জেদী পত্নীৰ আশা পূৰণ কৰিবলৈ স্বামীয়ে লব নি অসৎ পন্থা ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 9, 2021

জেদী পত্নীৰ আশা পূৰণ কৰিবলৈ স্বামীয়ে লব নি অসৎ পন্থা ? Assamese Storyboard

 

Assamese Storyboard

বিশাল যেতিয়া ভাগৰুৱা দেহাৰে আজি ঘৰলৈ আহিল, তেতিয়া সি দেখা পালে, ঘৰখন একেবাৰে অন্ধকাৰ হৈ আছে। তাৰ পত্নী কৰৱীক সি কতো দেখা পোৱা নাছিল। বিশাল যেতিয়া নিজৰ কোঠালৈ গল আৰু কোঠাৰ লাইট অন কৰিলে, তেতিয়া দেখা পালে কৰৱীয়ে বিচনাত বাগৰ দি আছে।( Assamese Storyboard )

বিশালে, লাহে কৰি মিঠা মাতেৰে কলে, কি হৈছে …আজি মোৰ জান, গোটেই ঘৰত অন্ধকাৰ কৰি ৰাখিছা যে! কৰৱীয়ে একো নকলে। কেৱল মনে মনে বিচনাত পৰি থাকিল। বিশালে ভাৱিবলৈ ধৰিলে, এনে কি কথা, কৰৱীয়ে একো উত্তৰ নিদিলে যে! বিশালে কৰৱীৰ মূৰত হাত বুলাই মাত দিলে, কৰৱী, কৰৱী!

Assamese Storyboard

কৰৱী: নুচুবা মোক। আৰু মোক নামাতিবা। আৰু মোৰ লগত কথাও নাপাতিবা। মোক শুৱলৈ দিয়া। মই জানিছো তুমি কেৱল ভালপোৱাৰ অভিনয় কৰা! তুমি মোক অলপমানো ভাল নোপোৱা। এনে কয়ে কৰৱীয়ে কান্দিবলৈ ধৰলে।

বিশালে কলে, ঠিক আছে বাৰু কৰৱী, তুমি এয়া কি দৰে কব পাৰিবা যে, মই তোমাক ভাল নাপাওঁ বুলি!

কৰৱীয়ে খংতে কলে, কব লগীয়া আৰু কি আছে! মই ইমান বুজি নোপোৱা নহয়টোন। মই সকলো বুজিপাওঁ। আজি মই লেডিজ ক্লাৱলৈ গৈছিলো। তাত সকলো মহিলায়ে নিজৰ নিজৰ স্বামীৰ প্ৰসংশা কৰিছিল। সকলো মহিলায়ে কৈছিল যে, তেওঁলোকৰ স্বামীয়ে তাহাঁতক কিমান ভাল পায়। আৰু এয়া কৈয়ো কৰৱীয়ে কান্দিৱলৈ ধৰিলে।


বিশাল বহুত চিন্তিত হৈ পৰিল। সি বুজি পোৱা নাছিল যে, লেডিজ ক্লাৱৰ লগত স্বামীৰ মৰমৰ কি সম্বন্ধ আছে! তেতিয়া কৰৱীয়ে কান্দি কাতি কলে, ববিৰ স্বামীয়ে তাইক ইমান ভালপাই যে, প্ৰতি মাহে ববিক কিবা নহয় কিবা উপহাৰ দিয়ে। যোৱামাহতে ববিক সোণৰ নেকলেচ আনি দিছে। আৰু প্ৰতি মাহতে, তাইৰ পচন্দৰ মতে বজাৰো কৰোৱায়। আৰু তাই নিজৰ স্বামী লগত বহুত সুখী। মিতালীয়ে কৈছিল, তাইৰ স্বামীয়ে তাইক প্ৰতি মাহতে এবাৰলৈ হোটেলত খোৱাবলৈ লৈ যায়। বাহিৰলৈ ফুৰাবলৈ লৈ যায় আৰু চিনেমা দেখুৱালে।

ইয়াৰ আগলৈ আৰু  কৰৱীয়ে কিবা কোৱাৰ আগতে বিশালে তাইক বাধা দি কলে, হব হব আৰু বন্ধ কৰা। ইয়াৰ ওপৰলৈও কিবা অলপ ভাৱিবা। সদায়ে একেতা কাহিনীকে শুনাই থাকা।

অ, অ এই সকলো বোৰ কথা পৰা তুমি অশান্তি পাবাই! তুমি কি জানা, মই কিদৰে মোৰ অন্তৰত শিল এটুকুৰা থৈ মুখ খনি লুকুৱাই মনে মনে আছিলো। তুমিটো মোক কোনোদিন একো দিয়াই নাই! তেনে স্হলত মই কি কম! আৰু তাৰেপাছত কৰৱীয়ে ডাঙৰ ডাঙৰ কে কান্দিবলৈ ধৰিলে।

 বিশালে কলে, কি কৰৱী, সচাঁকৈ তোমাৰ মূৰটো পগলা হল। তুমি মৰম ভালপোৱাৰ তুলনা, সোণ ৰূপৰ লগত কৰিছা। 

কৰৱীয়ে খং কৰিয়ে কলে, মিতালী আৰু ববিৰ স্বামীয়ে তোমাতকৈ বহু কম উপাৰ্জন কৰে। কিন্তু, তথাপিটো নিজৰ পৰিয়াল কিমান ভালদৰে ৰাখিছে। আৰু এজন তুমি! তোমাৰটো এই সকলোবোৰ কথাৰ লগত একোটো সম্পর্কই নাই? প্ৰতিগৰাকী মহিলাৰ দৰে মোৰো মনৰ ইচ্ছা থাকে।  মোৰ স্বামীয়েও যেন মোক ভাল ভাল উপহাৰ দিয়ে, আৰু মোক ফুৰাবলৈ লৈ যায়। কিন্তু তুমি মোৰ সকলো সপোনকে ভাঙি পেলালা।

কৰৱী, চোৱা, মই জানো তেওঁলোকে নিজৰ পত্নীক কিদৰে উপহাৰ দিয়ে। কিন্তু মই সেই বাটেৰে যাব নিবিচাৰো।কৰৱী, তুমি এয়া ভাৱিলা নে,মই যি উপাৰ্জন কৰো, তাৰেপৰা ঘৰৰ ভাড়া দিয়া, কাম কৰা লোকক পইচা দি, আৰু নিজৰ ওপৰত খৰচ কৰি, কত কিমান পইচা থাকেগৈ! আৰু যি বাকী থাকেগৈ, তাৰেপৰা প্ৰতি মাহে দামী দামী উপহাৰ অনাটো অসম্ভৱ হৈ পৰে। কৰৱী, আমি ভৱিষ্যতলৈ চাই নিজৰ খোজ আগবঢ়োৱাটো উচিত। লোকৰ কথা শুনি নহয়।


কৰৱীয়ে কলে, মই একো নাজানো। যি প্ৰকাৰে হলেও মোক হিৰাৰ চেট এটা লাগিবই! 

বিশালে কলে, নহব, এনে কেতিয়াও হব নোঁৱাৰে। মই সচাঁৰ বাটত আগবাঢ়ি যাওঁ। মই ভুল পথ পচন্দ নকৰোঁ। ঘোচ লোৱাটো, ভুল বুলি মানো। যদি তেওঁলোকে ভুল পথেৰে পইচা উপাৰ্জন কৰে, কৰিবলৈ দিয়া। কিন্তু মই মোৰ পথৰ পৰা আঁতৰি নাযাও। 

কৰৱীয়ে কলে, তেতিয়া হলে তুমিও শুনি লোৱা, মই যেতিয়া লৈকে হীৰাৰ চেট নাপাও, তেতিয়া লৈকে মই আহাৰ গ্ৰহণ নকৰোঁ। আৰু এনে কৈয়ে কৰৱীয়ে আন এটা কোঠালৈ গুচি গল। আৰু ভিতৰৰ ফালৰপৰা কোঠাটোৰ দুৱাৰ বন্ধ কৰি ললে। সেইদিনা ৰাতি কৰৱীয়েও আহাৰ গ্ৰহণ নকৰিলে আৰু বিশালেও আহাৰ গ্ৰহণ নকৰিলে। বিশালে, ভাৱিবলৈ বাধ্য হল য, সিও বিচাৰিছিল তাৰ পত্নীও ভাল ভাল কাপোৰ পৰিধান কৰাটো, সোণ, ৰূপৰ অলংকাৰ পিন্ধাটো, কিন্তু বিশালে কি কৰিব পাৰিছিল। তাৰ চাকৰিৰ উপাৰ্জনে প্ৰয়োজনীয় খিনি পূৰ্ণ হৈছিল, কিন্তু বহু আশা আধৰুৱা হৈ ৰৈছিল। কিন্তু আজি কৰৱীৰ জেদৰ আগত সি বহুত অশান্ত হৈ পৰিছিল। কাৰণ বিশালে ভালদৰে বুজিছিল যে কৰৱীয়ে যি এটা কথাত জেদ ধৰে, সেইটোক পূৰ্ণ কৰিহে এৰে। আৰু এনেদৰে ভাৱোতে ভাৱোতে বিশালৰ কেতিয়া টুপনি আহিল সি গমকে নাপালে। পুৱা যেতিয়া বিশাল টুপনিৰ পৰা সাৰ পালে, তেতিয়া পুৱাৰ ১০বাজি গৈছিল। কিন্তু কৰৱীয়ে তাক পুৱাৰ চাহ জাচিলে নে! পুৱাৰ আহাৰ!( Assamese Storyboard )

বিশালে দুখী মনেৰে পাকঘৰলৈ গল আৰু কৰৱীক কলে, কৰৱী বেয়া পাই নাথাকিবা। ১০দিনৰ পাছতে আমাৰ বিবাহ বাৰ্ষিকী। সেইদিনাই মই তোমাক হীৰাৰ চেট আনি দিম। আৰু আমাৰ বিবাহ বাৰ্ষিকীৰ দিনা কাক কাক নিমন্ত্রণ দিবা, তাৰো এখন লিষ্ট তৈয়াৰ কৰিবা। এই কথা শুনি কৰৱী বহুত সুখী হল আৰু বিশালক সাৱটি ললে। বিশালে এই কথা ভাৱি চিন্তিত হৈ পৰিছিল যে, সি নিজৰ পত্নীৰ মন জয়ী কৰিবলৈ, তাইক হীৰাৰ চেট আনি দিব বুলিলে, কিন্তু সি নিজৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিব পাৰিবনে? লাহে লাহে সময় পাৰ হৈ গল। অৱশেষত বিবাহ বাৰ্ষিকীৰ দিনটো আহি পৰিল। কৰৱীয়ে সেইদিনা বহুত ধুনীয়াকে তৈয়াৰ হল। আৰু মনে মনে ভাৱি আছিল যে, এতিয়া তায়ো সকলোকে দেখুৱাব যে, তাইৰ স্বামীয়েও তাইক কিমান ভালপাই। লাহে লাহে এজন দুজন আলহীৰে ঘৰখন ভৰি পৰিল। সকলো ফালৰে পৰা শুভেচ্ছা জনোৱা হৈছিল। সেইফালে বিশালেও আলহীৰ আদৰ সাদৰ কৰাত ব্যস্ত হৈ পৰিছিল।


আৰু তাৰমাজতে বিশালে, কৰৱীক মাতিলে, শুনাচোন, তুমি এওঁক চিনি পোৱা নে! এজন ডাঙৰ বয়সৰ লোকৰ ফালে দেখুৱাই সুধিলে। এয়া হৈছে মিষ্টাৰ প্ৰকাশ জৈন। আমাৰ বচ। নমষ্কাৰ ছাৰ। কৰৱীয়ে হাঁহি মাৰি কলে। প্ৰাকাশ জৈনে কলে, বিশাল, বহুত ধুনীয়া পাৰ্টি আয়োজন কৰিলা। মিষ্টাৰ প্ৰকাশ জৈনে আহাৰ গ্ৰহণ কৰি কৰি, কৰৱীৰ লগত কথাও পাতি আছিল। কৰৱী তোমাৰ স্বামী,বিশাল ইমানে জ্ঞানী আৰু কষ্ট কৰা লোক যে, কবলৈ ভাষা নাই। বিশালেটো আমাৰ কোম্পানিৰ আয় বহুত বৃদ্ধি কৰি দিলে। ২০বছৰৰ ৰেকৰ্ডত এনে লাভ কেতিয়াও হোৱা নাছিল। মইটো পাৰিলে সহনশীলতাৰ বাবে, বিশালক পদ্মশ্রী বটাঁ প্ৰদান কৰি দিম। মিষ্টাৰ জৈনে নিজৰ কথা সম্পূর্ণ কৰাৰ আগতে সেই ঠাইলৈ বিশাল আহে। আৰু কথা সলনি হৈ পৰিল। কিন্তু তেতিয়া কৰৱীৰ কি হৈছিল জানো, তাইৰ মনটো ভাল নলগা হল। কিছু সময় আগলৈ যেতিয়া কৰৱী আনন্দত বলীয়া হৈ আছিল, কিন্তু পলকতে কৰৱী উদাশিন হৈ পৰিল। সকলো আলহীক বিদায় দি যেতিয়া কৰৱী নিজৰ কোঠালৈ আহিল, তেতিয়া দেখা পালে, বিশালে সন্মুখতে ৰৈ হাঁহি আছিল। বিশালে কলে, কোৱা মোৰ জান, পাৰ্টি কেনেকুৱা লাগিল! মই কৈছিলো নহয় বহুত ধুনীয়া পাৰ্টি আয়োজন কৰিম বুলি। এতিয়া কোৱা, এতিয়াটো তোমাৰ মনত কোনো সন্দেহ নাই ন! যে মই তোমাক ভাল নাপাওঁ বুলি। কৰৱীয়ে একো কব নোঁৱাৰিলে, কেৱল কান্দিবলৈ ধৰিলে। কৰৱী তোমাৰ কি হল! তুমি কান্দিছা কিয়! কৰৱীয়ে বিশালক সাৱটি ধৰি বেছিকৈ কান্দিবলৈ ধৰিলে। 

আৰু কলে, মোক নালাগে, এই হীৰাৰ চেট। মই উশাহ লব নোঁৱাৰা হৈছো। মোৰ সুখৰ বাবে তুমি ঘোচ ললা। তুমি জানানে, তুমি জানানে, তোমাৰ বচে তোমাক কিমান বিশ্বাস কৰে। যদি তেওঁ গম পাই, তুমি ঘোচ লৈছা বুলি, তেতিয়া তেওঁ কি ভাৱিব। বিশাল মইয়ে তোমাক ঘোচ লোৱাৰ পথলৈ আনিলো। মইয়েই তোমাক ভুল পথত যাবলৈ আগুৱাই আনিলো। 

কিন্তু কৰৱী, তোমাক এয়া কোনে কলে যে, পাৰ্টি মই ঘোচ লোৱা পইচাৰে আয়োজন কৰিলো। 

কৰৱীয়ে কলে, তুমিয়েটো কৈছিলো, যি উপাৰ্জন তুমি কৰা, সেই পইচাৰে ইমান খিনি কৰাটো সম্ভৱ নহয় বুলি। আৰু মোৰ বান্ধৱী ববিয়েও কৈছিল, যে তাইও একে এনে চেট দুই লাখ টকাত লৈছে। আৰু তাৰোপৰি  ইমান ধুনীয়া পাৰ্টি! এই সকলোবোৰ ঘোচ নোলোৱাকৈ অসম্ভৱ। 

বিশালে কলে, থাকিবলৈ দিয়া কৰৱী, পইচা কৰপৰা আহিল। তুমি জানি লৈ কি কৰিবা। তোমাক যি লাগে কৈছিলা, সেয়া দেখুন পালাই। কিন্তু কৰৱী জেদি আছিল। বাধ্যত পৰি অৱশেষত বিশালে কবলগীয়া হল, বিশালে কলে, কৰৱী মই মোৰ গাড়ীখন বিক্রি কৰি দিলো। আৰু সেয়া পইচাৰে তোমালৈ এই হীৰাৰ চেট আৰু আজিৰ পাৰ্টিৰ আয়োজন কৰিলো। 


কৰৱীয়ে কলে, বিশাল, তুমি মোৰ সুখৰ বাবে, নিজৰ সুখক ডিঙি চেপি দিলা। অলপ ভাৱাচোন, তুমি যেতিয়া, গাড়ী লৈ অফিচলৈ গৈছিলা, তেতিয়া তোমাৰ কিমান সন্মান আছিল। সকলোৱে তোমাক ছাৰ বুলিছিল। আৰু এতিয়া তুমি বাছেৰে অফিচলৈ গলে, আনে তোমাৰ বিষয়ে কি ভাৱিব! 

বিশালে কলে, কৰৱী, মই এয়া নাভাৱো যে, আনে আমাৰ বিষয়ে কি ভাৱিব, আমি দেখাক দেখি কাম কৰিবলৈ নালাগে। আৰু সময়ৰ লগতে আমিও সলনি হব লাগে। এই কথা শুনা পায় কৰৱীয়েও নিজৰ ভুলৰ অনুভৱ কৰিছিল। তাইটো আনৰ কথা শুনি আগবাঢ়িছিল। আজি কৰৱীয়ে বুজিলে, তাইৰ স্বামীয়ে তাইক কিমান ভালপাই। যত কৰৱীয়ে নিজৰ স্বামীৰ পৰিস্থিতিক নুবুজি, কেৱল এটা দুটাকে মুল্যৱান উপহাৰ বিচাৰিছিল। তাতে, বিশালে নিজৰ সুখলৈ নাচাই, নিজৰ পত্নীৰ সুখক পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছিল। 

সচাঁকে কিমান পাৰ্থক্য আছিল, কৰৱী আৰু বিশালৰ মাজত। কৰৱীয়ে বিশালক কলে, মোক এই হীৰাৰ চেট নালাগে আৰু মই কেতিয়াও মূল্যৱান বস্তু লাগে বুলি নকওঁ। আপুনি আনৰ দৃষ্টিত এজন কষ্ট কৰা, বিশ্বাস কৰিব পৰা লোক হয়। এয়াই মোৰ বাবে সকলোতকৈ ডাঙৰ সুখ। মই আৰু কেতিয়াও তোমাক মূল্যৱান বস্তু বিচাৰি তোমাক ভুল পথত যাবলে নকওঁ। এই কথা শুনি বিশাল বহু সুখী হল আৰু কৰৱীক সাৱটি ধৰিলে।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages