ধৰ্মীয় উপাসনাৰ অন্যতম নাম-কীৰ্ত্তনৰ প্ৰায়োগিক উপযোগিতা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 11, 2021

ধৰ্মীয় উপাসনাৰ অন্যতম নাম-কীৰ্ত্তনৰ প্ৰায়োগিক উপযোগিতা : Religious Studies

 

Religious Studies

"পৰম্পৰাগত অসমীয়া সমাজৰ ধৰ্মীয় উপাসনাৰ অন্যতম নাম-কীৰ্ত্তনৰ প্ৰায়োগিক উপযোগিতা।"( Religious Studies )

★★★★★★★★★★★★★★★★★

"যিটো মন্দমতি অধম নৰে।

হৰিৰো মহা-অপৰাধ কৰে।।

নামত শৰণ লৱে বাৰেক।

নামে হৰে তাৰ সৱে পাতেক।।"-কীৰ্ত্তন-ঘোষা (দ্বিতীয় খণ্ড "নাম-অপৰাধ পদ-১০)


"নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি-পুৰি

ধৰ্ম্মময় তনু ভৈ গৈল হৰি-ভতক।

হৰিৰ কৰুণা ভৈলা তাক উচ্চ কৰি দিয়া হৰি-ডাক

পৰম সন্তোষে নাচে আতি আনন্দত।।"-নাম-ঘোষা (নাম-মহিমা-৬৫৪)

           মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱ সৃষ্ট নামধৰ্ম পৰম্পৰাগত  অসমীয়া সমাজৰ ধৰ্মীয় উপাসনাৰ এক অন্যতম মাধ্যম। নাম-কীৰ্ত্তনৰ মাধ্যমেৰে একদৈৱিক উপাসনাৰ জৰিয়তে অসমীয়া সমাজ-জীৱনে সুখ-শান্তি আৰু অভীষ্টসিদ্ধিৰ হেতু নেদেখাজনৰ চৰণত প্ৰাৰ্থনা জনায়। 

           

Religious Studies

নামধৰ্মৰ আধ্যাত্মিক মহত্ত্ব ন-কৈ কোৱাৰ প্ৰয়োজন নাই আৰু সেই ধৃষ্টতাও আমি কৰিব নোৱাৰো। 

সেয়ে উক্ত আধ্যাত্মিকতাৰ তত্ত্ব এপিনে ৰাখি আমাৰ দৃষ্টিত নাম-কীৰ্ত্তনৰ নিম্নোক্ত উপকাৰিতা লক্ষিত হয়-

(ক) শাৰীৰিক দিশ:- নাম-কীৰ্ত্তনৰ হেতু বজোৱা হাত চাপৰি আৰু আনুষংগিক বাদ্যৰ ফলত ভকতসকলৰ শৰীৰত দ্ৰুত ৰক্ত সঞ্চালন হয়, যাৰ ফলত হাতৰপৰা আৰম্ভ কৰি হৃদক্ৰিয়া সুষম হয়। ৰেচনক্ৰিয়া সমাপন কৰি ভালকৈ গা-পা ধুইহে নাম-কীৰ্ত্তন কৰা হয়, যাৰ ফলত আভ্যন্তৰীণ দেহযন্ত্ৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া সুস্থ আৰু সৱল হয় আৰু নানান দেহবিকাৰৰ পৰা আঁতৰি থাকিব পাৰি কাৰণ দুৰ্বল পৰিপাক প্ৰণালী দেহবিকাৰৰ এক মুখ্য কাৰক বুলি আয়ুৰ্বেদশাস্ত্ৰী আৰু যোগশাস্ত্ৰীবিলাকে একেমুখে স্বীকাৰ কৰে। নাম-কীৰ্ত্তনৰ সামৰণিত গ্ৰহণ কৰা বুট-মগুৰ লগতে আনুষংগিক ফল-মূলৰ সেৱনে পৰিপাক-ক্ৰিয়া সুষম কৰাৰ লগতে দেহত পুষ্টি সাধন কৰে।( Religious Studies )


(খ) মানসিক দিশ:- গীত-বাদ্যৰ মাধ্যমত নাম-কীৰ্ত্তন কৰাৰ ফলত ভকতসকলৰ মনত জাগে এক অফুৰন্ত আধ্যাত্মিক ঊৰ্জা, যিয়ে মনৰ শোক-সন্তাপ পাহৰাই গভীৰ প্ৰাৰ্থনাৰ যোগে মানসিক শক্তি প্ৰদান কৰে, আত্মবিশ্বাস জন্মায়।


(গ) সামাজিক দিশ:- সমজুৱাকৈ সত্ৰ-গোসাঁইঘৰত নাম-কীৰ্ত্তন কৰাৰ ফলত পৰিবেশ-চুবুৰীয়াৰ লগতে সমাজৰ মানুহবোৰৰ মাজত মৰম, একতা আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল শকত হয়। অনাড়ম্বৰ হিচাপে পতা নাম-কীৰ্ত্তনত সহজে উপলব্ধ উপকৰণকেই প্ৰসাদ হিচাপে উপস্থাপন কৰিব পৰাৰ ফলত উচ্চ-নীচ, ধনী-দুখীয়া আৰু ধৰ্ম নিৰ্বিশেষে সকলোৱে ভাগ ল'ব পাৰে আৰু সামাজিক সমতা নিয়ন্ত্ৰিত হয়। পৰম্পৰাগত সাঁজ-পাৰ পৰিধানেৰে নাম-কীৰ্ত্তনৰ নিয়ম থকা হেতু সামাজিক পৰম্পৰা/ মৰ্য্যাদা ৰক্ষিত হয়। বাৰ্ষিক পালনামৰ যোগেদি আধ্যাত্মিক প্ৰফুল্লতা আৰু সামাজিক একাত্মবোধ জাগ্ৰত হয়। নাম-কীৰ্ত্তনৰ মাধ্যমেৰেই পৰম্পৰাগত জ্ঞান-সভ্যতাৰাজি পুৰুষানুক্ৰমে সঞ্চৰণশীল হৈ আছে।


(ঘ) সাংস্কৃতিক দিশ:- নাম-কীৰ্ত্তনৰ মাধ্যমেৰে আন্ত:সাস্কৃতিক সংমিশ্ৰণ আৰু বিকাশো সম্ভৱপৰ হৈছে আৰু লগতে পৰম্পৰাগত নৃত্য-গীতৰ অনুশীলন আৰু ৰক্ষণাবেক্ষণ হৈ আছে।

             শেষত, ড৹ নিৰুপমা মহন্তৰ "শ্ৰীমন্ত শঙ্কৰদেৱ আৰু নামধৰ্ম" নামৰ প্ৰৱন্ধ এটিৰ কিয়দংশ উদ্ধৃতিৰে সামৰিছো-"কেৱল ধৰ্ম সাধনৰ ক্ষেত্ৰতে নহয় শঙ্কৰদেৱৰ নামধৰ্ম জীৱনৰ লগত সম্পৰ্কিত। পূৱা বিছনাৰ পৰা উঠাৰে পৰা খাওঁতে-শোঁওতে, ফুৰোতে আনকি শৌচাচাৰ, স্নানাদি কাৰ্যও ভগৱান নামলৈ সম্পন্ন কৰাৰ বিধান শঙ্কৰদেৱৰ নাম ধৰ্মত আছে।....শ্ৰীমন্ত শঙ্কৰদেৱৰ নামধৰ্মৰ মহত্ত্ব এয়ে যে এই ধৰ্মই সাহিত্য, সঙ্গীত, নৃত্য-অভিনয় আদি সুকুমাৰ কলাসমূহৰ সাধনা মাধ্যমেৰে জীৱন ব্যৱহাৰিকভাৱে সুন্দৰ কৰি তোলাৰ লগতে বৌদ্ধিক সাধনাৰে জগতৰ ৰহস্যময় অন্তিম বিন্দুৰফালে অগ্ৰসৰ হোৱাৰ পথ দেখুৱায়।"( Religious Studies )

Religious Studies

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages