স্বৰ্গৰ গংগাক মৰ্ত্যলৈ নমাই আনাৰ ৰহস্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 20, 2021

স্বৰ্গৰ গংগাক মৰ্ত্যলৈ নমাই আনাৰ ৰহস্য : Religious Studies

Religious Studies

ঈক্ষাকু বংশৰ ৰজা সগৰ অপুত্ৰক হোৱাত সন্তান কামনা কৰি এশ বছৰ হিমালয়ত তপস্যাত বহে । তেওঁৰ দুগৰাকী ভাৰ্যা আছিল ( Religious Studies )। সগৰৰ তপস্যাত সন্তুষ্ট হৈ ভৃগু মুনিয়ে এগৰাকীৰ এটা আৰু আনগৰাকীৰ ষাঠি হেজাৰ সন্তান হ'ব বুলি বৰ দিয়ে । ইমান সন্তান লাভ কৰি ৰজা বৰ আনন্দিত হৈ পৰে । পুত্ৰ সকল ডাঙৰ হোৱাত সগৰ ৰজাই " অশ্বমেধ যঞ্জ " ৰ  আয়োজন কৰে । যঞ্জত বাধা দিয়াৰ উদ্দেশ্বেৰে ইন্দ্ৰই ঘোৰাঁটো চুৰি কৰি কপিল মুনিৰ আশ্ৰমত লুকুৱাই ৰাখে ।


 ইফালে ঘোৰা বিচাৰি নাপাই ৰজাৰ হাহাকাৰ লাগে । তেতিয়া সগৰৰ ষাঠি হাজাৰ পুতেকে ঘোৰাঁটো কপিল মুনিৰ আশ্ৰমত বিচাৰি পালে আৰু মুনিয়ে চুৰি কৰি ঘোৰাটোঁ বান্ধি থোৱা বুলি আক্ৰমন চলালে । মুনিৰ ধ্যান ভংগ কৰা বাবে তেওঁৰ চকুৰ অগ্নিত ষাঠি হেজাৰ পুত্ৰ পুৰি ছাঁই হৈ গ'ল । সকলো কথা গম পাই ৰজা সগৰে কপিল মুনিক মৃত পুত্ৰ সকলক জীয়াই দিবলৈ প্ৰাৰ্থণা কৰে । তেতিয়া কপিল মুনিয়ে সৰগৰ গংগাক মৰ্তলৈ নপাই সেই পানীৰে গা ধুলেহে পুত্ৰ সকলে মুক্তি পাব বুলি ক'লে ।( Religious Studies )


 সগৰৰ উত্তৰ পুৰুষ কোশল ৰজা ভগীৰথে ব্ৰহ্মাক পাবলৈ হিমালয়ত এহেজাৰ বছৰ তপস্যা কৰিলে । ব্ৰহ্মা সন্তুষ্ট হৈ ভগীৰথক কি বৰ লাগে সোধাত তেওঁ স্বৰ্গৰ গংগাক মৰ্তলৈ নমাই আনিবলৈ অনুৰোধ জনালে । ব্ৰহ্মাই ভগীৰথক শিৱক প্ৰাৰ্থনা কৰিবলৈ ক'লে কাৰণ গংগা যেতিয়া নামি আহিব তেতিয়া পানীৰ প্ৰবল সোঁতক একমাত্ৰ শিৱইহে ধাৰণ কৰিব পাৰিব ।


ভগীৰথে শিৱক সন্তুষ্ট কৰিলে । শিৱই গংগাক নিজৰ জটাত ধাৰণ কৰি লাহে লাহে পৃথিৱীলৈ বোৱাঁই আনিলে । মা গংগাৰ পানীৰ স্পৰ্ষত সগৰ ৰজাৰ ষাঠি হাজাৰ পুতেকে মুক্তি লাভ কৰি স্বৰ্গলৈ গমন কৰে । ভগীৰথৰ আহ্বানত গংগা নদী পৃথিৱীত প্ৰবাহিত হোৱা বাবে গংগাক ভাগীৰথী নামেৰে জনা যায় ।(সংগ্ৰহিত)

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages