মানুহ হলেই নহব,মানৱীয়তা গুণও থাকিব লাগিব : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 4, 2021

মানুহ হলেই নহব,মানৱীয়তা গুণও থাকিব লাগিব : Assamese Storyboard

Assamese Storyboard

চাৰিআলিটোত একেলগে কেইবাখনো দোকান। চাহৰ দোকান , পান তামোল,কাপোৰ , গেলামাল, ষ্টেচনেৰী, বেকাৰী, আইচক্ৰীম ইত্যাদি( Assamese Storyboard )। প্ৰতিখন দোকানত গ্ৰাহক আছে। মাজতে থকা এখন বন্ধ দোকানৰ ভিতৰৰ পৰা কেইদিনমান ধৰি মেকুৰী এটাই মেও মেও কৰি আছে। সকলোৱে অনুমান কৰিলে মেকুৰীৰ পোৱালি। মাতটো সৰু। বন্ধ দুৱাৰখনৰ ওচৰলৈ আহি মেও মেও কৰি থাকে। বাহিৰত মানুহৰ সমাগত বেছি হ'লে বেছিকৈ মেও মেও কৰে। বোধহয় সহায় ভিক্ষা কৰে, উদ্ধাৰ কৰিবলৈ। লাহে লাহে পোৱালিটোৰ মাত কমি আহিল। ভালেমান সময়ৰ মুৰত সেহাই সেহাই মে ও মে ও কৈ দিয়ে।


সকলোৰে চিন্তা, মেকুৰীটো ভিতৰত মৰিলে দুৰ্গন্ধ ওলাব। কিন্তু কোনেও উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা নাই। ওচৰৰ দোকানী এজনে ক'লে যে মৰাৰ আগতে তাক যেনে তেনে বাহিৰ কৰিব লাগে। নহলে দুৰ্গন্ধত দোকানবোৰ বন্ধ হ'ব। দুজনমানে বন্ধ দুৱাৰখন অলপ হেচি থেলি দি চেষ্টা কৰিলে। লগে লগে পোৱালিটো শেহাই শেহাই ওচৰলৈ আহিল। কিছু সময় পিছত যেনে তেনে দুৱাৰখন অলপ মেল খুৱাই মেকুৰী পোৱালিটোক উলিয়াই আনিলে। কিন্তু সি বহুত দুৰ্বল। লৰচৰ কৰিবলৈ শক্তি নাই। কোনোবাই কলে মৰাৰ আগতে নলাত পেলাই দে। কোনোবাই ভৰিৰে থেলি দিলে। কিন্তু কোনেও একো খাবলৈ দিয়াৰ প্ৰয়োজন অনুভৱ নকৰিলে। পোৱালিটোৱে শেহাই শেহাই মেও মেও কৰি থাকিল। এনতে কান্ধত এখন বস্তা লৈ জৰাজীৰ্ণ কাপোৰ পিন্ধা ল'ৰা এজন আহিল। সি পানীৰ বটল, প্লাষ্টিক আদি বিচাৰি ফুৰে। চিগাৰেট হুপি থকা ল'ৰা এজনে ক'লে -" ঐই ল'ৰা, পোৱালিটো লৈ যা , মৰিব নহলে।"( Assamese Storyboard )

--" কলৈ নিম ।'

-" ঘৰলৈ লৈ যা। কিবা খাবলৈ দিবি।"

-" নিজৰেই থকা ঘৰ নাই, মেকুৰীটো নি কত ৰাখিম।"

--" তহতে যতে থাক তাতেই ৰাখিবি ।"

--" আপুনি লৈ যাওক। ঘৰ আছে, টকা আছে'। "

-" ঐ , কি কৈছ, এক লাথ মাৰিম। ভিক্ষাৰী চালা।" চিগাৰেট হুপি হুপি ল'ৰাজন গুছি গ'ল। 


        জাবৰ বুটলি ফুৰা ল'ৰাজনে মেকুৰী পোৱালিটোক তুলি ল'লে। সি ওচৰৰ দোকানৰ পৰা টাজা গাখীৰ পেকেট এটা আনি মাটিত অকনমান পেলাই দি  পোৱালিটোক খাবলৈ দিলে। পোৱালিটোৱে যেন জীৱন দানহে পালে। চেলেকি চেলেকি গাখীৰ খালে। আকৌ দিলে , আকৌ খালে । পৰম তৃপ্তিৰে গাখীৰ খাই পোৱালিটোৱে ল'ৰাজনৰ ফালে কাতৰ ভাবে চাব ধৰিলে, যেন তাৰ ভোক পলোৱা নাই। এনেতে পোৱালিটোৰ মাক আহি ওলাল। বহুদিন সন্তানৰ মুখ নেদেখি মাকে পোৱালিটোক চেলেকি মৰম কৰিব ধৰিলে আৰু ল'ৰাজনৰ ফালে ছাই মেও বুলি কৈ চকু মুদি দিলে। নিশ্চয় ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। এটা এটাকৈ মানুহ বোৰ আতৰি গ'ৰ। ল'ৰাজনে পুনৰ গাখীৰ খাবলৈ দিলে। কিছু সময় গাখীৰ খাবলৈ দিয়াৰ পাছত মাকে পোৱালিটোৰ গলত কামুৰি ধৰি তাৰ পৰা আতৰাই লৈ গ'ল। অলপদুৰ গৈয়ে মেকুৰী হালে ল'ৰাটোৰ ফালে উভতি চালে, জাবৰ বুটলি ফুৰা সৰু ল'ৰাজনৰ মুখত এক অনাবিল তৃপ্তিৰ হাহি বিৰিঙি উঠিল।


Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages