মাকৰ ঘৰ গৈ পায়ে, নিজৰাই ঘৰৰ দুৱাৰ খট খটালে। তেতিয়া দুৱাৰ নিজৰাৰ দেউতাকে খুলিলেহি। ( Assamese Storyboard )
অ, মাজনী,আহা, আহা,আচৰিত ভাৱে জীয়েকক দেখা পায়, দেউতাকৰ মুখখনি জিলিকি উঠিল। নিজৰা, ভিতৰলৈ আহিয়েই চোফাখনত বহি পৰিল। ভাগৰি গল তাই! মই এতিয়াই তোমালৈ তুমি ভাল পোৱা আদা দিয়া ৰঙা চাহ বনাই আনোগৈ। এয়া কৈয়ে, দেউতাক পাকঘৰলৈ গলগৈ।
অ, দেউতা, কি আশা বাই কামলৈ নাই অহা নি!
দেউতাকে কলে, মাজনী আজি মোৰ দৰকাৰী কাম এটাৰ বাবে গুৱাহাটীলৈ যাব লগীয়া আছে। সেইবাবে আশাই সোনকালে কাম বন কৰি গুচি গল।এতিয়া মই ভাৱিছো, বাছৰ টিকেট কেঞ্চেল কৰি দিওঁ।
নিজৰাই কলে, দেউকা আপুনি গুচি যাওক। কিছুদিন এতিয়া মই ইয়াতেই থাকিম।
মাজনী, কমল কিয় নাহিলে!
নিজৰাই কলে, দেউতা, কমল অফিচৰ কামৰ বাবে দিল্লীলৈ গৈছে। সেইবাবে মই আপোনাৰ ওচৰলৈ থাকিবলৈ আহিছো। দেউতাকৰ লগত কথা পতা পাছত, নিজৰাৰ মনটো পাতল হৈ পৰিছিল। কিন্তু দেউতাক গুৱাহাটীলৈ যোৱাত তাইৰ মনটো উদাশ হৈ পৰিছিল। নিজৰাই ভাৱিবলৈ ধৰিলে, মাকে এই পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ পাছত, দেউতাকে, তাইক দুয়োৰে মৰম দিলে। মই অকলশৰীয়া সন্তান হলে কি হব! সকলো আপোন লোক হৈও যিমান মৰম দিব নোঁৱাৰে, সেয়া দেউতাই অকলেই মোক দিলে। আৰু এতিয়া তেওঁক কেনেকৈ কওঁ যে, শহুৰৰ ঘৰখনে মোৰ ঘৰ। শাহুমাৰ ৰূপত মোৰ হেৰাই যোৱা মাক পুনৰ ঘূৰাই পাম, শহুৰ দেউতাই, মোৰ দেউতাৰ দৰে স্নেহ দিব।সেয়াই আশা আছিল মোৰ! কিন্তু বিচৰা ধৰনে সকলো সম্বন্ধকে পোৱা নাযায়। তাতে আকৌ আনক কেনেকৈ দুখ দিওঁ, যত মোৰ জীৱন সংগীয়েই মোৰ পৰা দূৰে দূৰে থাকে। বিয়াৰ ৩বছৰ পাৰ হৈ যোৱা পাছটো মৰম আৰু আকুলতাৰ বাবে বাট চাই ৰৈছো। আশা আছিল যে, এটা নতুন জীৱন আহিলে, তেতিয়া আমাৰ জীৱনত নতুন ৰং সানি দিব। আজি মোৰ কোনো সন্তান নাই! সেইবাবে কি মোৰ দুখ নাই নি! নিজৰাই, পুনৰ সকলোবোৰ মনত পেলাই কঁপি উঠিল।
বিবাহ পাশত আৱদ্ধ হৈয়ে, তাই চাকৰি জীৱন ত্যাগ কৰিব লগা হল। সম্পূর্ণ দিনটো ঘৰৰ কাম অকলে কৰি, দুষাৰ মিঠা মাত শুনা পাবলৈ অপেক্ষা কৰি ৰৈছিল। স্বামী কমল, নিজৰ পৃথিৱীতে ব্যস্ত হৈ ৰৈছিল। নিশা, কিছু আশাৰে তাই কমলৰ কাষ চাপিলত, তেতিয়া কমলৰ ব্যৱহাৰ এনে আছিল যেন, তাইৰ ওপৰত সি দয়া দেখুৱাইছে। এটা সন্তানৰ অপেক্ষাত নিজৰাই তিনিটা বছৰ পাৰ কৰি দিলে। অৱশেষত এদিন কমলে, নিজৰাক ডক্টৰৰ ওচৰলৈ লৈ গল। ডক্টৰে, কমল আৰু নিজৰাৰ বাবে কিছুমান টেষ্ট লিখি দিলে। সেইদিনা নিশা, কমলে অনলাইন হোৱা ৰিপোৰ্ট চাই আছিল। আৰু নিজৰাৰ বিচনাতে বাগৰি ৰিপোৰ্টৰ লৈ বাট চাই আছিল। কিছু সময়ৰ পাছত কমলে, দুখ কৰি কলে যে, নিজৰা, তুমি আৰু কেতিয়াও মাতৃত্বৰ সুখ নোপোৱা।
এই কথা শুনিয়েই নিজৰাই চিঞঁৰি চিঞঁৰি কান্দিবলৈ ধৰিলে। আৰু কলে, কমল, এনে সমস্যাৰ পৰা বহু মহিলা মুক্ত হৈছে। ইয়াৰ বহু চিকিৎসা আছে। আমি কালিলৈয়ে ডক্টৰৰ ওচৰলৈ যাম।
কমলে কলে, নিজৰা, এতিয়া আৰু কোনো প্ৰয়োজন নাই। তোমাৰ এই কথাৰ হাঁহিৰ পাত্র কৰিবলৈ। কোনোবাই সুধিলে কম যে, এতিয়া আমাক সন্তান নালাগে। ইয়াৰে পাছত পাচদিনা পোৱা, কমলে মাকক ৰিপোৰ্টৰ কথা কলে। তাৰপাছত আৰু কি !শহুৰৰ ঘৰত নিজৰাৰ মান সন্মান লাহে লাহে কম হৈ আহিবলৈ ধৰিলে। শহুৰ দেউতাই বাৰে বাৰে কমলক শুনাবলে নাপাহৰিছিল যে, তেওঁৰ সম্বন্ধীয় এজন ভায়েকে, নিজৰ বোৱাৰীয়েক মাক হব নোঁৱাৰা স্হিতিত, নিজৰ একমাত্র পুত্রক ডিভোর্স দি, তাৰ দ্বিতীয় বিবাহ কৰোৱাইছিল। কমলেও এতিয়া, প্ৰায়ে নিজৰাক জেঙেৰা মাৰিছিল। আৰু কৈছিল, সদায়ে কিয় মুখখন ফুলাই থাকা! যিমান পাৰা মোৰ ওচৰলৈ এই কুলক্ষণীয়া মুখখনি লৈ নাহিবা।
তাৰেমাজতে, তেজপুৰৰ পৰা কমলৰ জেঠাইয়েক আহিল। নিজৰাই আনদিনাৰ দৰে, তেওঁৰ আদৰ সন্মান কৰিলে। জেঠাইয়েক, সোনকালেই নিজৰাক ভাল খবৰ শুনোৱাবলৈ আৰ্শীবাদ কৰিলে। তেতিয়া কাষতেই ৰৈ থকা নিজৰাৰ শাহুমাকে তপৰাই উত্তৰ দিলে, সপোন দেখিবলৈ এৰি দিয়ক বাইদেউ! এতিয়া এই সুখ আমাৰ জীৱনত আৰু নাই। আমাৰ ঘৰখনে লৰা ছোৱালীৰ মাত শুনিবলৈ আৰু নাপাব।
এই কথা শুনি জেঠাইয়েক কলে, এয়া কি কৈছা! নিজৰাক দেখা পায় এনে নালাগে যেন, তাইৰ কিবা দুখ হৈছে? নিজৰ এই কথাত! নাৰীৰ সকলো সুন্দৰতা মিছা হৈ ৰয়, যেতিয়া তাই নিজৰ পৰিয়ালক এটা সন্তানৰ সুখ দিবলৈ অক্ষম হয়। জেঠাইয়েকৰ কথা শুনি, তাৰপৰা মনে মনে নিজৰা আঁতৰি আহিল। অপামান আৰু দুখত ভাঙি পৰি, নিশা এই সকলোবোৰ কথা যেতিয়া নিজৰাই কমলক কলে, তেতিয়া কমলে কলে, কাৰ কাৰ মুখ বন্ধ কৰিবা! একো ভুল কথা কোৱাটো নাই, মা আৰু জেঠাইয়ে!
জানা নহয়, কাইলৈ পুৱা ৮বজাত মোৰ ফ্লাইট আছে দিল্লীলৈ! ভাৱিছিলো যোৱাৰ আগতে, তোমাক সুখী কৰি যাম। কিন্তু তুমি সকলো আনন্দই শেষ কৰি দিলা। এতিয়া লাইট বন্ধ কৰি শুই যোৱা।
নিজৰাই কলে, মইও কাইলৈ দেউতাৰ ওচৰলৈ যাব বিচাৰো। তেওঁৰ গাটো ভাল নহয়। প্ৰথমবাৰলৈ নিজৰাই, কমলক মিছা মাতিলে। দেউতাকে ফোন কৰা বুলি, নিজৰা আজি দেউতাকৰ ঘৰলৈ আহিল। নিজৰাই এতিয়া নিজৰ ভাবনাৰ সাগৰত থাকোতে, সেই সময়তে দুৱাৰৰ বেল বাজি উঠিল। নিজৰাই দুৱাৰ খুলিলত সন্মুখত ভাষ্কৰক দেখা পালে। যি, নিজৰাৰ ঘৰৰ কাষতে থাকিছিল। দুয়োৰে বন্ধুত্ব পুৰণি আছিল। দুয়ো একে স্কুলতে পঢ়িছিল। পাছত উচ্চ শিক্ষাৰ বাবে, ভাষ্কৰ বেংগালোৰলৈ গুচি গৈছিল। আৰু এম, বি, এ, কৰা পাছত তাতে এটা কোম্পানিত চাকৰি কৰিবলৈ ধৰিলে। ভাষ্কৰৰ এখন ভৰি পলিঅৰ বাবে বহুত দূৰ্বল আছিল। কিন্তু, ভাষ্কৰৰ মনত, নিজৰাৰ বাবে বিশেষ স্থান আছিল। কিন্তু বিয়াৰ পাছত, নিজৰা দেউতাকৰ ঘৰলৈ অহাটো কম হোৱাত,কমলক লগ পোৱাটো কম হৈ পৰিল। কিন্তু নিজৰাৰ বন্ধুত্ব সদায়ে যেন তাৰ লগতে থাকি, তাৰ হাতত ধৰি ভাষ্কৰৰ লগত আগবাঢ়ি গল। ভাষ্কৰ আহিলত, নিজৰা আগৰ ৰঙীন পৃথিৱীত সোমাই পৰিল। কথা বতৰা শেষে নোহোৱা হল। পুৰণি বন্ধুত্ব, স্কুল আৰু কলেজৰ শিক্ষক শিক্ষয়ত্ৰী কথা আৰু ৰঙীন বতৰত সকলো সোমাই পৰিছিল নিজৰা আৰু ভাষ্কৰৰ কথা বতৰাত। নিজৰাই নিজৰ দুখ বেদনা মনতে ৰাখিলে। কাৰণ তাই, ভাষ্কৰৰ মন বেয়া লগাব বিচৰা নাছিল। কিন্তু তাই পাহৰি গৈছিল যে, ভাষ্কৰৰ দৰে বন্ধুয়ে, তাইৰ হাঁহি দেখা পায়ে অনুমান কৰিব পাৰে যে, তাই চিন্তিত! ( Assamese Storyboard )
কিছু সময়ৰ কথা বতৰা পাছত, ভাষ্কৰে আচৰিত ভাৱে সুধি দিলে, নিজৰা, কি আমি আমাৰ পুৰণি দিনৰ কথাকে পাতি থাকিম নি! নে, নিজৰ নতুন জীৱনৰ কথাও পাতিম।
নিজৰাই কলে, ভাষ্কৰ, মোৰ জীৱনটো, অন্য বিবাহিত মহিলাৰ দৰেই হয়। শাহু, শহুৰ, স্বামীক, চোৱা চিতা কৰা, এয়াই আৰু। তুমিয়েই কিবা কোৱাচোন! এজনী ধুনীয়া, জীয় থকা মহিলা নিজৰ স্বামী পৰা বহু আঁতৰত, আৰু এবাৰলেও তেওঁৰ বিষয়ে একো কোৱা নাই।
ভাষ্কৰে কলে, নিজৰা, তুমি লুকুৱাইছা! ভাষ্কৰে বাৰে বাৰে সুধাত, নিজৰাই, নিজৰ সকলো কথা বিৱৰি কলে। নিজৰাৰ কথা শুনি, ভাষ্কৰে কলে, নিজৰা, ভাষ্কৰে, অনলাইন ৰিপোৰ্ট চাইছিল! কিন্তু সেই ৰিপোৰ্টৰ প্ৰিন্ট উলিয়াব লাগিছিল। কথা এনেকুৱা নহয় যেন, তুমি নহয় সিও!
ভাষ্কৰৰ কথা মাজতে, নিজৰাই কয় উঠিল, বিশ্বাসটো হোৱা নাই যে, কমলে ইমান ডাঙৰ মিছা মাতিব পাৰে বুলি! তাৰপিছত চাহ খায়, ভাষ্কৰ গলগৈ।
যেতিয়ালৈকে নিজৰাৰ দেউতাক অহা নাছিল, তেতিয়া লৈকে প্ৰতিদিনে, ভাষ্কৰে, নিজৰাক লগ কৰিবলৈ আহিছিল। দেউতাক আহিলত, নিজৰা যেন এজনী কণমানি ছোৱালী হৈ পৰিল। কিন্তু, নিজৰা, মাক হব নোৱাঁৰাৰ কথা, দেউতাকক কব বিচৰা নাছিল। নিজৰ দুখক অন্তৰতে ৰাখি, দেউতাকৰ স্নেহত প্ৰতিপলে উমলি থকা, নিজৰাৰ ১০দিন কথা বতৰা আৰু হাঁহি ধেমালিৰ মাজত কেতিয়া পাৰ হৈ গল, একো গমকে পোৱা নগল। কমলৰ ঘৰলৈ যাবৰ দিনা, পুৱাৰ আহাৰৰ বাবে ডায়িনিং টেবুলত বহোতেই, নিজৰাৰ মূৰ ঘূৰালে। তেতিয়া তক্ষনাৎ দেউতাকে তাইক ডক্টৰৰ ওচৰলৈ লৈ গল। ডক্টৰ মৃদুলাই কিছু পৰীক্ষা কৰি দৰৱ দিলে। আবেলিলৈকে, নিজৰা একাবেৰে সুস্থ হৈ উঠিল। দেউতাকে বিচাৰিছিল, তাই সেইদিনা তাতে থকাটো, কিন্তু নিজৰাই অহাটোয়ে ঠিক বুজিলে। কাৰণ পুৱাই, কমল দিল্লীপৰা আহি পাইছিল। সেইবাবে লৰালৰিকৈ, নিজৰা নিজৰ শহুৰৰ ঘৰলৈ ওলাই আহিল। তেতিয়া দেউতাক আৰু ভাষ্কৰে ভাৱিলে, নিজৰা গৈ পোৱাত যাতে পলম নহয়, সেইবাবে তাইৰ ৰিপোৰ্ট ফোনতে পথিয়াই দিব। আনফালে নিজৰা, কমলৰ ঘৰ পাবলৈ লওঁতেই, তাইলৈ ভাষ্কৰে পথোৱা,ৰিপোৰ্টৰ ফটো পালে। যেতিয়া, নিজৰাই ৰিপোৰ্টৰ ফটো ডাওনলোড কৰি যি দেখা পালে, তাই নিজৰ চকুহালকে বিশ্বাস কৰিব পৰা নাছিল। ৰিপোৰ্টে কৈছিল যে, তাই গৰ্ভৱতী।
নিজৰাৰ মনটো বলীয়াৰ দৰে জপিয়াবলৈ ধৰিলে। তাই সোনকালেই, কমলক লগ পায় এই সুখবৰ শুনুৱাবলৈ বিচাৰিছিল। উৎসাহেৰে নিজৰাই দৌৰ মাৰি যেতিয়া কমলৰ কাষ পালেগৈ, আৰু কলে, কমল মই গৰ্ভৱতী, এয়া চোৱা ৰিপোৰ্ট। নিজৰাৰ কথা শুনি, কমল আচৰিত হৈ পৰিল। এয়া কেনেকৈ হব পাৰে!
কমলে কলে, চোৱা নিজৰা, দৰাচলতে কথা এয়া যে, মই কেতিয়াও দেউতাক হব নোঁৱাৰো। এই কথা শুনি নিজৰা থৰ লাগিল। আৰু এনে লাগিল তাইৰ যেন মূৰ ঘূৰাই ধলি পৰিব। কমলে কব ধৰিলে, নিজৰা, মই জানিব পাৰো নে, এই সন্তানটো কাৰ! সেই ভাষ্কৰৰ টো নহয়! যিয়ে তোমালৈ এই ৰিপোৰ্ট পথিয়াইছে! এইবোৰ কথা চলি থাকোতেই, ভাষ্কৰৰ ফোন আহিল।
ভাষ্কৰে কলে, নিজৰা, মই এতিয়া যি ৰিপোৰ্ট তোমালৈ পথিয়াইচিলো, দৰচলতে সেয়া তোমাৰ ৰিপোৰ্ট নহয়।। মই এতিয়াই ওৱাটচাপত তোমাৰ সচাঁ ৰিপোৰ্ট পথিয়াই আছো, কোনো চিন্তাৰ কাৰণ নাই, কেৱল অলপ ইনফেকশন হৈছিল। তাৰপিছত ভাষ্কৰে ফোন ৰাখিলে।
কমলক যেতিয়া নিজৰাই কলে, সেয়া ৰিপোৰ্ট তাইৰ নাছিল বুলি, তেতিয়া কমলৰ খংতে কলে, অ এতিয়া তুমি বন্ধুৰ লগ হৈ, মোৰ ওপৰত হাঁহিবলৈ আৰম্ভ কৰি দিলা। নাজানো আৰু নিজকে নিজে কি বুলি ভাৱা আৰু!
নিজৰাই কলে, নিজে কৰা ভুলত, লাজ পোৱাৰ সলনি, ওলোটাই তুমি মোৰ আৰু মোৰ বন্ধুৰ ওপৰত দুখ জাপি দিছা।। এতিয়ালৈকে তোমাৰ ব্যৱহাৰক তোমাৰ স্বভাৱ বুলি ভাৱি, সহ্য কৰি আছিলো। কিন্তু তুমি মোক প্রথম দিনাৰেপৰাই মোক কথা শুনোৱাৰ সুবিধা বিচাৰি ফুৰা। কি হব যদি, স্বামী স্ত্রীৰ মাজত কোনোবা এজন সন্তান জন্ম দিবলৈ অসমৰ্থ হয়। সেয়া তুমিও হব পাৰা, নহলে মইও। স্বামী স্ত্রীৰটো সম্বন্ধটো মৰম ভালপোৱা দ্বাৰা শক্তিশালী হৈ থাকে। এতিয়া তুমি কোৱা, মই গৈ সকলোকে সত্য কথাটো কওঁ গৈ নে! যে তোমাৰ ভিতৰত পুৰুষ হোৱাৰ শক্তি নাই। এই কথা শুনিয়ে, কমলে হাতযোৰ কৰি কলে, নিজৰা, মোক ক্ষমা কৰি দিয়া। তুমি সচাঁই কৈছা, আমাৰ ভাগ্যত সন্তানৰ সুখ নাই। কিন্তু তাতে কি হল, আমি দুয়োয়ে এজনে আটজন লগত প্ৰেমেৰে থাকিব পাৰো। তাৰপিছত নিজৰাই কমলক ক্ষমা কৰি দিলে।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment