সকলোৱে সতীদাহ প্ৰথাৰ কথা জানে বা শুনিছে ।এতিয়া কথা হ’ল আমাৰ সমাজে “সতী দাহ” প্ৰথাৰ বিষয়ে কি জানে ?সমাজত প্ৰচলিত সতীদাহ প্ৰথাৰ জন্ম কেনেকৈ হ’ল?( Assamese Article ) আমি সকলোৱে ইমানখিনি হে জানো যে সনাতন ধৰ্মত “সতী দাহ” নামৰ এক কু সংস্কাৰ আছিল যাৰ মাধ্যমত স্বামীৰ মৃত্যু হোৱা বিধৱা নাৰীক স্বামীৰ চিতাৰ লগতে জ্বলাই দিয়া হৈছিল ৷ ই এক কু সংস্কাৰ আছিল যাৰ বাবে কিছুসংখ্যক সনাতনীয়ে নিজৰ ধৰ্ম ত্যাগ কৰি আন আন ধৰ্ম গ্ৰহণ কৰিছিল ৷ অৱশেষত ইংৰাজ শাসক লৰ্ড উইলিয়াম বেন্টিংক ,সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায় ,ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আদিসকলে এই প্ৰথা সমাজৰ পৰা নোহোৱা কৰিছিল ৷\
সঁচাকৈ সনাতন ধৰ্মত এনে কু প্ৰথা আছিল নে ? নে এইয়াও সনাতনৰ বিপক্ষে এক অপপ্ৰচাৰ ? নে এইয়া আকবৰক মহান সম্ৰাট বনোৱাৰ দৰেই এক বিকৃত ইতিহাস ?
কাৰণ যদি এইয়া সঁচা তেন্তে ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ, পুৰাণ ইত্যাদিৰ কোনো এটা অধ্যায়ত এটাও “সতী দাহ”ৰ দৰে ঘটনাৰ উল্লেখ নাই কিয় ? মহাভাৰতত ধ্ৰীতৰাষ্ট্ৰৰ মৃত্যুৰ পাছত তেওঁৰ পত্নীক দাহ কৰা ক’ৰবাত উল্লেখ আছে নে ? অভিমণ্যুৰ মৃত্যুৰ পাছত পত্নী উত্তৰাক অথবা কৰ্ণৰ মৃত্যুৰ পাছত পত্নী ভ্ৰুশ্বালীক দাহ কৰাৰ কথা কোনো ঠাইত উল্লেখ আছে নে ? ৰামায়ণত ৰজা দশৰথৰ মৃত্যুৰ পাছত তেওঁৰ পত্নীক দাহ কৰাৰ কথা ক’ৰবাত উল্লেখ আছে নে ? ৰাৱনৰ মৃত্যুৰ পাছত তেওঁৰ পত্নীক অথবা প্ৰভু ৰামৰ দ্বাৰা নিহত ৰজা বালীৰ পত্নীক দাহ কৰা হৈছিল নেকি ? বেদ, উপনিষদ, পুৰাণ ক’ৰবাতো আছে নে সনাতন ধৰ্মৰ লগত জড়িত এই কু সংস্কাৰৰ কথা ? নাই ৷ কতো নাই ৷( Assamese Article )তেন্তে ক’ৰ পৰা আহিল এই প্ৰথা ? আচলতে সনাতন সংস্কৃতিত এনে ধৰণৰ কোনো কু প্ৰথাৰ কোনোদিনেই স্থান নাছিল ৷ “সতী দাহ” প্ৰথাৰ দৰে প্ৰথা আমাৰ দেশত প্ৰৱেশ কৰিছিল মোগলৰ আগমনৰ লগে লগে ৷ অত্যাচাৰী, বিভৎস মোগল সম্ৰাট সকল আৰু তেওঁলোকৰ সন্যৰ সদায় কু দৃষ্টি আছিল সনাতনী মহিলাসকলৰ ওপৰত ৷ এই কথা আমি বিভিন্ন সময়ত ইতিহাসত পঢ়ি আহিছো ৷ বহুতো মোগল সম্ৰাটে বহুতো সময়ত বিভিন্ন ভাৰতীয় সম্ৰাটক হত্যা কৰি তেওঁৰ ৰাজ্যৰ নাৰীসকলক নিজৰ হাৰেমত স্থান দিয়াৰ কথা ইতিহাসৰ বিভিন্ন অধ্যায়ত উল্লিখিত আছে ৷হাৰেমত নিয়া তিৰোতাসকলক দাসী ,যৌনদাসী হিচাপে ব্যৱহাৰ কৰিছিল আৰু সেই সময়তেই ভাৰতীয় সনাতনী নাৰীয়ে স্বামীৰ মৃত্যুৰ পাছত নিজৰ সন্মান বচাবলৈ নিজেই নিজক শেষ কৰি দিছিল ৷ “ৰাণী পদ্মাৱতী”ৰ কাহিনী পঢ়িলে এই কথা আখৰে আখৰে স্পষ্ট হৈ পৰে কিদৰে খিলজীক কু দৃষ্টিৰ পৰা বাচিবলৈ ৰাণী পদ্মাৱতীৰ লগতে শ শ নাৰীয়ে আত্মজাহ দিছিল ৷ আৰু সেই সময়তেই ভাৰতবৰ্ষত আৰম্ভ হৈছিল “সতী দাহ” প্ৰথাৰ দৰে আত্মসন্মান ৰক্ষাৰ এক কু প্ৰথা ৷
ঠিক একেদৰে সমাজত প্ৰচলিত "বাল্যবিৱাহ"ও তাৰ ব্যতিক্ৰম নহয় । হিন্দু শাস্ত্ৰত বাল্যবিৱাহৰ কোনো কথা লিখা নাই তথাপি সেয়া সৃষ্টিৰ আৰঁত মোগলসকলেই আছিল ।
মোগলৰ শাসনৰ কালচোৱাত , হিন্দু যুৱতীক নানান প্ৰকাৰেৰে অত্যাচাৰ চলোৱা হৈছিল । এজনী ছোৱালী যুৱতি হোৱালৈ ঘৰত ৰখোৱাটো কঠিন হৈ পৰিছিল সেইবাবে সৰুকালতেই বিৱাহ দিয়া হৈছিল যাৰবাবে কালক্ৰমত কু সংস্কাৰ হিচাপে সমাজত প্ৰচলিত হ’ল ।
কিন্তু দুৰ্ভাগ্য আমাৰ যে আমাৰ ইতিহাস সৃষ্টিকাৰী সকলৰ কু উদ্দেশ্যৰ বাবেই এইবোৰ প্ৰথাক জড়িত কৰি দিয়া হ’ল সনাতন হিন্দু ধৰ্মৰ লগত যাতে প্ৰজন্মৰ পাছত প্ৰজন্মই সনাতন ধৰ্মৰ বিষয়ে এক ভুল ধাৰণা লৈ জীয়াব পাৰে ।
এনেধৰণৰ বহু শাস্ত্ৰ বা ধৰ্ম গ্ৰন্থত নথকা কথা নতুনকৈ উপস্থাপন কৰি বিকৃত কৰি সনাতন ধৰ্মক নষ্ট কৰিব বিচৰা হ’ল ,বহু উদাহৰণ আছে ,পাছলৈ নিশ্চয় লিখিম।( Assamese Article )
✍🏻 কিশোৰ হালৈ
( এই বিশেষ লেখা আমালৈ প্ৰেৰণ কৰা কিশোৰ হালৈ ডাঙৰীয়ালৈ SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো )
No comments:
Post a Comment