একাদশ ৰুদ্ৰৰ নাম ল'লেই পোৱা যায় সুফল : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 5, 2021

একাদশ ৰুদ্ৰৰ নাম ল'লেই পোৱা যায় সুফল : Religious Studies

Religious Studies

বিশ্বৰ অধিপতি ভগৱান মহেশ্বৰক  বিভিন্ন ৰূপত আৰাধনা কৰা হয়। শিৱ ভগৱানৰ ৰুদ্ৰ ৰূপত আৰাধনাৰে সকলো বাধা দূৰ কৰি জীৱনলৈ সুখ আনিব পৰা যায়।   ভগৱান শিৱক ৰুদ্ৰ হিচাপে  এঘাৰটা ৰূপত পোৱা যায়।  ৰুদ্ৰ এজনেই কিন্তু জগতৰ কল্যানৰ বাবে এঘাৰটা ৰূপত অৱতাৰ হয়।  ( Religious Studies )


আদি গ্ৰন্থ বেদত ভগৱান শিৱক ভিন ভিন নামেৰেই নামাকৰণ কৰা হৈছে কিন্তু এই সকলো বিলাকৰ ভিতৰত ৰুদ্ৰ নামটোৱে  সৰ্বশ্ৰেষ্ঠ বুলি ধৰা হয়।  শিৱ ভগৱানক ' रुद्र: परमेश्वर:' ( ৰুদ্ৰ পৰমেশ্বৰ), 'जगत्स्रष्टारुद्र:’(জগত্স্ৰষ্টা ৰুদ্ৰ) আদি নামেৰে পৰমাত্মা বুলি অভিহিত কৰিছে।


যজুৰ্বেদ ৰ ৰুদ্ৰাধ্যায় ভগৱান ৰুদ্ৰকেই সমৰ্পিত।  উপনিষদত ভগৱান ৰুদ্ৰক বিশ্বৰ অধিপতি মহেশ্বৰ বুলি কৈছে।  


জীৱনৰ দূখ নাশ কৰিবলৈ যাওঁতে  সংহাৰ বা বিপদৰ সময়ত ক্ৰুৰ ৰূপ ধাৰণ কৰি শত্ৰুক কন্দুওৱা বাবে ৰুদ্ৰ নামৰে অভিহিত হল । শিৱ পুৰাণৰ আধাতকৈ অধিক ভাগ ' ৰুদ্ৰ সংহিতা ',  ' শতৰুদ্ৰ সংহিতা ' আৰু ' কৌটি ৰুদ্ৰ সংহিতা ' আদি নামেৰে ভগৱান ৰুদ্ৰৰ মহিমা কবলৈ যাওতে এটাই কথা কৈছে-- এই সংহিতা সমূহ পাঠ কৰিলে শত্ৰু ভয় দূৰ হয়।


শিৱ পুৰাণত  কৈছে--


एकादशैते रुद्रास्तु सुरभीतनया: स्मृता: ।

देवकार्यार्थमुत्पन्नाश्शिवरूपास्सुखास्पदम् ।।


অৰ্থাৎ--

এই একাদশ ৰুদ্ৰ সুৰভীৰ পুত্ৰ বুলি কোৱা হয় । এয়া সুখৰ নিবাস স্থান আৰু দেৱতাৰ কামৰ সিদ্ধিৰ বাবে শিৱ ৰূপৰ পৰা উৎপন্ন হোৱা। 


আজিও ভগৱান শিৱ স্বৰূপ এই একাদশ ৰুদ্ৰ দেৱতাৰ ৰক্ষাৰ বাবে স্বৰ্গত বিৰাজমান আছে আৰু ঈশাণপুৰীত নিবাস কৰে। এওঁলোকৰ কোটিৰো অধিক অনুচৰ তিনি লোকৰ দশোদিশত আছে।( Religious Studies )


শিৱ পুৰাণৰ এঘাৰ ৰুদ্ৰৰ নাম --


কপালী, পিঙ্গল, ভীম, বিৰুপাক্ষ, বিলোহিত, শাস্তা, অজপাদ, অহিৰ্বুন্ধ্য , শম্ভু , চণ্ড আৰু ভৱ ।


শ্ৰীমদ্ভাগৱতত একাদশ ৰুদ্ৰৰ নাম--


মন্যু, মনু , মহিনস, মহান্ , শিৱ , ঋতধ্বজ,  উগ্ৰৰেতা, ভৱ , কাল , বামদেৱ , আৰু ধৃতব্ৰত ।


শৈৱাগমৰ মতে একাদশ ৰুদ্ৰ হৈছে--


শম্ভু, পিনাকী,  গিৰীশ , স্থাণু,  ভৰ্গ,  সদাশিৱ,  শিৱ, হৰ,  শৰ্ৱ,  কপালী আৰু ভৱ।  


এই এঘাৰ ৰুদ্ৰৰ নাম একাগ্ৰতাৰে পঢ়িলে মহান ফল প্ৰাপ্তি হয় বুলি শিৱ পুৰাণত আছে।  এই ৰুদ্ৰৰ 

নাম পাঠ কৰিলে ধন আৰু যশ প্ৰাপ্তি হয়, মানুহৰ আয়ুস বৃদ্ধি কৰে,  সকলো মনোকামনা পুৰা কৰে , পাপ নাশ  কৰে , সকলো সুখ দিয়ে আৰু শেষত মুক্তি পায়।

#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্ 

জুলা শৰ্মা 

নতুন দিল্লী

Religious Studies

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages