ভগৱান শিৱ আৰু দক্ষ ৰজাৰ কাহিনী : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 21, 2021

ভগৱান শিৱ আৰু দক্ষ ৰজাৰ কাহিনী : Religious Studies

Religious Studies

জীৱ সৃষ্টিৰ কাৰণে ব্ৰহ্মাই দহজন মানস পুত্রৰ জন্ম দিছিল। সেইসকল হল - মৰীচি, অত্ৰি, অংগিৰা, পুলহ, পুলস্ত্য, ক্ৰতু, বশিষ্ঠ, দক্ষ, আৰু নাৰদ। জীৱ সৃষ্টিৰ দায়িত্বত থকা বাবে এওঁলোকক প্ৰজাপতি বুলিছিল। ( Religious Studies )

Religious Studies

এসময়ত ব্ৰহ্মাক লগত লৈ, এই প্ৰজাপতিসকলে ব্ৰহ্মসত্ৰ নামৰ যজ্ঞ কৰিলে। সেই যজ্ঞ চাবলৈ, দেৱ, মুনি, বিদ্যাধৰ, গন্ধৰ্ব, কিন্নৰ আদি দেৱলোকৰ বাসিন্দাসকল আহিছিল। যজ্ঞ চলি থকা সময়ত যেতিয়া দক্ষ প্ৰজাপতি যজ্ঞশালত উপস্থিত হৈছিল তেতিয়া পুৰোহিত প্ৰমুখ্যে সভাসদগনে আসনৰ পৰা একেলগে উঠি কৰজোৰে সন্মান প্ৰদৰ্শন কৰিছিল। 


কিন্তু কেৱল দুজন ব্যক্তিয়ে আসনৰ পৰা উঠা নাছিল। এজন দক্ষৰ পিতা ব্ৰহ্মা আৰু আনজন মহাদেৱ। দক্ষই পিতা ব্ৰহ্মাৰ ওচৰলৈ গৈ তেওঁক নমষ্কাৰ কৰিলে আৰু ব্ৰহ্মাৰ অনুমতিক্ৰমে আসনত বহিল। কিন্তু মহাদেৱে আসনৰ পৰা উঠি তেওঁক সন্মান প্রদর্শন নকৰা দেখি তেওঁ অপমানিত বোধ কৰিলে। ক্ৰোধত তেওঁৰ চকু পিতলৰ দৰে ৰঙা হৈছিল আৰু অহংকাৰে তেওঁক ছানি ধৰিছিল। ক্ৰোধ আৰু অহংকাৰত মতলীয়া হয় তেওঁ, শিৱক, দুৰাচাৰী, অহংকাৰী, অপবিত্র, অমংগলীয় আদি আখ্যাৰে নিন্দা কৰি হাতত পানী এচলু লৈ মহাদেৱক এইবুলি শাপ দিলে যে, দেৱতো অধম স্বভাৱৰ দুৰ্জন শিৱই, ইন্দ্ৰ,চন্দ্র, বৰুন, অগ্নি,উপেন্দ্র আদিয়ে পোৱাৰ দৰে কেতিয়াও যজ্ঞৰ ভাগ নেপাব। এইদৰে শাপ দি ক্ৰোধেৰে দক্ষই যজ্ঞশাল ত্যাগ কৰিলে। 


মহাদেৱক এইদৰে ব্যৱহাৰ কৰা দেখি তেওঁৰ মুখ্য পাৰিষদ নন্দী অত্যন্ত ক্ৰোধিত হল। ক্ৰোধৰ বশবৰ্তী হৈ তেওঁ দক্ষ আৰু যজ্ঞত উপস্থিত ব্ৰাহ্মণ সকলক, যিসকলে দক্ষই মহাদেৱক নিন্দা কৰোতে নীৰৱে আছিল তেওঁলোক সকলোকে অভিশাপ দিলে। প্ৰথমে দক্ষক অভিশাপ দিলে যে, ব্ৰহ্মজ্ঞানৰপৰা তেওঁ বঞ্চিত হব আৰু, ইন্দ্ৰজনিত সুখৰ অভিলাষ চাৰিতাৰ্থ কৰিবলৈ বেদৰ কৰ্মকাণ্ডতে লিপ্ত হব। তেওঁৰ বুদ্ধি ভ্ৰষ্ট হব। আৰু দেহক আত্মা বুলি মানি পশুসদৃশ জীৱন যাপন কৰিব। দ্বিতীয়তে দক্ষই ছাগলীৰ দৰে আচৰণ কৰিছে, কিয়নো ছাগলীয়ে একো বিচাৰ নকৰি যজ্ঞৰ হৰ্বিভাগত মুখ দিয়াৰ দৰে একো বিচাৰ নকৰি তেওঁ মহাদেৱক নিন্দা কৰিছে, গতিকে দক্ষৰ মুখ অচিৰেই ছাগলীৰ ৰূপলৈ ৰূপান্তৰিত হব। ( Religious Studies )


ব্ৰাহ্মণ সকলক এই বুলি অভিশাপ দিলে যে, ইয়াৰ পাছত সিহঁতে জন্ম মৃত্যুৰ চক্ৰত অবিৰাম আবৰ্ত্তিত হব। নিজৰ প্ৰকৃত আত্মস্বৰূপ পাহৰি তেওঁলোকৰ মন ব্ৰহ্মৰ পৰা আঁতৰি যাব। সাংসাৰিক কামনা বাসনা পূৰণ কৰা কামতে তেওঁলোক ব্যস্ত থাকিব। তেওঁলোক বৈদিক কামত ইমানেই লিপ্ত হব যে, তেওঁলোকে তপ পাহৰি যাব আৰু ভিক্ষা কৰি অন্ন যোগাৰ কৰিব লাগিব। 


নন্দীয়ে দক্ষ আৰু ব্ৰাহ্মণ সকলক শাপ দিয়া দেখি ভৃগুঋষিৰ সহ্য নহল। ক্ৰোধত অপমান হৈ ভৃগুৱে মহাদেৱৰ অনুচৰসকলক ওলোটাকৈ অভিশাপ দিলে যে, শিৱৰ ব্ৰত যিসকলে আচৰে বা শিৱৰ ব্ৰতধাৰীসকলক যিবোৰে আদৰ কৰে, তেওঁলোক পাষন্দ হব। তেওঁলোক শাস্ত্রবিহিত কৰ্ম নকৰি শাস্ত্র  নিষিদ্ধ কৰ্মত লিপ্ত হব। বেদমাৰ্গ এৰি পাষন্দ মাৰ্গ গ্ৰহণ কৰিব। শিৱ পূজাবৰ্তীসকলে জটা, ভষ্ম, আৰ অস্হি ধাৰণ কৰিব। আৰু মদ মাংস অশুদ্ধ আহাৰ গ্ৰহণ কৰিব।। 


নন্দী আৰু ভৃগুৰ শাপ শুনি শিৱ বিমৰ্ষ হৈছিল। কাৰণ এই দুজনাৰ শাপে সকলো লোককে চুব। তথাপিটো শিৱই কলে যে যিয়ে ভগৱান কৃষ্ণক ভজন কৰে, কৃষ্ণৰ প্ৰসাদত তেওঁ এই শাপৰ পৰা ৰক্ষা পাব। এইবুলি কয় শিৱই যজ্ঞশাল ত্যাগ কৰি বেদময় বৃষভত উঠি নন্দীসমে কৈলাস লৈ গুচি যায়। যজ্ঞ পাছে চলিয়েই থাকিল। মুঠতে এহেজাৰ বছৰ এই যজ্ঞ চলিছিল। যজ্ঞৰ উদ্দেশ্য আছিল ঈশ্বৰ কৃষ্ণক ভজন কৰা। গতিকে যজ্ঞৰ ফল ঋষিসকলে কৃষ্ণতেই অৰ্পণ কৰিছিল। যজ্ঞৰ সমাপ্তিৰ পাছত ঋষিসকলে গংগা আৰু যমুনাৰ সংগমস্হলত অবভৃথ স্নান কৰি নিজ নিজ ধামলৈ প্ৰত্যাবৰ্তন কৰিছিল।।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages