পবিত্ৰ শাওণ মাহত কি কি খাব নালাগে আৰু কিয় নালাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 30, 2021

পবিত্ৰ শাওণ মাহত কি কি খাব নালাগে আৰু কিয় নালাগে : Religious Studies

Religious Studies

শিৱ পুৰাণ মতে, শাওণ মাহটি হল, শিৱ ভক্তৰ বাবে, অতিকৈ গুৰুত্বপূৰ্ণ মাহ। এই শাওণ মাহত, প্ৰকৃতিৰ বহুতো পৰিৱৰ্তন ঘটে।যাৰ প্ৰভাৱ জীৱ কুলৰ ওপৰত পৰে। সেয়ে ইয়াৰ ফলত এনে কিছুমান খাদ্য গ্ৰহণ কৰাটো বিষ তুল্য হৈ পৰে। শিৱ পুৰাণতো ইয়াৰ উল্লেখ পোৱা যায়। ( Religious Studies )


প্ৰথমতে, 'শাক' , এই শাওণ মাহত শাক পাত খোৱাটো একেবাৰে অনুচিত। কাৰণ এই শাওণ মাহত শাক পাতত বহুটো বেক্টেৰিয়া থাকে। আৰু ই আমাৰ শৰীৰটো অসুস্থ কৰি তুলিব পাৰে। শাস্ত্র অনুসাৰে মহাদেৱক আৰাধনা কৰাৰ সময়ত।একান্ত মনে তেওঁৰ আৰাধনা কৰা উচিত। 

গতিকে শাওণ মাহত বা সোমবাৰত শাক পাত খোৱাটো অনুচিত। কিয়নো এই খাদ্য খালে আমাৰ পিত্তৰ সমস্যা হব পাৰে। আৰু যিয়ে আমাৰ মনৰ স্থৰতা ভংগ কৰি শিৱৰ আৰাধনাত ব্যাঘাত জন্মাব পাৰে।। 


দ্বিতীয়তে,সোমবাৰে ব্ৰত ৰাখিলে গোটেই দিনটি লঘোনে থাকি পালন কৰা হয়। গোটেই দিন উপবাসে থাকি শিৱ লিংগত জল ধালি যদি আপুনি নিমখ যুক্ত খাদ্য খায়, তেতিয়া আপোনাৰ বমি হোৱাৰ সম্ভাৱনা হব পাৰে। গতিকে সোমবাৰৰ ব্ৰতৰ সময়ত নিমখ গ্ৰহণ নকৰাটোৱে মংগল। ( Religious Studies )


তৃতীয়তে,সোমবাৰৰ ব্ৰতত বা পূজাৰ সময়ত গাখীৰে তৈয়াৰী কোনো বস্তু গ্ৰহণ নকৰিব। কাৰণ শাস্ত্র মতে দুগ্ধ জাতীয় খাদ্য খোৱাৰ মাত্ৰেই আমাৰ শৰীৰত কিছু পৰিৱৰ্তন হোৱাৰ আৰম্ভ হয়।আৰু যাৰ ফল স্বৰূপে মন অস্থিৰ হয়। দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰাত বাধা সৃষ্টি কৰিব পাৰে। সেইবাবে মহাদেৱক আৰাধনা কৰাৰ সময়ত গাখীৰ জাতীয় খাদ্য খোৱাৰেপৰা বিৰত থাকক। কিন্তু কেচা গাখীৰ শিৱ লিংগত অৰ্পণ কৰিলে মহাদেৱ বহু সুখী হয়। 


চতুৰ্থতে,বিশ্বাস কৰা হয় যে, এই শাওণ মাহত আমাৰ দেহৰ হজম আৰু ৰুগ প্ৰতিৰোধ ক্ষমতা কমি যায়। গতিকে শাস্ত্র অনুসৰি এই শাওণ মাহত নিৰামিষ আহাৰ গ্রহণ কৰা উচিত। যদি মচলা জাতীয় খাদ্য খোৱা হয়, তেন্তে ই আমাৰ শৰীৰত বহুতো সমস্যা সৃষ্টি কৰিব পাৰে।। 


পঞ্চমতে, শাওণ মাহত বেঙেনা খোৱাটো উচিত নহয়। কাৰণ এই শাওণ মাহত বেঙেনাত বহুতো পোক হয়। সেইবাবে শাওণ মাহত বেঙেনা খোৱাৰ পৰা বিৰত থাকক।

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages