ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ৬ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 14, 2021

ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ৬ ) : Assamese Storyboard

Assamese Storyboard

 

দিনটোৰ ব্যস্ততাৰ পাছত ভাত কেইটা খাই বাচন বৰ্তন ধুই মনা ভাগৰি পৰিছিল..., কিছুসময় সেয়ে বিচনাত আৰাম কৰিব বিচাৰিছিল..., 

( Assamese Storyboard )


: মনা..! আৰাম কৰিব নালাগে.., কৰবাত অলপমান ফুৰিব যাওঁ বলা..., আকৌ পূজাত হে চুটি পাম..., ৰক্তিমে মনাক কলে

: কত যাবা নো...! ঘৰৰ পৰাই এপাক আহোগৈ নহলে..., মাৰ মনটো ভাল লাগিব..., 

: বেয়া নহয় ..! তুমি ৰেডী হোৱা মই দেউতাক কথাটো জনাই আহোঁ..., 

: শুনা...! নূপুৰকো ওলাবলৈ কওঁ নেকি...! 

: আজি নালাগে দিয়া...., বিহুত তাইৰ লগত যাবা.., হবনে..!

: ঠিক আছে ....., 


         কথাটো শুনি মনাৰ মনটো ভাল লাগি গল..., বিয়াৰ পাছত একেলগে প্ৰথমবাৰৰ বাবে মাকৰ ঘৰলৈ যাব..., মনাৰ মনটো আনন্দত ভৰি পৰিল..., বিচনাত পেলাই চাদৰখন জাপ দিবলৈ লওঁতেই নূপুৰ সোমাই আহিল...


: বৌ কৰবাত যোৱা নেকি...? 

: ঘৰৰ পৰা আহোগৈ..., ৰক্তিম কাইলৈ যাবগৈ যে..., আকৌ বোলে পূজাত হে আহিব...

: হয়নেকি..., দিয়া চাদৰখন ময়ে জাপি দিওঁ...,

: বৰ সৰুকৈ নাজাপিবা ..., 

: কিয় বৌ...! তুমি এতিয়াও নকইনা হৈয়ে আছা..,  অলপমানটো ষ্টাইল কৰিবই লাগিব...

: দেউতাৰ আগত মোৰ লাজ লাগে ষ্টাইল কৰিবলৈ.., 

: ৰবা মই ষ্ট্ৰেইটনাৰডাল আনোগৈ চুলিখিনি ষ্ট্ৰেইট কৰি দিম..., ধুনীয়া লাগিব..., বুলি কৈ দৌৰ মাৰি ষ্ট্ৰেইটনাৰ ডাল আনি মনাৰ চুলিখিনি ষ্ট্ৰেইট কৰি দিলে..., 

: thankx  নূপুৰ...

: ৱেলকম বৌ...., তুমি ৰেডী হোৱা মোৰ ফোন বাজি আছে....,


           কাপোৰযোৰ পিন্ধাৰ আগতেই মনাই দেউতাকক চেনী নিদিয়াকৈ ৰঙা চাহ একাপ যাঁচিলে....

: ঘৰলৈ যোৱা হবলা...

: হয় দেউতা..., 

: মোক বাবাই কৈছে...., বৰ দেৰিকৈ নাথাকিবা, কাইলৈ বাবাৰ জন্মদিন..., মই কেক এটা অৰ্ডাৰ কৰি থৈছোঁ ঘূৰি আহোঁতে সোমাই লৈ  আহিবা..., মই পইচা দি থৈছোঁ... তোমালোকে দিব নালাগে..,

: ঠিক আছে দেউতা..., বাহিৰত অৰ্ডাৰ দিয়াতকৈ মই ঘৰতে বনাব পাৰিলোঁ হেতেন...! 

: .....আৰু শুনা বাবাৰ লগত তুমি প্ৰথম ঘৰলৈ যাবা..., মা দেউতালৈ কিবা এটা লৈ যাবা ..., 

: হব দেউতা...!

   

              মনাই কাপোৰ পিন্ধিবলৈ লওঁতেই ৰক্তিম আকৌ ৰুমলৈ সোমাই আহিল.... অথনিৰে পৰা হোৱাই নাই নে তোমাৰ....! 

: হলেই ৰবা...! কাপোৰযোৰ পিন্ধিলেই হল..., 

: কপালত ফোঁট লোৱাই নাই দেখুন..! এনেকৈয়ে যাবা নেকি....., 

: পাহৰিছিলোঁৱেই...! তুমি যিহে খৰখেদা কৰিছা...,


           দেউতাকক মাতষাৰ লগাই দুয়ো গাড়ীত বহিল..., গাড়ীত ষ্টাৰ্ট দিয়াৰ লগে লগেই মনাই ACটো অন কৰি গান লগাই দিলে..... "সৰাপাতে পাতে পাতে ফাগুন নামে পলাশৰে ৰঙ ৰাঙলী বতাহে কাণে কাণে কলে নহবা উদাস অভিমানী........," মৃদু মৃদু স্বৰত গীতটো বাজি আছিল..., তেনেতে মনাই প্ৰশ্ন কৰিলে... ফাগুন তোমাৰ প্রিয় নে..?

: কিয় সুধিলা..! 

: এনেয়ে..! 

: ফাগুন মোৰ খুবেই প্রিয়.. তোমাৰ...?

: মোৰো প্রিয়...., কিন্ত ফাগুনৰ উতলা ৰূপটো মোৰ ভয় লাগে...,

: কিয়..? 

: সেই প্ৰশ্নৰ উত্তৰ মই আজিও পোৱা নাই.., লঠঙা গছবোৰ দেখিলে মোৰ বৰ ভয় লাগে.., কিয় জানা...! আমিওতো এদিন গছবোৰৰ দৰেই বুঢ়া হৈ যাম...., কলা কলা চুলিবোৰ বগা হব..., গাত বয়সৰ চাপ পৰিব...,

: সেয়া প্ৰকৃতিৰ নিয়ম..., জন্মিলে এদিন মৃত্যু হবই.., ফাগুন অহাৰ লগে লগেই সেউজীয়া পাতবোৰ হালধীয়া হয়..., বহাগত ন পানী পাই লঠঙা গছবোৰত কুঁহিপাত ওলায়..., সেইদৰেই মানুহেও জীৱনৰ যুঁজত ভাগৰি পৰিলে কিছুদিন মৌন হৈ থাকি আকৌ নতুন সপোন দেখে..., সপোনৰ পাছে পাছে আকৌ দৌৰিবলৈ আৰম্ভ কৰে..., 

: সঁচাকৈয়ে..., বৰ বিচিত্ৰ জীৱন চক্ৰ..., বজাৰৰ ওচৰত গাড়ীখন অলপ ৰখাই দিবাচোন.., বজাৰ অলপ কৰিব লগা আছে..., 

: কি বজাৰ কৰিব লগীয়া হল..., চিধাকৈ কলেই হল পাৰ্লাৰ যাব লগা আছে বুলি....!

: তুমিও যে আৰু ...! মই নিজৰ ঘৰলৈহে যাম , পাৰ্টি খাব নাযাওঁ নহয়..., মা দেউতালৈ কিবা এটা লৈ যাব লাগিব...

: অ' সেইটো কথা তুমি চিন্তা কৰিব নালাগে মই আগতীয়াকৈ সকলো যোগাৰ কৰিহে তোমাক ওলাবলৈ কৈছোঁ...

: তেন্তে ৰখাব নালাগে , বলা...! মাক ফোন কৰাও নহল... তোমাৰ উৎপাটত ,

( Assamese Storyboard )

: মই ৰাতিপুৱাই মাক কলো আৰু গৈ নোপোৱা লৈকে তোমাক জনাবলৈ মানা কৰিছিলোঁ...

: অ... , সেয়ে মায়ে আজি মোলৈ ফোন কৰা নাই..., দুষ্টটো কৰবাৰ...,

: তোমাক surprise দিম বুলি ভাবিছিলো.... 


           কথা পাতি গৈ থাকোঁতেই মনা ঘৰৰ পদূলি পালেগৈ..., পদূলিত গাড়ীখন ৰখোৱাৰ লগে লগেই মাক উধাতু খাই ওলাই আহিল..,.... মাজনী পালাহী..., আহাঁ ! ৰক্তিম..., নূপুৰকো লৈ আহিব পাৰিলা হেতেন..., দেউতাৰ ভাল নে......?

: মা ....., বহি লবলৈ দিয়া..., চোতালতে দেখোন খা খবৰ লৈ শেষেই কৰিলা...,

: ভিতৰলৈ বলা...., মই দেউতাৰাক জগাই দিওঁগৈ..., 

: মা ভাইটি নাইনেকি....! 

: সি অলপ ওলাই গৈছে..., আহিবই এতিয়া...,


          ৰক্তিমক বহিবলৈ দি মনা ভিতৰলৈ সোমাই গল..., দেউতাক উঠি আহি ৰক্তিমৰ কাষতে বহিলে..

: ভালে আছা...! ঘৰত সকলোৱে ভাল নে..?

: ভালেই দেউতা, সকলোৰে ভাল..., আপুনি সময়মতে দৰৱবোৰ খাই আছে নহয়..!

: খাই আঁচো, দৰৱৰ যোৰতেই ইমান দিনে জীয়াই আঁচো..., পিছে তুমি কেতিয়া যাবা..., 

: মই কাইলৈ ৰাতি যামগৈ, আকৌ বিহুত আহিম..,

: অ হয়নেকি....! তেনেতে পৰ্দাৰ ফাঁকেৰে জুমি চাই ভিনদেউ বুলি মাতষাৰ দি মনোৰঞ্জন মানে মনাৰ ভায়েক সোমাই আহিল...


: ভিনদেউ... কেতিয়া পালেহি..? বা নাই অহা নেকি..!

: অলপ আগতে পাইছোহি..., বা আহিছে..., ভিতৰত আছে...., 

: আপুনি বহকচোন মই বাক মাত লগাই আহোঁ..

: ঠিক আছে...., 


           সকলোৱে একেলগে চাহ ৰুটি খোৱাৰ পিছত মনা আৰু ৰক্তিম যাবলৈ ওলাল..., মনাই গাড়ীৰ পৰা বস্তু কেইটা নমাই আনি ৰক্তিমৰ হাতত দিলে , ৰক্তিমে মাক দেউতাকক একেলগে বহিবলৈ দি  উপহাৰটো আগবঢ়াই সেৱা কৰিলে ...., মাক দেউতাকেও হিয়া উজাৰি আৰ্শীবাদ দিলে..., ঈশ্বৰে তোমাক কুশলে ৰাখক ...., মনা ভাইটি কত ...., ভাইটি... চাওঁ এইফালে আহাচোন...! ভিনীয়েকৰ মাত শুনি উধাতু খাই আহিল..., এইটো লোৱা..., সৰু কিবা এটা দিছোঁ...., মই কাইলৈ যামগৈ ....., মাজে মাজে গৈ থাকিবা..., 

: হব. ! ভিনদেউ...., আপুনি চিন্তা নকৰিব....!

: মা .....! দেউতা...! আমি আহিছোঁ...., ভাইটি ভালকৈ থাকিবি ...., দেউতাক অলপ যত্ন লবি..., দৰৱবোৰ সময়মতে খুৱাই থাকিবি .......,           

( ক্ৰমশঃ)

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages