এই কেইটা কাম কৰা মহিলাৰ ঘৰখন সদায় দৰিদ্ৰ হৈয়ে থাকে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 20, 2021

এই কেইটা কাম কৰা মহিলাৰ ঘৰখন সদায় দৰিদ্ৰ হৈয়ে থাকে : Assamese Fact

Assamese Fact

ঘৰৰ মহিলাই এই  কাম কেতিয়াও কৰিব নালাগে। নহলে ঘৰখনলৈ দুখ দৰিদ্ৰতা আহে। আৰু এনে ঘৰৰপৰা মা লক্ষ্মী ৰুষ্ট হৈ আঁতৰি যায়। Assamese Fact )


প্ৰাচীন গ্ৰন্থ অনুযায়ী প্ৰতিজন স্বামী স্ত্রীকে, মহাদেৱ আৰু দেৱী গৌৰী ৰূপে মনা হয়। মহাদেৱ আৰু দেৱী গৌৰী অৰ্ধনাৰীশ্বৰ হয়।ঠিক তেনেদৰে স্বামী স্ত্রী, এজনে আনজনৰ অৰ্ধ অংগ হয়। সেইবাবে পত্নীক অৰ্ধাংগিনী কোৱা হয়। বিবাহৰ পাছত পত্নীৰ ভাগ্য স্বামীৰ লগত জোৰা লাগি যায়। পত্নীৰ কৰ্ম, যজ্ঞ, ধাৰ্মিক কাৰ্য্য, পুণ্য, ফল আদি স্বামীৰো প্ৰাপ্ত হয়। তেনেদৰে পত্নীৰ দ্বাৰা হোৱা ভুল কাৰ্য্য ভাগ স্বামীয়েও সহ্য কৰিব লাগে। 


আমাৰ হিন্দু সমাজত মহিলাক ঘৰখনৰ লক্ষ্মী আৰু অন্নপূর্ণা কোৱা হয়। কিন্তু কিছু মহিলাৰ ভুল ব্যৱহাৰৰ দ্বাৰা মা লক্ষ্মী ৰুষ্ট হৈ যায় আৰু ঘৰৰপৰা আঁতৰি যায়। আৰু তেতিয়া এনে ঘৰত মা লক্ষ্মীৰ ডাঙৰ ভগ্নী অলক্ষ্মীয়ে নিবাস কৰিবলৈ লৈ। যদি আপুনিও আপোনাৰ ঘৰত এনে কিছু প্ৰভাৱ পায়, তেতিয়া তৎক্ষনাত সেয়া শুদ্ধৰাই লব। নহলে আপুনি ইয়াৰ বেয়া পৰিণাম সহিবলগীয়া হব পাৰে। কাৰণ ঘৰলৈ অলক্ষ্মী আহিলে, ঘৰখনত ৰোগ, কাজিয়া বাঢ়িবলৈ ধৰে। সেইবাবে কিছুমান কাম ঘৰৰ মহিলাই কেতিয়াও কৰিব নালাগে। আৰু সেই নকৰিব লগীয়া কাম সমূহ তলত উল্লেখ কৰা হল-


১/ঘৰৰ মহিলাই সন্ধ্যা সময়ত চুলি মেলি ঘৰত ঘূৰি ফুৰিব নালাগে। বহু ঘৰৰ মহিলাৰ অভ্যাস থাকে, সন্ধ্যা সময়ত নিজৰ চুলি ফণিয়াটো। আৰু ঘৰৰ এটা স্থানৰপৰা আন এটা স্থানলৈ চুলি মেলি ঘূৰি ফুৰে। কিন্তু এনে কৰাটো শাস্ত্র অনুসাৰে একেবাৰে সঠিক নহয়। সন্ধ্যা সময়ত চুলি মেলি, ফণিয়ালে ঘৰলৈ বেয়া শক্তি আহে। আৰু মা লক্ষ্মীয়ে এনে ঘৰত কেতিয়াও বাস নকৰে। 


২/বহু মহিলাই ঘৰৰ মুখ্য দুৱাৰত বহি কথা পাতে, আৰু লগতে ভোজন কৰাও দেখা যায়। কিন্তু ঘৰখনৰ লক্ষ্মী মুখ্য দুৱাৰত বহা, একেবাৰে শুভ মনা নহয়। মা লক্ষ্মীয়ে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰেদি প্ৰৱেশ কৰে। আৰু ঘৰৰ মুখ্য দুৱাৰতে মহিলাই বাধা দি বহিলে, তেতিয়া মা লক্ষ্মী দূৰৰে পৰাই উভতি যায়। আৰু এই কথাত সদায়ে মন দিব। ঘৰৰ মুখ্য দুৱাৰ সদায়ে চাফ চিকুন কৰি, সুন্দৰ কৰি ৰাখিব লাগে। যাৰ দ্বাৰা মা লক্ষ্মী প্ৰসন্ন হৈ প্ৰৱেশ কৰে। Assamese Fact )


৩/বহু মহিলাই ঘৰত দেৰিলৈকে শুই থাকে। যদি ঘৰৰ মহিলাই সূৰ্য্য উদয় হোৱা পাছত শুই থাকে, তেতিয়া ঘৰলৈ অহা সকলো সুখ আঁতৰি যায়। আৰু ঘৰখনত বেয়া শক্তি বিয়পি যায়। পুৱা সোনকালে উঠি ভগৱান শ্রী হৰিৰ আৰ্শীবাদ লৈ, ঘৰখনত চাকি ধূপ দিব লাগে, যাৰ দ্বাৰা ঘৰখনত শুভ বাতাবৰণ বিয়পি থাকে। 


৪/ৰাতি বা প্ৰতিটো সময়তে ঘৰখনত জোথা কাঁহি বাটি থকাটো শুভ নহয়। জোথা বাচন বৰ্তনে নকাৰাত্মক শক্তি বিয়পাই।সেইবাবে এনে ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। যিমান পাৰে, পাকঘৰ চাফ চিকুন কৰি ৰাখিব লাগে। জোথা বাচন বৰ্তন থাকিলে ধুই ৰাখিব লাগে। যদি এনে কৰিব নোঁৱাৰে, তেতিয়া জোথা বাচন বৰ্তন পাকঘৰৰ পৰা উলিয়াই ৰাখিব। ইয়াৰ লগতে এয়াও মনত ৰাখিব, ঘৰৰ মহিলাই জোথা বাচনত নাখাব আৰু আনকো নিদিব। 


৫/পত্নীক প্ৰেম, সহনশীলতা, মমতা আৰু ত্যাগৰ মুৰ্তি বুলি কোৱা হয়। কিন্তু কিছু মহিলাৰ বাণী অত্যন্ত কঠোৰ। আৰু কাজিয়া সৃষ্টিৰ দৰে হয়।তেওঁলোকৰ স্বাভাৱতে, অভিযোগ দিয়া, মন নিমিলা যেনে পৰিৱেশৰ সৃষ্টি হয়। আৰু যি ঘৰত পতি পত্নী মাজত সদায়ে কাজিয়া আৰম্ভ হয়, সেইখন ঘৰত মা লক্ষ্মীয়ে নহয়, তেওঁৰ ডাঙৰ ভগ্নী অলক্ষ্মীৰ বাসস্থান হয়। যাৰ দ্বাৰা ঘৰখনৰ সুখ সমৃদ্ধি, বৈভৱ, ভক্তি ঘৰখনৰপৰা আঁতৰি যাবলৈ ধৰে। ঘৰখনত এজনে আনজনৰ প্ৰতি প্ৰেম, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা, ভাৱ থাকে, তেনে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হয়। 


৬/যি ঘৰৰ দুৱাৰলৈ অহা ভিক্ষুক তিৰষ্কাৰ কৰা হয়, তেনে ঘৰত মা লক্ষ্মীয়ে কোনোদিন প্ৰৱেশ নকৰে। যদি আপোনাৰ ঘৰলৈ অহা, ভিক্ষুৰ অপমান হয়, আৰু একো নিদি খেদি দিয়া হয়, আৰু তাৰোপৰি দুৱাৰলৈ অহা গৰুক একো নিদি খেদি দিলে, তেতিয়া সেই ঘৰৰ সুখ সমৃদ্ধি, শান্তি আঁতৰি যায়। ঘৰৰ মহিলাসকলে কেতিয়াও বেয়া হৈ থাকিব নালাগে। ঘৰৰ মহিলাই, ঘৰখনৰ কথা আৰু অভিযোগ আনৰ আগত কৰিব নালাগে।।ঘৰৰ গোঁসাই ঘৰত চাকি বন্তি দিবলৈ পাহৰিব নালাগে। আৰু কথায় কথায় নিজৰ স্বামীক বেয়া শব্দ কব নালাগে।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

No comments:

Post a Comment

Advertisement

Pages