৪ বছৰৰ পূৰ্বে দিল্লীত ঘটা এটা সত্য ঘটনাৰ আলমত : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 1, 2021

৪ বছৰৰ পূৰ্বে দিল্লীত ঘটা এটা সত্য ঘটনাৰ আলমত : Assamese Article

Assamese Article

তলৰ ফটো কেইখন ভালদৰে চাওঁক । বাইকত বহি থকা লৰাজনৰ নাম হল সৰৱজিৎ সিং আৰু ধুনীয়া ছোৱালী  জনীৰ নাম হল যশলীন কৌৰ ।(Assamese Article)

Assamese Article

4 বছৰ আগৰ দিল্লীৰ ঘটনা ।  বাইক চলোৱাজন সন্মুখত ৰঙা লাইট জলি থকা বাবে বাইক ৰখাই ৰৈ আছিল । পিছফালে সেই ছোৱালীজনীয়ে এখন গাড়ীত আহি overtake কৰিবলৈ ঠাই নাপাই লৰাজনৰ ফটো লৈ গল । ফটো লৈ গৈ ফেচবুকত লিখিলে যে লৰাজনে হেনো তাইক জোকাইছে । তাৰ পিছত লৰাজনৰ মিডিয়া ট্ৰায়েল হল , পুলিচে আটক কৰিলে , 3 মাহ জেল খালে , কেচ চলি থাকিল ।


ইয়াৰ পিছত ছোৱালীজনীক দিল্লী পুলিচে সাহসিকতাৰ বঁটা আৰু নগদ 5000 টকা দিলে । 


ভাৰতৰ আটাইতকৈ  মহৎ  মানুহ বুলি দাবী কৰা অৰবিন্দ কেজৰীৱালে ছোৱালীজনীক মাতি লৈ গল । AAP ৰ ফালৰ পৰা দিল্লী university ৰ ভোট খেলিবলৈ আগুৱাই দিলে ।  কবলৈ গলে ছোৱালীজনী একপ্ৰকাৰ চাৰিওফালে একেবাৰে hero হৈ গল । কোনোবাই ঝাঁচি কি ৰাণী উপাধিও দিলে ।


আনফালে সৰৱজিৎ সিং নামৰ 28 বছৰীয়া সেই লৰাজনৰ কি হল শুনক ,(Assamese Article)


বেচেৰাৰ চাকৰি গল , বাইকখনৰ EMI দিব নোৱাৰা বাবে বেংকে লৈ গল । বিয়াৰ বাবে যিজনী ছোৱালী চাইছিল , সেইজনী আঁতৰি গল । বৃদ্ধ মাক হাৰ্টৰ ৰোগ হৈ মৰিল । বন্ধু বান্ধৱ সকলো আঁতৰি গল । 

একপ্ৰকাৰ নৰক হৈ গল জীৱন । 


যোৱাকালি কোৰ্টৰ পৰা ৰায়দান আহিল । লৰাজন নিৰ্দোষ আছিল আৰু ছোৱালীজনীয়ে মিছা কেচ কৰিছে ।


এইবোৰ সন্ত্ৰাসবাদী হয়নে নহয় আপোনালোকে কওঁক ।  এইবোৰৰ বাবে কিমান নিৰ্দোষী লৰা দৈনিক suicide কৰি আছে হিচাপ নাই । ছোৱালী এজনীৰ সচাই মিছাই বাতৰি পৰিবেশন কৰি TRP ৰ লোভত মিডিয়াইও এজন মানুহৰ জীৱন ধ্বংস কৰিবলৈ কুণ্ঠাবোধ নকৰে । 


কিছুদিন আগতে আন এটা ঘটনা হৈছিল হায়দৰবাদত ।  Zomato Delivery লৰা এজনক এজনী মহিলাই   যৌন-অতিশয্যা চলোৱা বুলি social media ত video দিছিল । তাৰ পাছতেই লৰাজনৰ চাকৰি গুচি গল ।কিন্তু পাছত অনুসন্ধান কৰি গম পালে যে ছোৱালাইজনীয়ে free তে  পিজা নিদিয়া বাবে বদনাম কৰিছিল লৰাজনৰ । 


এইবোৰ ঘটনা ঘটিয়েই আছে  দৈনিক । নকল ভুক্তভোগী হৈ নিজৰ প্ৰচাৰ কৰাৰ প্ৰতিযোগিতা চলি আছে  দৈনিক ।


Assamese Article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। (Assamese Article)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages