অবিশ্বাসৰ ডাৱৰবোৰ নাইকীয়া হল। যত এফালে ৰিংকুৰ বেয়া লাগিছিল তাৰ মূৰ্খতাৰ বাবে আৰু আনফালে ভাল লাগিছিল কিয়নো এতিয়া ৰিয়া সম্পূৰ্ণ তাৰ হয়( Assamese Storyboard )। তাৰ সম্পূৰ্ণ অধিকাৰ আছে তাইক চাবলৈ তাইক প্ৰেম কৰিবলৈ।
কিন্তু ৰিয়া বহুত খঙত আছিল। এতিয়া ৰিংকু এইটো ভাবি চিন্তাত পৰিল যে ৰিয়াক কেনেকৈ মান্তি কৰাব?
' বেদান্ত.. অ বেদান্তই কব পাৰিব তাইক কেনেকৈ মান্তি কৰিব পাৰি। কিন্তু সি কিয় কব? কিন্তু সিও তো চাগে মোক খং কৰি আছে এইবোৰ গম পায়। কোনো কথা নাই তাক তো মই অলপতে মান্তি কৰাব পাৰিম। কিন্তু তাৰ সন্মুখত সকলো কথা স্পষ্ট কিৰিব লাগিব।'
তেতিয়াই তালৈ বেদান্ত আহিল। যেতিয়া সি তাত ৰিয়াক নেদেখিলে তেতিয়া সি ৰিংকুক সুধিলে,' দাদা, ৰিয়া গল গৈ নেকি? অৱশ্যে তোমালোকে বহুত সময় কথা পাতি আছিলা। মাক কৈ দিওঁ নেকি যে তোমালোকৰ মাজত সকলো ঠিক হৈ গল ?' সি অলপ ধেমালি কৰিলে।
ৰিংকুয়ে তাৰ মূৰতো খজোৱাই কলে," অ গুচি গল কিন্তু মোৰ ওপৰত খং কৰি গল।"
বেদান্ত: কি? খং কৰি গৈছে কিন্তু কিয়?
ৰিংকু: সকলো মোৰেই ভুল।
বেদান্তই একো বুজি নাপালে," কি যে নহয় তোমালোক দাদা, এতিয়া কথা পতা আৰম্ভ কৰিছিলাহে । আৰু তুমি তাইক খং উঠাই দিলা। তুমি নাজানা দাদা, তাইৰ খং তোমাতকৈও বেছি। তাইৰ খং সহজতে নকমে।"
ৰিংকু: হব আৰু এতিয়া মোক ভয় খুৱাব নালাগে। এইটো কোৱা যে তাইৰ মনটো কেনেকৈ ভাল লগাব পাৰিম?
বেদান্ত: অ কৈছোঁ ৰবা ,কিন্তু কিয় খং কৰিলে সেইটো জানি লওঁ। তেতিয়াহে কিবা উপায় ভাবিব পাৰিম।
বেদান্তই এনেদৰে কোৱাত ৰিংকুয়ে তাক সকলো ভুলবুজাবুজিৰ কথা কৈ দিলে। কিন্তু সি যে ৰিয়াক পছন্দ কৰে সেইটো কথা লুকাই ৰাখিলে।
কথাবোৰ জানি বেদান্তৰ চকু ডাঙৰ হৈ গল,' তুমিও যে আৰু দাদা, এবাৰ মোৰ লগত নহলে মাৰ লগত কথা পাতি লব লাগিছিল এই বিষয়ে। মই আৰু মায়ে তো কেতিয়াবাৰ পৰাই তোমালোকৰ বিয়াৰ পৰিকল্পনা কৰি আছিলো। তেন্তে মই তাইক কেনেকৈ পছন্দ কৰিব পাৰিম? তাইকটো মই আগৰ পৰাই নিজৰ বাই ভনীৰ দৰে ভাবো। আৰু তাইক নো কোনে প্ৰপ'জ কৰিব ? যিজনে কৰিব তেওঁৰ জীৱনটোৰ প্ৰতি মৰম নাই চাগৈ।" বুলি কৈ বেদান্তই হাঁহি দিলে।
ৰিংকু: চ'ৰি বেদান্ত, কিন্তু এই প্ৰপ'জ কৰিব নোৱাৰা কথাষাৰ মই বুজি নাপালো।
বেদান্ত: আৰে দাদা, কোনোবা লৰাই যদি তাইৰ ফালে চাই হাঁহিও দিয়ে তেতিয়া তাই বাঘিনীৰ দৰে তাৰ ওপৰত জঁপিয়াই পৰে। এতিয়া ইয়াৰ কথাই চোৱাচোন। ইয়াত কলেজৰ প্ৰথম দিনাই তাই কলেজৰ আটাইতকৈ ডাঙৰ গুণ্ডা তোক মাৰি হাড় ভাঙি দিলে। বেচেৰা ১৫ দিনলৈকে কলেজ আহিব নোৱাৰিলে।
তেতিয়া ৰিংকুয়ে হাঁহি মাৰি কলে," অ , খঙটো একেবাৰে বাঘিনীৰ দৰে কৰে। ইয়াৰ অলপ নমুনা মই এতিয়া দেখিলো। বাৰু এতিয়া তাইক মান্তি কৰাবলৈ তুমি মোৰ সহায় কৰা।"
বেদান্ত: নাই দাদা, মোক এইবোৰৰ পৰা দূৰত ৰাখা। যদি তাই মোৰ কথা গম পায় তেতিয়া মোৰ বেণ্ড বজাই দিব।
বেদান্তই অলপ উদাস হৈ ৰিংকুক সাৱটি ধৰি কলে," চ'ৰি দাদা,মোৰ বাবে তোমালোকৰ জীৱনত ইমান ডাঙৰ সমস্যা হল।"
ৰিংকুয়ে তাৰ মূৰত হাত ফুৰাই কলে," নহয়, একেবাৰে নহয়। ইয়াত তোমাৰ একো ভুল নাই। সকলো ভুল মোৰেই হয়। মই বিয়াৰ বাবে মান্তি হোৱাৰ আগতে তোমাৰ লগত এবাৰ কথা পাতি লব লাগিছিল। তেতিয়া কথা ইমান ডাঙৰ নহল হয় আৰু হয়তো এতিয়া সকলো ভালমতেই চলি থাকিলহেঁতেন।" আৰু ৰিংকু উদাস হৈ পৰিল।
বেদান্তই তাক উদাস হৈ থকা দেখি কলে," দাদা প্লিজ উদাস নহবা। যি হব লগা আছিল সেইয়াটো হৈ গল। এতিয়া মই এবাৰ চাই আহো বাইদেউৰ মোদ তো কেনেকুৱা হৈ আছে। তাৰ পাছত উৰ্মিৰ লগত কথা পাতি উপায় এটা উলিয়াম।"
ৰিংকু: উৰ্মিৰ লগত কিয়? তাইও সকলো গম পায় নেকি?
বেদান্তই মূৰ জোকাৰি কলে," অ দাদা মই উৰ্মিৰ পৰা একো কথাই লুকুৱাই নাৰাখো। আৰু উৰ্মিটো মোতকৈও পাগল হৈ আছে তোমাক আৰু ৰিয়াক একেলগে দেখিবলৈ।"
ৰিংকু: ধন্যবাদ ভাইটি, মোক ক্ষমা কৰি দিয়াৰ বাবে।
বেদান্ত: দাদা, তুমিও যে আৰু কি কোৱা। তুমি মাত্ৰ তোমাৰ এটিএম তো ৰেডি কৰি থোৱা এইবোৰৰ সলনি মোক কিবা দিবলৈ।
দুই ককাই ভায়ে মিলি হাঁহি মাৰি ঘৰৰ ভিতৰলৈ সোমাই আহিল
ইফালে ৰিয়াই খঙত বিছনাত শুই শুই কান্দি আছিল,
" এনেকুৱা কোনোবাই কৰে নেকি? যিটোকে মনলৈ আহিল সেইটোকে শুদ্ধ বুলি মানি ললে। অন্তত এবাৰ কথা পাতি লোৱা হলে সকলো স্পষ্ট হৈ পৰিল হয়। কিন্তু নাই দেখিবলৈহে হেণ্ডছম কিন্তু মগজুৰ পৰা একেবাৰে শূণ্য। মইও যে কেনেকুৱা এজন মূৰ্খৰ বাবে পাগল হৈ আছোঁ। মইতো এইটো ভাবি পাগল হৈ আছিলো যে হয়তো তেওঁ বেলেগ ছোৱালীক পছন্দ কৰে। কিন্তু নাই ,এইফালেতো ছাৰৰ মূৰত ভুল ধাৰণাৰ গোবৰ গোট খাই আছিল। এই বেদান্তও কম নহয়, এনেই হলে কঁকায়েকক সকলো কথাই কয় কিন্তু মোৰ আৰু তাৰ সম্পৰ্কৰ বিষয়ে স্পষ্টীকৰন দিব পাহৰি গল। বাৰু এইবোৰৰ মাজত এটা কথা ভাল হল যে কোনো বেলেগ ছোৱালীৰ কথা নাই তেওঁৰ ওচৰত এই বিয়া অস্বীকাৰ কৰাৰ বাবে।"
তাই ভাবি ভাবি হাঁহি দিলে। আকৌ নিজকেই কলে," এতিয়া ছাৰক মই কম যে ইমান ভুল বুজাৰ পৰিনাম কি হয়? তেওঁক এখেকা দিব নোৱাৰিলে মোৰ নামো ৰিয়া নহয়। এতিয়া মোক যিমান ক্ষমা বিচাৰিলেও মই মান্তি নহওঁ। কিন্তু যদি বেদান্তই কৈ দিয়ে যে মই তেওঁক ভাল পাওঁ তেতিয়া তো তেওঁ মোক মান্তি কৰাবলৈ আৰু সহজ হৈ পৰিব। নাই নাই এনেকুৱা হলে মই তেওঁক মোৰ এটিটিউড কেনেকৈ দেখুৱাব পাৰিম? তেওঁ দিল্লীলৈ গৈ এটিটিউডৰ দোকান কিনি আনিলে তাতে নো কি হল ? মইও শিৱসাগৰৰ হয়। নিজৰ স্বাভিমানৰ ধ্যান ৰাখিব মইও জানো।"
তাই বেদান্তক বিচাৰি তাৰ ৰুমলৈ গল কিন্তু তাত সি নাছিল। তাৰ পাছত তাই তললৈ অহাত বেদান্তক ৰিংকু আৰু মাক দেউতাকৰ লগত বহি থকা দেখা পালে। কল্পনাই যেতিয়া ৰিয়াক দেখিলে তেওঁ তাইক মাতি আনি ওচৰত বহুৱাই ললে। কিন্তু যেতিয়াই তেওঁৰ চকু ৰিয়াৰ চেহেৰাটোত পৰিল তেওঁ তাইক সুধি পেলালে," ৰিয়া, তুমি ঠিকে আছা নহয়? তোমাৰ চকুবোৰ কিয় ৰঙা হৈ আছে?"
আকৌ তেওঁ ৰিংকুৰ ফালে চাই কলে," কোনোবাই কিবা কলে নেকি তোমাক মাজনী?"
সকলোৰে চকু ৰিয়াৰ চেহেৰাৰ ওপৰত পৰিল। সচাই তাইৰ চকু ৰঙা হৈ পৰিছিল। ৰিংকুৰ এতিয়া বহুত বেয়া লাগিল। বেদান্তইও সকলো বুজি পালে যদিও মৌন হৈ থাকিল।
ৰিয়াই এবাৰ ৰিংকুৰ ফালে খঙেৰে চাই কল্পনাক কলে," নাই মা , মোক কোনেও একো কোৱা নাই। দেউতালৈ মনত পৰিছিল মাত্ৰ আৰু একো কথা নাই।"
আকৌ তাই ৰিংকুৰ ফালে চাই কলে," আৰু মোক কোনে নো কি কব পাৰিব? যেতিয়া কব লাগিছিল তেতিয়া কোনেও কোৱাটো জৰুৰী বুলি নাভাবিলে। আৰু এতিয়া কিবা কলেও নো কি হব?"
কল্পনাই বুজি পালে যে নিশ্চয় কিবা হৈছে। তেওঁ কিবা কবলৈ লওঁতেই বেদান্তই ইংগিত দি তেওঁক মানা কৰি দিলে। তেওঁ ভাবিলে শান্ত হৈ থকাই ভাল। তেওঁ মাত্ৰ এইটোৱেই বিচাৰিছিল যাতে ৰিয়া আৰু ৰিংকুৰ মাজত সকলো ঠিক হৈ যায়।
অমৰে কলে," মাজনী তুমি কি কৈছা সেইটো মই বুজি পোৱা নাই। কিন্তু তুমি এইটো মনত ৰাখিবা যে মোৰ বাবে তোমাৰ হাঁহি সকলোতকৈ প্রিয়। যদি তোমাক কোনোবাই কন্দাবলৈ চেষ্টা কৰে তেন্তে মোতকৈ বেয়া কোনো নহব।" আৰু খঙত ৰিংকুৰ ফালে চাই তাৰ পৰা উঠি নিজৰ ৰুমলৈ গুচি গল।( Assamese Storyboard )
ৰিয়াইও জৰুৰী কাম আছে বুলি কৈ বেদান্তক মাতিলে ," চোৱা বেদান্ত এইটো সঁচা যে তেওঁ প্ৰথমে তোমাৰ দাদা হয় কিন্তু মইও তোমাৰ বাইদেউ হয়। গতিকে তেওঁক তুমি কেতিয়াও নকবা যে মই তেওঁক ভাল পাওঁ। নতুবা মই তোমাৰ লগত কেতিয়াও কথা নাপাতো।"এনেদৰে বেদান্তক ধমকি দি তাৰ পৰাই খঙত ৰিংকুৰ ফালে চালে।
বেদান্তই সকলো জানিও নজনাৰ ভাও ধৰি কলে," কি হল? ইমান খঙত কিয় আছা? তোমাৰ আৰু দাদাৰ মাজত কিবা হল নেকি?"
ৰিয়া: মোক মূৰ্খ বুলি ভাবিছা নেকি? মই জানো যে তোমাৰ দাদাই সকলো কথা কৈছে তোমাক। বাৰু , মই যিটো কৈছো সেইটো মনত ৰাখিবা, নতুবা.....
তাই ধমকিৰ দৃষ্টিৰে চাই তাই পাকঘৰলৈ গুচি গল।
"মা মই ৰাতিৰ আহাৰ ৰান্ধিবলৈ যাওঁ। আপুনি নিজৰ ৰুমত গৈ আৰাম কৰক।"
তেতিয়া বেদান্তই জোৰকৈ চিঞৰি কলে," আহাৰ ৰান্ধিব গৈছা হয় পিছে জ্বলাই নিদিবা আকৌ খঙেৰে।" আৰু সি ৰিংকুৰ ওচৰত আহি বহিলে। কল্পনা নিজৰ ৰুমত আৰাম কৰিবলৈ গল।
বেদান্তই ৰিংকুক কলে," দাদা , তাইতো খঙত গোটেইজনী এটেম ব'ম হৈ আছে। ফাটিবলৈ একেবাৰে প্ৰস্তুত হৈ আছে। মান্তি কৰোৱাটো একদম অসম্ভৱ যেন লাগিছে।"
ৰিংকুয়েও হাঁহি মাৰি কলে," চোৱা ভাই, এতিয়া আকৌ লগ এৰি নিদিবা। যিকোনো প্ৰকাৰে মান্তি কৰাব লাগিব। এতিয়া তুমি ভয় নোখোৱাবা। তাইৰ খং দেখি এনেও ভয় লাগিছে আৰু ঘৰৰ সকলোৱে খঙত মোৰ ফালেই চাই আছিল।"
বেদান্ত: 'অ দাদা মইও দেখিলো। বাৰু চেষ্টা কৰো ব'লা।' বুলি কৈ সিও তাৰ ৰুমলৈ গুচি গল।
ৰিংকু অলপ সময় তাতেই বহি থাকিল," কথাটো পাতিবই লাগিব। এনেকৈ ভয় কৰিলে নহব।" সি সাহস কৰি পাকঘৰলৈ গল। কিছু সময় পাকঘৰৰ দৰ্জা মুখত ৰৈ ৰিয়াক চাই থাকিল। ৰিয়াই ভাবিলে বেদান্ত আহিছে," বেদান্ত যোৱা ইয়াৰ পৰা। মোক অশান্তি নকৰিবা, শান্তিৰে আহাৰ ৰান্ধিব দিয়া।"
কিন্তু উভতি চাই তাই ৰিংকুক দেখি মুখ খন ঘূৰাই কলে,"কিবা লাগে নেকি আপোনাক?"
ৰিংকু: অ, পানী।
ৰিয়া: তেন্তে ফ্ৰীজত পানী আছে। তাৰ কাষত গিলাচ থৈ দিয়া আছে। হাতখন আগবঢ়াই লৈ লওক।
ৰিংকুয়ে সাহস কৰি কলে,"তুমিয়েই দি দিয়া।"
ৰিয়া: মোৰ বহুত কাম আছে আপুনি নিজেই লৈ লওক।
ৰিংকুয়ে মনটো মাৰি নিজেই পানী লৈ খাই তাৰ পৰা নিজৰ ৰুমলৈ আহিল।
"আৰে সঁচাকৈয়ে ব'মৰ দৰে ফাটিবলৈ ৰেডি হৈ আছে। কিন্তু কোনো কথা নাই। মইও কম নহয় , মান্তি কৰাইহে এৰিম।"
ইফালে ৰুমৰ চাৰিওফালে চাই কলে," এদিন ময়েই তোমাক এইটো ৰুমলৈ আহিবলৈ মানা কৰিছিলো কিন্তু এতিয়া বহুত সোনকালে এইটো ৰুমলৈ সম্পূৰ্ণ অধিকাৰৰ সৈতে তুমি আহিবা।
আৰু এইখন ৱালত আমাৰ দুয়োৰে বিয়াৰ সাজত ফটো থাকিব।"
ইফালে বেদান্তই ফোনত উৰ্মিক কলে যে ,"দাদাই ৰিয়াৰ বিষয়ে ভুল ধাৰণা লৈ আছিল যে তাই বেলেগ কাৰোবাক পছন্দ কৰে। আৰু তেওঁ ভাবিছিল হয়তো এই বিয়াত তাইৰ সন্মতি নাছিল। আজি দুয়োৰে মাজত সকলো স্পষ্ট হৈ পৰিল।" সি জানিবুজি এইটো কথা উৰ্মিৰ পৰা লুকাই ৰাখিলে যে ৰিংকুয়ে তাৰ আৰু ৰিয়াৰ বিষয়ে ভুল ধাৰণা লৈ আছিল।
উৰ্মিয়ে ফুৰ্তিত কব নোৱাৰা হল,"তেন্তে এতিয়া ৰিয়াৰ জীৱনত সকলো ঠিক হৈ যাব।"
বেদান্ত: ইমান ফুৰ্তি নকৰিবা। ইয়াত ৰিয়া আঘাতপ্ৰাপ্ত বাঘিনিৰ দৰে গোটেই ঘৰত ঘূৰি ফুৰিছে। আৰু মোক ধমকি দিছে যে আমি দাদাক তাই ভাল পোৱাৰ কথাটো যাতে নকওঁ। যদি কৈ দিওঁ তাই আমাৰ লগত কথা নাপাতে।"
উৰ্মিয়ে হাঁহি মাৰি কলে," তেন্তে দুয়োৰে কাজিয়াৰ মাজত আৰু ভাল লাগিব।"
বেদান্ত: তুমি আনন্দৰ কথা কৈছা। মোৰটো ভয় লাগিছে এইবোৰৰ মাজত যাতে মই ফচি নাযাওঁ।"
ইফালে ৰিয়াই গোটেই আহাৰ ৰান্ধিলে আৰু টেবুলত থৈ দিলে। সকলো খাবলৈ টেবুলত আহি বহাত ৰিংকুয়ে তাইক ভাল লগাবলৈ কলে,' ৱাহ মা, গোন্ধটো বহুত ধুনীয়া আহিছে।'কল্পনা: নিশ্চয় , কাৰণ সকলো খাদ্য ৰিয়াই ৰান্ধিছে। কিন্তু আজি পেট ভৰাই খাই লোৱা কাৰণ অহাকালিৰ পৰা মোৰ হাতেৰে খাব লাগিব।
ৰিংকুয়ে ৰিয়াক মান্তি কৰাবলৈ মৰমসনা চাৱনিৰে কলে," ৰিয়া তুমি আহাৰ ধুনীয়া ৰান্ধা। তুমি অহাকালি হোষ্টেল যাব নালাগে ইয়াতে থাকি যোৱা। বেদান্তই তোমাৰ বস্তুবোৰ হোষ্টেলৰ পৰা লৈ আহিব।"
বেদান্তৰ মুখ খন মেল খাই থাকিল আৰু কল্পনাই আচৰিত হৈ ৰিংকুৰ ফালে চাই কলে," অ ৰিয়া, এতিয়া তুমি গুচি আহা আৰু।"
কিন্তু ৰিয়াই ৰিংকুক মানা কৰি দিলে," নহয় মা, এতিয়া ফাইনেল পৰীক্ষাত কিমান দিন নো বাকী আছে। আৰু মই ভাবিছোঁ পৰীক্ষা শেষ হোৱাৰ পাছত কিছুদিনৰ বাবে মই শিৱসাগৰলৈ যাম।"
তেতিয়া ৰিংকুয়ে লৰালৰিকৈ কলে," নাই নাই শিৱসাগৰ যাব নালাগে।" সকলোৱে এতিয়া তাৰ ফালে চাব ধৰাত সি কলে," মইতো এইকাৰনেই মানা কৰিছোঁ কাৰণ তাত অকলে কেনেকৈ থাকিবা তোমি?"
ৰিয়াই খঙেৰে তাৰ ফালে চাই কলে," কিয় থাকিব নোৱাৰিম? মোৰ ঘৰ হয় মই থাকিব পাৰিম। অৱশ্যে মই অকলে কত নো যাম? বেদান্তও যাব মোৰ লগত। কিয় যাবা নহয় তুমি?" আৰু তাই বেদান্তৰ ফালে চালে।
বেদান্ত বেচেৰা ফচি গল, এতিয়া কি কব সি? ৰিংকুয়ে ইংগিত দি তাক মানা কৰিবলৈ কলে।
ৰিয়া: বেদান্ত তুমি একো নকলা কিয়?
বেদান্ত: ৰিয়া এতিয়া খাই লোৱাচোন। যেতিয়া ছুটি পাম তেতিয়া দেখা যাব কি কৰা হয়।
ৰিয়া: নহব, মইতো যামেই।
এতিয়া ৰিংকুয়ে মন মাৰি আহাৰ গ্ৰহণ কৰি উঠি যাব লওঁতে ৰিয়াই কলে," আপুনি কিয় উঠি গৈছে? এতিয়া তো খিৰ খাবলৈ বাকী আছেই।" আৰু পাকঘৰৰ পৰা গৈ খিৰ লৈ আনিলে সকলোৰে বাবে।
সকলোকে দি হোৱাৰ পাছত ৰিংকুৰ ফালে খিৰৰ বাতিটো আগবঢ়াই কলে,"আজিৰ বিশেষ এই খিৰ হয় গতিকে খাবটো লাগিবই।" তাইৰ চকুত দুষ্টামীৰ উজ্জ্বলতা আছিল।বেদান্তই বুজি পালে যে কিবা খেলিমেলি নিশ্চয় আছে আৰু লৰালৰিকৈ খিৰ খাই চালে আৰু সেইয়া বহুত সোৱাদ লগা হৈছে।
ৰিংকুয়েও যেতিয়া এক চামুচ মুখত দি চালে তেতিয়া সি অবাক হৈ গল। তাৰ বাতিট চেনিৰ ঠাইত নিমখ আছিল। ৰিয়াই ৰিংকুৰ ফালে চাই কলে," কি হল খাওঁক আকৌ? ভাল লগা নাই নেকি? মা দেউতা, আপোনালোকে খাই কওকচোন খিৰ কেনেকুৱা হৈছে খাবলৈ।"
সকলোৱে খাই হোৱাৰ পাছত ৰিয়াৰ গুণ কৰিলে। এতিয়া বেচেৰা ৰিংকুয়ে কি কৰিব? সি মনে মনে নিমখ দিয়া খিৰ খাই লৈ কলে," অ বহুত ভাল হৈছে একদম তোমাৰ দৰে।
ৰিয়াই কথাষাৰ শুনি খঙেৰে তালৈ চালে আৰু মনৰ ভিতৰতে কলে," এইয়াটো আৰম্ভণি হয় , আগলৈ চাই যাওক এওঁ কি হব?"
বেদান্তই যেতিয়া দেখিলে তেতিয়া সি বুজি পালে যে দাদাৰ খিৰত কিবা গণ্ডগোল আছে। সি মনে মনে ৰিংকুৰ বাতিৰ পৰা অলপ খাই সকলো গম পালে। সি কিবা কব লওঁতেই তাক ৰিংকুয়ে বাধা দিলে আৰু সি মিচিকয়াই দিলে।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment