ভগৱান শ্ৰী কৃষ্ণৰ জন্ম কথা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 8, 2021

ভগৱান শ্ৰী কৃষ্ণৰ জন্ম কথা : Religious Studies

Religious Studies

 কংসই দৈৱকীৰ ছটা পুত্ৰক এটা এটা কে বধ কৰাৰ পাছত, ভগৱান অনন্তই দৈৱকীৰ গৰ্ভত প্ৰৱেশ কৰিলে। তাকে দেখি নাৰায়ণে মহামায়াক গকোললৈ গৈ, দৈৱকীৰ গৰ্ভ হৰণ কৰি, বসুদেৱৰ আন এগৰাকী পত্নী ৰোহনীত স্হাপন কৰিবলৈ কলে। দৈৱকীৰ অষ্টম পুত্র ৰূপে ভগৱানে নিজে উপজিব বুলি কয়, যশোদাত মহামায়ক উপজিবও কলে। ( Religious Studies )


 ভগৱানক আদেশ পায় যোগমায়াই দৈৱকীৰ গৰ্ভ হৰণ কৰি ৰোহিনীত থলে। নগৰৰ লোকসকলে দৈৱকীৰ গৰ্ভপাত হোৱা বুলি ঘোষণা কৰিলে আৰু কংসয়ো তাকে বিশ্বাস কৰিলে। কালক্রমত ৰোহিনীত গৰ্ভস্থ সন্তানে জন্ম লাভ কৰিলে। ভগৱানৰ আদেশ অনুসাৰে ষোগমায়াই দৈৱকীৰ গৰ্ভ আকৰ্ষণ কৰি ৰোহিনীত স্হাপন কৰাৰ বাবে তেওঁৰ নাম হল সংকৰ্ষণ। আৰু তেওঁৰ আন এটা নাম হল বলৰাম। 


 কালক্ৰমত নাৰায়ণেও বসুদেৱৰ মনত বাস ললে। পাছত তেওঁ দৈৱকীৰ গৰ্ভত নাৰায়ণক অৰ্পণ কৰিলে। ভগৱানক গৰ্ভত ধাৰণ কৰাৰ ফলত দৈৱকী তেজোময় দিব্যৰূপ ধাৰণ কৰিছিল। দৈৱকীৰ তেজ দেখি কংসই তেওঁৰ প্ৰাণবৈৰী ভগৱান তেওঁৰ উদৰত বাহ লৈছে বুলি, ভয় ভীত হল যদিও আত্মীয়তাবশতঃ দৈৱকীক বধ কৰাৰ পৰা বিৰত থাকিল। পিছে ভয়ত কংসৰ নিদ্রা নাইকিয়া হল আৰু বহোতে , শুওতে, খাওঁতে, চলোতে সদায়ে হৰিক শক্তভাৱে চিন্তা কৰি কংসই সমস্ত জগতকেই হৰিময় দেখিবলৈ ধৰিলে। ( Religious Studies )


 ভগৱানৰ জন্মৰ সময় যেতিয়া উপস্থিত হল, তেতিয়া সমগ্র ব্ৰহ্মাণ্ড, সত্বগুণ, সৌন্দর্য আৰু শান্তিৰে পৰিপূৰ্ণ হৈছিল। পৰম মংগলময় ৰোহিনী নক্ষত্র তেতিয়া আকাশে উদিত হৈছিল, সুৰভি শীতল বায়ু বলিছিল, দশোদিশ প্ৰসন্ন হৈছিল, মধূকৰে পুষ্পিত বনত গুঞ্জৰিছিল, নদ নদী পংকজেৰে জাতিষ্কাৰ হৈছিল, সজ্জনৰ মন স্বস্হ হৈছিল, আকাশত সিদ্ধমুনিগণে স্তুতি কৰিছিল, বিদ্যাধৰে গীত গাইছিল, অপেস্বৰাই নাচিছিল, দেৱতাসকলে পুষ্প বৃষ্টি কৰিছিল, আকাশত মেঘে সমুদ্ৰৰ দৰে মৃদু গৰ্জন কৰি আছিল। 

হেন সময়ত অভিজিৎ মূহুৰ্ত্তত অন্ধকাৰচন্ন মধ্যৰাত্ৰিত নাৰায়ণে দৈৱকীৰ গৰ্ভৰপৰা জনম লৈছিল। 


নাৰায়ণে চতুভূৰ্জ ৰূপ ধাৰণ কৰি শংখ, চক্ৰ, গদা, পদ্ম হাতত লৈ, আৰু কৌস্তুভ শ্ৰী বৎস, পীতবস্ত্ৰ আদি দিব্য বেশভূষাৰে সুসজ্জিত হৈ নিজৰ স্বৰূপত আৰ্ৱিভাৱ হৈছিল 

বসুদেৱ আৰু দৈৱকীয়ে এই অদ্ভুত বালকক নাৰায়ণ বুলি চিনি পাই কৃতাঞ্জলি পুটে অশেষ স্তুতি কৰিছিল।


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages