সৰু ছোৱালী এজনীক মাকে ৰামায়ণৰ কাহিনী শুনাইছিল। ৰজা দশৰথৰ তিনি গৰাকী ৰাণীৰ ভিতৰত কৈকেয়ীক ৰজাই বেছি গুৰুত্ব দিছিল। যাৰ বাবে ৰামৰ বনবাস হৈছিল। ছোৱালী জনীয়ে একান্ত মনে শুনি গৈছিল!!!( Assamese Storyboard )
মাকৰ সাধু শুনা ছোৱালীজনী আজি কাৰোবাৰ পত্নী হল। তাইৰ মাকক সুধিব মন গল
"মা ৰজা দশৰথে কৈকেয়ীক বেছি মৰম কৰোঁতে কৌশল্যাৰ মনৰ অৱস্থাতো কেনেকুৱা হব পাৰে?
নাৰীয়ে জানো প্ৰিয় পুৰুষক আন নাৰীৰ সান্নিধ্যত সহিব পাৰে"!!! মাকক সোধা নহল। মাক গুছি গল আকাশলৈ!!
এইবোৰ প্ৰশ্নই কুঁহিক উজুতিয়াই থাকে। জীৱনৰ সংজ্ঞা বোৰ বয়সৰ লগে লগে সলনি হৈ গৈয়েই থাকে। ৰামায়নৰ কাহিনী শুনা কুঁহি আজি বুজন হল। সেয়েহে তাই কৌশল্যাৰ বুকুৰ বিষ খিনি নিজৰ সৈতে মিলাই চালে। উস কি অসহ্য!!!!
সমীৰৰ লগত কথা কটা কটি হলেই কুঁহিৰ মনটো দুখত ভাগি পৰে। তাইক এই মানুহজনে কোনো দিনেই বুজি নাপালে। কুঁহিয়ে প্ৰতিদিনেই ভাৱে। তাইক বুজি পাওক। কুঁহিৰ মৰম সনা অন্তৰ এখন যে আছে সমীৰে অনুভৱ কৰক। তাইৰ বুকুত অহৰহ বান্ধি লৈ ফুৰা হেঁপাহবোৰ যে আজিকালি চকু পানীয়ে ধুব আৰম্ভ কৰিছে সমীৰে বুজক।। কুঁহি বৰ মৰম আকলুৱা। সেই বাবেই তাইৰ ইমান দুখ !! ৰজা দশৰথে কৈকেয়ীৰ লগত কটোৱা মধুৰ মূহুৰ্ত বোৰ কৌশল্যাৰ বাবে বিনিদ্ৰ ৰজনী হৈ উঠে। কুঁহিয়ে অনুভৱ কৰে।তাই চকু পানী ৰাখিব নোৱাৰে । স্বামীৰ মৰম সকলোৰে ভাগ্যত নাথাকে!!! সমীৰ কুঁহিৰ স্বামী। ৰজা দশৰথলৈ কুঁহিৰ মনত প ৰে ঘনাই!!!
সমীৰৰ প্ৰতিটো কামেই কুঁহিয়ে নিয়াৰিকৈ কৰি যায়। বহুত মৰম আৰু আন্তৰিকতা ঢালি দি ভাল পোৱা ছোৱালী তাই। বহুত অনুভৱ বুকুত বান্ধি ফুৰে। তাইৰ হয়তো সেয়াই দোষ। অনুভৱী মানুহে বৰ কষ্ট পায়। সমীৰে তাইৰ ভাৱ গধুৰতাক সস্তীয়া আবেগ বুলি কথাই কথাই তাছিল্য কৰে। অশ্লীল বাক্য বাণ নিক্ষেপ কৰে। কুঁহিৰ হৃদয় ভাঙি চুৰমাৰ হৈ যায়। তাই ভাবি যায়। কত ভুল তাইৰ। । বিশ্লেষণ কৰে । কুঁহি আৰু সমীৰৰ জীৱন গতি একেবাৰেই নিমিলে। বিয়াৰ পিছত স্বামী স্ত্ৰী উভয়ে নিমিলা অংক মিলাবলৈ চেষ্টা কৰি থকাটো কিমান যন্ত্ৰণাদায়ক বুজাই হে বুজে। কুঁহিৰ বিতৃষ্ণা জাগে। পৰিত্ৰাণৰ ৰাস্তা বন্ধ!!!
"কুঁহি কি ভাবি আছা ?" ৰুণু দেৱীয়ে কুঁহিৰ গাত ধৰি জোঁকাৰি দিলে।
"নাই বাইদেউ। মনটো ভাল লাগি থকা নাই"
টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে কুঁহিয়ে শেঁতা হাঁহি এটা মাৰিলে। ৰুণু বাইদেউয়ে মৰমেৰে কুহিৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ কুঁহিৰ দুচকুত চকু থলে। কুঁহিজনীয়ে ৰুণু বাইদেউৰ বুকুত সোমাই পৰিল। ৰুণু বাইদেউয়ে কুঁহিৰ পিঠিখনত হাতখন বুলাই দিলে। তেওঁ কুঁহিক বুজি পায়!!!
অসমীয়া বিভাগত অধ্যাপনা কৰিবলৈ কুঁহি যিদিনা এই মহাবিদ্যালয়ত ভৰি থৈছিল সেইদিনাৰ প্ৰথম চিনাকি মানুহ গৰাকী আছিল ৰুণু দেৱী। সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী এই গৰাকী ৰুণু দেৱী এগৰাকী ডিভোৰছী। কুঁহি আচৰিত হৈছিল।মৰমেৰে ভৰুন হৃদয়ৰ ৰুণু বাইদেউৰ বৈবাহিক জীৱন ইমান দুখৰ!! এক পক্ষীয় মৰম চেনেহেৰে সংসাৰ চলাব পাৰি জানো? বিবাহ সফল কৰিবলৈ দুটা পক্ষৰ সমান সহযোগ দৰকাৰ।
শিক্ষিত নাৰী এগৰাকীক যেতিয়া স্বামীয়ে চৰ মাৰি মুখেৰে তেজ উলিয়াই দিব সেই নাৰীৰ মানসিক স্থিতিয়ে কি ৰূপ লব? যৌৱনৰ দলিচাত প্ৰথম খোজ থোৱাৰ দিনৰে পৰাই নাৰীয়ে কঢ়িয়াই লৈ ফুৰে এজন সপোনৰ ৰাজকুমাৰক। সেই সপোনৰ ৰাজকুমাৰে বিয়াৰ পিছত অবাইছ মাতেৰে নাৰী সত্বাক বাৰে বাৰে অপমান কৰিব। সেই নাৰীৰ বুকু খনৰ গৰম হুমুনিয়াহ বোৰ বৰফ হবলৈ আৰম্ভ নকৰিব নে? চেনেহ সনা মুখখন আৰু সপোন দেখা চকুহাল ক্ৰমে বিবৰ্ণ হৈ যাব। ডেউকা ভঙা পক্ষীলৈ সলনি হয় এই নাৰী। ৰুণু বাইদেউয়ে আবেগিক হৈ কৈ গৈছিল তেওঁৰ নৰকৰ যন্ত্ৰণা। ধিক এই জীৱন!!!
"এই কুঁহি ক্লাছ নাই?"
কুঁহিৰ কলিগ ৰুদ্ৰানীয়ে সুধিলে।
"এইটো অফ আছে ৰুদ্ৰানী"
দামী পাৰফিউমৰ গোন্ধ এটা কমন ৰুমৰ চৌপাশে সিঁচৰতি হৈ পৰিল
ৰুদ্ৰানী বৰুৱা ইংৰাজী বিভাগৰ অধ্যাপক। সৰুৰেপৰা অসমৰ বাহিৰত ডাঙৰ হোৱা বাবে তাইৰ জীৱন শৈলীটো অলপ বেলেগ। দামী প্ৰসাধন। ব্ৰেন্দেদ সাজসজ্জা তাই ভাল পায়। ৰূদ্ৰানী সকলোৰে প্ৰিয় নহয়। কুঁহিক তাই ভাল পায়। মৰম কৰে। কুঁহিয়ে ৰূদ্ৰানীক দেখি বৰ সুখ অনুভৱ কৰে। সিহঁত প্ৰায় একে ব য় স ৰ।ৰুদ্ৰানীৰ স্বামী অসীম বৰুৱা চহৰৰ নামী ডাক্তৰ। দুয়ো বৰ সুখী। কুঁহিৰ দুখ লাগে। তাইৰ হে সমীৰ টো......!( Assamese Storyboard )
"ই স একেবাৰে সতী নাৰী ওলাইছে। সংসাৰখন চলাব নোৱাৰিলে বিভাগ চলাব আহিছে। গিৰিয়েকৰ মাৰ খাওতেই জন্ম গল...."
অচ্যুত শৰ্মা চাৰে বকি বকি চকীখনত ধপছ কৈ বহি পৰিল। কুঁহিয়ে বুজি পালে। শৰ্মা ছাৰৰ লক্ষ্য ৰুণু বাইদেউ। ৰুণু বাইদেউৰ কাষ চাপিব নোৱাৰি আঙুৰ টেঙা হল। একেটা বিভাগতে চাকৰি কৰি বিবাহ বিচ্ছেদ হোৱা মহিলা এগৰাকীক ইমান বেয়া কথা কব পাৰে!! কুঁহিৰ অচ্যুত শৰ্মাৰ প্ৰতি ঘিণ উপজিল।হায় স্বাৰ্থ পৰ মানৱ। ৰুণু বাইদেউ য়ে যদি অচ্যুত শৰ্মা ছাৰৰ ইংগিতত সন্মতি দিলেহেতেন তেতিয়া.... উস ভাবিব মন নগল কুঁহিৰ। বেগৰ পৰা প্ৰান্তিকৰ সেই মাহৰ সংখ্যাটো উলিয়াই তাই পাত লুটিয়াই গল। ৰুণু বাইদেউৰ সহজ সৰল বুদ্ধি দীপ্ত মুখ খনে তাইক আমনি কৰি থাকিল।
কুঁহি য়ে তাইৰ দহ বছৰীয়া বৈবাহিক জীৱনৰ সাক্ষী ঘটনা বোৰ যুকিয়াই গৈ থাকিল। কিমান যে সপোন আছিল।বিয়াৰ পিছতে সমীৰে তাইক কলেজত থবলৈ যায়। সকলোৱে কুহিক ইৰ্ষাৰ চকুৰে চায়। ইমান ধুনীয়া জীৱন। সেইয়া যে মৰীচিকাহে মাথো। কুঁহিয়ে বুজাই নাছিল। আনন্দৰ জোৱাৰত উটি ফুৰিছিল। তাই ৰুণু বাইদেউক এদিন বেয়াই পাইছিল। কথাৰ প্ৰসংগত বাইদেউয়ে কৈছিল
"বৈবাহিক জীৱন এখন নপঢ়া উপন্যাসৰ দৰে। পঢ়ি উঠাৰ পিছত সেইখনৰ প্ৰতি আগ্ৰহটো কমি যায়। অনাদৰ কৰি পেলায়ও দিব নোৱাৰি। এচুকত থৈ দিয়া হয়। এলাগী হৈ পৰে।"
সেইদিনা ৰ ৰুণু বাইদেউৰ দৃষ্টিত আজি তাই নিজৰ অভিজ্ঞতা লব্ধ চকু থব পাৰিছে। আজি ভালকৈ বুজিছে। ৰুণু বাইদেউৰ কথা খিনি ইমান সঁচা আছিল!! অভিজ্ঞতাই মানুহক সমৃদ্ধ কৰে।
মনৰ পৰিসৰৰ অনুপাত নিমিলিলে বৰ কষ্ট হয়। অফিচৰ মহিলা কলিগ বোৰৰ মাজত সমীৰ ৰ যথেষ্ট চাহিদা। কুঁহিয়ে সকলো বুজে। কৌশল্যা লৈ মনত পৰে।
ৰুদ্ৰানী বহুদিনৰ মূৰত কলেজলৈ আহিছে। মুখ খন মলিন। চুলিবোৰ আউলী বাউলী। বহুদিন যেন টোপনি ক্ষতি।
কুঁহি ৰুদ্ৰাণীৰ কাষলৈ গল। কান্দোনত ৰুদ্ৰানী ভাগি পৰিল। থোকা থুকি মাতেৰে তাই কৈ গল
"মোৰ মানুহ জনে সদায় মদ খায়। প্ৰথমতে মোৰ বৰ বেয়া লাগিছিল কুঁহি। লাহে লাহে অভ্যস্ত হলো। কিমান কাজিয়া কৰিবা। সুখ বিছাৰিলো তাৰ মাজতেই। মদ খোৱাৰ পাছত তেওঁৰ যিটো ৰূপ লয় মোৰ ঘৃণা আহে। জীৱনটো অসহ্য হৈ পৰে কুঁহি। সহ্য কৰোঁ সকলো। কিন্তু আজি.....
"
"আজি কি হল ৰুদ্ৰা নী?"
ৰুদ্ৰানী য়ে হুমুনিয়াহ এৰিলে। অসীম বৰুৱাই আন এগৰাকী নাৰীৰ ওচৰলৈ একেবাৰেই গুছি গল।
বহু কথা সাঁচি ৰাখিব পাৰে এগৰাকী নাৰীয়ে। কঢ়িয়াই লৈ ফুৰে বেথা । ৰুদ্ৰানী কুঁহিহতক দেখিলে কোনে কব যে এই নাৰী অসম্পূৰ্ণ। প্ৰতিটো মূহুৰ্তত মুক্তি বিচাৰে। মুক্তিৰ বাট যে ৰুদ্ধ!!
কুঁহিয়ে বহু নিশা উজাগৰে কটাই বাট চাই ৰয় ৰাতিপুৱাৰ কোমল বেলি টোলৈ।জানোচা পোহৰ দেখে। বেজাৰ বোৰ বুকুত সামৰি দৈনন্দিন ক্ৰমত পুনৰ থিয় হয়। আগবাঢ়ি যায় ইটো ঘাটৰ পৰা সিটো বালি চৰলৈ। আকৌ ৰান্ধে সমীৰে ভালপোৱা ৰৌ মাছৰ সৈতে থেকেৰা টেঙাৰ লগত কণী দিয়া ঢেঁকীয়া শাকৰ শুকান ভাঁজি। পাহৰিবলৈ চেষ্টা কৰে সমীৰৰ অত্যাচাৰ। কুঁহি আৰু সমীৰৰ এক মাত্ৰ সন্তান জোনাক। সি যেতিয়া মা বুলি কুঁহিক নিশা সাৱটি লয় কুঁহি য়ে ভাবে........
তোৰ জীৱন নাও খন এনেদৰেই গৈ থাকিব। অন্তহীন এক যাত্ৰা। গতি সলাব নোৱাৰ তই। ৰুণু বাইদেউ হবলৈ মন যায়। নোৱাৰে কুঁহিয়ে। অচ্যুত শৰ্মা চাৰহতৰ নিচিনা মানুহ বোৰক তাই ভয় কৰে। জোনাকক বুকুত জোৰেৰে সাৱটি লয়। তাক পিতৃৰ মৰমৰ পৰা আঁতৰ তাই নকৰে। এদিন সি কুঁহিক প্ৰশ্ন কৰিব। তাই কি উত্তৰ দিব? কব পাৰিব জানো তাৰ দেউতাকৰ কথা! কলেই জানো সি কুহিক বুজিব! নালাগে থাকক একেটা ঘা ট তে। ত্যাগ আৰু ধৈৰ্য বুকুত বান্ধি আগুৱাই যাব। লগত সমীৰ থাকক বা নাথাকক। জোনাক থাকিলেই হব কুহিৰ জীৱন ত পূৰ্ণিমা.......
কৌশল্যাই ও স হি চি ল। ৰামক বুকুত সাৱটি আগুৱাইছিল..........
ড o মৰমী চৌধুৰী
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment