে ৮টা কামৰ কথা জনাম যিকেইটা আপোনালোকে এৰাই চলিব লাগে,যাতে গৰ্ভধাৰণৰ সময়ত আপোনাৰ লগতে সন্তানটোৰ কোনো ধৰণৰ কষ্ট নহয়।


১)আপুনি গৰ্ভৱতী অৱস্থাত কঠিন ব্যায়াম কৰিব নালাগে কাৰণ এনে হ'লে আপোনাৰ গৰ্ভাশয়ত প্ৰভাৱ পৰিব পাৰে যাৰ জৰিয়তে আপোনাৰ সন্তান টো নষ্ট হোৱাৰ সম্ভাৱনা আহি পৰে।তাৰোপৰি কঠিন ব্যায়াম কৰিলে আপোনাৰ উশাহ লোৱাত কষ্ট হ'ব বা বন্ধ হৈ যাব,ইয়াৰ ফলত আপোনাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি যাব আৰু আপোনাৰ সন্তানটোৱে বহু কষ্ট সহ্য কৰিব লগীয়া হ'ব।


২)গৰ্ভধাৰণৰ সময়ত আপোনাৰ ঘৰৰ দেৱালত ৰং লগোৱা কাম নকৰিব।কিয়নো ৰংত বহুত ৰাসায়নিক পদাৰ্থ থাকে,যিবিলাক ৰং কৰাৰ সময়ত উশাহত আপোনাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব আৰু ইয়াৰ ফলত আপুনি উশাহ লোৱাত কষ্ট পাব।লগতে আপুনি মুৰ্চা যোৱা,মূৰঘূৰণি হোৱা আদি বেমাৰো হ'ব পাৰে।


৩)গৰ্ভৱতী অৱস্থাত আপুনি ফলৰ ৰস বেছি খাব নালাগে।কাৰণ ইয়াত বহুত বেছি পৰিমাণে চুগাৰ থাকে ফলত আপোনাৰ ডায়েবেটিচ হ'ব পাৰে।গতিলে ফলৰ ৰস কমকৈ খাব লাগে।


৪)গৰ্ভৱতী অৱস্থাত আপুনি বেছি ভ্ৰমণ নকৰিব।বিশেষকৈ যদি আপুনি ৰাজহুৱা বাহনত ভ্ৰমণ কৰে তেন্তে আপুনি ভ্ৰমণ কৰাৰ পৰা বিৰত থকাই ভাল।কাৰণ যদিহে ৰাস্তাটো ভাল নহয় তেনেহ'লে আপুনি বহুত কষ্ট পাব আৰু সন্তান নষ্ট হোৱাৰ সম্ভাৱনা বাঢ়ি যাব।যদি আপুনি নিজা বাহনতো ভ্ৰমণ কৰে তেতিয়াও আপুনি পৰাপক্ষত ভ্ৰমণ নকৰিব।Assamese Fact )


৫)ধূমপান বা নিচাযুক্ত বস্তু ব্যৱহাৰ নকৰিব।কিয়নো ইয়াত বহুত বেছি ভেঁ‌কুৰনাশক মিলোৱা থাকে যাতে ই বহুদিনলৈ ভাল হৈ থাকে।এইক্ষেত্ৰ্ত ভেঁ‌কুৰনাশকে আপোনাৰ ক্ষতি সাধন কৰিব পাৰে।


৬)যদি আপুনি গৰ্ভধাৰণৰ সময়ত ওপৰমুৱাকৈ শোৱে তেন্তে আপুনি এই অভ্যাস ত্যাগ কৰা উচিত।কাৰণ গৰ্ভৱতী অৱস্থাত আপোনাৰ পেটৰ গোটেই ভৰ পিঠিয়ে সহিব লগা হয়,যাৰফলত পিঠি বিষৰ সমস্যাই দেখা দিব পাৰে।গৰ্ভৱতী অৱস্থাত আপুনি বাঁওফালে কাটিহৈ শোৱাৰ অভ্যাস কৰিব।


৭)অত্যধিক গৰম পানীয়ে গা নুধুব।কাৰণ গৰ্ভৱতী অৱস্থাত আপোনাৰ শৰীৰৰ উষ্ণতা ১দিগ্ৰী বাঢ়ি যায়।এনেস্থলত আপুনি যদি গৰম পানীৰে গা ধোৱে তেন্তে শৰীৰৰ উষ্ণতা ১০১দিগ্ৰীলৈকে বাঢ়ি যাব আৰু ইয়াৰ ফলত আপোনাৰ শৰীৰত অক্সিজেনৰ অভাৱ হ'ব আৰু আপোনাৰ নিম্নৰক্তচাপ হ'ব যাৰ ফলত সন্তানটোৰ কষ্ট হ'ব আৰু লগতে আপোনাৰো কষ্ট হ'ব।


৮) গৰ্ভৱতী অৱস্থাত গধুৰ বস্তু  উঠাব নালাগে।কিয়নো গৰ্ভৱতী অৱস্থাত গধুৰ বস্তু উঠালে আপোনাৰ গৰ্ভাশয় তললৈ খহি যাব যাৰ ফলত সন্তানটোলৈ বিপদ আহি যাব।গৰ্ভৱতী অৱস্থাত আপোনাৰ পেটটোৰে কোনো বেৰত হেঁচা নিদিব।ইয়াৰ ফলতো আপোনাৰ গৰ্ভাশয়লৈ বিপদ নামি আহিব


আশা কৰো আজিৰ লেখাটোৱে আপোনাক সহজ প্ৰসৱৰ ক্ষেত্ৰত সহায় কৰিব।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages