কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১৭ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 14, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১৭ ) ? Assamese Storyboard

Assamese Storyboard

 

ঘৰলৈ গৈ পোৱাৰ পাছত যেতিয়া ৰিয়াই ফ্ৰেচ হৈ বাথৰূমৰ পৰা ওলাই আহিল তেতিয়া তাই সন্মুখত বেদান্ত আৰু ৰিংকুক চ'ফাত বহি থকা দেখা পালে।( Assamese Storyboard )
সিহঁতক দেখি তাই মনৰ ভিতৰতে ভোৰভোৰালে," এতিয়া আকৌ কি বিপদ আহিল? সচাকৈ এওঁৰ শান্তি নাই নেকি? কিমান যে ডাঙৰ নিৰশ মানুহ এইজন। এইটো ভবা নাই যে মনে মনে শুই যাওঁ আৰু মোকো শুবলৈ দিব। বেদান্তই ঠিকেই কৈছিল যে আজি আমাক তেওঁ এৰি নিদিয়ে।"
 ৰিংকুয়ে তাইক এনেদৰে ভোৰভোৰাই থকা দেখি কলে," তেন্তে ৰিয়া তোমাৰ প্ৰজেক্ট সম্পূৰ্ণ হল। মোক এবাৰ দেখুৱাবাচোন।"
ৰিয়াই কথা লগাই লগাই কলে," মানে... মানে... সম্পূৰ্ণ হল। মাত্ৰ এবাৰ ভালকৈ চাবলৈ বাকী আছে আৰু সেইটো মই কাইলৈ কলেজত কৰি লম।"
ৰিংকুয়ে যেতিয়া বেদান্তক সুধিলে তাই লৰালৰিকৈ কলে," বেদান্তৰ গ্রুপৰ প্ৰজেক্ট অহা সপ্তাহত জমা লব...."
ৰিংকু: মই বেদান্তকহে সুধিছো।
ৰিয়াই আকৌ ভোৰভোৰালে," আজিটো মই মৰিলো। দুইফালৰ পৰাই আজি মোৰ বেণ্ড বাজীব" আৰু বেদান্তৰ ফালে চাই চ'ৰিৰ ইংগিত দিলে।

বেদান্তই হাঁহি দিলে কাৰণ সি আগতেই ৰিংকুক কৈ থৈছিল যে ৰিয়াই তাৰ পৰা আহিবৰ বাবে প্ৰজেক্টৰ অজুহাত দেখুৱালে।
ৰিংকুয়েও তাইৰ এই ভয়ৰ আনন্দ ললে।
"কিন্তু মোক বেদান্তই বেলেগ কিবা হে কৈছিল"ৰিংকুয়ে কলে।
এতিয়া ৰিয়াই বেদান্তক ইংগিত দি সোধোত সি হাঁহি দিলে। তাই বুজি পালে যে সি ৰিংকুক কৈ দিলে ," ৰ'বা মই তোমাক এতিয়া সুদাই নেৰো।" তেতিয়া তাই খঙেৰে তাত থকা গাৰো তো বেদান্তৰ গালে দলিয়াই দিয়াত সি ৰিংকুৰ পিছফালে গৈ কলে," দাদা মোক বচোৱা নহলে মোৰ পিটিকা কৰি পেলাব এতিয়া।" আৰু সি ৰুমৰ পৰা বাহিৰলৈ ওলাই গল।
ৰিয়াই আৰু এটা গাৰো তাৰ গালৈ দলিয়াই দিয়াত এইবাৰ ৰিংকুয়ে ধৰি ললে।
"ৰিয়া তুমি মিছা কোৱা বুলি মই গম পোৱা নাছিলো।" ৰিংকুয়ে এনেদৰে হাঁহি কোৱাত ৰিয়াই খঙত কলে," তেন্তে মই কি আপোনালোকৰ মাজত বাধা হৈ তাত বহি থাকিব লাগিছিল?"
ৰিংকু: তাত তো মাত্ৰ নিহাৰ আছিল , তেন্তে তাত নো কেনেকৈ বাধা হ'লা হয়? আৰু নিহাৰ মোৰ বহুত ভাল বন্ধু হয়।
ৰিয়া: আৰু আপোনাৰ পিছফালে ৰৈ থকা জনী কি হয়?
ৰিংকু: তুমি কাৰ কথা কৈছা?
ৰিয়া: সেই যে আপোনাৰ গাৰ্লফ্ৰেণ্ড জেঠী স্বাতি ।
ৰিংকুয়ে হাঁহি কলে," কিন্তু তাই তো তোমালোকৰ সন্মুখতেই গুচি গৈছিল।"

ৰিয়া : কিন্তু তাই উভটি আহিছিল আৰু আপোনাৰ পিছফালে ৰৈ মোৰফালে ঘোপাকৈ চাই আছিল।
ৰিংকু: তুমি ভুল বুজিছা ৰিয়া। স্বাতি মোৰ মাত্ৰ বান্ধৱী হয় গতিকে তাইৰ নো কিয় অসুবিধা হব তুমি মোৰ লগত থাকিলে?
ৰিয়া: গাৰ্লফ্ৰেণ্ড হয় যেতিয়া ইয়াত লুকুৱাবলৈ কি আছে? দিল্লীতো চাগে কোনোবা গাৰ্লফ্ৰেণ্ড আছিল।
ৰিংকু: মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই।
ৰিয়াই মুখ বেকা কৰি কলে," মই কেনেকৈ মানি লম? মোৰ নো কি দৰকাৰ আপোনাৰ এজনী গাৰ্লফ্ৰেণ্ড থাকক বা ১০জনী।"
ৰিংকুয়ে খঙত তাৰ পৰা উঠি গুচি আহিল। তেতিয়া ৰিয়াই কলে," এতিয়া মইনো কি খং উঠা কথা কলো?"তাইও বাহিৰলৈ ওলাই বেদান্তক বিচাৰি গল।
বেদান্তই তাৰ ৰুমত বহি উৰ্মিৰ লগত কথা পাতি আছিল। তেতিয়া উৰ্মিয়ে কলে," মহাশয়ে অলপ সময় পালে কি নাই ফোনটোত লাগি ধৰিলে।"
বেদান্ত: ৰিয়া তুমি ইয়াত, দাদা শুবলৈ গল নেকি?
ৰিয়া:' অ গুচি গল' তাইৰ মুখ খন ফুলি আছিল।
বেদান্তই বুজি পালে যে দুয়োৰে মাজত আকৌ কাজিয়া হল।
"কি হল? তোমালোক দুজনৰ মাজত আকৌ কিবা হল নেকি? তোমাৰ মনটো কিয় বেয়া?"
ৰিয়া: 'তোমাৰ দাদাই অনবৰতে কিয় খং কৰি থাকে?' আৰু তাই স্বাতিৰ কথা তাক কলে।
বেদান্ত: ৰিয়া তুমি এনেকৈ কব নালাগিছিল।
ৰিয়া: কিয় কি ভুল কলো মই?
বেদান্ত: দাদাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই। আগৰ পৰাই তেওঁ কোনো ছোৱালীৰ লগত কথা নাপাতে। মাত্ৰ নিহাৰদা তেওঁৰ বন্ধু হয়।
ৰিয়া: কিন্তু ৰিয়াই যেনেকৈ তেওঁক সাৱটি ধৰিলে মই ভাবিলোঁ.....

বেদান্ত: স্বাতি বা গ্ৰেজুৱেচনৰ পাছৰ পৰা দাদাৰ লগত আছিল। তথাপিও দাদাৰ তাইৰ লগত বৰ এটা ভাল বন্ধুত্ব নাই। বহুত দিন পাছত লগ পোৱা বাবে হয়তো তেনেকৈ ফুৰ্তিত আলিংগন কৰিলে। আজিকালি এইবোৰ স্বাভাৱিক পুৰণা বন্ধুবোৰ লগ পালে। কিন্তু দাদাৰ কোনো ছোৱালীৰ লগত ফ্রেণ্ডশ্বিপ নাই।
ৰিয়াই নিজৰ মূৰত হাত খন মাৰি কলে," তেন্তে মই সচাই ভুল কৰিলোঁ। তুমি মোৰ কাম এটা কৰি দিবা নে প্লিজ?"
বেদান্ত: 'অ, কিন্তু কি?
ৰিয়া: তুমি ইয়াতে ৰ'বা মই এতিয়াই আহিছো।' তাই তেনেকৈ কৈ নিজৰ ৰুমলৈ গুচি গল। এখন ৰঙীন কাগজত চ'ৰি লিখি দিলে আৰু পাকঘৰলৈ গৈ কফি বনাই আনিলে।
" বেদান্ত এইয়া কফি লোৱা, আৰু এই কাগজখন ৰিংকুদাক মোৰ ফালৰ পৰা দি আহা আৰু লগতে এই কফিৰ কাপটোও। আৰু ইটো কাপ তোমাৰ হয়, আৰু এইবাৰ কোনো কাপতেই নিমখ নাই।"
তাই নিজৰ কফিৰ কাপটো লৈ ৰুমলৈ গুচি আহিল।
"ৰিংকু দা চ'ৰি , মই আপোনাৰ মন বেয়া কৰি দিলো। হয়তো এই কফি কাপৰ সৈতে মনটো ভাল হয় যায়।"

বেদান্তই কফি লৈ ৰিংকুৰ ৰুমলৈ আহিল। ৰিংকুয়ে বেলকণিত থিয় হৈ সন্মুখলৈ চাই আছিল।
বেদান্ত: এইয়া লোৱা দাদা তোমাৰ কফি।
ৰিংকুয়ে আচৰিত হৈ কলে,"কিন্তু মইতো বিচৰা নাছিলো।"
বেদান্ত: অ ,কিন্তু ৰিয়াই দি পঠিয়াইছে।
ৰিংকুয়ে কফিৰ কাপটো উঠাউতে হালধীয়া ৰঙৰ কাগজ এখন দেখিলে।  সি সেইখন মেলি চাই দেখিলে তাত চ'ৰি লিখা আছে। সি হাঁহি মাৰি বেদান্তক কলে," অ, তেন্তে এই কফি চ'ৰীৰ কাৰনে । তেতিয়াহলে কফি কাপ তেওঁৱেই আনিব লাগিছিল যিয়ে চ'ৰি কব বিচাৰিলে। তুমি যোৱা এই কফি আৰু চ'ৰি দুয়োটা তোমাৰ বান্ধৱীক দি আহা।"
বেদান্তই লাহেকৈ কলে," দাদা তুমি কফি খাই লোৱা। ৰিয়া নাহে।"
ৰিংকুয়ে হাঁহি হাঁহি কলে," কিয় মোলৈ ভয় কৰিছে নেকি?"
তেতিয়া বেদান্তই লাহেকৈ আকৌ কলে," দাদা তাই এই ৰূমটো লৈ এতিয়ালৈকে নাই অহা।"
ৰিংকু এইবাৰ আচৰিত হল," কি? সচাই তাই মই যোৱাৰ পাছত এইটো ৰুমলৈ অহা নাই?"
বেদান্ত: অ দাদা, কেতিয়াও অহা নাই। মই বহুতবাৰ বুদ্ধি কৰি মাতিছিলো কিন্তু তাই এইটো বুলি মানা কৰি দিয়ে যে তুমি আহিবলৈ বাধা কৰিছা।
এতিয়া ৰিংকুৰ আৰু বেয়া লাগিব ধৰিলে। সি অলপ সময় ৰৈ কফিৰ ত্ৰে খন উঠাই ৰিয়াৰ ৰুমলৈ গল। বেদান্তইও হাঁহি মাৰি নিজৰ ৰুমলৈ গুচি গল।
ৰিয়াই নিজৰ ৰুমত ঝুলনাত বহি তাইৰ আৰু ৰিংকুৰ ফটো চাই আছিল," মই কিমান দুৰ্ভগীয়া যে নিজৰ স্বামীক মান্তি কৰাবলৈও যাব নোৱাৰোঁ।" তাইৰ চকুৰে চকুলো নিগৰি আহিল। তাইক এনেদৰে কান্দি থকা দেখি ৰিংকুৰ বহুত দুখ লাগিল।
"নিয়ম এইটো যে যিয়ে খং উঠাইছে তেওঁ নিজেই আহিব লাগে মান্তি কৰাবলৈ আৰু বেলেগৰ হাতত চ'ৰি কৈ পঠিয়াব নালাগে।"
ৰিয়াই মোৰ দাঙি দেখিলে ৰিংকুয়ে কফিৰ ত্ৰে খন লৈ সন্মুখত থিয় হৈ আছিল," খং মই কৰিলোঁ আৰু কান্দিছা তুমি"( Assamese Storyboard )

তেতিয়া ৰিয়াই লৰালৰিকৈ কলে," নাই নাই, মই কত কান্দিছোঁ? চকুত ধূলি সোমালে।"
ৰিংকুয়ে ত্ৰে খন কাষৰ টেবুলত থলে আৰু ৰিয়াৰ হাতৰ পৰা ফটোখন লৈ ললে," চোৱাচোন মই ৰেডী নোহোৱাকৈয়ে কিমান হেণ্ডছম দেখিছোঁ।"
ৰিয়া এইবাৰ অলপ সংযত হল," তুমিও দেখিবলৈ বহুত মৰমলগা হৈ আছা।" তেতিয়া তাই ৰিংকুৰ মুখলৈ চালে।
ৰিংকুয়ে ফটোখন কাষত থৈ ৰিয়াক ঝুলনাত বহাই লৈ তাইৰ হাতত ধৰি সি নিজেও তলত বহি দিলে। ৰিংকুয়ে এনেদৰে তাইক প্ৰথমবাৰ স্পৰ্শ কৰিছিল সেইবাবে তাইৰ শৰীৰত এক শিহৰণ জাগি উঠিল।
ৰিংকুয়ে তাইৰ চকুৰ পৰা চকুলো মোহাৰি কলে," তুমি এইটো ভাবি চিন্তাত আছিলা যে মই খং কৰি আছো। পাগলী মই তোমাক কিয় খং কৰিম? মোৰ নিজৰ ওপৰত খং উঠিল যে মই নিজৰ ভুলবোৰৰ বাবে তোমাক ইমান কষ্ট দিলো। আজি যেতিয়া তুমি স্বাতিক মোৰ গাৰ্লফ্ৰেণ্ড বুলি ক'লা তেতিয়া মোৰ উপলব্ধি হল যে তোমাৰ কিমান বেয়া লাগিছিল চাগে যিদিনা মই তোমাক বেদান্তৰ পছন্দ বুলি কৈছিলো। ৰিয়া তুমি চিন্তা নকৰিবা, স্বাতি তো বাদেই মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই আৰু কেতিয়াও হব নোৱাৰে। মোৰ জীৱনলৈ অহা অন্তিম আৰু প্ৰথম ছোৱালী মাত্ৰ তুমি হয়।"
ৰিয়াই আচৰিত হৈ তৰফালে চাই আছিল,"ৰিংকু দা... এইয়া.. আপুনি কি... কৈছে?"

ৰিংকু: মোৰ ওপৰত বিশ্বাস হোৱা নাই নহয়? কিন্তু এইয়াই সঁচা। ৰিয়া মইতো তোমাৰ পৰীক্ষা শেষ  হোৱালৈ অপেক্ষা কৰি আছিলো।
মই বিচাৰিছিলো যে সকলোৰে সন্মুখত তোমাক মনৰ কথা কম আৰু ক্ষমা খুজিম আৰু তোমাক মোৰ কইনা বনাম। কিন্তু আজি যেতিয়া বেদান্তই কলে যে তুমি এতিয়ালৈকে মোৰ ৰুমত ভৰি দিয়া নাই মই আৰু অপেক্ষা কৰিব নোৱাৰিলো। ৰিয়া অজানিতে মই তোমাৰ কিমান যে দুখৰ কাৰণ হৈ পৰিলো। তুমি মোক ক্ষমা কৰি আকৌ মোৰ কইনা জনী উভতাই দিব পাৰিবা নে? তুমি যিবোৰ অধিকাৰ মোৰ ওপৰৰ পৰা লৈ লৈছিলা সেইবোৰ উভতাই দিব পাৰিবা নে? তোমাৰ জীৱনলৈ মোক নি তুমি মোৰ জীৱন হব পাৰিবা নে? তোমাৰ সুখবোৰৰ ধ্যান ৰাখিবলৈ মোক দিবা নে?" ৰিংকুয়ে তাইৰ চকুলৈ চাই কলে।
ৰিয়াৰ বিশ্বাস হোৱা নাই যে এইবোৰ সঁচা নে কিবা সপোন দেখি আছে। তাই মাত্ৰ ৰিংকুক একেথৰে চাই আছিল। ৰিংকুয়ে তাইক এনেদৰে চাই থকা দেখি তাইৰ কান্ধত ধৰি জোকাৰি দিয়াত তাই চেতনা ঘূৰাই পালে।
"কি...কি.. আপোনি এতিয়া.. মই কিবা সপোন দেখি থকা নাই তো...?"
ৰিংকুয়ে বুজি পালে যে ৰিয়াই বিশ্বাস কৰা নাই। সি তাইক সাৱটি ধৰিলে আৰু ৰিয়াই জোৰে জোৰে কান্দিব ধৰিলে । তাই ৰিংকুক দুইখন হাতেৰে জোৰকৈ সাৱটি ধৰিলে যেন তাই এৰি দিলে সি তাইক এৰি গুচি যাব।
তাইৰ চকুলোয়ে ৰিংকুৰ অন্তৰকো সেমেকাই তুলিলে। আজি সি সঁচা অৰ্থত তাইৰ দুখবোৰ উপলব্ধি কৰিছিল। সি তাইক বুকুত সাৱটি তাইৰ মূৰত হাত ফুৰাই থাকিল। কিছু সময় পাছত যেতিয়া তাই মনে মনে নাথাকিল সি লাহেকৈ মাতিলে
"ৰিয়া"

কিন্তু তাই কোনো উত্তৰ নিদিলে আৰু কান্দি থাকিল। ৰিংকুয়ে দুই তিনিবাৰ তাইক মাতিলে কিন্তু তাই শান্ত নহল। হঠাৎ ৰিংকুয়ে মিচিকিয়াই তাৰ ওঁঠজুৰি তাইৰ কাণৰ ওচৰলৈ নি কলে," শান্ত হোৱা, যদি আকৌ কান্দা তেতিয়া মই তোমাক কোলাত তুলি আমাৰ ৰুমলৈ লৈ যাম"আগলৈ আৰু সি একো নকল।
কথাবোৰ কওঁতে বহুতবাৰ তাৰ ওঁঠ ৰিয়াৰ কাণত লাগি গল। হঠাৎ সি এনে কৰাৰ বাবে তাই নীৰৱ হৈ ৰল। তাইৰ শৰীৰটো বৰফৰ দৰে ঠাণ্ডা হৈ পৰিল। কান দুখন লাজতে ৰঙা পৰি গল। তাইৰ দুচকু তল নামিল আৰু ৰিংকুক খুন্দিয়াই তাই দূৰলৈ গুচি গল।
ৰিংকু লাহেকৈ তাইৰ ওচৰলৈ আহিল আৰু হাত দুখনত ধৰি কলে," ৰিয়া এতিয়া মই যিবোৰ কলো সেইবোৰ সকলো সঁচা। মই সঁচাই তোমাক বহুত ভাল পাওঁ। আৰু তুমি এতিয়া বেদান্তৰ আধৰুৱা নবৌ নহয় বৰঞ্চ এতিয়া তুমি সম্পূৰ্ণ অধিকাৰৰ সৈতে তাৰ নবৌ হয়মিছেছ ৰিয়া কলিতা ।
ৰিয়া বহুত সুখী আছিল।" বাৰু মিছেছ কলিতা এতিয়া বহুত ৰাতি হল গতিকে তুমি শুই যোৱা।"ৰিংকুয়ে কলে।
ৰিয়া: কিন্তু আপোনাৰ কফি ঠাণ্ডা হৈ গল।
ৰিংকু: কোনো কথা নাই।
ৰিয়া: ৰ'ব মই আকৌ বনাই আনি দিওঁ।
ৰিংকু: 'নালাগে আৰু এতিয়া। অৱশ্যে যদি তুমি বিচৰা তেন্তে ৰাতিপুৱা কফি বনাই তুমি লৈ আহিব পাৰা মোক উঠাবলৈ।'
ৰিংকুয়ে দুষ্টামিৰ সুৰত কলে।
ৰিয়াই সংকোচ কৰি কলে,"কিন্তু আপোনাৰ ৰুমলৈ মই কেনেকৈ..?"
ৰিংকু: চ'ৰি, মইতো মোৰ পত্নীক মোৰ ৰুমলৈ আহিবলৈ বাধা দিছিলো। কিন্তু এতিয়া মই নিজেই তোমাক মোৰ পত্নী ৰূপে লৈ যাম।
ৰিয়াই হাঁহি মাৰি মূৰ জোকাৰি দিলে আৰু ৰিংকুয়ে গুড নাইট বুলি কৈ তাৰ ৰুমলৈ গুচি গল।

ৰিয়াই তো এতিয়া মাটিত ভৰি নপৰিছিল। ফুৰ্তিতে তাইৰ টোপনি অহা নাছিল। কেতিয়াবা লাজতে গাৰুত মুখ লুকুৱালে আৰু ৰিংকুৰ ফটোখনৰ লগত কথা পাতিলে। তাৰ স্পৰ্শ অনুভৱ কৰি নিজৰ মাজতে বিলীন হৈ পৰিল।

ৰাতিপুৱা দাইনিং টেবুলত ৰিংকুক বহুত ফুৰ্তিত দেখা গল। তাৰ চকু বাৰে বাৰে ৰিয়াৰ ফালে গৈ আছিল যি কলা আৰু ৰঙা  ৰঙৰ চেলৱাৰ পিন্ধি আছিল। ৰিংকুয়ে এনেদৰে চাই থকা দেখি ৰিয়াই আৰু লাজ কৰিলে। বেদান্তই এইবোৰ চাই আছিল।
সি লাহেকৈ ৰিংকুক সুধিলে," দাদা, আজিৰ ৰাতিপুৱা তো বহুত ধুনীয়া হয় ন?"
ৰিংকুয়ে ৰিয়াৰ ফালে চাই কলে," অ বহুত ধুনীয়া।"
বেদান্ত: আৰু ৰিয়া?
ৰিংকু: তাই তো তাতকৈও ধুনীয়া।
বেদান্তই এইবাৰ হাঁহিব ধৰিলে আৰু ৰিংকুয়ে তালৈ ঘোপাকৈ চালে। সি বুজি পালে যে বেদান্তই তাক জোকাই আছিল।
বেদান্ত: তেন্তে অৱশেষত সকলো ঠিক হল।
ৰিংকু: অ , সকলো ঠিক হৈ গল 
বেদান্ত: 'তেন্তে এই ভাল খবৰটো মা পাপাক দি দিওঁ।' ৰিয়াই এইবোৰ শুনি লাজতে পাকঘৰলৈ গুচি গল  । কল্পনাই কলে," মা পাপাক ভাল খবৰ দিয়াৰ কোনো দৰকাৰ নাই। মইতো ৰাতিপুৱাই ৰিয়াৰ ফুৰ্তি দেখি বুজি পাইছিলো সকলো।"
অমৰ: ৰিংকু, আজি মই বহুত সুখী। এতিয়া মোৰ এনে লাগিছে যেন মোৰ বন্ধুৰ লগত চকু মিলাব পাৰিম।
কল্পনাই ৰিয়াক মাতি আনি ৰিংকুৰ কাষত বহুৱালে। তাৰ পাছত পিংকি(কাম কৰা মহিলা) আৰতি কৰা বস্তুবোৰ  আনিবলৈ কৈ সিহঁতৰ আৰতি কৰিলে। তাৰ পাছত প্ৰাৰ্থনা ঘৰলৈ গুচি গল।
তেওঁ যেতিয়া উভতি আহিল তেতিয়া তেওঁৰ হাতত ৰিয়াৰ মঙ্গলসূত্ৰ  আছিল। ৰিয়াই দেখি কান্দি পেলালে। ৰিংকুয়ে যেতিয়া দেখিলে সি কলে," মা এনেকৈ নহয়। এইডাল মোৰ বাবে ৰিয়াই ডিঙিৰ পৰা খুলিছিল। এতিয়া মই সন্মান সহকাৰে তাইক পুনৰ পিন্ধাম। এতিয়া এইডাল থৈ দিয়া।"

কল্পনা: কিন্তু সেই সময় কেতিয়া আহিব?
ৰিংকু: মা, বহুত সোনকালেই আহিব। মাত্ৰ ৰিয়া আৰু বেদান্তৰ পৰীক্ষা শেষ হব দিয়া।
কল্পনাই ৰিয়াৰ ফালে চোৱাত তাইৰো তাত সন্মতি আছিল। তেওঁ আকৌ সেইডাল মন্দিৰত থৈ আহিল।
বেদান্তই ৰিয়াৰ কাণত কলে," আজি তুমি দাদাৰ লগত কলেজলৈ গুচি যাবা। মই এই ভাল খবৰটো আৰু কাৰোবাক জনাই আহোঁ।" ৰিয়াৰ কান ৰঙা হৈ পৰিল।
বেদান্তই অলপ জোৰকৈ কলে," মা , আজি মোৰ অলপ কাম আছে গতিকে অলপ সোনকালে যাব লাগিব। ৰিয়াক দাদাই থৈ আহিব। কিয় দাদা থৈ আহিবা নে?" সি লৰালৰিকৈ বাহিৰলৈ গুচি গল।
ৰিয়াই ও ৰেডি হৈ ৰিংকুৰ লগত কলেজলৈ গল। গাড়ী চলাই থাকোতে ৰিংকুয়ে হাঁহি থাকিল।
ৰিয়া: কি হল ? ইমান হাঁহি আছে যে?
ৰিংকু: আজি তুমি নিজেই মোৰ কাষৰ ছিটত বহিছা।
ৰিয়া: তাতে কি হল? এইটো ছিটত মোৰ অধিকাৰ আছে।
ৰিংকু: আৰু মোৰ ওপৰত?
ৰিয়া লাজত ৰঙা পৰিল। সি ৰিয়াৰ হাতখন ধৰি থলে।
ৰিংকু: ৰিয়া তুমি সুখী নে?
ৰিয়া: অ মই বহুত সুখী।
ৰিংকু: তেন্তে হোষ্টেল নাযাবা। তোমাক নেদেখাকৈ এই ৬ দিন কেনেকৈ কটাম?
ৰিয়া: মাত্ৰ এমাহৰ কথা হে। তাৰ পাছত পৰীক্ষা আৰু কলেজ বন্ধ। তাৰ পাছত তো ঘৰলৈ আহিম আৰু নো কত যাম? আপোনালোকৰ বাহিৰে মোৰ আছে নো কোন?
ৰিয়াই কান্দি পেলালে।

ৰিংকুয়ে তাইৰ ফালে চাই কলে," ৰিয়া প্লিজ এতিয়া নাকান্দিবা। মই ভাল লগাব নাজানো। ভাল লগাবলৈ গৈ মই কিবা ওলোটা কামহে কৰি পাম।" ৰিয়াই হাঁহি দিলে।
তেতিয়া নিহাৰৰ ফোন আহিল," কত আছা তুমি?"
ৰিংকু: ৰিয়াক কলেজত থবলৈ আহিছোঁ তাৰ পাছত অফিচলৈ যাম।
নিহাৰ: তেন্তে বৌৰ লগত সকলো ঠিক হল
ফোনটো স্পীকাৰত আছিল। নিহাৰে বৌ বুলি কোৱাত ৰীয়াই ৰিংকুৰ ফালে চালে আৰু সি ইংগিতত কলে যে সি সকলো জানে। ৰিয়াই বহুত ফুৰ্তি পালে।
নিহাৰ: আজি স্বাতিয়ে পাৰ্টি দিছে পুৰণা বন্ধুবোৰৰ বাবে। তাই তোমাক কবলৈ কৈছিল। তাইৰ ওচৰত তোমাৰ নম্বৰ নাই।
ৰিংকু: ঠিক আছে বাৰু মই যাম।
স্বাতিৰ নাম শুনি ৰিয়া অলপ বিচলিত হৈছিল কিন্তু ৰিংকুয়ে গাড়ী চাইডত থৈ তাইৰ হাতত ধৰি কলে," ৰিয়া ইমানতো মনত ৰাখিবা যে যিয়েই হৈ যাওক লাগিলে মোৰ জীৱনত থকা প্ৰথম আৰু অন্তিম ছোৱালী জনী তুমিয়েই হয়।"
আৰু সি ৰিয়াৰ মূৰত চুমা যাঁচি তাইক আশ্বাস দিলে। ৰিয়াইও চকু বন্ধ কৰি সেই অনুভৱ উপলব্ধি কৰিলে। তাই লাহেকৈ কলে," মোৰ আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।"

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages