কেনেবাকে আপোনাৰো আছে নেকি এই কেইটা লক্ষণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 18, 2021

কেনেবাকে আপোনাৰো আছে নেকি এই কেইটা লক্ষণ : Assamese Fact

Assamese Fact

নমস্কাৰ পাঠকসকল,ভুল সকলোৱে কৰে,আৰু ভুল কৰাটো কোনো বেয়া কথা নহয়।কিন্তু ভুল কৰি যি মানুহে শিক্ষা লয় আৰু জীৱনত আগুৱাই যায়,তেওঁকে সফল ব্যক্তি বুলি কোৱা হয়।Assamese Fact )

Assamese Fact
কিন্তু যি ব্যক্তিয়ে ভুল কৰি বাৰে বাৰে একেটা ভুলকে কৰে,তাৰ পৰা একো শিক্ষা নলয় তেওঁকে মূৰ্খ বুলি কোৱা হয়।আজিৰ এই লেখাটোত মূৰ্খ লোকৰ এনে কেইটামান লক্ষণৰ বিষয়ে জনাম,যিবিলাকৰ জৰিয়তে আমি মানুহৰ মূৰ্খতাৰ পৰিচয় পাও।আৰু আপোনালোকৰ মাজতো যদি এই লক্ষণ খিনি আছে তেন্তে আপোনালোকেও এইখিনি এৰাই চলাটো প্ৰয়োজন।


১)মূৰ্খ ব্যক্তিয়ে সদায় একেধৰণেৰে কাম কৰে আৰু প্ৰত্যেকবাৰে বেলেগ ধৰণৰ পৰিণামৰ আশা কৰে।আমৰ গছ ৰুলে আমেই খাবলৈ পায় আৰু কঁ‌ঠালৰ গছ ৰুলে কঁ‌ঠাল।কিন্তু মূৰ্খ ব্যক্তিয়ে আমৰ গছ ৰুই কঁ‌ঠালৰ ফল খাবলৈ বিছাৰে।

আপুনি সদায় যেনে ধৰণৰ কৰ্ম কৰিব তেনে ধৰণেই ফল পাব,সেইবাবে জোখতকৈ বেছি বা জুখতকৈ কম পৰিণামৰ কথা ভুলটো নাভাৱিব।


২)মূৰ্খ ব্যক্তিয়ে নিজৰ প্ৰশংসা নিজে কৰে।তেওঁলোক নিজে যেনেকোৱা নহয় তেনেকুৱা বুলি নিজকে আনৰ আগত চিনাকী দি থাকি ভাল পায়।

কিন্তু এজন সফল আৰু সভ্য ব্যক্তিয়ে কেতিয়াও নিজৰ প্ৰশংসা নিজে নকৰে।সভ্য লোকে কেৱল কাম কৰাত গুৰুত্ব দিয়ে আৰু তাৰ ফলতে সকলোৱে তেওঁক সন্মান কৰে।


৩)নিজকে পৃথিৱীৰ সকলোতকৈ জ্ঞানীলোক বুলি ভাৱে।তেওঁৰ মতে তেওঁতকৈ আগতো তেওঁৰ সমান জ্ঞানী ব্যক্তি কোনো নাছিল আৰু পিছলৈও নাথাকে।Assamese Fact )


৪)মূৰ্খলোকে কেতিয়াও নিজে পৰিশ্ৰম নকৰে,সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি থাকে।তেওঁলোকে কৰ্ম কৰাৰ সলনি কেৱল কথা পাতি সময় পাৰ কৰে,মূৰ্খলোকে কেতিয়াও নিজে কামকৰাৰ ওপৰত বিশ্বাস নাৰাখে,তেওঁলোকে ভাৱে তেওঁৰ লগত থকা ব্যক্তিজনে কষ্ট কৰিব আৰু তাৰ ফলাফল তেওঁ নিজেই কাম নকৰাকৈয়ে লাভ কৰিব।


৫)যি ব্যক্তি যিমানেই  মূৰ্খ হয়,তেওঁ সিমানেই বেছি অজ্ঞানী,অহংকাৰী হয়।


৬)মূৰ্খ ব্যক্তিয়ে কেতিয়াও নিজৰ অপমান আৰু সন্মানকলৈ বহুত বেছি চিন্তা নকৰে।এনেলোক সেইঠাইলৈ বহুত বেছিকৈ যায়,য'ত তেওঁলোকৰ বহুত বেছি অপমান হয়।মূৰ্খ ব্যক্তিয়ে যদি কোনো ঠাইত লাভ দেখা পাই,যি ঠাইত তেওঁৰ অপমানো যথেষ্ট হয়,তেওঁ সেই অপমান সহ্য কৰি হ'লেও সেই লাভালাভ প্ৰাপ্ত কৰিব।


Assamese Fact
৭)এনে এটা গুণ কেৱল মূৰ্খ লোকৰে নাথাকে তাৰোপৰি আন সাধাৰণ মানুহৰো থাকে যে তেওঁলোকে কোনোবাই নিজে নুখুজিলেও তেওঁক উপদেশ দি ফুৰে।আপুনি এটা কথা জনাটো প্ৰয়োজন যে উপদেশ এটা বহুত গুৰুত্বপূৰ্ণ বস্তু।এইটো আপুনি যাকে তাকে আৰো নিজে নুখোজালৈকে কাকো দিব নালাগে।যদি কোনো ভাল মানুহৰ উপদেশ আপুনি লাভ কৰে,তেতিয়া আপোনাৰ গোটেই জীৱন সুখৰ হৈ যাব,কিন্তু যদি আপুনি কোনো মুৰ্খ লোকে আপোনাক উপদেশ দিয়ে আৰু আপুনি তেওঁৰ আদেশ মানি চলিছে তেন্তে আপোনাৰ গোটেই জীৱন নষ্ট হৈ যাব পাৰে।


গতিকে এনে মূৰ্খ লোকৰ পৰা সদায় আঁ‌তৰত থাকিব আৰু নিজেও এনে চৰিত্ৰ বা লক্ষণ এৰাই চলিব।

ধন্যবাদ।।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

No comments:

Post a Comment

Advertisement

Pages