আপোনাৰ ফেচবুক বান্ধৱীক কেতিয়াবা এনেদৰে লগ পাইছে নে ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 5, 2021

আপোনাৰ ফেচবুক বান্ধৱীক কেতিয়াবা এনেদৰে লগ পাইছে নে ? Assamese Storyboard

Assamese Storyboard

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী বাছ খন চলিবলৈ আৰম্ভ কৰিলে । নিলাভে বাহিৰলৈ চালে । বাহিৰত প্ৰসৰ ৰদ  ।গৰম নামিছে চহৰলৈ ( 

Assamese Storyboard

 ) । কেতিয়া যে ঘৰ পাব সি । 

Excuse me....নিলাভে ঘূৰি চালে । ছোৱালী এজনী থিয় হয় আছে । হয়টো তাৰ কাষৰ ছিটটো তাইৰ ।সি আতৰি দিলে । খিৰিকী কাষৰ ছিটটোত বহিলে তাই । সি আঁৰ চকুৰে চালে ছোৱালীজনিলৈ । পাতল গুলপীয়া ৰঙৰ চুৰিদাৰ এযোৰ পিন্ধি আছে তাই । মুখখন মৰমলগা ।হঠাতে তাৰ ভাৱ হল ছোৱালী জনিক সি আগতে কৰবাত  দেখিছে । কিন্তু সি মনত পেলাব নোৱাৰিলে কত দেখিছে । তাই বাহিৰলৈ চাই আছে । বাছখন চলি আছে । মনত পেলাব চেষ্টা কৰিলে সি ।কত দেখিছে তাইক ।তাৰ ভনীয়েকৰ বান্ধৱী বোৰৰ মুখবোৰ মনত পেলালে সি ।নাই সিহত কোনো নহয় ।পুনৰ ছোৱালীজনিলৈ চালে নিলাভে । 


বেগৰ পৰা কিতাপ এখন উলিয়াই তাই একান্ত মনে কিতাপখনত মনোনিবেশ কৰিলে ।কাণত হেডফোন লৈ সিও চিলাৰ গান এটা শুনিবলৈ ধৰিলে ।দুচকু মুদি সি ছিতটোত আউজি দিলে । চিলা মই তোৰ আকাশৰে .... কিমান সময়  সি গানৰ আবেশত ভাঁহি আছিল মনত  নাই ।আকৌ তাৰ মনলৈ ছোৱালীজনীৰ মুখ খন ভাহি আহিল । কিয় তাৰ এনেকুৱা লাগিছে যে কাষত বহি থকা ছোৱালী জনীক আগতে কৰবাত দেখিছে । যদি দেখিছে তেন্তে মনত পৰা নাই কিয় কত দেখিছে ... নাই মনত পেলাব নোৱাৰিলে সি । সি ঘূৰি ছোৱালী জনীলৈ চালে ।  খিৰিকিত মুৰটো থৈযে তাই টোপনি গৈছে । বতাহত তাইৰ দীঘল চুলিবোৰ উৰি আছে । বাছখন গৈ আছে । পিছলৈ গৈ আছে গছ গছনি ঘৰ দুৱাৰ ।যোৰহাট পাবলৈ এতিয়াও আৰু বহুত বাকি । নীলাভে এইবাৰ পকেটৰ পৰা নিজৰ মবাইলটো উলিয়াই ফেচবুকটো খুলিলে । এনেই আপডেটবোৰ চাই গৈ থাকিল সি । বন্ধু বোৰে পোষ্ট কৰা ফটোবোৰ চাই থাকিল সি । 


সচাকৈ ফেচবুকে বহুত আমনিদায়ক সময়ৰ পৰা আমাক সকলোকে পৰিত্ৰাণ দিয়ে ।ভাবিলে সি । হঠাতে ফেচবুকত আপলোড কৰা ফটো এখনত তাৰ চকু পৰিল । ৰৈ গল সি । বিস্মিতা শৰ্মা । সি ফটোখনৰ পৰা দৃষ্টি আঁতৰাই আনি খিৰিকী মুখত মুৰ থৈ টোপনি যোৱা ছোৱালী জনীলৈ চালে  ।হয় এইজনি দেখোন তাৰ ফেচবুক ফ্ৰেইন্দ বিস্মিতা । এতিয়াহে মনত পৰিল তাৰ । সদায়ে ফেচবুকত দেখা ছোৱালী জনীক নিচে ওচৰৰ পৰা চাই ৰল সি । হঠাতে খকমকাই সাৰ পালে তাই । বাহিৰলৈ চালে এইবাৰ । বেগটো লৈ নামিবলৈ সাজু হল তাই । উচপিচনি লাগিল তাৰ । তাৰচোন মাত দিয়াযে নহল তাইক। ষ্টপেজ এটাত ৰৈ গল বাছখন । খৰধৰ কৈ নামি গল তাই ।কি কৰিব নকৰিব কৈ হঠাতে সিও নামি দিলে বাছ খনৰ পৰা । বাছখন  গুচি গল । সি ইফালে সিফালে চালে । দেখিলে বিস্মিতাই  হাত দি অটো এখন ৰখাইছে । বিস্মিতা চিঞৰি মাতিলে সি । তাই ঘূৰি চালে । দৌৰি আহিল সি । বিস্মিতা মই নিলাভ । নীলাভ গোস্বামী । তোমাৰ ফেচবুক ফ্ৰেইন্ড ।( Assamese Storyboard )

প্ৰশ্নবোধক দৃষ্টিৰে তাই তাৰ চকুলৈ চালে । প্ৰথমে ময়ো তোমাক চিনি পোৱা নাছিলো । পিছত মনত পৰিল । ৰবা দেখুৱাইছো মবাইলটো উলিয়াই তাৰ প্ৰফাইল পিকচাৰটো দেখুৱালে । মূহুৰ্ততে চিনি পালে তাই। হাঁহি এটি ঢৌ খেলি উঠিল তাইৰ ওঁঠত । আটোৱলাজনে মাটিলে তাইক ।তাৰ দেৰি হৈছিল । তাই তেঁওক যাব দিলে । বিস্মিতা বেয়া নপোৱা যদি কফি একাপ খাবা নেকি মোৰ সতে ? দুয়ো কফি হাউচলৈ সোমাই গল। দেখিছানে বিস্মিতা গুৱাহাটীৰ পৰা আমি দুয়ো একেলগে আহিলো । অথচ ইজনে সিজনক চিনি নাপালো । এটিযা তুমি নামিবৰ সময়ত মই তোমাক চিনি পালো । ইয়াতে নেকি ঘৰ তোমাৰ ? নহয় নীলাভ মোৰ ঘৰ গুৱাহাটীতেই । মাহিদেউ থাকে ইয়াতে । তেওঁ স্কুল এখনৰ শিক্ষয়ত্ৰী । মাহিদেউক লগ কৰিব আহিছো ।

তুমি নীলাভ? তোমাৰ দেখোন ঘৰ যোৰহাটত ... ইয়াত কি কৰিছা ?


সি হাহিলে আৰু কলে তোমাৰ কাৰণে তোমাক মাত দিবলৈকে বাছৰ পৰা নামি দিলো মই ।কাম এটাত যোৱা কালিয়ে গুৱাহাটী গৈছিলো   । কি পাগল দেই তুমি ... বিস্মিতায় হাহিলে । বিস্মিতা  তেনেকৈ নামি নিদিয়া হলে মই জানো এতিয়া তোমাৰ সতে কফি খাই বহি থাকিব পাৰিলো হয় । আৰু ফটোত সদায়ে দেখা হাঁহিটো ইমান কাষৰ পৰা চোৱাৰ সৌভাগ্য অৰ্জন কৰিবলৈ পৰিলোঁ হেঁতেন ।তাৰ কথাত বিস্মিতা লাজত জয় পাৰি গল ।

দুয়ো বহুত কথা পাতিলে । সময়বোৰ পাৰ হৈ থাকিল । ফেচবুকত নপতা বহুত কথা পাতিলে দুয়ো । ইমান বছৰৰ বন্ধুত্বৰ পিছতো ইজনে সিজনৰ   বিষযে নজনা বহুত কথায়ে জানি পেলালে দুয়ো । দুপৰীয়া গুচি আবেলি হৈছিল । নিলাভে কলে তুমি এতিয়া যোৱা বিস্মিতা । মাহীয়ে চিন্তা কৰি থাকিব । সি অটো এখন ৰখাই তাইক উঠাই দিলে । আৰু কলে বিস্মিতা তোমাক লগ পাই মোৰ বহুত ভাল লাগিল ।আজিৰ দিনটো মোৰ বাবে স্মৰণীয় হৈ ৰব ।ৰবা মোৰ ফোন নম্বৰটো লোৱা । মাহিৰ ঘৰ পাইয়ে মোক ফোন এটা কৰিবা । তোমাৰ ফোন পোৱাৰ পিছতহেই মই যোৰহাটৰ বাছত উঠিম । বিস্মিতা গুচি গল । নিলাভে চাই ৰল মাথো । /p>


সঁচাকৈ তাৰ বাবে সুবেই মধুৰ আজিৰ দিনটো । ফেচবুকৰ বান্ধবীজনীক এনেকৈ হঠাতে লগ পাই কিবা এক অনন্য অনুভৱৰে ভৰি পৰিছে তাৰ বুকুখন । আৰু অটোত বহি বিস্মিতাই ভাবিলে ফেচবুকৰ বন্ধুত্বটো ইমান আত্মিয়তা ভৰি থাকিব পাৰেনে ? নিলাভক লগ পাই তাইৰো  যে বহুত ভাল লাগিল সেই কথাটো কোৱায়ে নহল তাক । তাই ঠিক কৰিলে ঘৰ পায়ে ফোন কৰি প্ৰথম এইয়াকে কব তাই । নিজৰ অজানিতে বেগৰ পৰা মবাইলটো উলিয়ালে তাই । আৰু ফেচবুকত গৈ তাইৰ ফ্রেইণ্ড লিষ্টৰ পৰা নীলাভ গোস্বামীৰ প্রফাইলটো উলিয়ালে বিস্মিতাই ।

।আৰু আগতে দেখা পোষ্টবোৰ, ফটোবোৰ আকৌ এবাৰ নতুনকৈ চাব ধৰিলে তাই ।

প্ৰীতিৰেখা দাস

বাংগালোৰ

৮১০৫২৫২৩৫০

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages