তুমি কিয় কথাবোৰ মোৰ পৰা লুকুৱাই ৰাখিলা।সঁচা কথাবোৰ আগতেই নকলা কিয় কৰবী?
তোমাক হেৰুওৱাৰ ভয়ত অ মানস ।( Assamese Storyboard )
এতিয়াঁওটো হেৰুৱাব লাগিব।
এতিয়া হেৰুওৱাৰ ভয় নকৰি কৈছো,আজি সাহস কৰি ক'ব পাৰিছো যি সাহস আগতে মোৰ নাছিল।
তোমাক কিমান বাৰ সুধিছিলো কিবা আছে নেকি?
সুধিছিলা কিন্তু মোৰ মনৰ ভাৱ বুজি পোৱা এজন বন্ধু আতঁৰি যোৱাৰ ভয়ে মোক বাধা দিছিল।
তাইৰ চকুজুৰি চলচলীয়া হৈ পৰিল।
তুমি নাকান্দিবা,কান্দিলে তোমাক বৰ বেয়া লাগে।তোমাৰ মৰমসনা হাঁহিটি মোৰ ভাল লাগে সেইবাবেই তোমাৰ সৈতে কথা পাতিছিলো।সেই হাঁহিবোৰৰ মাজতো যে এখন বিষাদ নৈ বৈ আছে মই ধৰিবই পৰা নাছিলো।
তোমাৰো কথাবোৰ ভাল লাগে যিবোৰে মোক জীয়াই থকাৰ প্ৰেৰণা যোগায়,সাহস দিয়ে সেইবাবেই তোমাৰ লগত কথা পাতি আহিছোঁ।তোমাকতো আগতেই কৈছিলো এই সম্পৰ্ক কেৱল বন্ধুত্বৰ,তাৰ বাদে একো নহয় ।যদি ভুল কৰিলো ক্ষমা কৰিবা,আজিৰ পৰা তোমাক মই অসুবিধা নকৰো।
ৰবা,তুমি তেনেকৈ কলেই হ'ব নেকি!তুমি ভুল কৰিছা হয়, তথাপি তুমি এনেদৰে যাব নোৱাৰা।কি হৈছিল সকলো বিৱৰি কোৱা।
নালাগে দিয়া তুমি শুনিব মোৰ অভিশপ্ত জীৱনৰ কথাবোৰ...
ক'বই লাগিব,মই শুনিব বিছাৰো...
শুনা নহ'লে...
আজিৰ পৰা তিনিবছৰ আগৰ কথা।তেতিয়া মোৰ বয়স সোতৰ বছৰ মাত্ৰ।
মই হাইস্কুল পাছ কৰি কলেজত নাম লগাইছো।স্কুলৰ পৰিধি ফালি উন্মুক্ত পৃথিৱীখন পোৱাৰ কিমান যে আনন্দ।মন সাগৰত হেজাৰ কোলাহল। কলেজৰ গেটৰ পৰা শাৰী শাৰীকৈ থকা নানাৰঙী ফুলবোৰে যে বাৰুকৈ মন জুৰ পেলাইছিল।সেইকেইদিন লৰাবোৰে কিমান যে বেকাকৈ চাইছিল। কেতিয়াবা চকুত চকু পৰিলে মই লাজত বাৰুকৈয়ে মুখ লুকুৱাইছিলো।
এনেদৰে ঘটা ঘটনাবোৰ নৃত্য নৈমিত্তিক হৈ পৰিল।
প্ৰথম বৰ্ষটো এনেদৰেই পাৰ হ'ল।
মোৰ লগৰ ৰিমী,শিশাহতে নিজৰ নিজৰ প্ৰেমাস্পদৰ লগত সুখী হ'ব শিকিছে।কলেজলৈ আহে মাত্ৰ নামত আৰু প্ৰেমিকৰ বাইকৰ পিছত বহি গোটেই দিনটো ঘূৰি ফুৰে।এই সময়খিনিত বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ।সদায় ক্লাছ কৰো আৰু ঘৰলৈ চিধা-চিধি ঘৰলৈ গুচি আহো।
প্ৰায়েই অনুভৱ কৰোঁ যেন কোনোবাই মোক অনুসৰণ কৰি আছে।কলেজলৈ যাওতে,ক্লাচৰ পৰা উলাওতে,ঘৰলৈ আহোতে প্ৰতি মুহূৰ্ততে যেন মোক কোনোবাই অনুসৰণ কৰে।ঘূৰি চাও কিন্তু কাকো নেদেখোঁ।সেইয়ে মনৰ ভ্ৰম বুলি ভাৱি গুচি আহো।
সিদিনা সৰস্বতী পূজা।পুৱা সোনকালে উঠি কপাহী সুতাৰ বুটা বছা ৰঙা সাজযোৰ পিন্ধি লৈ ৰৈ আছো ৰিমিলৈ।কিছুসময়ৰ পিছতে তাই পালেহি আৰু মোৰ বগা স্কুটাৰখন ষ্টাৰ্ট কৰি তাইক উঠাই ললো।
ঐ কৰবী তোক যে মৃনালে অনুসৰণ কৰে জান নে নাই!
কোন মৃনাল ?মই একো নাজানো আৰু জানিবও নিবিছাৰোঁ।
লগাই ল' কিমান দিননো আৰু এনেকৈ অকলশৰীয়া হৈ থাকিবি। ল'ৰাটো হেন্দচাম হয় আৰু ঘৰৰ অৱস্হা পাতিও ভাল।আমাকহে পিছা নকৰে অ।
হ'ব তোৰ এটা আছেই আৰু ইয়াকো বনাই ল'।মোক পেক-পেকাই নাহিবি ।
হ'ব হ'ব দে মনৰ কথাটোহে কৈছো,বাকী তোৰ কথা।
হ'ব চুপচাপ বহি আহ,নহ'লে নমাই থৈ যাম।
হ'ব দে,চৰী ।
স্কুটাৰ খন ল'ক কৰি কলেজলৈ সোমাব লওঁতেই সন্মূখত বগা কোৰ্টা পিন্ধা এজন সুঠাম ডেকা ল'ৰা মোৰ সন্মূখত হাজিৰ হ'ল।
অসমীয়া সাজপিন্ধা মানুহ দেখিলে মনটো কিবা এটা যেন ভাল লাগি যায়। তথাপি মুখ ঘূৰাই দিলোঁ। চাবলৈ লাজো লাগে অচিনাকি ল'ৰা।
ঐ..মৃনাল..মৃনাল..ৰিমিয়ে মোৰ কাণত ফুচফুচাই কৈ উঠিল।
মই খৰখেদাকৈ কলেজলৈ সোমাব ধৰিলো.. .
ৰ'বাচোন কৰবী..
অনিশ্চা স্বত্বেও মই ৰৈ দিলো।
তোমাক বহুত দিনৰ পৰা অনুসৰণ কৰি আছো কথা এটা কম বুলি...
কি কথা আছে ব
সোনকালে কোৱা,মোৰ দেৰি হৈছে।
এনেকৈ কব নোৱাৰি, অলপমান সময় দিবা নেকি!
আজি মোৰ সময় নাই পিছত লগ পাব চেষ্টা কৰিম।তাৰফালে নোচোৱাকৈ
কথাখিনি কৈ মই ৰিমীৰ সৈতে কলেজৰ ভিতৰলৈ সোমাই আহিলো।
সিদিনাখনৰ পৰা সি মোক বেছিকৈ অনুশৰন কৰিব ধৰিলে।অজানিতে মোৰো মন সাগৰত সৃষ্টি হ'ব ধৰিলে অজস্ৰ ঢৌ।
ৰিমি তাক মোক লগ কৰিব কবি এতিয়াই ।মই পিছফালে ৰৈ আছো।
ঠিক আছে,মিছিকীয়া হাঁহি এটা মাৰি তাই গুচি গ'ল।
পিছফালৰ পকী বেঞ্চখনত বহি থকা সময়খিনি যেন নাযায় নোপোৱায় আছিল।
কিছুসময় পিছতেই সি আহিল।ৰিমি অহা নাই,তাই দূৰৰ পৰাই চকুটিপ এটা মাৰি গুছি গ'ল।
তাক বহিবলৈ দিলো।
সি বেঞ্চখনৰ সিটো মূৰে বহি ল'লে।
কোৱা তোমাৰ কি ক'ব লগা আছে?
তোমাক প্ৰথম দেখাৰে পৰা মোৰ বহুত তোমাক ভাল লাগে আৰু সেইয়ে ইমানদিনে তোমাক অনুশৰণ কৰি আছিলো।
কিয় মই দেখোন গমেই নাপালোঁ।
তুমি নেদেখাকৈয়েই...
মোকেই যে কিয়!
কলেজত আৰু ছোৱালী নাই নেকি?
আছে,কিন্তু তোমাৰ দৰে নহয়!
মোৰ কি আছে যিটো আন ছোৱালী এজনীৰ নাই!
সেইবোৰ বুজাব পৰা বিষয় নহয় কৰবী ।মই তোমাক ভাল পাওঁ আৰু তোমাৰ উত্তৰ বিচাৰোঁ।
কথাখিনি শুনাৰ লগে লগে মোৰ যে কি অৱস্হা হৈছিল।গাল-মুখ ৰঙা পৰি গৈছিল।মই ভাৱিব লাগিব বুলি কৈয়েই তাৰ ফালে নোহোৱাকৈয়েই তৎক্ষণাৎ তাৰ পৰা গুছি আহিলো।
ঠিক আছে মই অপেক্ষা কৰিম ।
পিছফালৰ পৰা তাৰ মাতটো শুনিবলৈ পালোঁ।
সিদিনা ৰাতি বহুত ভাবিলো আৰু পিছদিনা তাক মোৰ উত্তৰ দিম বুলি ঠিৰাং কৰিলো।
কলেজত স্কুটাৰখন ৰখাইছোহে তাক দেখিবলৈ পালো।সিও যেন মোৰ বাবেই ৰৈ আছিল।
সি ওচৰ চাপি আহিল।
দুয়ো খোজকাঢি গৈ থাকিলোঁ তাৰ উত্তৰ আৰু মনৰ কথাবোৰ কৈ কৈ।
সেইদিনাৰ পৰা মোৰ জীৱনটো যেন মোৰ হৈ নাথাকিল হৈ পৰিল আমাৰ...
মনত ফুলিব ধৰিলে সাতোৰঙী ফুলৰ বাগিছা আৰু দেখিব ধৰিলো অলেষ সপোন ।
সেইদিনা হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ শেষৰ দিন।ৰিমি আৰু মই পৰীক্ষা দি উলাই আহিছোঁ।সি মোৰ বাবে ৰৈ আছে।
ৰিমিক ষ্কুটীৰ ছাবিটো দি তাৰ লগত খোজকাঢ়িব ধৰিলো। তেতিয়াই সি মোক পলুৱাই নিয়াৰ প্ৰস্তাৱ দিলে।
সিদিনা তাক কোনো উত্তৰ নিদি গুচি আহিলোঁ।
ৰাতি ফোনত সি বহুত জোৰ কৰিলে আৰু পিছদিনা মই তালৈ যাম বুলি কৈ দিলো।( Assamese Storyboard )
ঘৰৰ মানুহৰ অজানিতে তাৰ ঘৰৰ বোৱাৰী হ'লো।তাৰ ঘৰৰ একমাত্ৰ বোৱাৰী বুলি মাক-ডেউতাকে কৰা মৰমত মোৰ ঘৰৰ কথা পাহৰিয়ে পেলাওঁ।আমাৰ মা-ডেউতাই প্ৰথমতে অমান্তি হৈছিল যদিও পিছলৈ গ্ৰহণ কৰিলে।
এনেদৰে এবছৰৰ পিছত আমাৰ মাজলৈ বাবু আহিল।মৃনালৰ বাহিৰে গোটেই পৰিয়ালটোৰ মাজত যেন আনন্দৰ সীমা নাইকিয়া হ'ল।
এনেকৈয়ে বাবুৰ তিনিমাহ পাৰ হৈ গ'ল।
বাবুক ককা-আইতাকৰ কোলাত দি দুই এপদ কাম কৰিব ধৰিলো।সময় পালেই মৃনালক লক্ষ্য কৰো।মানুহটো যেন আগৰ দৰে হৈ থকা নাই,গোমা হৈ থাকে।ৰাতি কিবা কিবি খাই দেৰিকৈ ঘৰত আহে আৰু একো নমতাকৈ শুই যায়।
এদিন ৰাতিপূৱা সুধিলো... তোমাৰ কি হৈছে মোৰ পৰা যে আতৰি থকা হৈছা।
নাই একো হোৱা।স্বভাৱসুলভভাৱে সি কৈ উঠিল।
নহ'লে মোৰ পৰা আতৰি আছা কিয়!
ক'ত আতঁৰি আছো!মোৰ অলপ কাম আছে মই যাওঁ।কথাখিনি কৈয়েই মোৰ প্ৰশ্নৰ পৰা ফালৰি কাটি সি গুচি গ'ল।
সেইদিনাৰ পৰা এনেকৈয়ে আমাৰ সম্পৰ্কটো চলি থাকিল।দিনক দিনে আৰু বেয়াৰ ফালে ঢাল খাব ধৰিলে।
সৃষ্টি হব ধৰিলে মোৰ অন্তৰৰ মাজত এখন সংঘাট।
জীৱন হৈ পৰিল যেন এক মানসিক ব্যাধি।
কিন্তু ইয়াৰ পৰা ৰক্ষা পাবলৈ যিমান পাৰি চেষ্টা কৰি থাকিলোঁ ।....
দিনক দিনে মোৰ মনত হেজাৰ প্ৰশ্নই গা কৰি উঠিব ধৰিলে।না খাব পাৰো না ভালকৈ শুব পাৰো।মনটো সকলো সময়তে দুঃচিন্তাই ভৰি থকা হ'ল।
বাবুৰ জীৱনক লৈও অশেষ চিন্তা। জীৱনৰ ৰঙীন সপোনবোৰ যেন ক'ৰবাত থান-বান হৈ পৰিল।যাৰ বাবে নিজৰ জীৱনৰ সপোন শেষ কৰি পেলালো,যাৰ বাবে মা-ডেউতাৰ কথা নামানি গুছি আহিছিলো সিয়েই মোক অৱহেলা কৰা হৈ পৰিল।মোৰ কথাটো বাদেই নিজৰ সন্তানটোকো অলপো মৰম নকৰা হৈ পৰিল। আমি দুটা যেন বোজা হৈ পৰিলোঁ।
মই মাথো সন্তানটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জীয়াই আছো পৰিস্থিতি আগৰ দৰে হোৱাৰ অপেক্ষাত...
মৃণালৰ ব্যৱসায় আগৰ দৰে হৈ থকা নাই।দিনক দিনে সি ব্যৱসায়ৰ সলনি জুৱা আৰু মদৰ আদ্দাত ব্যস্ত হৈ পৰিল।তাৰ এই পৰিবৰ্তনৰ শহুৰ-শাহুৱে মোকেই জগৰীয়া কৰিলে।যিসকলে মোক নিজৰ ছোৱালীৰ দৰেই ব্যৱহাৰ কৰিছিল।এতিয়া তেওঁলোকেই মোৰ চৰিত্ৰত প্ৰশ্ন তুলিলে।মই যে নিৰূপায় হৈ পৰিলোঁ।
মানুহজনক আগৰ দৰেই পাবলৈ কিমান যে আশা লৈ ক'ত উজাগৰী নিশা পাৰ কৰিলো।মোৰ যে এটাই চিন্তা আন নহলেও সন্তানটোৱে যেন ডেউতাকৰ মৰমৰ পৰা বঞ্চিত হ'ব লগা নহয়।
সেইদিনা নিশা চাৰে দহ বাজি গৈছিল।মৃনাল তেতিয়ালৈ ঘৰলৈ অহাই নাই। সেইদিনা তাৰ লগত কথা পাতিম বুলিয়েই ৰৈ আছো।তালৈ ৰৈ ৰৈ যেন আমনি লাগি গ'ল।
তথাপিও ৰৈ আছো সি অহালৈ কাৰণ মোক উত্তৰ লাগে।যি মোৰ বাবে সকলো ত্যাগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।এতিয়া সকলো পাহৰি পেলালে!
এনেদৰে থাকোতেই ভাগৰুৱা দেহাটোত চিলমিলকৈ টোপনি আহিল।
দৰ্জাখন খোলাৰ শব্দত মই সাৰ পাই গলো।ঘড়ীটোলৈ চাই দেখিলো বাৰ বাজি গ'ল।
তোমাৰ ইমান দেৰি যে,
কিয়?কিবা অসুবিধা হৈছে নেকি!তোমাকটো মই সাৰে থাকিবা বুলি কোৱা নাই।
:ভাত ডাইনিঙতে থোৱা আছে,খাই লোৱা।
:হ'ব মই খাই আহিছোঁ, এতিয়া শুই থাকা আৰু মোকো শান্তিৰে শুবলৈ দিয়া।
: মোৰ তোমাৰ লগত অলপ কথা আছে ।
: কি কথা,এতিয়া শুনিবলৈ মোৰ ধৈৰ্য্য নাই।
:শুনিবই লাগিব. ..
তুমি এনেদৰে মদ খাই আহি ৰাতি ৰাতি মোক কিয় শাস্তি দি আছা।তোমাৰ লগতে মোৰ জীৱনটো কিয় দূৰ্বিষহ কৰি পেলাইছা।মোৰ কি দোষ আছিল কোৱা! মই কান্দি কান্দি কৈ উঠিলো।
:দোষ আছিল নহয়,দোষ হৈছে,তোমাক কোনে সন্তান জন্ম দিব দিছিল। মইটো সন্তান জন্ম দিয়াত বাধা দিছিলো,তুমিহে !
:অ মইয়ে ,মইয়েই জন্ম দিলো কাৰণ এগৰাকী মাতৃ হিচাপে নিজৰ সন্তানক মাৰি পেলাব নোৱাৰিলো।মোৰ ভুল কি তাতেই।
:অহ দোষ তাতেই,তুমি সন্তান জন্ম দিলা আৰু তাৰ লগত লাগি থকা হ'লা।মোৰ প্ৰতি থকা তোমাৰ মৰমবোৰ যেন কমি গ'ল।
:তুমি কি ক'ব আহিছা,নিজৰ সন্তানক লৈও তুমি এনেকৈ ভাৱিব পাৰানে !
:কি সন্তানৰ কথা ক'ব আহিছা।তুমি সন্তানৰ মায়াত এনেকৈ মুগ্ধ হৈ গলা আৰু মোক যেন একাষৰীয়া কৰি পেলালা।
:অহ মই বাবুৰ কথা চিন্তা কৰো, তোমাৰোতো তাৰ প্ৰতি দায়িত্ব আছে। সেইয়া জানো পালন কৰিছা!
:মোক বেছিকৈ সন্তানৰ কথা কৈ নাথাকিবা। তুমি জানা তাৰ
জন্মৰ পৰাই তোমাৰ ৰূপ-লাৱণ্য হেৰাই গ'ল।হেৰাই গ'ল তোমাৰ যৌৱন।
আগৰ সেই আমেজ তোমাৰ তাত নাই।নাই সেই দেহৰ সুগন্ধি যাৰ বাবে মোৰ মন চঞ্চল হৈ উঠে..
:অহ্ তুমি কেৱল মোৰ দেহাটোহে ভাল পাইছিলা !সেই প্ৰতিশ্ৰুতিবোৰ ক'ত গ'ল! মোৰ দেহাটোত নতুনত্বৰ সুখ নাই যে সেইবাবে এতিয়া আমুৱাইছে।তুমি মোৰ সকলো
শেষ কৰি পেলালা।তথাপি তোমাক কওঁ তুমি যি ভাবিছা মৰম মানে কেৱল শৰীৰৰ মিলন!সেইয়া নহয় মৰম মানে আত্মাৰ মিলন। আৰু শুনা সৌন্দৰ্য চিৰ যুগমীয়া নহয়,সময়ৰ লগে লগে ই ম্লান পৰি যায়। কিন্তু আত্মাৰ সৌন্দৰ্য চিৰ যুগমীয়া,যিটো তুমি বুজি নাপালা।
তোমাৰ দৰে এজন পুৰুষৰ লগত সম্বন্ধ গঢ়ি মই বহুত ভুল কৰিলো। তোমাৰ বাবে মই মোৰ আপোন মা ডেউতাক এৰি থৈ আহিলো আৰু তাৰ প্ৰতিদান মোক ঠিকেই দিলা।
:হ'ব হ'ব মোক শুব দিয়া আৰু বলকি নাথাকিবা।
সি মোৰ কথা নুশুনাৰ ভাও জুৰি শুই পৰিল।
মই যে নিজৰ ভাগ্যৰ চকৰীত পৰি কিমান ভুল কৰিলো।মাথো বাবুক সাবতি বোৱালো এখন অশ্ৰুৰ নৈ। য'ত তচনচ হৈ গ'ল মোৰ ঠুনুকা হৃদয়....
পিছদিনা অনিশ্চা সত্বেও দেউতাক ক'ল কৰিলো আৰু কান্দি কান্দি সকলো কলো। শেষত দেউতাই তাৰ পৰা লৈ অহাৰ প্ৰতিশ্ৰুতি দিলে।
সিদিনাই দহ মান বজাত কেইজনমান মানুহক লৈ দেউতাই তাৰ পৰা লৈ আহিলে।সিদিনাও তাৰ মুখলৈ চাইছিলো তেতিয়াও সি একো নামাতিলে।তাৰ পাছত সি কেইবা বাৰু মোক নিবলৈ চেষ্টা কৰিছিল। কিন্তু মোৰ যাবলৈ সাহস নহল।
আমাৰ বিচ্ছেদ হোৱাৰ এবছৰে হ'ল কৰ্টৈ বাবুক মোৰ লগত ৰাখিবলৈ যায় দিলে। আজি বাবুৰ তিনি বছৰ সম্পূৰ্ণ হ'ল। তাক বাৰুকৈয়ে পিতৃৰ অভাৱ অনুভৱ কৰিব দিয়া নাই । সেইবাবেই আজিৰ বিশেষ দিনটোত তোমাক আমাৰ ঘৰলৈ মাতিলো।
এই সকলোবোৰ শুনি মানস তধা লাগি ৰ'ল।
: এইটোৱেই আমাৰ বাবু। ল'ৰাটোক কোলাত তুলি কৰবীৱে কৈ উঠিল।
কৰবীৰ মাতত মানস বাস্তৱলৈ ঘূৰি আহিল।
:বৰ ধুনীয়া দেখোন, একেবাৰে তোমাতেই গৈছে।তেজাল, মঙহাল ল'ৰাটোলৈ চাই মানসে কৈ উঠিল।
এনেতে কৰবীৰ মাকে হাতত চাহ-জলপান লৈ আহিল।
:বোপা চাহ খাবা দেই। কথাষাৰ কৈ নাতিনীয়েকক লৈ মাকজনী গুছি গ'ল।
:তোমাক কথা এটা কওঁ তুমি বেয়া নাপাবা।
চাহ খাই খাই মানসে কৈ উঠিল।
:কোৱা,কিয় বেয়া পাম।
: মই এতিয়াওঁ তোমাক বিয়া কৰিব বিচাৰো। বাবুৰ দায়িত্বও মই কান্ধ পাতি লম।
: নহয় মানস তুমি বেয়া নাপাবা। মই তোমাৰ জীৱনটো ধ্বংস কৰিব নিবিচাৰোঁ।তুমি ভাল ছোৱালী পাবা।
:তুমিওঁতো বেয়া নহয়।
: সেইটো কথা নহয়। মোৰ দায়িত্ব কেৱল ডাঙৰ দীঘল কৰা।ইয়াক ভাল মানুহ কৰি গঢ়ি তোলা। ইয়াক তোমাৰ দৰেই সৎ সাহসী কৰি তুলিম। তুমি এজন প্ৰকৃত বন্ধু হিচাপে অলপ নজৰ ৰাখিবা।হ'বনে!
: নিশ্চয়, তোমাৰ ত্যাগক মই মানিছো। এগৰাকী নাৰীয়েহে এনেকৈ ত্যাগ কৰিব পাৰে। তোমালোকৰ প্ৰতিটো বিপদে-আপদে মই সহায় কৰি যাম।
:ঠিক আছে, তুমি বহা মই ভাতৰ যোগাৰ কৰো।
: নালাগে নালাগে, বেলেগ এদিন খাম।
কথাখিনি কৈয়েই সি সকলোকে মাত লগাই ওলাই আহিল।
: ভালকৈ যাবা আৰু বিয়াখন সোনকালে খাব পাম বুলি আশা থাকিল।
গেটৰ মুখৰ পৰা কৰবীৱে মিচিকিয়াই ক'লে।
:হ'ব হ'ব ছোৱালী চোৱাৰ হে কথা আৰু !
কথাখিনি কৈয়েই সি বাইক ষ্টাৰ্ট দি গুছি গ'ল।
কৰবীৱে মিচিকিয়া হাঁহিটি মুখতে সানি চাই থাকিল তাক নেদেখা হোৱালৈ....
"সমাপ্ত"
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.
No comments:
Post a Comment