পবিত্ৰ শাওঁণ মাহৰ তত্ব জানি লওঁ আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 16, 2021

পবিত্ৰ শাওঁণ মাহৰ তত্ব জানি লওঁ আহক : Religious Studies

Religious Studies

অসমীয়া কেলেণ্ডাৰ হিচাপত অহা দেওবাৰৰ পৰা শাওঁন মাহ আৰম্ভ হব  ।। এই মাহটোক হিন্দু ধৰ্মত পবিত্ৰ মাহ বুলি কোৱা হয় আৰু এই মাহত ধৰ্মৰ কাম কৰিলে পূণ্য দুগুণ হয় বুলি কোৱা হয় । Religious Studies )

এই মাহঁতেই মহাদেৱৰ ভক্তসকলে ৰাতিপুৱা সূৰ্য উঠাৰ আগতেই পূণ্য অর্জনৰ অৰ্থে বোল বোম  যাত্ৰা কৰে । 

সনাতন ধৰ্মৰ প্ৰতিটো ৰীতি নীতিৰ লগত কিছুমান বিজ্ঞান জড়িত হৈ আছে । 

আহক আজি আমি শাওঁণ মাহত ধৰ্মৰ কাম কৰিলে পূণ্য কিয়  দুগুণ হয় জানি লওঁ ।। 


এই মাহটো হল প্ৰকৃতিৰ প্রজননৰ সময় । এই মাহত প্ৰকৃতিৰ বংশ বৃদ্ধি হয় । 

আমি খেতি বাৰী বেছিভাগ এই সময়তে কৰো । 


প্ৰকৃতিৰ বংশ বৃদ্ধি কৰাৰ  বাবে শাওঁণ মাহত পৃথিৱীয়ে কিছুমান ৰাসায়নীক দ্ৰব্য ওপৰলৈ লৈ আহে । যিবোৰ ৰাসায়নীক দ্ৰব্যই খেতি ভাল হোৱাত সহায় কৰে । 


ৰসাতল বা পাতাল লোকৰ পৰা জোক , সাপ,  কেঁচু আৰু বিভিন্ন ধৰণৰ তেনেকুৱা প্ৰাণী ওপৰলৈ উঠি আহে । 

আমি জানো যে যিখন পথাৰত জোক , সাপ , কেঁচু আদি বেছি হয় , সেইখন পথাৰত খেতি বেছি হয় । 


সাপ, কেঁচু আদিয়ে যি মল ত্যাগ কৰে , সেইবোৰে সাৰৰ দৰে কাম কৰি খেতি ভাল হোৱাত সহায় কৰে ।


এইবোৰ এই সময়ত খেতিৰ লগতে ঘাঁহ বন আদিতো আহে । 

যাৰ বাবে ঘাঁহ বন আদি দুষিত হয় । 

আমাৰ পোহনীয়া গৰুৱে সেই ঘাঁহ জীয়াই থাকিবৰ বাবে খাব লগা হয় । যাৰ বাবে গৰুৰ গাখীৰো শাওণ মাহত দূষিত হোৱা বুলি কোৱা হয় । 


লগে লগে পুখুৰীৰ পানী , কুঁৱাৰ পানী আদিতো বিয়পি পৰে । 

সেইবাবে বাৰিষাৰ দিনত আমি কুঁৱা বা পুখুৰীৰ পানীত ৰাতিপুৱা এটা পাতল চামনি দেখিব পাওঁ ।Religious Studies )


ভোলেনাথ বা মহাদেৱক আমি বিষহৰি বুলিও কওঁ । যি সমস্ত ব্ৰহ্মাণ্ডৰ বিষাক্ত বস্তু সমূহ বশ কৰি ৰাখে । যেনে ভাং , ধটোৰা , গাজা আদি । 


সেইবাবে মহাদেৱৰ ওপৰত আস্থা ৰখা মানুহখিনিয়ে  ৰাতিপুৱা মানুহ উঠাৰ আগতেই গৰুৰ গাখীৰ উলিয়াই লৈ আৰু পুখুৰীৰ , কুঁৱাৰ পানী আদি লৈ গৈ ভোলেনাথক অৰ্পণ কৰে । যাতে সেইখিনি মানুহৰ পেটলৈ নাযায় । 

কাৰণ মানুহ উঠি সেই পানী , সেই গাখীৰ আদি খালে বিষক্ৰিয়া হব পাৰে । 

সেইবাবেই ভোলেনাথক গাখীৰ আৰু পানী ঢালি পূজা কৰা হয় । আৰু এই পূজা কেৱল শাৱণ মাহঁতহে কৰিলে ভাল । গোটেই বছৰ কৰিলে কোনো লাভ নহয় । 

বৰঞ্চ গাখীৰৰ অপচয় হয় বুলি মই ভাবো । 


এই মাহত প্ৰকৃতিয়ে শাক জাতীয় বস্তু আমাৰ পৰিবেশৰ পৰা সমূলি নোহোৱা কৰি দিয়ে । যিহেতু সেইবোৰ খালে বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে।  

সেইবাবেই এই মাহত  লাও , জিকা , ভোল , পটল , লেচেৰী আদি ওপৰত হোৱা শস্যবোৰ হয় । 


(উপৰোক্ত কথাখিনি শিৱ পুৰাণ আৰু পৌৰাণিক গ্ৰন্থৰ পৰা সংগ্ৰহ কৰি লিখা হৈছে । গতিকে সকলোকে বিনম্ৰ অনুৰোধ থাকিল যে আপোনালোকে যেন কথাখিনি মোৰ নিজস্ব মত বুলি লৈ বিতৰ্ক নকৰে । )


Religious Studies

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages