আজি দুদিনমানৰ পৰা মোৰ মুৰৰ বিষটোৱে আমনি কৰি আছে । পেইন কিলাৰেও দেখোন কামত দিয়া নাই । চৰ্দি ভাৱ এটাও আহিছে ..তালু চেৰচেৰনি .. জ্বৰ জ্বৰ লাগি থকা হৈছে ( Assamese Storyboard )। কেৱল মোৰেই নহয় ,স্বামী আকাশৰো মুৰৰ বিষ আৰু জ্বৰ । ৰাতি শুৱাৰ সময়ত আকাশৰ কপালত অলপ ভিক্সেৰে মালিচ কৰি দিলো । কভিদে পোৱা নাইতো ? এপাৰ্টমেণ্টটোৰ প্ৰায়খিনি লোকৰ শৰীৰতে কভিদ বিয়পিছে । লব লগীয়া সকলোখিনি সাৱধানতা লৈয়ে আছিলো । নাজানো এইয়া কেনেকৈ হ'বলৈ পালে ..নহ'বওতো পাৰে ..কেৱল মোৰ সন্দেহ হৈছে । ৰাতিপুৱা উঠিবলৈ ললে গাটো বহুত অৱশ লাগে । তথাপিও উঠি শক্তি অনুযায়ী ব্যায়াম আৰু প্ৰাণায়াম কৰি পানী গৰম কৰি গাৰ্গল কৰিছো । আকাশৰ বাবেও অলপ গৰম পানী থৈ দিওঁ । সৌভাগ্য ক্ৰমে মোৰ তিনিদিনমানৰ পাছতে ভাল হ'ল । মুৰৰ বিষটোও নাইকিয়া হ'ল । এইয়া সম্ভৱ হৈ উঠিল কেৱল ঘৰুৱা চিকিৎসাখিনিৰ জড়িয়তে ।
মনৰ জোৰত শাৰিৰিক দুৰ্বলতাক প্ৰশ্ৰয় নিদি মই নিজেও যত্ন লোৱাৰ লগতে আকাশৰো সমানে যত্ন লৈছিলো । মাল্টি ভিটামিন , জিংক টেবলেট , ভিটামিন চি -- এই সকলোখিনি সাজু কৰি থৈছিলো আগতে । প্ৰাথমিক চিকিৎসাৰ লগতে দৈনিক টেবলেটখিনিও লৈছিলো । দুবছৰীয়া কনমানিজনীক এইকেইদিন আইতাকৰ লগত শুবলৈ দিছিলো । আকাশৰো মুৰৰ বিষ জ্বৰ সোনকালেই ভাল হ'ল কিন্তু কাহটো ভালপোৱা নাছিল । পাৰ্য্যমানে এওঁৰ যত্ন লৈছিলো । ৰাতি ৰাতি শুব পৰা নাছিলো ভয়তে..এওঁলৈকে চাই থাকো ,উশাহটো ভালকৈ লব পাৰিছেনে ? হস্পিতাল পঠিয়াবলৈও চিন্তা ..কিজানি আই চি ইউ নাপায় ..প্ৰয়োজনীয় চিকিৎসাখিনি যদি সময়ত নাপায় ! আকাশক মই একো হ'বলৈ নিদিওঁ ..মোৰ আয়ুসো তেওঁৰে হওক । ঘৰৰ যত্নৰ লগতে ভগৱানেই মোৰ ভৰষা হৈছিল । নাৰায়ণ কৱচ আৰু হনুমান চালিচা শুনি মনলৈ শান্তি আৰু সাহস আনিছিলো । ঈশ্বৰৰ কৃপাত মোৰো যত্নত আকাশো ভাললৈ আহিছিল । মোৰ শাহু মা আৰু কনমানিজনীক যাতে এই বিজাণুৱে চুব নোৱাৰে তাৰবাবে সচেষ্ট আছিলো । ভগৱানৰ কৃপাত তেওঁলোক ঠিকেই আছিল ।
মইও শান্তিৰ উশাহ লৈছিলো । কিন্তু দুদিনমানৰ পাছতে মোৰ বুকুখন খোচ মাৰি ধৰা নিচিনা লাগে আৰু উশাহ লবলৈ কষ্ট পোৱাৰ দৰে হ'লো । তেনেকৈ তিনিদিনমান পাৰ হ'ল । কওঁ নকওঁকৈ আকাশক ক'লো -- হস্পিতালতে এদমিট হওগৈ নেকি ..আকাশে সন্দেহ কৰিছিল যে মোৰ দেহত এতিয়াও কভিদৰ বিজাণু আছে । কিন্তু মই জানো কভিদৰ বাবে এনে হোৱা নাই ..যি কি নহওক হস্পিতাললৈ যাবলৈ মই সাজু হ'লো । কণমানিজনীক যোৱাৰ আগত এবাৰ চুই চাবলৈ বৰ মন আছিল , কিন্তু আকাশে নিদিলে তাইক মৰম কৰিবলৈ । ক'লে -- আগতে ভাল হৈ আহি লোৱাছোন । আকাশে মোক থবলৈ গ'ল । হস্পিতালত প্ৰথমে কভিদ পৰীক্ষা কৰালে মোক । ভবাৰ দৰে ৰিজাল্ট নিগেটিভ ওলাল । -- মই তোমাক কৈছিলো নহয় , মোৰ নিগেটিভ ওলাব ।( Assamese Storyboard )
-- ভালহে কথা , এতিয়াতো সোনকালে ঘৰলৈ যাব পাৰিবা । ৰ'বা , ডক্তৰে কি কয় চাই লওঁ । আকাশৰ কথাত হয়ভৰ দিলো । মোৰ গাটো বেছি বেয়া হৈ আহিছিল । বহুত দুৰ্বল অনুভৱ কৰিছিলো। কিন্তু আকাশৰ আগত সহজ হৈ আছিলো । অৱশেষত ডক্তৰে পৰীক্ষা কৰি হাৰ্টৰ প্ৰব্লেম বুলি ক'লে । দুদিনমান হস্পিতালত থাকিব লাগিব বুলি ক'লে । মই আকাশক ঘৰলৈ যাবলৈ ক'লো ।কণমানিজনীক লৈ মা অকলে আছে ।-- মই পাৰিম আকাশ ..আই চি ইউত সোমোৱাৰ পাছত তোমাৰ নো কি কাম ..ফোনটো আছেই ,খবৰ লৈ থাকিব পাৰিবা নহয় -- তেনেকৈ ক'লো যদিও ভিতৰি ভিতৰি মই অস্থিৰ হৈ পৰিছিলো । ডক্তৰে দিয়া প্ৰেচক্ৰিপচনৰ মতে আকাশে দৰৱ অলপ আনি ডক্তৰৰ হাতত দিলেহি ।মোক কপালত চুমা এটা খাই আকাশ যাবলৈ ওলাল ,কিয়জানো , আকাশৰ হাতখন যেন এৰি নিদিম ..চকু দুটা চল চলীয়া হ'ল মোৰ । যাওঁতে ঘূৰি ঘূৰি চাই গ'ল আকাশে । কিবা এটা দুখে মোক হেঁচা মাৰি ধৰিছে ! ধেই ! কি বোৰ যে ভাবিছো ! দুদিনহে ..
মোক আই চি ইউ কক্ষলৈ লৈ যোৱা হ'ল । মোৰ উশাহ ঘন হ'বলৈ ধৰিছে ..চকুৰে অস্পষ্ট দেখিবলৈ লৈছো । লাহে লাহে মোৰ চকু জাপ খাই আহিছে । মই যেন ক্ৰমশ আন্ধাৰ জগত এখনত সোমাই পৰিছো ,কেৱল আন্ধাৰ !!
লাহে লাহে মই চকু মেলিছো । সম্ভৱ ৰাতিপুৱাইছে ..চৰাই চিৰিকতিৰ চি চিঞনিবোৰ আৰম্ভ হৈছে । ইমান প্ৰশান্তিৰ ভাব !! শান্তিৰে উশাহ লৈছো ..বুকুৰ কোনো সমস্যা নাই ..নিজকে বহুত পাতল অনুভৱ কৰিছো। লাহে লাহে উঠি বহিছো ..সেয়া ডক্তৰ নাৰ্চ সোমাই আহিছে ..তেওঁলোকে মোৰ পাৰ্লচ পৰীক্ষা কৰিছে ,মোৰ মুখৰ পৰা অক্সিজেন মাক্সটো আঁতৰাই দিছে । ডক্তৰজনে হুমুনিয়াহ কাঢ়িছে । নাৰ্চক কৈছে -- বডিটোৰ হাজবেন্দক খবৰ দিয়া সোনকালে । মই লৰা লৰিকৈ ওলাই আহিলো ..এওঁলোকে আকাশক খবৰ দিয়াৰ আগতেই মই ঘৰ পাবগৈ লাগিব । বাটত গাড়ীবোৰ ৰখাইছো ,কোনো এখন গাড়ী ৰোৱা নাই ..মোৰ গাৰ ওপৰেৰে যেন গুছি গৈছে । আৰু দেৰী কৰিব নোৱাৰি ..ঘৰ সোনকালে পাবগৈ লাগে। মোৰ অস্তুিত্বৰ প্ৰমাণ দিবলৈ মই এতিয়া দৌৰিছো .. .কেৱল দৌৰিছো ,,
"সমাপ্ত"
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.
No comments:
Post a Comment