সোমবাৰৰ ব্ৰতত এই কেইবিধ খাদ্য ভুলটো নাখাব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 26, 2021

সোমবাৰৰ ব্ৰতত এই কেইবিধ খাদ্য ভুলটো নাখাব : Religious Studies

Religious Studies

আমাৰ সপ্তাহটোৰ প্ৰত্যেক দিনেই একো একোজন ভগৱানৰ নামত সমৰ্পিত, আৰু প্ৰত্যেক জন ভগৱানৰ ব্ৰতৰ নিয়মৰ কিছু সাল সলনি আছে। ( Religious Studies )

ভগৱান শিৱৰ ব্ৰতত কি খাব পায়, কি খাব নেপায়, তাৰে কথাৰে আজিৰ এই লেখা আপোনালোকলৈ আগ বঢ়ালো।

Religious Studies

নিমখ

ভগৱান শিৱৰ ব্ৰততে নহয়, কোনো ব্ৰততে নিমখ আমি যি আমি দৈনন্দিন ব্যৱহাৰ কৰোঁ, সেয়া নিমখ খাব নোঁৱাৰি। আমি দৈনন্দিন ৰন্ধা কামত ব্যৱহাৰ কৰা নিমখ ব্ৰতত খালে, সেই ব্ৰত ফলবৰ্তি নহয়। 

ব্ৰতত খোৱা এবিধ নিমখ পোৱা হয়। সেয়া হৈছে সান্ধ্য নিমখ। সেইবিধ নিমখ আমি ব্ৰতত খাব পাৰো। 


ফলমূল

আমি যিকোনো ধৰণৰ ফলমূল ব্ৰতত খাব পাৰো।লগতে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। লগতে ফলমূল পানী খায় ব্ৰত ধাৰণ কৰিব পাৰিলে বহুতেই ভাল কিন্তু অকল ফলমূল আমাৰ শৰীৰৰ বিভিন্ন অসুস্থতাৰ বাবে অসম্ভৱ হৈ পৰে। গতিকে আমি ব্ৰতত খোৱা আহাৰো তেনেদৰে তৈয়াৰ কৰি লব পাৰো। 

প্ৰথম কথা হল, আমি যেতিয়া ব্ৰত পালন কৰো, তেতিয়া ব্ৰতত ঘনাই খাব নেলাগে। যদি ব্ৰতৰ দিনা ঘনাই খোৱা হয়, তেতিয়া সেই ব্ৰতে ফল নধৰে। সেইবাবে ব্ৰতত ঘনাই খাব নেলাগে আৰু যেতিয়াই ব্ৰত পালন কৰে মনৰ বিশ্বাসেৰে পালন কৰিব। তেতিয়া সেই দিনটোত ভোক কমেই লাগে। তথাপিও আমি খাব লাগিব, নোখোৱাকৈ থাকিব নোঁৱাৰো। আপোনালোকে যেতিয়া ৰাতিপুৱা সময়ত ভগৱানক পূজা কৰি আহিলে, তাৰপিছত আপোনালোকে লাল চাহ, গ্ৰীণ ত্ৰী খাব পাৰে। বা ফলমূল খাব পাৰে। দুপৰীয়া গুৰু আহাৰ খাব পাৰে। কিন্তু দিনটোত গুৰু আহাৰ এবাৰহে গ্ৰহণ কৰিব পাৰি। আবেলি তেনেকৈ ফলমূল বা ফলৰ ৰস খাব। কিন্তু কথা হল, আমি গুৰু আহাৰ কি খাম!( Religious Studies 


 গুৰু আহাৰ খাবলৈ আমি যিহেতু অন্ন খাব নোৱাঁৰো! গতিকে আমি গুৰু আহাৰ হিচাপে কি খাম! প্ৰথমে আমি গুৰু আহাৰ হিচাপে শুকান ৰুটি খাব পাৰো। দ্বিতীয়তে ঘী আৰু বাটাৰ দি পৰাঠা বনাই খাব পাৰো। তাৰলগত আমি আলু সিদ্ধ কৰি ঘি বাটাৰ কেৰাহিত দি অলপ জিৰা বা আজওৱাইন দি সেই সিদ্ধ আলু সান্ধ্য নিমখ দি ভাজি খাব পাৰো। তৃতীয়তে আমি গোটা চাগু খিচিৰি বনাই খাব পাৰো।। যিটো বাহিৰত চাবুদানা খিচিৰি কোৱা হয়।। ইয়াক বাহিৰত মহাদেৱৰ প্ৰসাদ হিচপেও ব্যৱহাৰ কৰা হয়। সেয়াও আমি খাব পাৰো। 


চাহ

মহাদেৱৰ ব্ৰতত গাখীৰ খোৱা নহয়, কিন্তু অন্য ব্ৰততো গাখীৰ বা গাখীৰ চাহ পৰিহাৰ কৰিব। কাৰণ ব্ৰতত থাকিলে গাখীৰ বা গাখীৰ চাহ খালে অপকাৰ কৰিব। সেইবাবে লাল চাহ ব্ৰতত খাব। ব্ৰতত আপোনালোকে যিটো পাত্রত আহাৰ ৰান্ধে, সেই পাত্রটো কেতিয়াও মাছ মাংস বনোৱা হব নেলাগে। সম্পূর্ণ ৰূপে মাছ মাংস নবনোৱা পাত্ৰত হে ব্ৰতৰ আহাৰ বনাব। আৰু ব্ৰতত থকা দিনকেইতাত কেতিয়াও বাহিৰৰ বস্তু নাখাব আৰু আনৰ ঘৰৰপৰা দিয়া বস্তু ও নাখাব। গতিকে আপোনালোক নিয়মত আছে। যদি আপোনালোকে ব্ৰতত থকা দিনকেইতাত বাহিৰলৈ যাব লগা হয়, তেতিয়া হলে ঘৰতে ব্ৰতৰ আহাৰ তৈয়াৰ কৰি লগত লৈ যাব। 


তেল

ব্ৰতত, মিঠাতেল বা ৰিফাইন তেল খাব নালাগে। যদি তেল খাব লগা হয়, তেতিয়া হলে বাদামৰ তেল খাব পাৰে। ব্ৰতত খাব নেলাগে মূলা। যদিও মূলা পাচলি। ব্ৰতত সকলো পাচলি খাব পাৰি। কিন্তু পিয়াঁজ নহৰুৰ দৰে মূলাও ব্ৰতত খাব নেলাগে। 


(কথাখিনি মমি বাৰ পৰা সংগ্ৰহিত)

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages