"A" নামৰ ব্যক্তি সকলৰ জীৱনৰ ৰহস্য জানো আহক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 16, 2021

"A" নামৰ ব্যক্তি সকলৰ জীৱনৰ ৰহস্য জানো আহক : Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল সকলোৰে জীৱনত নামৰ বহুত মহত্ব থকা দেখা যায়। A-Z নামৰ ব্যক্তিসকলে নিজৰ বেলেগ বেলেগ বিশেষত্ব ৰাখে। Assamese Fact )

Assamese Fact
সকলো ব্যক্তিৰে প্ৰথম আখৰটোৱে তেওঁলোকৰ জীৱনত বহুত প্ৰভাৱ বিস্তাৰ কৰে। আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ A নামৰ ব্যক্তিসকল কেনেকুৱা হয়। A নামৰ ব্যক্তিসকল প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা, এওঁলোকৰ ৰাশি কি,পঢ়াত কেনেকুৱা আদি কথাবোৰৰ বিষয়ে আজি আপোনালোকক জনাবলৈ উলাইছোঁ।


নামৰ প্ৰথম আখৰৰ পৰা ব্যক্তিৰ বিষয়ে বহুত কথা জানিব পাৰি। কিছুমান মানুহৰ মতে A নামৰ ব্যক্তিসকল বহুত দৃঢ় ইচ্ছা শক্তিৰ গৰাকী হোৱা লগতে সাহসী হয় আৰু এওঁলোকৰ ভিতৰত বা মনত আত্মবিশ্বাস বহুত সোমাই থাকে। যাৰ ফলত এওঁলোকক দেখি বেলেগ ব্যক্তি সকলে ভাবে এওঁলোক অহংকাৰী। কিন্তু বাস্তৱত এওঁলোক বহুত ভাল আৰু সৰল স্বভাৱৰ হয়।


A নামৰ পুৰুষসকল বহুত ভাগ্যশালী হয় আৰু নিজৰ জীৱন বহুত সফলতা অৰ্জন কৰে। এইসকল পুৰুষৰ পত্নী বহুত ধুনীয়া আৰু ভাগ্যশালী হয়। A নামৰ ব্যক্তিসকলে কেতিয়াও হাৰ নামানে আৰু সকলো পৰিস্থিতিৰ লগত যুঁজে। এওঁলোকে ডাঙৰ ডাঙৰ চৰকাৰী পদবোৰত স্থান লাভ কৰে।


A নামৰ ব্যক্তিসকলৰ স্বাস্থ্য কেনেকুৱা হয় জানো আহঁক-

A নামৰ ব্যক্তিসকলৰ স্বাস্থ্য বহুত ভালে থাকে আৰু সৰু-সুৰা বেমাৰে এওঁলোকক সহজতে প্ৰভাৱ পেলাব নোৱাৰে। এওঁলোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বহুত মজবুত হয়।


এতিয়া জানো আহঁক A নামৰ ব্যক্তিসকল প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা হয় -

A নামৰ ব্যক্তিসকল দেখাত ইমান আকৰ্ষণীয় হয় যে প্ৰথম চাৱনিতে মানুহক নিজৰ প্ৰেমত পেলায় দিয়ে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক বহুত ভাগ্যশালী হয়। যিমান বিচাৰে তাতকৈ বহুত বেছি পায়। এওঁলোকে প্ৰেম আৰু সম্বন্ধবোৰক বহুত মহত্ব দিয়ে। এওঁলোকৰ প্ৰেমৰ প্ৰতি ৰুচি কম যদিও এবাৰ যাৰ লগত সম্পৰ্ক স্থাপন কৰে তাৰ লগত শেষলৈকে অৰ্থাৎ মৃত্যুৰ আগলৈকে সম্পৰ্ক অটুত  ৰাখে। ইয়াৰ উপৰিও এওঁলোক বহুত কোমল অন্তৰৰ আৰু ভাবুক হয়। নিজৰ হৃদয়ৰ কথা বেলেগৰ আগত কেতিয়াও সহজে নকয়। ইয়াৰ লগতে এওঁলোক বহুত বেছি সাহসীও নহয়।


এতিয়া জানো আহঁক A নামৰ ব্যক্তিসকল সফলতাৰ বিষয়ে-

 এইটো এটা সঁচা কথা যি ব্যক্তিৰ নাম A আখৰে আৰম্ভ হয় তেওঁলোকে ইমান সোনকালে সফলতা বা নিজৰ মনে বিচৰা বস্তু নাপায়। এওঁলোকৰ সকলো কামত বাধা সৃষ্টি হয় আৰু তাৰ পাছতহে সম্পূৰ্ণ হয়। কিন্তু এওঁলোকে যেতিয়া সফলতা অৰ্জন কৰে আনৰ কাৰণে বহুত আদৰ্শৰ হৈ পৰে। এওঁলোকে সকলো বস্তু ৰৈ ৰৈ বা বাধাৰ পিছতহে অৰ্জন কৰে। বহুত কষ্টৰ কৰি এওঁলোকে সফলতা অৰ্জন কৰে আৰু যিকোনো পৰিস্থিতিতে নিজকে খাপ খোৱাই লয়। এওঁলোকে তেনেকুৱা বস্তুহে ভাল পায় যিবোৰ আনে ভাল নাপায়। কিন্তু এওঁলোকে সফলতা অৰ্জন কৰে। এইসকল ব্যক্তি ইনেই ইমান সাহসী নহয় । কিন্তু জৰুৰী হ'লে এওঁলোকে সেই কামটোও কৰে যিটোৰ কোনেও আশা বা কৰিব পাৰিব বুলি নাভাৱে।


A নামৰ ব্যক্তিসকল মনৰ ভাৱনাবোৰ কোৱাত কেনেকুৱা হয় জানো আহঁক-

এওঁলোকে নিজৰ প্ৰেমৰ সম্পৰ্কক বহুত মহত্ব দিয়ে। কিন্তু তথাপিও এওঁলোকে কথাবোৰ খুলি নকয় বা ভাল পাওঁ বুলি নেদেখাই।Assamese Fact )


এতিয়া জানো আহঁক A নামৰ ব্যক্তিসকলৰ পচন্দ কেনেকুৱা হয়-

এওঁলোকৰ পচন্দ বেলেগৰ দৰে নহয় বহুত বেলেগ হয় আনতকৈ। এওঁলোকৰ স্বভাৱ সকলোকে লগত আগবঢ়াই নিয়া বিধৰ হয়। এওঁলোকে নিজক আনতকৈ কম বুলি নাভাৱে আৰু এওঁলোকে এনেকুৱা বস্তু ভাল পায় যিবোৰে নিজৰ মূল্যৰ সমান কিবা এটা দিয়াত সক্ষম। A নামৰ ব্যক্তিসকলে বাস্তৱিক জীৱনক বহুত ভাল পায়।


A নামৰ ব্যক্তিসকলে নিজৰ সাহস পৰিচয় কেনেকৈ দিয়ে-

আচলতে যি ব্যক্তিৰ নাম A বা O আখৰেৰে আৰম্ভ হয় তেওঁলোকে সৌন্দৰ্যতাক বহুত পচন্দ কৰে। দেখাত এওঁলোক সাহসী নহয়। কিন্তু সময় আহিলে এওঁলোকে নিজৰ সাহসৰ পৰিচয় দিয়ে।


A নামৰ ব্যক্তিসকলৰ পৰা কি আশা কৰিব নোৱাৰি -

মনত ৰাখিব এওঁলোকৰ পৰা কেতিয়াও বিশ্বাস ঘাটকতাৰ আশা নকৰিব। এওঁলোকে নিজৰ পৃথিৱীতে বহুত আনন্দিত হৈ থাকে।  কিন্তু কেতিয়াও একো নভাবা নিচিন্তাকৈ কাম নকৰে।


এতিয়া জানো আহঁক A নামৰ ব্যক্তিসকলৰ ধাৰ্মিক প্ৰবৃত্তিৰ বিষয়ে-

মনা হয় যে এওঁলোক ধাৰ্মিক প্ৰবৃত্তিৰ হয়। ধৰ্ম ক্ৰিয়া লগত জড়িত হৈ এওঁলোকে বহুত মানসিক শান্তি অনুভৱ কৰে।


A নামৰ ব্যক্তিসকল খঙ দেখোৱাত কেনেকুৱা হয়-

এওঁলোক বহুত মৰমীয়াল আৰু আনৰ কথা চিন্তা কৰা বিধৰ হয়। কিন্তু এওঁলোকৰ কাৰোবাৰ ওপৰত খঙ উঠিলে বহুত বেছি খঙ কৰা দেখা যায়।


A নামৰ ব্যক্তিসকলৰ  মান্যতা কি-

এওঁলোকে ঘূৰাই ফুৰাই অৰ্থাৎ যি কথা কয় চিধাকৈ কয়। যি ব্যক্তিয়ে এওঁলোকক পচন্দ নকৰে। এওঁলোকে তেনেকুৱা ব্যক্তিক অলপো পচন্দ নকৰে আৰু এইটোৱে এওঁলোকৰ ডাঙৰ দূৰ্বলতা হৈ পৰে। এওঁলোকে সঁচা কথা শুনি ভাল পায় ।


এতিয়া জানো আহঁক A নামৰ ব্যক্তিসকলৰ জীৱনটো আৰু ভাগ্য কেনেকুৱা হয়-

A নামৰ ব্যক্তিসকলৰ জীৱনৰ সফলতা বিষয়ে ক'বলৈ গ'লে এওঁলোকে বহুত ভাগ চৰকাৰী চাকৰি পায়। যদি প্ৰাইভেট চাকৰিও কৰে তেতিয়াও বহুত ভাল কাম কৰে আৰু আনৰ কাৰণে প্ৰেৰণাদায়ক হৈ পৰে। 

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages