চাকৰি সুত্ৰে পাপৰিহঁত পাহাৰীয়া জিলাখনলৈ বদলি হৈ আহিছে । চৰকাৰী আৱাস গৃহটোৰ অলপ মেৰামতি কাম চলি আছে কাৰনে আন এঠাইত পৰিত্যক্ত চৰকাৰী আৱাস গৃহ এটা থকাৰ উপযোগী কৰি পাপৰিহঁতক অলপ দিনৰ কাৰনে থাকিবলৈ দিয়া হ'ল । দুবছৰৰ ব্যৱধান দুটি সন্তান ৰিকি আৰু দিকু । ৰিকি ছয় বছৰীয়া আৰু দিকু চাৰি বছৰীয়া । প্ৰাকৃতিক মোহনীয়া পৰিবেশৰ মাজৰ এই আৱাস গৃহটো বেয়া লগা নাছিল যদিও পাপৰিয়ে অনুভৱ হৈছিল তাৰ নিৰ্জ্জনতাখিনি । জোখতকৈ যেন বেছি নিৰৱতাই আগুৰি আছিল ঘৰটো । স্বামী দিগন্তই কৈছিল -- কেইদিনমানহে , মেইন কোৱাটাৰটো কাম শেষ হলেই আমি যামগৈ ।( Assamese Storyboard )
পাপৰিয়েও পৰিবেশটোৰ লগত নিজকে মিলাই লৈছিল । দুটি সন্তান স্কুল আৰু স্বামী দিগন্তৰ কৰ্তব্যলৈ ওলাই যোৱাৰ পাছত বিশেষ কাম নাথাকে পাপৰিৰ । দুপৰীয়া সময়খিনি যেন বেছি নিজান হৈ পৰে । কিতাপ এখন পঢ়ি থাকোতে চিলমিলকৈ টোপনি আহিছিল পাপৰিৰ ..হঠাতে বিছনাখন লৰি উঠাত পাপৰিৰ চকু মেলি চাই আচৰিত হৈ গল। সমুখত এজনী বিশ বাইশ বছৰীয়া ছোৱালী বিচনাখনত বহি পাপৰিলৈ ৰঙা ৰঙা চকু দুটিৰে খঙত চাই আছে । পাপৰিয়ে ভয়ে ভয়ে সুধিলে -- কোন তুমি ?? মোৰ ৰুমলৈ এনেকৈ সোমাই আহিছা কিয় ?? পাপৰিৰ প্ৰশ্নত ছোৱালীজনীয়ে ক'লে -- এইটো মোৰ কোঠা । ইয়াত মই থাকো । তইহে মোৰ কোঠাত অনাধিকাৰ প্ৰবেশ কৰিছ । সোনকালে ইয়াৰ পৰা গুছি যা তহঁত । কৈয়ে ফোঁ ফোৱাই ওলাই গল ছোৱালীজনী । পাপাৰি মাথো থৰ লাগিল ।
গধুলি দিগন্তৰ আগত দুপৰীয়া ঘটনা বিৱৰি ক'লে । দিগন্তইও ভাবিবলৈ বাধ্য হ'ল কোন ছোৱালী হ'ব পাৰে ?? পাছদিনা অনুসন্ধান কৰিও একো উলিয়াব নোৱাৰিলে দিগন্তই । ভয় আৰু অনিশ্চয়তাৰে দুদিনমান পাৰ হ'ল পাপৰিৰ । এদিন গধুলি মাছ ভাজি আছে পাপৰিয়ে ।তেনেকুৱাতে এচাটি হিম শীতল বতাহে যেন চুই গ'ল পাপৰিক । পাপৰিয়ে দেখিবলৈ পালে তেতিয়াই ভেণ্টিলেটৰেদি এখন দীঘল হাত সোমাই আহিছে লাহে লাহে মাছ ভজা কেৰাহীখনৰ ফালে ..পাপৰিয়ে চিঞৰ মাৰি অচেতন হৈ পৰি গ'ল ।
অলৌকিক কাণ্ড কিছুমান ঘৰখনত ঘটি থাকিবলৈ ললে । কেতিয়াবা দুভাগ ৰাতি কোনোবাই যেন কথা পাতে । কেতিয়াবা উচুপি উচুপি কান্দি থকা শুনে ।
পাপৰিৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিবলৈ ললে । দিগন্তইও মেইন চৰকাৰী আৱাস গৃহটো কাম সোনকালে শেষ কৰিবলৈ অৰ্দাৰ দিলে । পাপৰিৰ অকলশৰীয়া সময়খিনিত পাপৰিৰ লগত থাকিবলৈ এগৰাকী জনজাতীয় মহিলাক দিগন্তই ঠিক কৰি দিলে । মহিলা গৰাকীৰ লগত পাপৰিৰ সময় কটাই ভাল লাগিছিল ।মহিলা গৰাকীৰ নাম আছিল কাদম । কাদম বৰ কথকি আছিল , কিন্তু পাপৰিয়ে যেতিয়া তাইৰ লগত ঘটা কথাবোৰ কাদমৰ আগত কয় -- তাই তেতিয়াই নিশ্চুপ হৈ ৰয়।ভাবি নাপায় পাপৰিয়ে তাৰ কাৰন কি । সিদিনা কাদম অহা দেৰী হৈছিল । পাপৰিৰ কাম বন শেষ কৰি বিচনাখনত আহি বহিছেহে .অলপ পাছতেই বিচনাখন চক্ৰকাৰে ঘূৰিবলৈ ললে । বিচনাৰ পৰা নামিবও নোৱৰা হ'ল পাপৰি । তাই ভয়তে ভগৱানৰ নাম লবলৈ ললে । লাহে লাহে বিচনাখন স্থিৰ হ'ল । একো ভাবিবলৈ নাপাওঁতেই বিচনাখনৰ তলৰ পৰা কিহবাই লৰাই থকা যেন লাগিল । তেনেকুৱাতে পাপৰিৰ চুলিকোছাত ধৰি কোনোবাই যেন টানিছে ,লগে লগে নাৰীৰ কণ্ঠও শুনিবলৈ পালে পাপৰিয়ে -- " তহঁত গুছি যা ..গুছি যা ইয়াৰ পৰা । " পাপৰিয়ে পুনৰ ডাঙৰ ডাঙৰকৈ ভগৱানৰ নাম লবলৈ ধৰিলে । অকমান পাছত একো সাৰসুৰ নাই । ইতিমধ্যে কাদম আহি পাইছিল । কাদমৰ আগত পাপৰিয়ে সকলোখিনি ক'লে । কথাখিনি শুনি কাদমে কবলৈ ধৰিলে-- আজি মই সকলো কম বুলি সাজু হৈয়ে আহিছিলো বাইদেউ । কাদমৰ কথা শুনি পাপৰিয়ে আচৰিত হৈ সুধিলে -- তুমি তাৰমানে ইয়াৰ ৰহস্য জানা ? ( Assamese Storyboard )
পাপৰিৰ প্ৰশ্নত কাদমে পুনৰ ক'বলৈ ধৰিলে-----
সোনমিলি আছিল ৰংকিমি গাঁৱৰ আটাইতকৈ মৰম লগা ছোৱালীজনী । সোনমিলি সকলোফালৰ পৰাই কামিলা ছোৱালী আছিল। সৰুৰে পৰা একেলগে ডাঙৰ হোৱা ৰামচেনক তাই বৰ ভালপাইছিল । ৰামচেনৰ লগত নিগাজিকৈ এখন ঘৰ পতাৰ সপোন দেখিছিল তাই । একে উপাধি হোৱা কাৰনে সিহঁত সম্বন্ধত ককাই ভনিহে আছিল ।কিন্তু প্ৰেমে জানো সেয়া বিচাৰ কৰে? সিহঁতে লুকাই লুকাই লগ কৰিব লগা হ'ল । এদিন তেনেকৈ দুয়োটা কথা পাতি থাকোতে গাঁৱৰে ল'ৰা এটাই দেখি সোনমিলিৰ ঘৰত লগাই দিলে ,। সোনমিলিৰ ককায়েকে তাইক ধৰি নি ৰূমত বাহিৰৰ পৰা তলা মাৰি সোমোৱাই থলে । ৰামচেনকো খুউৱ মাৰিলে ।এদিন সুযোগ বুজি সোনমিলি খিৰিকীয়েদি ওলাই ৰামচেনৰ লঁগ হৈ এই ঘৰটোলৈ আহে ।।আগতেও সিহঁতে এই ঘৰটোতে প্ৰায়ে লগ হৈছিল । সোনমিলিয়ে কৈছিল ৰামচেনক -- আমি একেলগে জীয়াই থাকিব নোৱাৰিলে কি হ'ল ..একেলগে মৰিবতো পাৰো । সেইদিনা এই ঘৰটোতে দুয়ো আত্মহত্যা কৰিছিল । দেহ দুটা যদিও লৈ যোৱা হৈছিল কিন্তু সিহঁতৰ আত্মা ইয়াতে থাকি গৈছিল । কথাটো আপোনালোকক জানিবলৈ দিয়া হোৱা নাছিল । মোৰ আপোনাৰ অৱস্থা দেখি মনে নামানিলে সেইকাৰনে গোটেই কথাখিনি কৈ দিলো । কাদমে চাদৰৰ আঁচলত বান্ধি অনা ফটোখন পাপৰিক দেখুৱাই কলে -- এইজনীয়ে কাদম । পাপৰিয়ে ফটোখন দেখি শিয়ৰি উঠিল। এইজনীয়েই সেইজনী ছোৱালী মোৰ ৰূমলৈ অহা "কাদমৰ মুখেৰে সোনমিলিৰ কাহিনী শুনি পাপৰিৰ ভয়ৰ লগতে দুখো লাগিল।
সেইদিনাৰ পৰা পাপৰিয়ে সোনমিলিৰ আত্মাৰ নামত গধুলি এগছি চাকি আৰু ধুপ জলাবলৈ ললে । ইতিমধ্যে প্ৰধান আৱাসগৃহটোৰ কাম সম্পূৰ্ণ হৈছিল । পাপৰিহঁতো সেই ঘৰটোৰ পৰা গুছি আহিছিল । অহাৰ দিনা পাপৰিয়ে পদুলিৰ পৰা উভতি চাইছিল ঘৰটোলৈ ..এনে লাগিছিল ..সোনমিলিয়ে যেন সিহঁতক যোৱা চাই আছিল আৰু আত্মসন্তুোষ্টি লভিছিল !
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment