মাংসখিনি বঢ়াই হেতাখন হাতত লৈ ভাৱনাৰ পৃথিৱীত সোমাই পৰিল ৰাজীৱ । কিবা এটা ঘটং কৈ পৰা শব্দ শুনি পাকঘৰলৈ সোমাই আহিল গৌৰৱ ( Assamese Storyboard )। ....কি পৰিল ৰাজীৱ....? একো উত্তৰ নিদিয়া দেখি ৰাজীৱ বুলি কৈ ৰাজীৱক জোকাৰি দিলে গৌৰৱে । .....ইমানকৈ কি ভাবি আছা ৰাজীৱ .....?
: নাই....! একো ভবা নাই ।
: মিছা মাতিব নালাগে । কোৱা কি ভাবিছিলানো...?
: শাৰীৰিক ভাবে মই এজন ল'ৰা , নহয় জানো গৌৰৱ দা । কিন্তু মই কথা এটা ভাবি বৰ আচৰিত হওঁ । ভৈৰৱ দাৰ প্ৰতি মই ইমান দুৰ্বল কিয়....? কিয় বাৰে বাৰে মোৰ মনটোৱে তেওঁক কাষত বিচাৰে .....? মই অস্বাভাৱিক নেকি.....?
: চোৱা ....! ৰাজীৱ ,প্ৰেম ভালপোৱা আদিবোৰ মানৱ জীৱনৰ এক চিৰপ্ৰবাহিত বান্ধোন । শাৰীৰিক আৰু মানসিক সম্পৰ্কই মানুহৰ মাজত গঢ়ি তোলে ভালপোৱাৰ সুউচ্চ দেৱাল । বিবাহৰ দ্বাৰা পুৰুষ আৰু নাৰীৰ ভালপোৱাক এক সামাজিক বান্ধোনেৰে বান্ধি সম্পৰ্কটোক সামাজিক মযৰ্দা দিয়া হয় । কেতিয়াবা এই ভালপোৱা পুৰুষ আৰু পুৰুষ , নাৰী আৰু নাৰীৰ মাজতো গঢ় লৈ উঠিব পাৰে । ই সহজাত প্ৰবৃত্তি । গতিকে তুমি অস্বাভাৱিক নহয় ৰাজীৱ ।
: গৌৰৱ দা তেন্তে সমকামী সম্পর্কটোক মানুহে কিয় অবৈধ বুলি ভাবে....?
: মোৰ বোধেৰে সমাজৰ বহু লোকে এতিয়াও সমকামীৰ অৰ্থ ভালকৈ বুজি উঠা নাই । সেয়ে তেওঁলোকে ভাবে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজৰ আকৰ্ষণহে তেওঁলোকে স্বাভাৱিক বুলি গ্ৰহণ কৰে । সেয়ে হয়টো তেওঁলোকে সমকামী সম্পৰ্কটো অবৈধ বুলি ভাবে । আমাৰ সমাজৰ মানুহৰ চিন্তা ধাৰাবোৰ দেখি কেতিয়াবা নিজৰে বৰ হাঁহি উঠে ৰাজীৱ ।
: কিয় গৌৰৱ দা ...? কথাৰ মাজতে মাংসখিনি লৰাই দিলে ৰাজীৱে । ঢাকোনখন আঁতৰাই দিয়াৰ লগে লগেই মাংসৰ ফুৰফুৰিয়া গোন্ধ গৌৰৱৰ নাকত লাগিল ।
: গোন্ধটো বৰ ধুনীয়া হৈছে ৰাজীৱ । গোন্ধটো পাই মোৰ জিভাৰ পানী ওলাই গৈছে । বৰ টেষ্টি হৈছে চাগৈ ....! ধুনীয়াকৈ সজাই থোৱা ষ্টেণ্ড ডালৰ পৰা প্লেট এখন আনি মাংস কেইডোখৰমান কেৰাহীৰ পৰা প্লেটখনলৈ উলিয়াই দিলে ৰাজীৱে ।
: ...এতিয়া হাঁহি উঠা কথাটো কওঁক ।
: মানুহে দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে পাশ্চাত্যক অনুকৰণ কৰে । খাদ্যাভাষ , সাজ পোছাক সকলোতে পাশ্চাত্যক আকোঁৱালি লওঁ । কিন্তু পাশ্চাত্যৰ দেশবোৰে সমকামক প্ৰাকৃতিক বুলি গ্ৰহণ কৰি নিজৰ ধৰণে জীৱনটো আগবঢ়াই নিয়াত প্ৰত্যক্ষ নাইবা পৰোক্ষভাবে সহায়ৰ হাত আগবঢ়াই আহিছে । কিন্তু...! আমাৰ সমাজত কটু মন্তব্যৰে সমকামক সমালোচনা কৰিছে ।
: একেবাৰে সঁচা কথা কৈছে গৌৰৱ দা । মাংসখিনি কেনেকুৱা হৈছে ...?
: বঢ়িয়া হৈছে দেই । প্ৰাণে বহুত ভাল পাব । তোমাৰ মাংস ৰন্ধা হ'ল যদি মাছ কেইডোখৰ মই ফ্ৰাই কৰোঁ দিয়া । তুমি অকণমান আৰাম কৰা ।
: আৰাম নকৰো দেই । আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিছে । গৌৰৱ দা..., আপোনাৰ আৰু প্ৰাণ দাৰ মাজত গঢ় লৈ উঠা এই সম্পৰ্ক ঘৰত সহজভাৱে মানি লয়নে...?
: প্ৰথমতে মনা নাছিল । কিন্তু মা- দেউতাক সকলোবোৰ কথা ভালকৈ বুজাই দিয়াৰ পাছত এতিয়া সহজভাৱেই আমাক গ্ৰহণ কৰিছে ।
: আপুনি বহুত সৌভাগ্যৱান দাদা । ভগৱানে আপোনালোকক সদায় সুখত ৰাখক ।
: সমকামীবোৰৰ সমস্যাটো ক'ত জানানে ৰাজীৱ.....!
: নাজানো দেই....!
: নিজেই সমকামী বুলি জনাৰ পাছতো সমাজত নিজকে সমকামী বুলি চিনাকি দিবলৈ সংকোচ কৰে । অৱশ্যে ইয়াৰো কাৰণ নথকা নহয়....! ইয়াৰ মূলতেই হৈছে আমাৰ সমাজখন । কথাৰ পাতি থাকোঁতেই মাছকেইডোখৰত ভালকৈ নিমখ হালধি সানি কেৰাহীখন গেছত বহুৱাই গৰম হবলৈ দি নিমখ হালধীৰ হাতখন ধুই ললে গৌৰৱে ।
: গৌৰৱ দা , মোৰো একেই সমস্যা হৈছে । মই জানো যে মই সমকামী । কিন্তু....! মই এই কথাটো দাদা বা মা- দেউতাৰ আগত মুখ খুলি ক'ব নোৱাৰোঁ । মায়ে সহজভাৱে মানি ললেওঁ দেউতা আৰু দাদাই কেতিয়াও মানি নলয় ।
: সেইটোৱেই ডাঙৰ সমস্যা । এজন সমকামীয়ে যেতিয়া সমাজৰ ভয়ত এগৰাকী নাৰীক বিয়া কৰাই মাক দেউতাকক সুখী কৰাৰ চেষ্টা কৰে তেতিয়া সেই মানুহজন ভিতৰি ভিতৰি ভিতৰি বৰ বেয়াকৈ ভাগি পৰে । নিজেও সুখী হ'ব নোৱাৰে আৰু নিজৰ পত্নীকো সুখী কৰি ৰাখিব নোৱাৰে । গোটেই জীৱনটো কেৱল সুখী হোৱাৰ অভিনয় কৰি যাব লাগে ।
.....গৌৰৱ খাব পৰা হৈছে নে...! মাছ মাংসৰ গোন্ধ পাই ভোকটো দুগুণে বাঢ়ি গৈছে । কথাষাৰ কৈ পাকঘৰলৈ সোমাই আহিল প্ৰাণ ।( Assamese Storyboard )
: হৈছে প্ৰাণ । আজি মাংস বহুত টেষ্টি হৈছে ।
: হয়নেকি...! তেন্তে সোনকালে ভাত ৰেডী কৰা । তিনিটা বাজীবৰ হ'ল । মই ভৈৰৱক উঠাই দিওঁগৈ ।
: ভৈৰৱ দা শুয়ে আছে নেকি প্ৰাণ দা...? প্ৰশ্ন কৰিলে ৰাজীৱে ।
: টোপনিত লালকাল হৈ আছে ।
: সচাঁকৈ নে...?
: উম...! কিয় মিছাকৈ কম নো...।
: উঠাই দিয়গৈচোন । ভাত খাই সোনকালে ঘৰলৈ যাব লাগিব । নহলে দাদাই গালি পাৰিব ।
: ক'ত যোৱাৰ কথা ভাবিছা ....! আজি ইয়াত থাকিব লাগিব ।
: থাকিব নোৱাৰোঁ প্ৰাণ দা । কলেজলৈ আহোঁ বুলি কৈহে ঘৰৰ পৰা ওলাই আহিছোঁ । যোৱা ৰাতিও ঘৰত নাই । আজি ঘৰলৈ যাবই লাগিব ।
: বাৰু খাই বৈ লোৱাচোন...! কি হয় সময়ত দেখা যাব । কথাষাৰ কৈ হাঁহি এটা মাৰি পাকঘৰৰ পৰা ওলাই আহিল প্ৰাণ । ৰাজীৱেও মাংসখিনি হতকেছত ভৰাই উলিয়াই আনিলে । গৌৰৱে ভাত ডাইলৰ প্ৰেচাৰ দুটা আনি মজিয়াতে থৈ কাঁহী কেইখনত ভাত কেইটা বাঢ়ি দিলে । ....মই ভাতখিনি বাঢ়ি দিছোঁ । মাছ- মাংস এইবোৰ নিজেই নিজেই লৈ ল'বা দেই ।
: হ'ব গৌৰৱ দা । টেঙা আছে যদি এটুকুৰা দিব ।
: প্ৰাণ ..., নেমু আনিছিলা নেকি...?
: পাহৰি থাকিলোঁ নহয় । আমৰ আচাৰ নাই জানো...! আচাৰকে লৈ আহা । প্ৰাণৰ কথা শুনি ষ্টীলৰ সৰু প্লেট এখনত আম কেইডোখৰমান উলিয়াই আনিলে গৌৰৱে ।
: thanks ৰাজীৱ , ৰাজীৱক ধন্যবাদ দিলে প্ৰাণদ্বীপে ।
: Thanks...! কিয়.....? প্ৰাণ দা
: এই গেলা গৰমটো তুমি ইমান ধুনীয়াকৈ মাংস ৰান্ধিছা । সেই বাবে ।
: মই কৈছিলোঁ নে নাই প্ৰাণ , মোৰ কলিজাটোৱে বৰ মজা মাংস ৰান্ধে । টপৰাই কলে ভৈৰৱে ।/p>
: তোৰ কপাল দেই ভৈৰৱ । পিছে ৰাজীৱ , মাজে সময়ে এনেকুৱা সুস্বাদু ব্যঞ্জন আমাকো খুৱাব লাগিব ।
: খুৱাম প্ৰাণ দা , চিন্তা কৰিব নালাগে । এদিন আমাৰ ঘৰলৈ যাব । গৌৰৱ দা , আপুনি নিমাত হৈ আছে যে....!
: কথা পাতি থাকিলে একো সুৱাদেই নাপাম । সেয়ে লৰালৰিকৈ খাই লৈছোঁ । হাঁহি হাঁহি ক'লে গৌৰৱে
হাঁহি ফুৰ্টি কৰি ভাত খাই থাকোঁতেই ৰাজীৱৰ ফোনটো বাজি উঠিল । ....ৰাজীৱ, তোমাৰ ফোন...,
: কোনে কৰিছে চাওঁকচোন প্ৰাণ দা ।
: যীশুৱে কৰিছে ।
: দিয়ক....! দিয়ক....! দাদাই ফোন কৰিছে । ভয়ে ভয়ে ককায়েকৰ ফোনটো ৰিচিভ কৰিলে ৰাজীৱে ।
: হেল্ল'...! দাদা
: ক'ত আছ....?
: মই লাইব্ৰেৰীত আছোঁ । উপন্যাস এখন পঢ়ি আছোঁ । কিয় ফোন কৰিছিলি...?
: মন্দিৰা কেতিয়াবাই ঘৰ পালেহি , সেয়ে ফোন কৰিছিলো । সোনকালে ঘৰলৈ আহ ।
: ঠিক আছে দাদা । বেছি নাই আৰু পঢ়ি শেষ হলেই যাম ।
কথাষাৰ কৈয়ে লৰালৰিকৈ ফোনটো কাটি দিলে ৰাজীৱে ।
: কি কলে দাদাই ....? প্ৰশ্ন কৰিলে ভৈৰৱে ।
: ক'ত আছোঁ সুধিছিল । সোনকালে ঘৰলৈ যাবলৈ কৈছে । ভৈৰৱ দা ভাত খাই বেছি সময় নকৰোঁ দেই ।
: ভাতকেইটা খাই লোৱাচোন ভালকৈ । মোৰো টিউচন আছে ।
: আজি ৰাতিটো থকা হ'লে ভাল লাগিল হেঁতেন ভৈৰৱ । বিশেষ প্ৰব্লেম নহয় যদি আজি থাকি দে ।
: আজি নাথাকোঁ প্ৰাণ । বেলেগ এদিন আহিম দুয়োটা । ৰূমটো চিনি পালোঁ যেতিয়া মন গ'লেই আহি যাম ।
: তহঁত দুটাৰ বাবে আমাৰ ৰূমৰ দুৱাৰ চিৰদিন খোলা থাকিব ।
: ধন্যবাদ প্ৰাণ । মোৰ হৈ গল দেই , মই উঠিছোঁ । কথাষাৰ কৈ পানীৰ বটলটো লৈ বাহিৰলৈ ওলাই গল ভৈৰৱ । পকা কুঁৱাটোৰ পাৰতে হাতখন ধুই ভিতৰলৈ সোমাই আহি বিচনাতে বহি দিলে ভৈৰৱ । ....ৰাজীৱ । মুখ হাত ধোৱা যদি ধুই আজৰি হৈ লোৱা ।
: তুমি ৰেডীয়ে হ'লা নেকি ভৈৰৱ দা...?
: মই ৰেডী হৈয়ে আছোঁ । তুমি ৰেডী হোৱা । গৌৰৱ ইয়াক কুঁৱাৰ পাৰলৈ লৈ যোৱাচোন ।
....আহাঁ ৰাজীৱ । কুঁৱাটোৰ পৰা পানী এবাল্টি তুলি ৱাছ ৰূমৰ পৰা ফেচৱাচটো উলিয়াই ৰাজীৱৰ হাতত দিলে গৌৰৱে । ....তুমি হাত মুখ কেইটা ধোৱা । মই বাচন কেইটা সামৰি লৈ আহোগৈ ।
: ঠিক আছে গৌৰৱ দা ।
হাত মুখ কেইটা ভালকৈ ধুই মুখখন কোমল টাৱেল খনেৰে মোহাৰি মুখত ক্ৰীম অকণ ঘঁহি ভৈৰৱৰ মুখ খনটো ক্ৰীম অলপ ঘঁহি দিলে ৰাজীৱে । ....এইবোৰ কিয় ঘঁহিলা ? গোটেইখন ঘামি যাব এতিয়া ।
: একো নহয় । এইবোৰ নঘঁহিলে ৰদে তোমাৰ ছালখন বেয়া কৰি পেলাব নহলে ।
: এইবোৰ কৰিবলৈ মোৰ সময়েই নাই দেখোঁন ।
: বেছি সময় নালাগে নহয় । কলেজলৈ ওলোৱা দহ পোন্ধৰ মিনিটৰ আগতে ঘঁহিলেই হ'ল ।
: হ'ব....! হ'ব....! বেগ লোৱা । প্ৰাণ গৈ থাকোঁ দেই ।
: ভাল লাগিল অহাৰ বাবে । যা...! ঘৰ গৈ ফোন কৰিবি । ৰাজীৱ বেয়া নাপাবা দেই । আকৌ আহিবা....
: নিশ্চয় আহিম প্ৰাণ দা । গৌৰৱ দা যাওঁ দেই , বাই..... বাৰাণ্ডাৰ পৰা গেটৰ বাহিৰলৈকে বাইকখন উলিয়াই দিলে প্ৰাণদ্বীপে । বাইকখন ষ্টাৰ্ট দি ৰাজীৱ বাইকত বহাৰ লগে লগেই তীব্ৰ বেগেৰে বাইকখন আগুৱাই নিলে ভৈৰৱে । ৰাঙলী বেলি লাহে লাহে পশ্চিমলৈ গতি কৰিছিল । গোটেই আকাশখনেই যেন সেন্দূৰীয়া হৈ পৰিছিল । জাক জাক বনৰীয়া হাঁহবোৰ গীত গাই গাই কোনোবা বিললৈ ঢাপলি মেলিছিল ।
ক্ৰমশঃ.....
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment