বিষাক্ত দংশনত ধ্বংসৰ দিশে এখন সংসাৰ (শেষ খণ্ড): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 4, 2021

বিষাক্ত দংশনত ধ্বংসৰ দিশে এখন সংসাৰ (শেষ খণ্ড): Assamese Storyboard

 

কান্দি কান্দি নূপুৰ ভাগৰি পৰিছিল | তাই ৰাগক হেৰুৱাব নিবিচাৰে কেতিয়াওঁ নিবিচাৰে | যদি সি জাঁজী নৈত,,,,,,
নাই নাই সি তেনে নকৰে কাৰন সি তাইক আৰু চুইটিক এৰি ক'তো নাযায় | তাইৰ কাৰনে তাৰ হৃদয়ত জমা হৈ আছে অফুৰন্ত |( Assamese Storyboard )
ওৱালত হাঁহি থকা মুখ খনৰ সৈতে আৰি থোৱা ফটো কপি চাই কৈছিল |
- ৰাগ তুমি আহা ,আজি আমি এটা কোঠালিতে থাকিম | চুইটি আমাৰ মাজত | আহা তোমাৰ মৰম ভৰা দুষ্টামি বোৰ বহুদিন পোৱা নাই | তোমাৰ অকনো বেয়া নালাগে নে মই কান্দি আছো দেখিছা | আজি পইচাঁ বিচাৰিছিলা নহয় | মই তোমাক পইচাঁ ও দিম তুমি আহা,,,,,,,,,,
তেনেতে বিচনা খনত চকুত পৰিছিল এখন কাগজ | কি এইখন ! ৰাগে চুচাইড নোট লিখি থৈ গৈছে নেকি !
তাই ভয় ভয় কৈ কাগজ খন খুলিলে,,,,,,

     মোৰ মৰমৰ নূপুৰ

             পোন প্রথমে মোৰ মৰমকন গ্রহন কৰিবা | মোক ক্ষমা কৰি দিবা | মই তোমাৰ স্বামী হোৱাৰ যোগ্য নাছিলো | হয়টো সেয়েহে তুমি অনুশোচনাত দগ্ধ হ'লা |
          শেষত মোক চুইটিৰ অধিকাৰৰ পৰা ও বঞ্চিত কৰিলা | যিখন ঘৰত মোৰ কোনো নাই তাত মই থাকি কি কৰিম | সেয়েহে মই উভতি আহিলো |
    চুইটিক ভালমানুহ কৰিবা | তাই দেউতাকৰ কথা সুধিলে মৰি যোৱা বুলি ক'বা |
      শেষত তোমালৈ শুভেচ্ছাৰে,,,,,,,,

                                          তুমি বেয়া পোৱা
                                     ------ ৰাগ |

তাৰমানে ৰাগে,,,,,,
নাই তাই ৰাতিপুৱাই তাক বিচাৰি যাৱ | যিকোনো প্রকাৰে তাই তাইৰ ৰাগক ঘূৰাই আনিৱ | 
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,



ৰাতিপুৱাঁ বিচনাৰ পৰা উঠি বাহিৰত এপাক ওলালো | চিনাকী মানুহবোৰ ও অচিনাকীৰ দৰে লাগিল |
হাতত কোৰ খন ল'লো | যিহেতু ইয়াতে থাকিম চৌপাশৰ জংগলবোৰ চাফ কৰো |
কামত লাগিলো |
- ঐ ৰাগ,,,,,,
এসময়ৰ বন্ধু অলকেশৰ মাতত ঘূৰি চালো |
- ক' ভাই |
- কেতিয়া আহিলি ?
- কালি সন্ধিয়া |
- প্রফেচৰৰ হাজবেণ্ড হৈ এইবোৰ কাম কৰিলে ভাল নেদেখি দে,,,,,,
কথাখিনি কৈ আতৰি গৈছিল | হেৰা প্রফেচৰ | প্রফেচৰ মই নহয় বেলেগ আছিল | আজিৰ দিনত নিজৰ বুলি কাকো কৱ নোৱাৰি | ক্ষন্তেকতে আনৰ হয় |
এতিয়া গাওঁৰ মানুহবোৰক মই কি উত্তৰ দিম! 
- ভাইটি কোন দিনা আহিলা |
- হাৰে জিন্টি নৱৌ কালি |
- আমাৰ ফালে এপাক যাৱা তেন্তে ,,,,,,,,
তেনেতে মোৰ চকুত পৰিছিল জিন্টি নৱৌৰ কোচত মৰম লগা সেই কনমানিটি | যিয়ে এবাৰ মোৰ ফালে চাই আহিছিল |
- চুইটি আহা,,,,,
- তাইৰ নাম চুইটি নহয় | ময়ূৰি হে,,,,,,,
জোৰকৈ আনিছিলো তাইক | দুবাহুৰে তাইক বুকুত হেচি ধৰিছিলো | বহুদিন হ'ল তাইক লৱ পৰা নাই | 
মই চকুপানী ৰখাৱ পৰা নাছিলো | 
- ভাইটি তুমি কান্দিছা |
মই ৰখাৱ পৰা নাছিলো কান্দোন | ময়ূৰিক নবৌৰ হাতত দি মই ঘৰলৈ দৌৰি আহিছিলো | আৰু গাৰুটো দুয়োখন হাতেৰে জোৰকৈ হেচি ধৰিছিলো |
- চুইটি | এবাৰ পাপা বুলি মাতা না ! এবাৰ মোৰ বুকুৰ ওপৰত উমলা না | মই কিমান দুৰ্ভগীয়া | নিজৰ ছোৱালীজনীৰ ওপৰত মোৰ অধিকাৰ নাই | 
বহুত মন গৈছে তাইক এবাৰ মৰম কৰিবলৈ | কোনে বুজিৱ পিতৃৰ বুকুৰ মাজৰ পৰা যেতিয়া সন্তানক আজুৰি নিয়া হয় কিমান আঘাট লাগে | 
ভাগৰি পৰিছো আজি | 
তেনেতে পদুলিমুখত গাড়ীৰ হৰ্ণৰ শব্দ | কোন হৱ পাৰে ইমানকে বজাইছে | 
ওলাই গ'লো | গাড়ীৰ গ্লাছখন খুলি নামি আহিছিল নূপুৰ | কোচত চুইটি |
নূপুৰ কিয় আহিছে ! কিয় তাই ডিভোৰ্চ বিচাৰি আহিছে নেকি !
মই নূপুৰক দেখি পিছুৱাই আহিছো |
- ৰৱা ৰাগ,,,,,,,,,
- প্লীজ নূপুৰ প্লীজ | মোক শান্তিত থাকিৱ দিয়া | মই আৰু তোমাৰ কাষত নাথাকো | তোমাৰ সন্মান হানি মই নকৰো | মই আতৰি আহিছো নূপুৰ আতৰি আহিছো | এজন অপদাৰ্থ স্বামী তোমাৰ জীৱনত থকা প্রয়োজন নাই |
চুইটিয়ে মোক দেখি বাৰে বাৰে হাতখন মেলি আহিছে |( Assamese Storyboard )

- পা পা পা
- না চুইটি না | তোমাৰ ওপৰত মোৰ অধিকাৰ নাই |
- ৰাগ তোমাৰ অধিকাৰ কিয় নহৱ | তাই তোমাৰ ও সন্তান | 
বাহ বহুদিনৰ মূৰত চুইটিক নিজৰ কোচত তুলি লৈছিলো | তাইৰ গালত মৰমৰ চুম্বন আকি দিছিলো |
- ৰাগ তোমাক মই নিৱলৈ আহিছো |
মই উচপ খাই উঠিছিলো |
- নাই নাই মই নাযাওঁ | মই আৰু কেতিয়াওঁ নাযাওঁ | মই গাওঁত থাকিম খেতি কৰিম |
- নহয় ৰাগ তুমি যাৱ লাগিৱ |
- মই নাযাওঁ নূপুৰ নাযাওঁ |
- কিন্তু কিয়,,,,,,,,
- কিয় ! এবাৰ দংশন কৰিলা ,সেই বিষৰ জ্বালা মই নাপহৰো নূপুৰ | আৰু মোক দংশন কৰাটো মই নিবিচাৰো |
- মোৰ ভুল হৈছিল ৰাগ |
- তোমাৰ ভুল হোৱা নাছিল নূপুৰ | কিন্তু মই কথা এটা কওঁ নিজৰ জীৱনৰ পাত্র-পাত্রী গৰাকী চাওঁতে মানুহে সকলো আগতে চিন্তা কৰি চাৱ লাগে | পাছত অনুশোচনা নহয় |
- সেই ভুল ৰ ক্ষমা কৰি দিৱ নোৱাৰা নে ৰাগ !
- মই নোৱাৰো,,,,,,
- এবাৰ চুইটিৰ মুখলৈ চোৱা ?
- হৱ মাজে মাজে তাইক চাৱ যাম |
- অ তাৰমানে তুমি
- মোৰ সিদ্ধান্ত সলনি নহয় নূপুৰ |
তেনেতে আমাৰ ঘৰলৈ প্রদীপ বৰতা আহিল |
- মই সকলো শুনিছো ৰাগ | এই বোৱাৰীয়ে মোক বাটত লগ পাই সকলোবোৰে ক'লে | তই যাগৈ যা | হাজাৰ হ'লেওঁ তাই  তোৰ পত্নী | চা-চোন তাই কেনেকে কান্দি আছে |
- কান্দিৱ দিয়া বৰতা | তাইৰ দৰে শিক্ষীত জ্ঞান নোহোৱা ছোৱালী এজনী ঘৃনা কৰো |
চুইটিক তাই আকৌ মোৰ পৰা লৈ গৈছিল |
- তুমি সঁচাকৈ,,,,,,,
- তুমি এতিয়াই ইয়াৰ পৰা ওলাই যোৱা নূপুৰ | ওলাই যোৱা মোক অকমান শান্তি দিয়া,,,,
হুকহুকাই কান্দিছিলো মই | তাই চাদৰৰ আচলখনৰে মুখত হেচি গাড়ীৰ কাষলৈ দৌৰিছিল | এটা সময়ত গাড়ীখন চলিল |
- ৰাগ মই সদায় অপেক্ষা কৰিম | আৰু তুমি যোৱাৰ পাছত আকৌ মই আগৰ নূপুৰ জনী হম |
গাড়ীৰ গ্লাছ খনৰে চুইটিয়ে মোৰফালে চাই চিঞৰি কান্দিছিল | 
- পা - পা - পা
গাড়ী চলিছিল | 
- চুইটি ,,,,,,,,,,,,
নূপুৰ গুছি গ'ল |
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,



নূপুৰে গাড়ীখনৰে পাছফালে চাই আহিছে কিযানি ৰাগ আহে, ,,,, ,
এখন সুখৰ সংসাৰ কাৰোবাৰ কথা শুনি নিমিষতে থানবান হ'ল |
কিহৰ অভাৱ আছিল টকা-পইচাঁৰ টো নহয় | কাৰন তাইৰ চৰকাৰী চাকৰি | ব্যক্তিগত হ'লে ও ৰাগৰ চাকৰি !
অভাৱ এটাই ৰাগৰ ডাঙৰ চাকৰি নহয় | কিন্তু ৰাগৰ চৰকাৰী হ'লে কি কৰিলে হৈ ! ইমান পইচাঁৰ কিয় প্রয়োজন |
তাই নিজৰ কপালখনতে মাৰিলে | এয়াই তাইৰ দুৰ্ভাগ্য |
ৰাগ যদি আৰু উভতি নাহে তাই আৰু চুইটিয়ে জাঁজীত জাপ দিৱ |
- পা - পা -পা
চুইটিয়ে গাড়ীৰ গ্লাছেৰে দেখিছিল | এজন মানুহে নিজৰ সন্তানটো বাইকত বহাই লৈ গৈছিল |
তাই আৰু নোৱাৰিলে | হয়টো চুইটিৰ পাপাকলৈ মনত পৰিছিল সেয়েহে তাই পা-পা বুলি মাতিছিল |
নূপুৰে চুইটিক সাৱতি ধৰিছিল |
- তোমাৰ পাপা আহিৱ নে ?
চুইটিয়ে মাকৰ মুখৰ ফালে চাই হাঁহি মাৰি কৈছিল মূৰটো জোকাৰি দিছিল|
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,



- তাইৰ ভুলৰ অনুশোচনা হৈছে সেয়ে তাই তোক বিচাৰি আহিছিল | ভুল মানুহৰে হয় | কিন্তু অনুতপ্ত হোৱাটো হে ডাঙৰ কথা |
- কিন্তু বৰতা,,,,,,,
- কোনো কিন্তু নাই তই এতিয়াই তাইৰ কাষত যা,,,,,,,,,,
শেষত বৰতাৰ কথামতে মই ওলালো | মই আকৌ নূপুৰ আৰু চুইটিৰ কাষত যাম |
- আহো বৰতা,,,,,
- ঐ শুন পত্নী-পতিৰ কাজিয়া হয় | কিন্তু সেইবোৰ নিজৰ মাজতে সমধান কৰিবি | মোৰ আৰু বৰমাৰৰ কিমান লাগিছিল তই দেখা নাছিলি !
বৰতাৰ কথা শুনি মিচিকিয়া হাঁহিটি মাৰি গুছি আহিলো |
বহুসময়ৰ মূৰত মই মোৰ চিনাকী ঘৰখন পালো | দৰ্জাৰ সন্মুখত থিয় হৈছো যদি কিবা লাজ লাজ লাগিছে |
- ঘৰত কোনোবা আছে নে ?
- কোন ?
- অ মই হে !
এটা সময়ত নূপুৰে দৰ্জাখন খুলিলে | 
- তুমি !
তাই একেজাপে আহি ইমান জোৰত সাৱতি ধৰিলে মই একো ধৰিৱই নোৱাৰিলো |
- মই জানো তুমি আহিবা বুলি | কাৰন তুমি মোৰে জনমে জনমে,,,,,,,,,
- আকৌ কিন্তু দংশন নকৰিবা |
- ধেত এইটো,,,,,,,,
ভিতৰত সোমাই গ'লো | তাইৰ অকমান খং উঠক বুলি ভিতৰৰ কোঠাত গ'লো |
- ভিতৰত সোমালা যে,,,   
- অ মোৰ কোঠাত সোমাইছো,, ,,,,
- মোৰ লগত নাথাকা ?
- কিয় থাকিম |
- থিক আছে আৰু এজনী বিয়া পাতিৱা !
তাই খং কৰি আতৰি গৈছিল |
পিছে পিছে মই ও গ'লো |
তাই চুইটিৰ কাষত শুই গৈছিল |
- বাহ অভিমান চোৱা |
মই তাইক পাছফালৰ পৰা আলিংগন কৰিছিলো |আৰু তাইৰ গাল খনত মোৰ গাল খন লগাই কৈছিলো,,,,,,,
- কিবা এটা দিয়া না,,,,,,,,
তাই মোৰ গালখনত জোৰকৈ চিকুটি দি ক'লে,,,,,,,
- দুষ্ট |
দুয়ো আজি জোৰকৈ এবাৰ হাঁহিলো | এয়া নতুন জীৱনৰ হাঁহি,,,,,,,,, | | |

                   অ মৰম
                  আহা না বকুৰ
                       মাজলৈ | | |
Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages