মহাদেৱৰ আশীষ লাভৰ বাবে আজিয়ে জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 29, 2021

মহাদেৱৰ আশীষ লাভৰ বাবে আজিয়ে জানি লওক : Religious Studies

Religious Studies

শাওন মাহ হিন্দু শাস্ত্ৰত অতি প্ৰবিত্ৰ মাহ। শাওন মাহ মহাদেৱৰ অতিকৈ প্ৰিয় মাহ। ( Religious Studies )

শাওন মাহৰ পৃথিৱীৰ সকলো শিৱ ভক্তৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মাহ। আমি জীৱনত আগুৱাই যাবলৈ হলে ভগৱানৰ কৃপা লাগে। যিসকলে ভগৱান শিৱৰ ভক্ত,তেওঁলোকে মহাদেৱৰ কৃপা প্ৰাপ্তিৰ বাবে বিভিন্ন নীতি নিয়ম কৰে। মহাদেৱৰ ভক্ত সকলে জনাটো প্ৰয়োজন যে, মহাদেৱৰ ৯ বিধ অতিকৈ প্ৰিয় বস্তু আছে। 

এই ৯ বিধ সামগ্রীৰ ভিতৰত কোনোবা এবিধ বা তাতোতকৈ বেছি আনিব লাগে।কিন্তু ৯ বিধৰ ৯ বিধেই আনিব নেলাগে। নিজৰ সামৰ্থ অনুসৰি শাওন মাহত বা শাওন মাহৰ সোমবাৰে এই সামগ্ৰী আপুনি ঘৰলৈ আনি যদি প্ৰতিষ্ঠা কৰে, তেতিয়া আপুনি মহাদেৱৰ কৃপা লাভ কৰিব পাৰে। 


১/ শাওন মাহত আপোনালোকে আপোনালোকৰ ঘৰলৈ মহাদেৱৰ কৃপা লাভ কৰিবলৈ আনক, ৰুদ্ৰাক্ষ। মহাদেৱে ডিঙিত ৰুদ্ৰাক্ষ মালা পৰিধান কৰে। হাতত আৰু ডিঙিত মহাদেৱে ৰুদ্ৰাক্ষ মালা পিন্ধে। ৰুদ্ৰাক্ষ হৈছে শক্তিৰ প্ৰতীক। সুখ সমৃদ্ধিৰ প্ৰতীক হৈছে ৰুদ্ৰাক্ষ। এটা ৰুদ্ৰাক্ষ আনিব পাৰে। সেয়া পূজা ঘৰত ৰাখিব পাৰে। ৰুদ্ৰাক্ষ এডাল মালা আনিব পাৰে। সৰু সৰু ৰুদ্ৰাক্ষ মালা আনিলে, আমাৰ কামত আহে। বিশেষকৈ যেতিয়া ৰুদ্ৰাক্ষ মালাত ১০৮টা মণি থাকে,যেতিয়া ৰুদ্ৰাক্ষ মালা অনা হয়, তেতিয়া ঔম নমাহ শিৱায় মন্ত্ৰ জাপ কৰিব লাগে। এয়া নিজৰ বাবে অত্যন্ত শুভ। 


২/ত্ৰিশূল, আপুনি যদি শাওন মাহত ঘৰলৈ এডাল ত্ৰিশূল আনে, তেতিয়া সেই ত্ৰিশূল যিকোনো ধাতুৰ হব পাৰে। পিটলৰো হব পাৰে, কাঁহৰো হব পাৰে বা লোহাৰৰো হব পাৰে। ত্ৰিশূল আনিলে, বেছি ডাঙৰ হব নালাগে। সামান্য। সৰু, আপোনাৰ পূজা ঘৰত ৰাখিব পাৰে। ত্ৰিশূল দাল গংগাজলেৰে ধূৱাই ত্ৰিশূলত চন্দন লগাব লাগে। কাৰণ ত্ৰিশূল হৈছে শক্তিৰ প্ৰতীক। আপোনাৰ সকলো বেয়া শক্তিক পৰাজিত কৰি, আপোনাক জয়ী কৰাব পৰাৰ শক্তি সামৰ্থ থকা বস্তু হৈছে ত্ৰিশূল। 


৩/আপোনালোকে শাওন মাহত এটা সৰু ৰূপৰ নন্দী আনি প্ৰতিষ্ঠা কৰিব পাৰে। ৰূপৰ হলে আটাইতকৈ বেছি সুফল পোৱা যায়।


৪/শাওণ মাহত ঘৰলৈ বগা চন্দন আনক। বগা চন্দন হৈছে শিৱৰ অতিকৈ প্ৰিয়। মহাদেৱক কেতিয়াও ৰঙা ফুল নিদিয়ে। কুমকুম আদি নিদিয়ে। প্ৰকৃততে এয়া দেৱীপূজাত ব্যৱহাৰ হয়। শিৱ লিংগ বা ফটোত আমি বগা চন্দন লগাও। গতিকে সাধ্য অনুসাৰে শাওন মাহত ঘৰলৈ বগা চন্দন আনক। ( Religious Studies )


৫/গংগাজল, সকলোৱে জানে, গংগা জল আমাৰ হিন্দু শাস্ত্ৰত অত্যন্ত প্ৰবিত্ৰ। গংগাজল আনিবলে আপোনালোক গংগা নদীলৈ যোৱাৰ প্ৰয়োজন নাই। পূজা সামগ্রীৰ দোকানতে সহজ সাধ্য বাবে গংগাজল পাব। 


৬/শাওণ মাহত ঘৰলৈ এটা তামৰ পাত্র আনক। সৰু এটা তামৰ পাত্ৰ। তাৰ দ্বাৰা শিৱ লিংগত পানী দিব পাৰিব। তামৰ পাত্ৰ দ্বাৰা কেতিয়াও গাখীৰ দিয়া নহয়। কেৱল পানী হে দিয়া হয়। 


৭/শাওণ মাহত ঘৰলৈ আনিব পাৰে এটা ডম্বৰু। সকলোৱে জানে, মহাদেৱৰ ত্ৰিশূলৰ লগত ডম্বৰু থাকে। ঘৰত ধূপ চাকি দিয়া সময়ত ডম্বৰু এক মিনিট সময় বজাব পাৰে। ডম্বৰুৰ ধ্বনি কিন্তু খুবে প্ৰয়োজন। কোৱা হয়, ডম্বৰুৰ ধ্বনিত ঘৰত যিমান বিপৰীত শক্তি থাকে, যদি কিবা বেয়া বস্তুৰ বাসস্থান থাকে, আৰু যদি বেয়া শক্তি সক্ৰিয় হৈ থাকে, তেতিয়া ডম্বৰুৰ ধ্বনিত সেই বেয়া শক্তি নিষ্ক্রিয় হৈ যায়। 


৮/আপুনি যদি শিৱ ভক্ত হয়, শাওন মাহটি মানে, তেন্তে এই শাওন মাহত আপুনি আপোনাৰ ঘৰলৈ আনক এটা শিৱ লিংগ। যদি আপোনাৰ ঘৰত শিৱ লিংগ আগৰেপৰা আছে, তেন্তে দুটা শিৱ লিংগ কেতিয়াও নাৰাখিব। যদি শিৱ লিংগ নাই, তেতিয়া হে ঘৰলৈ আনিব। পাৰাৰ শিৱ লিংগ আটাইতকৈ উত্তম। নহলে যিটো শিলৰ শিৱ লিংগ,বা প্ৰাকৃতিক শিৱ লিংগ, সেয়া শিৱ লিংগ আনক। আৰু যিটো শিৱ লিংগ আনিব, সেয়া যাতে হাতৰ বুঢ়া আঙুলিতকৈ ওখ নহয়। বুঢ়া আঙুলিতকৈ ওখ শিৱ লিংগ ঘৰত স্হাপন নকৰে। শিৱ লিংগ মাজত শিৱ শক্তি বিৰাজমান থাকে।। 


৯/শাওণ মাহত এটা ধতুৰা পুলি আনি ঘৰত ৰোপন কৰক।। ধতুৰা গছ মহাদেৱৰ অত্যন্ত প্ৰিয় গছ। আৰু ধতুৰা ফুল শিৱৰ অত্যন্ত প্ৰিয় ফুল। ধতুৰা দুবিধ আছে। বগা আৰু বেঙুনীয়া। বগাটো বেছিকৈ ভাল। মহাদেৱৰ পূজাত দুয়োবিধকে দিয়া হয়। কিন্তু বেছিকে বগা ধতুৰাৰ ফুল দিয়া হয়। কাৰণ শিৱ আৰাধনাত বগা ফুল ব্যৱহাৰ কৰা হয়। বগা ৰং মহাদেৱৰ প্ৰিয় ৰং।

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages