পৱিত্ৰ শাওন মাহৰ
বিশেষ গুৰুত্ব থকা বুলি, শিৱ পুৰাণত বিশদ ভাৱে বৰ্ণিত আছে। এই মাহ হিন্দু ধৰ্মত অত্যন্ত পৱিত্ৰ মাহ বুলি বিশ্বাস কৰা হয়। কিয়নো এই মাহত শিৱ পূজা কৰা হয় আৰু এই শাওন মাহ শিৱৰ অতি প্ৰিয় মাহ। ( Religious Studies )
আপোনালোকে সকলোৱে জানে শিৱ সৰ্ৱশক্তিমান
আৰু শিৱক আদিযোগী বুলি কোৱা হয়।
সেয়ে এই মাহত কিছু কৰ্ম কৰিলে শিৱ সন্তষ্ট হব আৰু কিছু কাম কৰিলে ৰুষ্ট হব।
সেয়ে যদি আপুনি শিৱভক্ত হয় আৰু শাওন মাহত শিৱব্ৰত ৰাখিব খোজে, তেনে তলৰ কথাবোৰ মন কৰিব।
ঘৰত যদি এনে কিছুমান বস্তু আছে, তেন্তে শাওন মাহৰ আগতে দূৰ কৰি দিয়ক।
১) ঘৰত যদি এলান্দু আৰু মকৰা জাল আছে, সেইবোৰ দূৰ কৰক।
২/যদিহে ঘৰত ভঙা চিঙা আইনা
আছে, দূৰ কৰি দিয়ক।
ভঙা চিঙা আইনা, ঘৰত ৰাখিলে ঘৰলৈ দূৰ্ভাগ্য নামি আহিবলৈ। ই দৰিদ্ৰতাৰ লক্ষণ।
৩/ঘৰত ফটা চিঙা, পেলনীয়া বস্তু
আদি থাকিলে দূৰ কৰক, নহলে, মা লক্ষ্মীৰ লগত সকলো দেৱী দেৱতা ৰুষ্ট হৈ পৰিব।
৪/শাওন মাহৰ আগতেই ঘৰৰ চাৰিওফালে
থকা আৰ্ৱজনা পৰিষ্কাৰ কৰি ৰাখক, কিয়নো কদৰ্যমই আৰু লেতেৰা পৰিৱেশ দেখিলে আপোনাৰ ঘৰলৈ কেতিয়াও ভগৱান শিৱই প্ৰৱেশ নকৰে। ফলত ঘৰখন দৰিদ্ৰতাৰে ভৰি থাকিব। ( Religious Studies )
শাওন মাহত এই কাম ভুলটো নকৰিব।
১) এই মাহত সাপ কেতিয়াও নিধন নকৰিব।
সাপ হৈছে ভগৱান শিৱ বাবাৰ অৰ্থাৎ মহাদেৱৰ গলৰমণি। শাওন বুলিয়েই নহয়, সাপক কেতিয়াও মাৰিব নালাগে। সাপ মাৰিলে অমংগল নিশ্চিত।
২/এই মাহত আপোনাৰ পুখুৰীত থকা মাছক খাদ্য নিদিয়াকৈ নাথাকিব। কাৰণ এই মাহত মাছক খাদ্য দিয়াটো অতি মংগলজনক।ৎ
৩) আমিষভুজি সকলে এই মাহত মাছ মাংস খোৱাৰ পৰা বিৰত থাকক। এনে কৰিলে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব।
৪/এই মাহত বেঙেনা ভক্ষণ কৰিব নালাগে।
এনেবোৰ কৰিলে, মহাদেৱ আপোনাৰ ওপৰত ৰুষ্ট হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ অপায় অমংগল আহিব।
৫/এই মাহত আনৰ সৈতে হাই কাজিয়া নকৰিব। এনেবোৰ কৰিলে আপোনাৰ ওপৰত মহাদেৱ ৰুষ্ট হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ অপাই অমংগল আহিব।
শাওন মাহত দেখা সপোন কেনেকৈ উলিয়াই।
এই মাহত যদি পাঁচ ধৰণৰ সপোন দেখা পায়, তেন্তে আপোনাৰ জীৱনলৈ বহুত ভাল দিন আহিব।
যদিহে এই মাহত শিৱলিংগ দেখিছে, তেন্তে জানিব আপুনি বৰ ভাগ্যৱান। কিয়নো মহাদেৱৰ শুভ দৃষ্টি পৰা বাবেহে এয়া সম্ভৱ হৈছে।
আৰু এনে সপোন দেখা লগে লগে, এটি সোমবাৰে শিৱ লিংগক পূজা অৰ্পণ কৰিব।
২/যদি এই মাহত সাপৰ সপোন দেখিছে, তেন্তে ই বৰ মংগলজনক। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক সুখ বাঢ়িব আৰু আৰ্থিক নাটনি দূৰ হব।
৩/এই মাহত যদি গংগা নদীৰ পানীৰ সোঁতৰ সপোন বা গংগাৰ ধাৰ দেখিছে, তেন্তে ই ধনী হোৱাৰ সংকেত।
৪/যদিহে ভেকুলী মাতা
সপোন বা পানীত মাছ দৌৰি ফুৰা দেখে, তেন্তে
মানুহ অত্যন্ত ভাগ্যশালী সুচায়।
৫/যদি এই মাহত কোনো পৱিত্ৰ ধৰ্মীয় ঠাইল যোৱা বা কোনো দেৱ দেৱীৰ মূৰ্তি সপোন দেখা পায়, তেতিয়া জানিব আপুনি বিশেষ সফলতাৰ দিশে আগবাঢ়িছে।। (কথাখিনি সংগ্ৰহিত)
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment