কিমান কষ্টকৰ হয় সেনা জোৱান সকলৰ জীৱন : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 7, 2021

কিমান কষ্টকৰ হয় সেনা জোৱান সকলৰ জীৱন : Assamese Storyboard

Assamese Storyboard

ট্ৰেইনখনত সেইদিনা ইমান বেছি ভীৰ আছিল যে ভালকে থিয় হ'বলৈও ঠাই নাছিল ৷৷ মই যেনেতেনেহে থিয় হৈ আহিছিলো ৷৷ ট্ৰেইনত ইমান কষ্টকৰ যাত্ৰা আগতে কেতিয়াও কৰা নাছিলো ৷৷( Assamese Storyboard ) 

কিন্তু হঠাৎ মোৰ কপাল ফুলিল আৰু ছিংগল ছীট এটা পালো বহিবলৈ ৷৷ ইমান ভীৰৰ মাজত ছীটটো পাই নিজকে কিবা অস্কাৰ পোৱা যেন অনুভৱ হৈছিল ৷৷ মোৰ ছীটৰ কাষতে মানুহ এজন ঠিয় হৈ আহিছিল ৷৷ মানুহজনৰ চকুকেইটা একেবাৰে ৰঙা হৈ আছিল আৰু গাতো একেবাৰে ঠৰ নাছিল ৷৷ দেখাত সৈনিক যেন লগা মানুহজনে প্ৰথমে মদ খাই আহিছে বুলি ভাবিছিলো ৷৷ অনিচ্ছাৰ সত্ত্বেও শুধিলো ক'লৈ যাব বুলি ৷৷ তেওঁ একো উত্তৰ নিদিলে ৷৷বুজিলো তেওঁ অসমীয়া নহয় ৷৷ হিন্দীত পুনৰ সুধিলো ৷৷ তেখেতে ক'লে তেওঁ হাৰিয়ানা যাব ৷৷ ক'ৰ পৰা আহি আছে শুধাত ক'লে তেওঁ ভাৰত চীনৰ সীমান্তৰ পৰা আহি আছে আৰু তেখেত ভাৰতীয় সৈন্য বাহিনীৰ এজন জোৱান ৷৷


তেওঁ যোৱা ৫ দিন ধৰি একেৰাহে প্ৰায় নুশুৱাকৈ আহি আছে ৷৷ শুনি বেয়া লাগিল আৰু লগে লগে মোৰ ছীটটো তেওঁক এৰি দিলো ৷৷ প্ৰথমে নালাগে কৈছিল যদিও জোৰ কৰাত ছীটটো ল'লে ৷৷ তাৰ পাছত তেওঁৰ লগতে ইটো সিটো পাতি আহিলো ৷৷ তেওঁ নিজৰ কথাৰ লগতে ভাৰত চীনৰ সীমান্ত আদি কেনেকোৱা এইবোৰো কৈ গ'ল ৷৷ ভাল লাগিছিল তেখেতৰ কথাবোৰ শুনি ৷৷ তেনেকোৱাতে তেওঁ ক'লে যে তেওঁ প্ৰায় এবছৰৰ পাছত ঘৰলৈ গৈছে ৷৷ ঘৰত মাক,পত্নী আৰু তেওঁলোকৰ ৩ বছৰীয়া ছোৱালী এজনী আছে ৷৷ তেওঁলোকক নেদেখা এবছৰেই হ'ল ৷৷ সীমান্তত অসুবিধা বাবে ফোনতো কথা দুই তিনিবাৰ মানহে পাতিছে ৷৷ তেওঁ অতি আৱেগিক হৈ কৈছিল যে ছোৱালীজনীয়ে চাগে তেওঁক চিনিয়ে নাপায় আৰু তেওঁক কি বুলি মাতিব সেইটো শুনিবলৈ হেপাহেৰে ৰৈ আছে ,কাৰণ ছোৱালীজনীৰ মাত ফুটাৰ পৰা তেওঁ ঘৰত নায়েই ৷৷ সৈনিকজনৰ কথাতে গম পাইছিলো তেওঁৰ অন্তৰত কিমান দুখ আৰু আৱেগ আছে ৷৷ তথাপি দেশৰ কাৰণে সকলো সুখ সুবিধাক একাষৰীয়া কৰি ইমান দূৰ সীমান্তত পহৰা দিছেহি যাতে আমি আমাৰ পৰিয়ালৰ লগত সুখেৰে থাকিব পাৰো ৷৷ সৈনিকজনৰ কথাবোৰ শুনি তেখেতৰৰ প্ৰতি সন্মান দুগুনে বাঢ়িল ৷৷ কথাৰ মাজতে তেওঁৰ লগত একাপ চাহৰ আমেজ ললো ৷৷ জীৱনত কিমান চাহ খাইছো হিচাপ নাই,কিন্তু মোৰ কাৰণে এইকাপ চাহ special আছিল ৷৷ চাহ খাই অলপ দেৰিৰ পাছতে তেওঁ টোপনি গ'ল ৷৷ অলপ সময়ৰ পাছত মোৰো নামিব হ'ল ৷৷( Assamese Storyboard )


নমাৰ আগতে এবাৰ মাত লগাই আহিবলৈ ইচ্ছা আছিল যদিও তেখেতৰ টোপনি ভাঙি আমনি কৰিবলৈ বেয়া লাগিল ৷৷ তেওঁৰ লগত কথা পাতি অনুভৱ হ'ল আমি কি কৰি আছো আৰু তেওঁলোকে কি কৰি আছে ৷৷ এওঁলোকৰ কষ্টলৈ চালে আমিচোন একোৱে কৰা নাই  ৷৷ আশা কৰিছো মানুহজন ভালকে গৈ ঘৰ পালেগৈ আৰু তেঁওলোকৰ জীৱন যাতে সুখৰ হয় তাকে কামনা কৰিলো ৷৷ এইটো কাহিনী কেৱল এজন সৈনিকৰে নহয় ৷৷ প্ৰতিজন সৈনিকৰ জীৱন কিজানি একেই ৷৷ শেষত দেশৰ প্ৰতিজন সৈনিক তথা নিৰাপত্তাৰক্ষীলৈ শতবাৰ #Salute, যি দেশ আৰু আমাৰ কাৰণেই বহুতো ত্যাগ কৰিব লগা হৈছে ৷৷ 

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

:

No comments:

Post a Comment

Advertisement

Pages