বিয়াৰ প্ৰথম নিশাটো যেতিয়া হৈ পৰে এটা দুখৰ নিশা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 28, 2021

বিয়াৰ প্ৰথম নিশাটো যেতিয়া হৈ পৰে এটা দুখৰ নিশা : Assamese Storyboard

Assamese Storyboard


আজি সুকন্যাৰ বিয়াৰ দিন। তাইক সখীয়ে আজি আৱৰি ৰাখিছিল কিন্তু আজি পুৱাৰে পৰা সুকন্যা অন্যমনস্ক্য হৈ আছে। ( Assamese Storyboard )

তাই ভালদৰে একোকে খোৱা নাছিল। সঠিক সময়ত বিবাহৰ নিয়ম নীতি আৰম্ভ হল। সুকন্যাই অন্যমনস্ক্য ভাৱে, বিবাহৰ সকলো নিয়ম পালন কৰি গল। শহুৰৰ ঘৰ গৈ পোৱাৰ পাছতো তাইৰ মুখ মণ্ডলত আচৰিত ধৰণৰ ভয় ভাৱ আছিল। যাক দেখা পায় সকলোৱে ভাৱিলে, এই ভয় নতুন পৰিৱেশৰ বাবে হৈছে। তাৰ মাজতে তাইৰ অলপ অসুস্থ হৈ পৰিলত তাইৰ শাহুৱেকে তাইক আৰাম কৰিবলৈ অন্য এটা কোঠালৈ পথিয়াই দিলে। ৰাতি সুকন্যাৰ শাহুৱেকে জিদ কৰি তাইক অলপ ভাত খুৱালে আৰু তাৰপাছত তাইক ফুলশয্যাৰ নিশাৰ বাবে সজোৱা কোঠালৈ আনি বহুৱাই দিলে। তাই অলপ আচহুৱা অনুভৱ কৰি ন কইনাৰ সাঁজত ফুলশয্যাৰ বাবে সজোঁৱা কোঠাটোৰ বিচনাত বহি আছিল। তাই একো বুজি পোৱা নাছিল যে, তাই কিদৰে তাইৰ স্বামী ৰক্তিমৰ সন্মুখলৈ আহিব। 


কিছু সময়ৰ পাছতে ৰক্তিমে অন্তৰত, মৰমৰ সাগৰৰ ঢৌ তুলি কোঠালৈ আহিল। নিজৰ  মৰমৰ সপোনবোৰক লৈ সি সুকন্যাৰ উৰণিখন অতঁৰালে আৰু তাইক বুকুৰ মাজতে সাৱটি ধৰিলে। আৰু তাৰপাছত যেতিয়া ৰক্তিমে, সুকন্যাৰ মুখখনি ওপৰলৈ ওঠালে, তেতিয়া তাইৰ দুচকুত চকুপানী দেখা পায় সি আচৰিত হল।

সি ব্যাকুল হৈ সুধিলে, কি হল, তুমি কান্দিছা কিয়! সকলো ঠিকে আছে নে!

সুকন্যাই মূৰ তললৈ কৰিলে, আৰু সেমেকা মাতেৰে কলে, মইটো প্ৰথমৰপৰাই কৈছিলো, মই আৰু তোমাৰ এতিয়া যোগ্য নহয়। মোৰ হাত এৰি দিয়া। কিন্তু তুমি নুশুনিলা, চোৱাচোন আজি আমাৰ বিয়াৰ প্রথম নিশা, আৰু মই, মই… ইমানখিনিয়ে কয় তাই ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰে।

ৰক্তিম ভয় খায় উঠিল। সি তাইৰ চকুপানী মুহাৰি তাইৰ হাত দুখন জোৰেৰে খামুচি ধৰিলে, আৰু কলে, চোৱা, কি কথা হৈছে, খুলা খুলিকৈ কোৱা। মই তোমাক আগতেই কৈছিলো যে, জীৱনত যি সমস্যাই নাহক কিয়, মই তোমাৰ লগত সদায়ে আছো। তুমি কোৱাচোন আগতে, কি হৈছে!

সুকন্যাই সেমেকা মাতেৰে কান্দি কান্দিয়ে কলে, ৰক্তিম, মোৰ এনে লাগিছে, মই গৰ্ভৱতী। ৰক্তিমে চক খায় সুকন্যাৰ ফালে চাই ৰল। সি তাইক কলে যে, তুমি কিবা টেষ্ট কৰিছিলা নি!

সুকন্যাই নাই কৰা বুলি মূৰটো লৰাই কলে। কিন্তু আবেলিৰপৰাই মোৰ বমি হৈছে। বাকী সকলোৱে ভাৱিলে যে, মই ভাগৰুৱা হৈ পৰিছো বাবে এনে হৈছে! কিন্তু সচাঁ কাৰণটো মই জানো ন! 


ৰক্তিমৰ কপাঁলটো চিন্তাৰ ৰেখা দেখা গল। কিন্তু সি অলপ সময় চিন্তা কৰাৰ পাছত কলে, কোনো কথা নাই। কাইলৈ আমি কিবা কথাৰে ডক্টৰৰ ওচৰলৈ যাম। সকলো ঠিক হৈ পৰিব। তুমি চিন্তা কৰি নাথাকিবা। মই তোমাৰ সন্মানত একো দাগ পৰিবলৈ নিদো। সুকন্যাই কান্দিয়ে থাকিল। ৰক্তিমে মৰমৰে তাইৰ মূৰত হাত ফুৰাই থাকিল। কান্দি কান্দি কেতিয়া সুকন্যাৰ টুপনি আহিল, তাই গমকে নাপালে। পুৱা চৰাইৰ মাতত তাইৰ টুপনি ভাঙিল, তেতিয়া ৰক্তিমে চাহৰ কাপ লৈ তাইৰ সন্মুখত ৰৈ আছিল। সি সুকন্যাক হাঁহি মাৰি কলে, বলা উঠা হাত মুখ, গা ধূই আজৰি হৈ সাজু হোৱা। কিছু সময়ৰ পাছত আমি মন্দিৰলৈ যাম বুলি ডক্টৰৰ ওচৰলৈ যাম। সুকন্যাই সোনকালে সাজু হল। ডক্টৰৰ ওচৰলৈ গৈ গম পালে যে, তাই সচাঁকৈয়ে মাক হবলৈ ওলাইছে। সুকন্যাই বৰ ভয় খালে। ৰক্তিমে তাইক সাহস দি কলে যে, এতিয়া কোৱা, কি কৰিব লাগিব! তুমি যিয়ে সিদ্ধান্ত লোৱা, মই তোমাৰ লগত আছো। 

সুকন্যাই লাহে কৰি কলে যে, মোক এই সন্তান নালাগে, কাৰণ যেতিয়াই যেতিয়াই মই এই সন্তানক দেখা পাম, তেতিয়া মোৰ লগত ঘটা, সেই নিশাৰ দূৰ্ঘটনাৰ কথা মনলৈ আহিব। ৰক্তিম, তাইৰ সিদ্ধান্তৰ লগত আছিল। অহাসপ্তাহতে তাঁহাতি ফুৰিবলৈ গোৱালৈ যাব। তাহাঁতি গোৱাতে, এজন ভাল ডক্টৰৰ লগ কৰিবলৈ সিদ্ধান্ত কৰিলে। গোৱালৈ যোৱাৰ পাছত, সুকন্যাই সেই বিষাক্ত নিশাৰ চিহ্নক নিজৰ পৰা বেলেগ কৰি দিলে। ৰক্তিমে তাইক হস্পিতালৰ পৰা হোটলৈ ৰূমলৈ লৈ আনিলে। আৰু আহাৰ খোৱাৰ পাছত তাইক দৰৱ খুৱাই আৰাম কৰিবলৈ দিলে। সুকন্যাই বিচনাতে বাগৰ দি অতীতৰ কথাত বিলীন হৈ পৰিল। 


কলেজৰ পঢ়া শেষ হোৱাৰ পাছতে তাইৰ বাবে ৰক্তিমৰ সম্বন্ধ আহিছিল। ৰক্তিমে তাইক কলেজৰ ফেষ্টিভেলত দেখা পাইছিল। আৰু তাইৰ প্ৰেমত বলীয়া হৈ পৰিছিল। ৰক্তিমৰ সম্বন্ধ আহোতে প্ৰথমতে সুকন্যাৰ দেউতাকে তাৰ পৰিয়ালৰ বিষয়ে সুধা পোচা কৰিলে, আৰু সম্পূর্ণ ৰূপে সন্তুস্ত হোৱাৰ পাছতহে তেওঁ, সুকন্যাক ৰক্তিমক লগ কৰি কথা পাতিবলৈ অনুমতি দিলে। প্রথম লগ পোৱাতে, ৰক্তিমে সুকন্যাৰ অন্তৰ জয় কৰিছিল। তাৰ ব্যক্তিত্বত কিছু বেলেগ গুণ আছিল। তাৰ কথাৰ গম্ভীৰতাই সুকন্যাৰ অন্তৰৰ এক কোণত চুই গৈছিল। যত সুকন্যা চঞ্চল আৰু হাঁহিমুখীয়া ছোৱালী আছিল, আনফালে ৰক্তিমো বহুত হাঁহিমুখীয়া আছিল। সি সৰু সৰু কথাতে সুকন্যাক হহুঁৱাইছিল। দুয়োয়ে এজনে আনজনক পচন্দ কৰি ললে। তেতিয়া দুয়ো ঘৰৰ পৰিয়ালৰ লোকে দুয়োৰে, আঙুঠি পিন্ধোৱা নিয়মটো কৰি দিলে। আঙুঠি পিন্ধোৱাৰ পাছত দুয়ো লগে ভাগে ফুৰিবলৈ ধৰিলে। বিয়াৰ দিন ৮মাহৰ পাছত ঠিক হৈছিল। তাৰমাজতে দুয়োয়ে ফোনতে বহু সময় ধৰি কথা পাতিবলৈ ধৰিলে। সুকন্যাৰ পুৱাৰ আৰম্ভণি ৰক্তিমৰ সুপ্ৰভাতম মেচেজৰ দ্বাৰা হৈছিল, আৰু দিনটোৰ সম্পাতি তাৰ শুভৰাত্ৰী বুলি কোৱাৰ দ্বাৰা। এতিয়া তাহাঁতি দুটাই এজনে আনজনৰ খোৱাৰো ধ্যান দিবলৈ ধৰিলে।যেতিয়ালৈকে দুয়োয়ে ফোনত কথা পাতি এজনে আনজৰ খবৰ নাৰাখিছিল, তেতিয়া লৈকে দুয়োৰে শান্তি নহয়ছিল। ৰক্তিম আৰু সুকন্যাৰ দুয়োয়ে চিনেমা চোৱাৰ অভ্যাস আছিল। দুয়োৰে, মাজতে কোনোবা এজনৰ যদি চিনেমা এখন ভাল লাগিছিল, তেতিয়া সেই চিনেমাখনৰ লিংক এজনে আনজনলৈ পথিয়াই দিছিল। আৰু দুয়োয়ে একে লগে, একে সময়তে চিনেমাখন চাবলৈ আৰম্ভ কৰি দিছিল। তাৰমাজতে বহু বাৰ ৰক্তিমে চিনেমা হলত চিনেমা দেখুৱাবলৈ সুকন্যাক লগত লৈ গৈছিল। কিন্তু এনেদৰে ঘৰটো দূৰত থাকিও চিনেমা চোৱাটোৰ আনন্দই বেলেগ। ( Assamese Storyboard )


এদিন ৰক্তিমে সুকন্যাক ফোন কৰি কলে, আজি মোৰ বন্ধু এজনৰ জন্মদিন, সেইবাবে পাৰ্টি লৈ তুমিও মোৰ লগত যাব লাগিব। সুকন্যাই, আনন্দ মনেৰে সাজু হল। সুকন্যাৰ মাক দেউতাকেও তাইক পাৰ্টিলৈ যাবলৈ অনুমতি দিলে। সুকন্যাই আবেলি সময়ৰ পৰাই সাজু হবলৈ ধৰিলে। তাইৰ বিচনাখন তাইৰ কাপোৰৰ দ্বাৰা পৰিপূৰ্ণ হৈ আছিল। তাই বুজিকে পোৱা নাছিল যে, তাই কি ৰংৰ কাপোৰ পৰিধান কৰিব। শেষত তাই ৰক্তিমক ভিডিও কল কৰি সুধিলে, ৰক্তিমে তাইৰ বাবে ডাঠ সেউজীয়া ৰংৰ চুৰিডাৰ এযোৰ পচন্দ কৰিলে। সেইযোৰৰ লগত সুকন্যাই বগা পাথৰৰ ডাঙৰ ডাঙৰ জুমকা পিন্ধিলে। ডিঙিটো বগা পাথৰৰ পাতল চেইন এডাল পিন্ধিলে, তাইৰ দীঘল চুলিকোচাত মাজতে এডাল কিলিপ মাৰি বাকীবোৰ মেলি ৰাখিলে। চকুত পাতল কাজলৰ ৰেখা, আৰু ওঁঠত পাতলীয়া লিপ জেল লগাই তাই বহুত বহুত ধুনীয়া হৈ পৰিছিল। ৰক্তিমে সঠিক সময়তে তাই নিবলৈ আহিল। সুকন্যাই, ৰক্তিমৰ বাইকৰ পাছত বহি পাৰ্টিৰ বাবে ওলাই গল। দুয়োকে এনে লাগিছিল, দুয়ো যেন বতাহত উৰিছে। আজি সুকন্যাৰ মনটো বহুত ভাল হৈ আছিল। তাই ৰক্তিমৰ কান্ধত মূৰটো পেলাই, বতাহক অনুভৱ কৰি, কিবা এটা গান গুণগুণাইছিল। ৰক্তিমো বহু সুখী হৈ পৰিছিল। পাৰ্টিত দুয়োয়ে বহু আনন্দ কৰিলে। পাৰ্টিৰ পৰা ওলাওতে দুয়োৰে কিছু পলম হৈ গল। কিন্তু ৰক্তিম লগত থকাৰ বাবে, সুকন্যাৰ অলপো ভয় লগা নাছিল। কলা আন্ধাৰৰ বাটত, ৰক্তিমে বাইকখন তীব্র গতিৰে আগুৱাই নিছিল। কিন্তু সেই সময়তে সি দেখা পালে, ৰাস্তাৰ মাজত এজনী মহিলা পৰি আছে। সেই মহিলা গৰাকীয়ে ৰঙা ৰংৰ শাড়ী এখন পিন্ধি আছিল, আৰু ওচৰে পাজৰে ৰাস্তাত তেজ পৰি আছিল। ৰক্তিমে তাকে দেখা পায় আচৰিত হল। সি ভাৱিলে, এনে সময়ত সকলোকে সহায়তা কৰিব লাগে। সি ৰাস্তাৰ কাষতে বাইকখন ৰখাই অকলে সেই মহিলাজনীৰ ওচৰ পালেগৈ। তেতিয়া লৈকে সেই মহিলা গৰাকী উঠি থিয় হল, আৰু তাই এডাল শকত লোহাৰে ৰক্তিমৰ মূৰতে প্ৰহাৰ কৰিলে।মূৰত পোৱা প্ৰচণ্ড আঘাটৰ বাবে সি মুৰ্চা যাব ধৰিলে,আৰু চকু মুদাৰ আগতে ৰক্তিমে দেখা পালে, সেয়া কোনো মহিলা নাছিল। মহিলাৰ ৰূপত শাড়ী পিন্ধি এজন শক্তিশালী পুৰুষ আছিল। /p>


ৰক্তিমৰ চকুৰ আগত কলা ডাৱৰে চানি ধৰিলে আৰু সি তাতে ৰাস্তাৰ মাজতে বাগৰি পৰিল। সুকন্যাই চিঞঁৰ মাৰি ৰক্তিমৰ ওচৰলৈ যাবলৈ লওঁতে, তেতিয়া ৰাস্তাৰ কাষত থকা গছৰ আঁৰৰ পৰা দুটা গুণ্ডাও ৰাস্তালৈ আহিল আৰু তাহাঁতি সুকন্যাক ধৰি ললে। সুকন্যাই সেই নিজান বাটত সহায়তাৰ, কান্দি কান্দি চিঞঁৰি ৰল। কিন্তু তাইৰ চিঞঁৰ শুনিবলৈ তাত কোনো নাছিল। সেই গুণ্ডাকেইটাৰ মাজৰে এটাই তাইৰ মুখ খন বন্ধ কৰি দিলে আৰু তাইক চুচৰাই গছ জোপাৰ কিনাৰলৈ লৈ গল। তালৈ সুকন্যাক নি তাহাঁতি আলফুলীয়া সুকন্যাৰ দুখ বেদনা আৰু চিৎকাৰৰ কথা নাভাৱি, তাইৰ সন্মানক শেষ কৰি পেলালে। নিজৰ মনৰ কামনা পূৰণ কৰাৰ পাছত সেই তিনিতাই সুকন্যাক তাতে দুখ বেদনাতে এৰি তাৰপৰা আঁতৰ হল। তেতিয়া লৈকে ৰক্তিমে চকু মেলিছিল। সি সুকন্যাক বিচাৰিব ধৰিলে। কিন্তু ৰক্তিমে সুকন্যাক কতো দেখি পোৱা নাছিল। সেই সময়তে সি গছজোপাৰ আঁৰৰ পৰা কান্দোনৰ মাত শুনা পালে। তেতিয়া সি দৌৰ মাৰি গছজোপাৰ ওচৰলৈ গল, তাত তেতিয়া সুকন্যা বহু বেয়া অৱস্থাত পৰি আছিল। সি লৰালৰিকৈ নিজৰ জেকেতটো খুলি সুকন্যাক পিন্ধাই দিলে। তাৰপিছত তাইক ৰাস্তালৈ লৈ আহিল। ওচৰতে এখন পাৰ্ক আছিল। ৰক্তিমে সুকন্যাক তালৈকে লৈ গল। পাৰ্কত ৰক্তিমে তাইক এখন বেঞ্চত বহুৱালে। পানী লৈ তাইৰ ঘাঁ বোৰক চফা কৰি দিলে। সুকন্যাই অকল কান্দিয়ে আছিল। আৰু কৈছিল যে, এতিয়া আৰু মই জীয়াই নাথাকো। মই কাকোৱে মুখ দেখুৱাবলৈ আৰু নোঁৱাৰো। মই অপবিত্র হৈ গলো। 


ৰক্তিমৰ ডিঙি শুকাই গল। সি লাহে কৰি কলে, তুমি এনে কথা কিয় কৈছা? যি হল তাত তোমাৰ কোনো ভুল নাই। যদি তোমাৰ কিবা হয়, তেতিয়া মই কেনেকৈ জীয়াই থাকিম। 

সুকন্যাই ফেকুৰি ফেকুৰি কলে, মোৰ লগত ঘটা এই দূৰ্ঘটনাৰ খবৰ যদি কোনোবাই গম পায়, তেতিয়া সমাজত মোৰ মা দেউতাৰ সন্মান মাটিৰ লগত মিলি যাব। সকলো লোকে মোক হাজাৰ বিশাল প্ৰশ্ন কৰিব। মই কাক কাক কি উত্তৰ দিম! মোৰ মা দেউতা জীয়াই জীয়াই মৰিব।

ৰক্তিমে তাইৰ মুখত হাতেৰে ধৰি কলে, মই আছো নহয়, মই তোমাৰ লগত আছো। যদি তুমি বিচাৰা এই কথা বাহিৰলৈ নাযায়। কেৱল তুমি নিজকে শক্তিশালী কৰিব লাগিব। মই প্ৰতি মূৰ্হত্বতে তোমাৰ লগত আছো। ওৰেটো জীৱন তোমাৰ লগত থাকিম। আৰু এই কথা কেতিয়াও আনৰ আগত ব্যক্ত নহয়। এই সকলোবোৰত মইয়ে তোমাৰ ওচৰত দুখী হয়! মই তোমাক পাৰ্টিলৈ ননা হলে, তোমাৰ লগত এনে ঘটনা নহল হয়।

সুকন্যাই ৰক্তিমৰ ওঁঠত নিজৰ হাতখন দিলে, আৰু ফেকুৰিয়ে কলে, তুমি কেতিয়াও নিজকে দুখ নিদিবা। ইয়াত তোমাৰ কি ভুল! ভুলটো সেই বিকৃত মানসিকতাৰ লোকৰ হয়। যদি মই পুলিচত কমপ্লেনো কৰোঁ, তেতিয়া তাৰ দ্বাৰা সকলোবোৰ ঠিক হৈ নাযায়। সেইবাবে মই বিচাৰো যে এই কথা, আজি নিশাৰ লগতে আজিয়ে যেন শেষ হৈ যায়। ৰক্তিমেও তাইৰ লগত থাকিব বুলি প্ৰতিশ্ৰুতি দিলে। ৰক্তিমে নিজৰ এজন বন্ধু ঘৰলৈ গল আৰু একচিদেন্ট হোৱা বুলি মিছা মাতি, নিজৰ বন্ধুৰ ভনীয়েকৰ কাপোৰ বিচাৰি আনিলে। সুকন্যাই পাৰ্কৰ বাথৰূমত কাপোৰ সলাই ললে আৰু নিজৰ মনটোক নিয়ন্ত্রণ কৰি ৰক্তিমৰ লগত ঘৰলৈ আহিল। তাইৰ মাক দেউতাকে তাহাঁতি ঘূৰি অহালৈ বাট চাই আছিল।

সুকন্যাৰ সলনি হোৱা কাপোৰক দেখা পায় তাইৰ মাকে সুধিলে, মাজনী, তোমাৰ কাপোৰ কত! এয়া কাৰ কাপোৰ পিন্ধি আহিছা তুমি!

সুকন্যা থতমত খালত, তেতিয়া ৰক্তিমে কথাতো চম্ভালি লৈ কলে যে, মা সুকন্যাৰ কাপোৰত খোৱাৰ বস্তু পৰি গৈছিল। সেইবাবে সুকন্যাই মোৰ বন্ধুৰ ভনীয়েকৰ কাপোৰ পিন্ধি ললে। সুকন্যা নিজৰ ৰূমলৈ গুচি গল আৰু বিচনাত পৰি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। আজি তাইৰ শৰীৰটো লগত মনতো বহুত আঘাত হৈছিল। কিন্তু ৰক্তিমে যিদৰে প্ৰতিশ্ৰুতি দিছিল, প্ৰতি মূহুত্বতে তাইৰ লগ দিলে। তাইৰ মানসিক সম্বল হল, এমাহৰ পাছতে তাহাঁতৰ বিয়া। লাহে লাহে সুকন্যা বিয়াৰ সকলো নিয়ম নীতি কাৰ্য্যতে সুমাই পৰিল।আৰু ৰক্তিমে তাইক মানসিক ভাৱে শক্তি দি আছিল। কিন্তু কোনে জানিছিল, সুকন্যা গৰ্ভাৱতী হৈ পৰিব বুলি। কিন্তু এই অৱস্থাতো ৰক্তিম তাইৰ লগত আছিল। সুকন্যাই নিজকে বহুত ভাগ্যৱতী ভাৱিছিল যে, তাই এজন জীৱন সংগী পালে, যিয়ে এনে বিপৰীত পৰিস্থিতিটো তাইৰ লগত থাকিল। ৰক্তিম প্ৰেম আৰু সমৰ্পনৰ এক মূৰ্তি আছিল। লাহে লাহে সুকন্যাই ৰক্তিমৰ মৰমৰ সহায়তাত পুৰণি দূখ বেদনাক পাহৰি গল। আৰু দুবছৰৰ পাছত সুকন্যা পুনৰ মাক হবলৈ ওলাইছিল। কিন্তু এইবাৰ তাই বহু সুখী আছিল। কাৰণ এইবাৰ তাই ৰক্তিম আৰু তাইৰ প্ৰেমৰ চিহ্নক এই পৃথিৱীলৈ আনিবলৈ ওলাইছিল। 


জীৱনটো দূৰ্ঘটনা ঘটিয়ে থাকে। কিন্তু সচাঁ জীৱন সংগী সেইজনে হয়, যিয়ে প্ৰতি মূহুৰ্ত্বতে নিজৰ জীৱন সংগীজনৰ লগ দিয়ে।


Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages