আন দিনাতকৈ আজি কিছু পলমকৈ ৰাতুল ঘৰ সোমাল৷ বাইকখন নেদেখি পল্লৱীয়ে সুধিলে --“ তোমাৰ বাইকখন ক’ত? “( Assamese Storyboard )
--“ গেৰেজত থৈ আহিছোঁ ৰ’বা, অলপ থিক কৰাব আছে৷ বৰ ভাগৰ লাগিছে, পানী এগিলাচ দিয়াচোন৷ ’“ পানী গিলাচ খাই উঠি ৰাতুলে চুৱেটাৰটো খুলি পল্লৱীক দিলে আৰু সি চকীখনতে আউজি বহিল৷ পল্লৱীয়ে শোৱা কোঠাত তাৰ চুৱেটাৰটো থবলৈ গৈ স্তব্ধ হৈ গ’ল৷ চুৱেটাৰটোৰ থিক গলৰ ওচৰত এটা ৰঙা দাগ৷ তাই শিহৰিত হৈ উঠিল, ভালদৰে চাই দেখিলে সেইটো সেন্দূৰৰ দাগ৷ তাই আকৌ এবাৰ চুৱেটাৰটো ভালদৰে চালে, এইবাৰ তাই দুডালমান দীঘল চুলি উদ্ধাৰ কৰিলে৷ পল্লৱীৰ গাৰ কঁপনি উঠিল, এইবোৰ কাৰ সেন্দূৰৰ দাগ, কাৰ চুলি৷ তাই চুৱেটাৰটো দলিয়াই থৈ কান্দি কান্দি বাথৰুমত সোমাল৷ ৰাতুলৰ ওপৰত থকা সন্দেহ তাইৰ প্ৰমাণ হৈ গ’ল৷ হেঁপাহ পলুৱাই কান্দি তাই বাথৰুমৰ পৰা ওলাই আহি দেখিলে, ৰাতুলে চকিখনতে আউজি বহি আছে৷ ৰাতুলৰ প্ৰতি থকা তাইৰ সমস্ত মৰম ভালপোৱা ঘৃণালৈ পৰিৱৰ্তন হ’ল৷ কি অভাৱ আছে তাইৰ দেহত? কি অভাৱ আছে তাইৰ মনত? সৰ্বোচ্চ উজাৰি দেহে মনে ভাল পোৱাৰ পিছতো তাইৰ পৰা আঁতৰি আন কাৰোবাৰ ওচৰ চাপিছে ৰাতুলে৷ তাই পাকঘৰত সোমাই চকুপানী মচি মচি চাহ বনালে৷
ৰাতুলৰ সন্মুখত চাহকাপ দি খাবলৈ কৈ তাই আকৌ ৰুমত সোমাল৷ তাই চুৱেটাৰটোৰ ফালে তীব্ৰ ক্ষোভৰে চাই থাকিল৷ ৰাতুলক সুধিব নেকি সেইজনীৰ কথা৷ কিন্তু সি জানো সচা কথা ক’ব৷ আনদিনা হ’লে ৰাতুলে অফিচৰ পৰা অহাৰ পাছত হাঁহি ধেমালি কৰি থাকে৷ আজি কিন্তু চুপচাপ আছে, হয়তো পল্লৱীৰ লগত সহজ হ’ব পৰা নাই৷ আনকি ভালদৰে এষাৰ মাতো দিয়া নাই আজি৷ কথাবোৰ ভাবি থাকোঁতে ৰাতুল সোমাই আহিল ৰুমলৈ৷ পিছমুখকৈ থকা পল্লৱীৰ কান্ধত ধৰি সি মাত দিলে -“ কিনো ইমান চিন্তা কৰি আছাহে, মাত বোল নাই যে৷ “
--“ একো হোৱা নাই, নুচুবা মোক৷ ’’
--“ কি, ইমান খং কিয়? কি হ’লনো৷ “’
-’“ কোন সেইজনী, ইমান ঘনিষ্ঠ হৈ গৈ আছা৷ মোক কিয় বিয়া কৰাই আনিছিলা? মোৰ পৰা কি পোৱা নাই তুমি? আনৰ লগত সম্পৰ্ক থকাৰ পাছতো মোক আকৌ কিয় চপাই লৈছিলা, বহুত ভাল পাইছিলোঁ তোমাক, তুমি বিশ্বাসঘাটকতা কৰিলা৷ ““
--“ হাৰে, এইবোৰ কি কৈ আছা তুমি, পাগল হৈছা নেকি হে৷ “
--“ অ, পাগল হৈছো মই৷ ইমান দিনে ফেচবুক হোৱাটচ এপত ৰাতি এপৰলৈ ব্যস্ত কিয় থাকা, এতিয়া গম পাইছোঁ, কিমান দিন লুকাই চুৰকৈ প্ৰেম কৰিবা, আজি সকলো গম পাই গৈছো৷ “ পল্লৱীয়ে ৰাতুলৰ কাষৰ পৰা উঠি গ’ল৷ ( Assamese Storyboard )
ৰাতি সিহঁতৰ ভাত খোৱা নহ’ল৷ বিছনাত দুৰে দুৰে দুয়োজনে শুই থাকিল৷ পল্লৱীৰ টোপনি অহা নাছিল যদিও টোপনি অহাৰ ভাও ধৰি ৰাতুলে কি কৰে চাই আছিল৷ আন দিনাৰ দৰে সি মবাইলত ব্যস্ত নহৈ আজি শুবলৈ চেষ্টা কৰিলে৷ কিন্তু তাৰ টোপনি নাহিল৷ কিছু সময় পিছত সি উঠি গ’ল৷ পল্লৱীয়ে তাৰ ফালে মনে মনে চাই থাকিল৷ কিন্তু সি দেখোন ভালকৈ খোজ কাঢ়িব পৰা নাই৷ কিবা হৈছে নেকি ৰাতুলৰ ভৰিত৷ তাই সাৰে থকা গম পাই মন ভুলাবলৈ সি নিশ্চয় একটিং কৰিছে, পল্লৱীয়ে ভাবিলে৷ ৰাতুল পাকঘৰত সোমাল গৈ৷ তাই ভাবিলে, তাৰ নিশ্চয় ভোক লাগিছে, ভাত খাব৷ পল্লৱীয়ে মনে মনে উঠি গৈ দেখিলে ৰাতুলে ভাত খোৱাৰ সলনি পানী গৰম কৰি আছে৷ যি কৰে কৰি থাকক বুলি ভাবি তাই পুনৰ বিছনালৈ ঘূৰি আহিল৷ অলপ পিছত ৰাতুলৰ মবাইলত মেছেজ অহাৰ শব্দ পালে পল্লৱীয়ে৷ তেতিয়া নিশা প্ৰায় বাৰ বাজিছে৷ ৰাতুল বিছনালৈ অহা নাই৷ আন দিনা হ’লে তাৰ মবাইল নোসোধাকৈ তাই নুচুৱে৷ আজি কিন্তু তাই সিদ্ধান্ত ল’লে তাৰ মবাইলত ইমান ৰাতি কাৰ মেছেজ আহে চাব৷ বিৱাহিত পুৰুষ এজনক ৰাতি বাৰ বজাত মেছেজ দিয়াৰ পৰিণাম কি হ’ব পাৰে তাই দেখাই দিব৷
তাই ৰাতুলৰ মবাইলটো লৈ মেছেজ চালে৷ লগৰ ল’ৰাৰ মেছেজহে, তাই পঢ়ি গ’ল..
--“ এক্সিডেণ্টৰ কথাটো শুনি বেয়া লাগিছে দোস্ত৷ মই ব্যস্ত আছিলোঁ তেতিয়া৷ নিজে ইমান ৰিস্ক লৈ আনক বছাবলৈ গৈছ যে, তোক চেলুট দিছো৷ তই আগছী নধৰা হ’লে তিৰোতাগৰাকী আৰু বাচ্ছাটো দলঙৰ পৰা পৰি গ’লহেতেন বোলে! ভৰিত বেছি দুখ পালিনেকি? ডাক্তৰক দেখালিনে? , পল্লৱীয়ে নিশ্চয় যতন লব তোৰ৷ বাই দোস্ত, টেক কেয়াৰ৷ শুভৰাত্ৰি৷ ““ ৰাতুলে লেকেছিয়াই লেকেছিয়াই আহি বিছনাত বহিল৷ সি সূধিলে -“ ফোন আহিছিল নেকি? “
পল্লৱীয়ে হুকহুকাই কান্দি ৰাতুলৰ বুকুৰ মাজত সোমাই পৰিল৷
# কমলেন্দ্ৰ শৰ্মা #
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment