"সৰু পৰিয়াল সুখী পৰিয়ালে" এতিয়া সৰ্বনাশ মাতিছে : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 5, 2021

"সৰু পৰিয়াল সুখী পৰিয়ালে" এতিয়া সৰ্বনাশ মাতিছে : Assamese Storyboard


এইযে চৰকাৰে জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ কিবাকিবি আঁচনিবোৰ ল'লে তেতিয়াৰ পৰাই খেলিমেলিটো লাগিল নহয়।লাগিল মানে ভালকৈয়ে লাগিল।এতিয়া দুজনৰ ওপৰত ল'ছালি থাকিলে চৰকাৰী চাকৰিটো বাধা আহিল। "সৰু পৰিয়াল সুখী পৰিয়াল"‍👨‍👩‍👧‍👦লে আমাৰ ঘৰত সৰ্বনাশৰ সৃষ্টি কৰিছে। Assamese Storyboard

       এই জন্ম নিয়ন্ত্ৰণ আঁচনিখন ঘোষণা কৰাৰ পৰাই আনৰ কথা বাদ দিলোঁ আমাৰ ঘৰৰ শাক-পাচলি,হাঁহ মুৰ্গীয়েই জন্ম নিয়ন্ত্ৰণত লাগিল।

      নাখাই নবৈ কুকুৰাজনীৰ কণীবোৰ গোটাই গোটাই উমনিত দিলোঁ ।ইয়ে ৰাম! যেনতেন পোৱালি ফুটিল তাকো দুটা। সেই দুটাকে লগত লৈ তাই যিটো মোচনত ঘূৰি ফুৰে ম‌ই বোলো আই "সৰু পৰিয়াল সুখী পৰিয়াল"যেতিয়া ঘূৰি থাক আৰু।🐔যেন তায়ে পৃথিৱীৰ জ্ঞানী কুকুৰাজনী।

       জিকা ,দাংবডি,তিঁয়হ,ভোল যিয়েই নিদিওঁ দুটা পুলিৰ ওপৰত নগজেই দেখোন। পুলি দুটাই গজক তাকে যদি প্ৰদাকচনটো ভাল হোৱাহেঁতেনো আছিলেই। নাই জিকা,ভোল,তিঁয়হ,দাংবডিও গছত দেখিবা দুটাহে ওলমি আছে। তাকে চিঙিবলৈ যাবা লাজহে লাগে পায়। ম‌ই বোলো তহঁতৰো কিবা চাকৰি বাকৰিৰ ধান্দা নেকি ঔ।🤔


লাওপুলিৰ কথাটো আৰু সাংঘাটিক। গুটি দুটামান দি থ'লো মোৰ অপেক্ষাৰ  অন্তত মাটি ফুটি ওলাল দুটা কেৰমেৰ কৰি। মোৰ মনত স্ফুৰ্টি বোলো এইবাৰ কোনে পায়! পিছে মোৰ আশাত চেঁচা পানী ঢালি এটা এক আঙুল মান বাঢ়িয়েই পৃথিৱীত জীয়াই থাকিব নোৱাৰো বুলি হাত দাঙি দিলে।মনতে ভাবিলো"মূৰ্খ পুত্ৰ এশ থকাতকৈ গুণী পুত্ৰ এজনেই যথেষ্ট।" তেনেকৈ কেৰুনামেৰুনা এসোপা হোৱাতকৈ এজোপাই হ‌ওক যাতে লাওঁ চিঙি আমনি লাগি যাওক।পিছে  আনটোও জীয়াই আছে কেলঢিপ কেলঢিপকৈ। পুলিটো মৰি মৰিও জী আছে। মোৰ এনেকুৱা লাগে যেন ম‌ই বেয়া পাম বুলিহে তাই যেনতেন বাচা আছে।আনৰ লাওপুলি যিহে লহপহকৈ বাঢ়ে। মোৰটো লাওপুলিটো কিবা লিংলিংকৈ নটৰাজ কাঠপেঞ্চিলডালৰ চেহেৰা এটা লৈ হা হুমুনিয়াহ কাঢ়ি জীয়াই থকাৰ সংগ্ৰাম কৰিছে। সময়ৰ লগে লগে মোৰ পৰিচৰ্যাত তাইৰ চেহেৰা কিছু উন্নত হ'ল।  গোবৰ এনেকৈ দিবলৈ ল'লো যে ওচৰঘৰৰ মানুহেও ক'বলৈ ল'লে-হেৰৌ সদায় এনেকৈ গোবৰ দি থকাতকৈ পুতুকণ হঁতৰ পেলপেলীয়া হগা গাইজনীৰ হেৰিতে লওজোপা ৰুই থৈ আহ ঔ।" মানুহবোৰ জ্বলিছে মোৰ লাওজোপা ভাল হোৱা দেখি। লাওজোপালৈ মৰমো লাগে মোৰ। পুৱা গধূলি নিতৌ পানী দিওঁ,মাছৰ পানীও বাদ নপৰিল। শেষত মায়ে বোলে -হেৰৌ এনেকৈ পানী দি থকাতকৈ লাওজোপা নি ব্ৰহ্মপুত্ৰতে দলং এখনৰ তলত ৰুই থৈ আহগৈ। 

দেউতাইতো এদিন কাটিবলৈকে ওলাইছিল লাওজোপা।মই ক'লো-সেইজোপা লাও কটা মানে মোকেই কটাহ'ব।💔

দেউতা সেইফালেই তাপ মাৰিলে।

হেণ্ডালি এখন দিবলৈ খাটনি ধৰিলোঁ। ঘৰৰ মানুহে ক'লে-"লাওজোপা যেনেকৈ বাঢ়িছে সৰু সুৰা হেণ্ডালিয়ে কামতেই নাহিব নহয়। কাজিৰঙাতে ৰুব লাগিছিল,গোটেই কাজিৰঙাখনতেই বগাই ফুৰিলেহেঁতেন চাগৈ!

ধেই!কেনেকুৱা ইনচাল্ট।ময়ো হাৰ মনা ভকতনী নহয়।হাজিৰা মানুহ মতাই হ'লেও গপছকৈ হেণ্ডালি এখন দিয়ালোঁ।


মনতে ভাবিলোঁ হেণ্ডালি ভৰি লাও লাগিব ,দীঘল দীঘল লাও লাগিব। এদিন সময় উলিয়াই টিং এখন গোটাই চূণৰে লিখি থ'লো"এইফালে নাচাব মুখ পুৰিব👹👿"। ফটা চেণ্ডেল এপাটো আনি ওলোমাই থ'লো। পিছে লাওজোপাই কলি নেপেলাইহে নেপেলায়। মনতে ভাবিলো এইজোপা পুৰুষ লাও নে মহিলা লাও ঠিক নাই। যদি কিবাকৈ পুৰুষ লাও তেন্তে মোৰ আশাত বানপানী আহিল। মতা লাও মহিলা লাও বুলি ভবাৰ কাৰণ এটা আছে।মাজতে আমাৰ ঘৰত আমিতা এজোপা হৈছিল।পিছে সেইজোপাই কলি নেপেলালে ,ফুলহে ফুলিল। সকলোৱে ক'লে সেইজোপা হেনো মতা আমিতা,ফুল ফুলিব অমিতা নালাগিব। কোনোবাই ক'লে অমিতাজোপাৰ গাত শলা এডাল সুমুৱাই থ'লে অমাতা লাগিব। ম‌ই বোলো বাদ দিয়াহে এইবোৰ অস্তোপ্ৰচাৰ চলাই অমিতাজোপাক শাস্তি দিয়াতকৈ কিনি খোৱাই ভাল। দুসাজমান অমিতাৰ ফুলো খালো। কিন্তু গেছৰ তাণ্ডৱ নৃত্য চলিল পেটত। বাদ দিলোঁ।জেগা আৱদ্ধ কৰাতকৈ কাটিয়েই পেলাব ধৰিছিল দেউতাই।মোৰ পিছে দুখো লাগিল আৰু ক'লো- ফল নিদিলে বুলিয়েই জীয়াই থকিব নোৱিৰিবনে অমিতাজোপা! 

ঘৰৰ সকলোৱে মূৰে কপালে হাত দিলে।সেইজোপা সময়ত নিজেই নিজেই মৰিল।Assamese Storyboard

      শেষত এদিন ফুল দুটমান দেখি গম পালো সেইজোপা মহিলা লাও বুলি। লাওজনীলৈ মৰমো লাগিল। মোক ইমান দিনে হাঁহি থকা মানুখিনিয়ে গম পাব এতিয়া।পাছে তাইৰ কলিকেইটাৰ চেহেৰা দেখি আকৌ চিন্তা লাগিল।মোৰ লাওজনীৰ কলিবোৰ পুষ্টিহীনতাত ভুগিব বুলি ভাবি ডক্তৰৰ পৰামৰ্শ মতে মানে সাৰ,ঔষধ বেচা দোকানৰ পৰা কিবাকিবি ভিটামিন আনি মাৰিলো। পিছে আকৌ এবেগেট মান বাঢ়ি এইবোৰ গেলি গ'ল। যি দুই এটা থাকিল বৰলে বিন্ধাৰ দৰে হৈ ঠাণ্ডা দিনত গা ধুই কোঙোটা খাই জুই ফুৱাই থকা ককা-আইতাৰ দৰে হ'ল। বহুদিন লাওজোপা নোচোৱা হ'লো।এদিন দেখিলো এটা লাও লাগিছে। মানে অতখন হেণ্ডালি বগাই শেষত লাও লাগিল এটা। "আমি দুটা আমাৰ দুটা"নহয় যেন"ময়ো এজোপাই মোৰো এটাই"নিচিনা কথাহে হ'লগে।

      

       একেদৰে বিহজলকীয়া পচালো দুটা পুলিহে গজিল। সেইটো কাহিনী থাকক আৰু। মুঠতে সৰু পৰিয়াল সুখী পৰিয়ালেইনে দুখী পৰিয়ালেই ম‌ই পাত্তাই পোনা নাই।আন যি নহ‌ওক জন্মনিয়ন্ত্ৰণ আঁচনিখনৰ কৃপাতে এই অৱস্থা হৈছে। মানুহৰ সংখ্যা কি হৈছে নাজানো পাচলিৰ উৎপাদন নিয়ন্ত্ৰণ কিন্তু ঠিকেই হৈছে।

       এতিয়া ভাবিছো অলপ বন্ধাকবি, ফুলকবিকে লগাই দিওঁ। পিছে সাহসেই কৰিব পৰা নাই নহয়। যোৱাবাৰৰ চেহেৰা কেইটালৈ মনত পৰি যায়। বজাৰৰ বন্ধাকবি দেখোন ফুটবলটোৰ সমান হয়,আমাৰহে ঘৰত দেখোন কেতিয়াবা ক্ৰিকেটৰ বল,কেতিয়াবা টেবুলটেনিছবলটোৰ সমান হয়। ফুলকবিনো কি ক'ম গোলাপফুল পাহতকৈ ডাঙৰেই নহয়। 


  এই সেই ভাবি খেতিৰ চিন্তা বাদ দিছোঁ। এইবাৰ আমাৰ কুকুৰজনী প্ৰেগনেণ্ট হোৱা দেখি দাদা এজনে ক'লে-পোৱালি হ'লে আমাকো এটা দিবিছোন!

ম‌ই বোলো-ৰ'বাহে!পেটত কেইটা পোৱালি আছে গম নাপাও নহয়।লেলেও পেলেওকৈ এসোপা হ'লে নিবা বাৰু !

শেষত মোৰ কথাটোৱেই হ'লগৈ। লোদোৰ পোদোৰ এটা পোৱালী লৈ তায়ো" সৰু পৰিয়াল সুখী পৰিয়াল" হৈ ৰ'ল। 

সিদিনা মন কৰিছো মেকুৰীজনীয়েও ভাল খবৰ এটাই দিব নেকি !

Assamese Storyboard


Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:

Post a Comment

Advertisement

Pages