এনে সন্তান থকাতকৈ নিঃসন্তান হোৱাই ভাল : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 14, 2021

এনে সন্তান থকাতকৈ নিঃসন্তান হোৱাই ভাল : Assamese Storyboard

Assamese Storyboard

দেউতাকৰ মৃত্যুৰ পাছত হাতৰ কাণৰ সকলো বন্ধকত থৈ জেতুকীয়ে পুতেকক ডাঙৰ মানুহ কৰিলে । বৰ কষ্ট হৈছিল তাইৰ ( Assamese Storyboard )। পুতেকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে সকলো দুখ কষ্ট নীৰৱে সহ্য কৰিছিল । খেতিৰ মাটি কেইডৰাও বন্ধকত দিছিল । চাকৰিটো পায়ে জেতুকীৰ একমাত্ৰ পুতেক পুলকে চহৰৰে ছোৱালী এজনীৰ লগত সংসাৰ আৰম্ভ কৰিলে । প্ৰথমতে সকলো ঠিকেই আছিল কিন্তু জেতুকী বুঢ়া হৈ অহাৰ লগে লগেই নানা সমস্যাই দেখা দিলে । যাওঁ বুলিলেও ক'তো ওলাই যাব নোৱাৰা হ'ল পুলক আৰু পত্নী জয়া । বহুদিন চিন্তা কৰি পুলকে মাকক বৃদ্ধাশ্ৰমত থৈ অহাৰ কথা ভাবিলে 


: মই এটা কথা ভাবিছোঁ জয়া । মাৰ লগতটো আমি এইদৰে সদায় ব্যস্ত হৈ থাকিব নোৱাৰোঁ । গতিকে বৃদ্ধাশ্ৰমতে থৈ অহাৰ কথা ভাবিছোঁ । 


: কথাটো বৰ এটা ভাল নহ'ব পুলক । সকলোৱে মোকেই জগৰীয়া কৰিব । 


: অদৰকাৰী কথাবোৰ নক'বাচোন । মাক বৃদ্ধাশ্ৰমত থৈ অহাৰ পাছত এই ঘৰটো বিক্ৰী কৰি গুৱাহাটীত এটা ফ্লেট কিনি তাতেই থাকিম । গতিকে মাক কাইলৈকে বৃদ্ধাশ্ৰমত থৈ অহাৰ কথা ভাবিছোঁ ।


: কিন্তু মাক কথাবোৰ কি বুলি ক'বা .....! 


: ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি কৈ মাক ঘৰৰ পৰা লৈ যাব লাগিব আৰু কিবা এটা বুদ্ধি কৰি আশ্ৰমত এৰি থৈ আহিব লাগিব । 


: তুমি যি ভাল দেখা কৰিবা । সেইবোৰৰ মাজলৈ মোক নাটানিবা । নহলে মাক গুৱাহাটীলৈকে লৈ লোৱা  । 


: তুমি বলিয়া হৈছা নেকি....! গুৱাহাটীত মায়ে কি কৰিব । এনেয়ে আৱৰ্জনা হ'ব ।       একো উত্তৰ নিদি জয়া ভিতৰলৈ সোমাই গ'ল । বিচনাতে বহি থকা জেতুকীলৈ এবাৰ চালে জয়াই । .......জয়া , পুলক নাই নেকি....( Assamese Storyboard )


: আছে মা । কিয় সুধিলে ?


: এইবাৰ ময়ো তহঁতৰ লগতে যাম বুলি ভাবিছোঁ । 


: ক'লৈ যাব মা ....?     


           পৰ্দাখন দাঙি পুলক ভিতৰলৈ সোমাই আহিল । .....…. মা কাইলৈ তোক অলপ ফুৰাবলৈ নিম । বহুত দিন হল তোৰ লগত ক'তো ফুৰিবলৈ যোৱাই নাই । 


             পুলকৰ কথাষাৰ শুনি জেতুকীয়ে বৰ সন্তোষ পালে । মনৰ আনন্দতে জেতুকীৰ দুচকুৱে চকুলো নিগৰি আহিল । ৰাতিপুৱা শুই উঠিয়ে পুলকে মাকৰ কাপোৰ কেইটা সামৰি গাড়ীত ভৰাই ললে আৰু কাপোৰ কানি অলপ বজাৰ কৰি জেতুকীক সাৰথি বৃদ্ধাশ্ৰমত থৈ আহিলে 


          ....... মা তই ইয়াতে অলপ সময় থাকচোন , সকলোৰে লগত চিনাকি হ' , কথা পাত । মোৰ কাম এটা আছে কামটো কৰি মই তোক আকৌ লৈ যামহি । 


: হ'ব যা ....! সোনকালে আহিবি । 


      বাৰাণ্ডাৰ চকীখনতে বহি জেতুকীয়ে পুলক ঘূৰি অহালৈ বৰ আশাৰে বাট চাই আছিল কিন্তু পুলক নাহিল । ......... আইতা ভিতৰলৈ বলক , আপোনাৰ পুতেকে আপোনাক ইয়াত থৈ গৈছে । আপোনাক নিবলৈ আৰু তেওঁ কেতিয়াও নাহে । 


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages