হাজাৰ কষ্ট কৰিও বোৱাৰীয়ে যেতিয়া শহুৰৰ ঘৰত আদৰ নাপাই : - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 13, 2021

হাজাৰ কষ্ট কৰিও বোৱাৰীয়ে যেতিয়া শহুৰৰ ঘৰত আদৰ নাপাই :


নিভাৰ বিয়া হোৱা ৫বছৰে হৈছিল। সকলো ঠিকে আছিল। সৰু বোৱাৰী হৈও নিভাই, ডাঙৰ বোৱাৰীৰ সকলো কৰ্তব্য পালন কৰিছিল ( Assamese Storyboard )। কাৰণ ডাঙৰ বোৱাৰীয়েক ঘৰখনলৈ আহিয়েই বেলেগ হৈ গৈছিল। নিভাৰ শাহু শহুৰক তেওঁলোকৰ প্ৰতিটো কামৰ বাবে নিভাৰে প্ৰয়োজন হৈছিল। তথাপিটো তেওঁলোকে তাইৰ বেয়াটো কবলৈ নেৰিছিল। আৰু সকলোতকৈ ডাঙৰ কথা এয়া যে, নিভাৰ বদনাম তেওঁলোকে নিভাৰ মাকৰ ঘৰৰ লোকৰ আগতে কৰিছিল। যিয়ে নিভাক সৰুৰেপৰা ভালদৰে জানিছিল। নহলে, নিভাৰ বান্ধৱীৰ আগত, নহলেবা নিভাৰ শহুৰৰ ঘৰৰ সম্বন্ধীয়ৰ আগত। 

প্ৰথম বাৰ যেতিয়া নিভাৰ বিয়াৰ পাছত তাইৰ বান্ধৱী আহিছিল, তেতিয়া শাহুমাকে নিভাৰ বান্ধৱীৰ আগতে তাইৰ বেয়া গুণ কবলৈ আৰম্ভ কৰিলে। যেতিয়া এই কথা নিভাই গম পালে, তেতিয়া তাই স্বামী জিতুক কলে, মাক কৈছিলোৱে যে, যি লোকে মোক ভালদৰে জানে, তেওঁলোকৰ আগত মোৰ বদনাম গায়, নিজকে তেওঁলোকৰ আগত হাঁহিঅতাৰ পাত্র নকৰে যেন। কিন্তু তেওঁ নুশুনিলে, ওলোটাই এয়া তেওঁৰ অভ্যাসলৈ পৰিণত হৈ গল। আৰু আজিকালি এটা কথা প্ৰায়ে কয়, নিভা, এই কামটো আগতে ভালদৰে কৰিছিলা, এতিয়া ভালদৰে নকৰা হলা। যাতে সেইটো যিয়ে কাম হওক। ( Assamese Storyboard )


কিছু দিনৰ পাছত নিভাৰ পেহীয়েক নিভাৰ শহুৰৰ ঘৰলৈ আহিল। সেইদিনা শাহুমাকৰ বান্ধৱীসকলৰ লগত সৰুকে এটা পাৰ্টি আছিল। শাহুমাকে নিভাৰ পেহীয়েককো লগত লৈ গল আৰু সকলোৰে আগত নিভাৰ বদনাম গাবলৈ আৰম্ভ কৰি দিলে। কবলৈ ধৰিলে, নিভাই সকলো কাম আগতে ভালদৰে কৰিছিলে, এতিয়া ভালদৰে নকৰা হল। না ভালদৰে আঞ্জা বনাই নে ভাত! নে ভালদৰে কাপোৰ পিন্ধে ! না ভালদৰে লৰা ছোৱালী কেইতাক চাই!


 নিভাৰ শাহুমাকে আৰু কিবা কোৱাৰ আগতে, নিভাৰ পেহীয়েকে কলে, হব পাৰে,নিভা শহুৰৰ ঘৰলৈ আহি বেয়া হৈ গল। কাৰণ তাই আমাৰ ঘৰৰ ডাঙৰ ছোৱালী হয়। আৰু ঘৰৰ বাহিৰৰ ভিতৰৰ সকলো কাম ভালদৰে কৰিছিল। আৰু সৰু পৰা লৈ ডাঙৰৰ লৈকে সকলোৰে ভালদৰে চোৱা চিতা কৰিছিল। আপোনাৰ ঘৰলৈ আহি তাই বেয়া হৈ পৰিল। এনে কৰিব, ১মাহ, দুমাহৰ বাবে নিভাক জোঁৱাই লগত আমাৰ ঘৰলৈ পথিয়াই দিব। আমি তাইক ঠিক কৰি পথিয়াম। এতিয়া শাহুমাকৰ মুখ খন চাবলগীয়া হৈছিল। শাহুমাকৰ আৰু কিবা কবলৈ শব্দ বিচাৰি পোৱা নাছিল। সেয়ে মই আহি আছো, মোক কোনোবাই মাতিছে বুলি কৈ শাহুমাক উঠি আঁতৰি আহিল। তাকে দেখা পায় নিভাৰ পেহীয়েকে কেৱল মিচিকিয়া হাঁহি মাৰিলে।।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages