শাওণ মাহত এই কেইটা কাম ভুলটো নকৰিব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 22, 2021

শাওণ মাহত এই কেইটা কাম ভুলটো নকৰিব : Religious Studies

Religious Studies

শাওণ মাহত শিৱ পূজা কৰা হয়। শাওণ মাহ শিৱ বাবাৰ অতিকে প্ৰিয় মাহ। আমাৰ প্ৰত্যেকৰে শিৱ বাবাৰ আৰ্শীবাদ প্ৰৰ্যোজ্য। শিৱ হৈছে সৰ্ব শক্তিমান ( Religious Studies )। শিৱ বাবাক আদিযোগী বুলি কোৱা হয়। শিৱ সমান শক্তিমান আৰু আন কোনো নাই। শিৱক সন্তস্ত কৰিলে, আমাৰ বহুখিনি আমাৰ বহুখিনি কুশল মংগল হয়। 

Religious Studies

শাওণ মাহত কি কি কাম কৰিব লাগে কি কি নেলাগে জানি লও আহক.. 


১) শাওণ মাহত প্ৰতিদিনে, পুৱা সোনকালে উঠিব লাগে। শাওণ মাহত দেৰিলৈকে শোৱাতো শুভ নহয়। দিনটো যদি জয় কৰিবলৈ বিচাৰে, দিনটো যদি নিজৰ হাতৰ মুঠিত ৰাখিবলৈ হয়, দিনটো যদি আপুনি বিচৰা ধৰণে অতিবাহিত হয়, তেতিয়া হলে সদায়ে পুৱা সোনকালে উঠিব। আৰু শাওণ মাহত প্ৰত্যেক দিনাই সোনকালে উঠা প্ৰয়োজন। 


২) শাওণ মাহত চুলি ডাড়ি,নখ নাকাটিব।। 


৩) শাওণ মাহত সকলোৱে যিমান পাৰে শাক পাচলি কমকৈ খাব। কাৰণ শাওণ মাহত অত্যন্ত বৰষুণ হয়। ইয়াৰ ফলত  কীট পতংগ যথেষ্ট পোৱা যায়। সেইবাবে শাওণ মাহত কমকৈ শাক পাচলি কমকে খাব লাগে। 


৪) শাওণ মাহত যিমান পাৰে গাখীৰ পৰিহাৰ কৰি চলিব। অৰ্থাৎ যি চাৰিটা সোমবাৰে শিৱ লিংগত পঞ্চামিত ধালিব। এই চাৰিটা সোমবাৰে বিশেষ কৰি গাখীৰ নাখাব। অৰ্থাৎ আমি যি দিনা শিৱ লিংগত গাখীৰ ধালিব, সেইদিনা গাখীৰ খাব নালাগে। পাউদাৰ গাখীৰ বা, গৰু গাখীৰে হওক। 

আৰু শাওণ মাহত যেতিয়া গাখীৰ খোৱা হয়, সেয়ে অন্য সময়তকে অধিক উতলাই খাব। কাৰণ ঘাঁহ বনত অধিক পোক পতংগ হয় এই সময়ত। যাৰ ফলত যাৰফলত গৰুৱে সেই ঘাঁহ খায় গাখীৰ দিয়ে। ফলস্বৰূপে গাখীৰটো বীজাণু বা জীৱাণু অত্যাধিক পোৱা যায়। সেয়ে কোৱা হয়, শাওণ মাহত যিমান পাৰে গাখীৰ পৰিহাৰ কৰি চলিব লাগে। আৰু গাখীৰ খালেও অন্য দিনতকে বেছি উতলাই খাব লাগে। ( Religious Studies )


৫) শাওণ মাহত পৰাপক্ষত সকলোৱে মাছ মাংস, পৰিহাৰ কৰি চলিব। ই আপোনাৰ বাবে অত্যন্ত শুভ। মানিব পাৰিলে নিজৰ বাবে ভাল। সম্পূর্ণ মাহটো মানিব নোৱাৰিলেও ৪টা সোমবাৰ মাছ মাংস নাখাব আৰু নোচোব। 


৬) শাওণ মাহত পুৰুষ মহিলা উভয়ে শাৰীৰিক সম্পর্ক নকৰিব। 


৭) শাওণ মাহত আপোনালোকে যিমান পাৰে ৰং চঙীয়া, কাপোৰ পিন্ধাৰপৰা বিৰত থাকক। কলা, ৰঙা, নীলা, এই ৰং শাওণ মাহত যিমান পাৰে কমকৈ পিন্ধিব। আৰু যিমান বগা ৰংৰ কাপোৰ পিন্ধিব। বগা ৰং শিৱ বাবাৰ বিশেষ ভাৱে প্ৰিয়। এই শাওণ মাহত অন্য সময়ছোৱাতকে বগা ৰংৰ কাপোৰ পিন্ধিলে আপোনাৰ পক্ষে ভাল। 


৮) শাওণ মাহত শিৱ পূজা কৰা,সময়ত শিৱ লিংগত গাখীৰ ধলা সময়ত, তেতিয়া তামৰ পাত্রত যাতে গাখীৰ নাধালিব। পানী ধালিব পাৰিব। গাখীৰ তামৰ পাত্রত লৈ ধলা মানে, সম্পূর্ণ বিষ হোৱাৰ দৰে হয়। 


৯) শাওণ মাহত হাই কাজিয়া কণ্ডল নকৰিব। আপুনি শাওণ মাহতো সম্পূর্ণ ভাৱে শিৱ বাবাক উৰ্চগা কৰিব। আপুনি যিমান পাৰে শাওণ মাহতো শিৱ বাবাৰ বাবে ত্যাগ কৰক। শিৱ বাবাক সন্তস্ত কৰিবলৈ যদি, আপুনি হাই কাজিয়া কণ্ডল কৰে, তেতিয়া আপোনাৰ সমস্ত ত্যাগ অথলে যাব। যিমান পাৰে কথাবিলাক এৰি দিব। কথা ধৰি নাথাকিব। কাজিয়া যোৱাৰ পৰ্যায়লৈ নাযাব। যদি কণ্ডল হৈছে, সেই স্হান ত্যাগ কৰিব। 


১০) শাওণ মাহত ঘৰৰ ভিতৰত কোনো গছ গছনি নাকাটিব। শাওণ মাহত প্ৰত্যেকজনে এজোপা গছ পুলি ৰোপণ কৰক। শাওণ মাহত গছ পুলি ৰুলে অত্যন্ত বৃদ্ধি ভাল হয়।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages