ৰাজীৱে এটা বীমা কোম্পানিত কাম কৰে। বীমা কোম্পানিটোৱে, ৰাজীৱহঁতৰ দৰে কৰ্মচাৰীক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গ্ৰাহকক লগ কৰিবলৈ পথিয়াই থাকে। যাৰ বাবে তেওঁলোক কোনো এটা নিৰ্দিষ্ট ঘৰতে বাস কৰি থাকিব নোঁৱাৰে।( Assamese Storyboard )
এবাৰ ৰাজীৱক নেপালৰ পাহাৰীয়া সৰু এখন ঠাইলৈ এমাহৰ বাবে পথিয়ালে। সেইবাবে এইবাৰ ৰাজীৱে, লগত নিজৰ পত্নীকো লৈ গল। ৰাজীৱৰ পৰিয়ালত, ৰাজীৱ আৰু তাৰ পত্নীয়ে আছিল। ৰাজীৱ আৰু তাৰ পত্নী বন্তি নেপালৰ বাবে ওলাই গল। সেই সময়ত ঠাণ্ডাৰ বতৰ আছিল আৰু তাৰোপৰি নেপালত বহু বেছি ঠাণ্ডা আৰু লগতে বৰফ পৰিছিল।
ৰাজীৱ আৰু বন্তি নেপাল গৈ পালেগৈ। নেপাল গৈ পোৱাত তাহাঁতৰ থাকিবলগীয়া ঘৰটোলৈ বহু কষ্ট কৰি ৰাজীৱ আৰু বন্তি গৈ পালেগৈ। কাৰণ ঘৰটো এখন সৰু গাওঁৰ পাহাৰীয়া ঠাইত আছিল। যাৰ বাবে দুয়ো ভাগৰুৱা হৈ পৰিল।
নিশা ১২বাজি গৈছিল।
যত ৰাজীৱ আৰু বন্তি আছিল, তাত এটা ঘৰ আনটো ঘৰ বহু দূৰে দূৰে আছিল। বাহিৰত বহু জোৰেৰে বতাহ আৰু বৰফ পৰিছিল। ৰাজীৱ আৰু বন্তিয়ে বিচনাতে শুই আছিল। সেই সময়তে তাহাঁতৰ এনে লাগিল, তাহাঁতৰ ঘৰৰ দুৱাৰত কোনোবাই খট খটাইছে। তাৰপিছত তাহাঁতি ভাৱিলে, বাহিৰত জোৰেৰে বতাহ বলা বাবে এনে লাগিল। আৰু কথাটোত মন নিদি দুয়ো শুই পৰিল। পাচদিনা পুৱা ৰাজীৱ যি কামৰ বাবে গৈছিল, সেই কামৰ বাবে ঘৰৰপৰা ওলাই গল। আৰু ঘৰটোত বন্তি অকলশৰীয়া হল। বন্তিয়ে বুজিপোৱা নাছিল যে, তাই ঘৰত অকলে থাকি কিদৰে সময় পাৰ কৰিব! তেতিয়া তাই ভাৱিলে, কিয়নো বাহিৰলৈ ওলাই অলপ ঠাইদোখৰকে চাই লওঁ! বাহিৰত ঠাণ্ডা আছিল কিন্তু বতাহ বলা নাছিল। সেইবাবে তাই গৰম কাপোৰ পিন্ধি লৈ বাহিৰলৈ ওলাই আহিল। যেতিয়াই তাই ঘৰৰ গেটখন খুলিলে, তেতিয়া দেখা পালে যে, ঘৰৰ ওচৰতে থকা এজোপা ডাঙৰ গছৰ পাছফালে এটা সৰু লৰা ৰৈ আছে। যিয়ে তাইক মনে মনে চাই আছিল। বন্তিয়ে, তাক নিজৰ ওচৰলৈ মাতিলে, কিন্তু সৰু লৰাটো নাহিলে আৰু দৌৰ মাৰি আঁতৰি গল।
পাচদিনাও তেনেকুৱাই হল। সেই সৰু লৰাটোৱে বন্তিক মনে মনে চাই ৰৈছিল। সেইদিনা বন্তিয়ে সৰু লৰাটোক ধৰি ললে আৰু সুধিলে, তুমি ইয়াত কি কৰি আছা! সেই লৰাটোৱে একো নামাতিলে আৰু একোকে নকলে। বন্তিয়ে তাক ঘৰৰ কথা সুধিলতো, সৰু লৰাটোৱে একো নকলে। শেষত বন্তিয়ে তাৰ নাম সুধাত, সি লাহে কৰি সুৰয বুলি কয় তাৰ পৰা দৌৰ মাৰিলে। বন্তিয়ে তাৰ এনে আচৰণৰ কথা একোকে বুজি নাপালে। এনেদৰে বহু দিন পাৰ হৈ গল। সেই সৰু লৰাটোৱে বন্তিক, সেই ডাঙৰ গছজোপাৰ পৰাই চাই গল। সেইদিনা দেওবাৰৰ নিশা আছিল। ৰাজীৱ আৰু বন্তিয়ে ঘৰৰ ভিতৰতে জুই ফুৱাই আছিল। কাৰণ বাহিৰৰ পৰিৱেশ ঠাণ্ডাৰ বাবে বহুত বেয়া হৈ গৈছিল। এনে হৈছিল যেন, কোনোবা অলপ সময়ৰ বাবে বাহিৰলে ওলালেও যেন তাৰ জীয় যাব।( Assamese Storyboard )
সেইসময়তে দুৱাৰত খটখটালে। তেতিয়া ৰাজীৱ আৰু বন্তিয়ে ভাৱিলে, বাহিৰত জোৰেৰে বতাহ বলা বাবে এনে হৈছে। তেতিয়া পুনৰ দুৱাৰত কোনোবাই খটখটালে। এইবাৰ দুৱাৰৰ খটখটনি প্ৰথম বাৰতকৈ জোৰেৰে আছিল। দুৱাৰত খটখটনি শব্দ শুনি দুয়োয়ে ভয় খালে আৰু ভাৱিলে ইমান নিশা, ইমান ঠাণ্ডাত বাহিৰত কোন হব পাৰে! ৰাজীৱ আৰু বন্তিয়ে কেৱল এজনে আনজনৰ মুখলৈ চাই ৰল। সেই সময়তে দুৱাৰৰ বাহিৰত লাহে লাহে, কান্দোনৰ মাত ভাহি আহিল। তেতিয়া ৰাজীৱে ডাঙৰকৈ কলে, কোন আছে বাহিৰত! কিছু সময় কোনো, মাত নিদিলে।
কিন্তু কিছু সময়ৰ পাছত লাহে কৰি মাত দিলে, দুৱাৰ খোলা। অনুগ্ৰহ কৰি দুৱাৰ খোলা। বাহিৰত বহুত ঠাণ্ডা। সেই মাত কোনোবা সৰু লৰাৰ আছিল। সেই মাত শুনাৰ লগে লগে, বন্তিৰ সেই মাতষাৰ চিনাকি যেন লাগিল। সি অনুমান কৰিলে যে, এই মাতষাৰ সেই সৰু লৰাটোৰে হয়, যিয়ে সদায় সেই ডাঙৰ গছজোপাৰ পাছফালে ৰৈ থাকে। বন্তিয়ে ৰাজীৱক কলে যে, আমি তাক ভিতৰলৈ লৈ আনিব লাগে। তাই দৌৰ মাৰি দুৱাৰৰ ফালে যাওঁতেই, তাহাঁতৰ ঘৰৰ লেন ফোনটো বাজি উঠিল। ফোনটো কাষৰে ঘৰৰ এগৰাকী মহিলাৰ আছিল, যিয়ে আজি বন্তিক লগ পাইছিল। বন্তিয়ে ফোনটো ৰিচিভ কৰিলে। আনফালৰপা সেই মহিলা গৰাকীয়ে মাত দিলে, হেল্ল, মই আপোনাক কবলৈ পাহৰিলো যে, আপোনালোকৰ দুৱাৰত যদি কোনোবাই, খটখটাই, তেতিয়া হলে দুৱাৰ নুখুলিব। তেতিয়া বন্তিয়ে কলে যে, এতিয়া মোৰ ঘৰৰ দুৱাৰত কোনোবা সৰু লৰাই, দুৱাৰ খুলিবলৈ কয় আছে। তেতিয়া সেই মহিলা গৰাকীয়ে কলে, একেবাৰে দুৱাৰ নুখুলিব। সেয়া আচলতে এটা আত্মা হয়। ইয়াত যেতিয়া বৰফ পৰে, বহুত ঠাণ্ডা হয় আৰু জোৰেৰে বতাহ বলে, তেতিয়াই সি সকলো ঘৰৰ দুৱাৰলৈ যায়, আৰু দুৱাৰ খুলিবলৈ কয়। সি ঠাণ্ডাৰ বাহানা কৰি, দুৱাৰ খুলি দিবলৈ চেষ্টা কৰোৱাই। আৰু কোনোবাই যদি ভুলতে দুৱাৰ খুলি দিয়ে, তেতিয়া সেইজনা পাচদিনা বৰফৰে ধকা পোৱা যায়।
এই কথা শুনিয়ে যেন, তাহাঁতৰ ভৰিৰ তলৰ মাটিখিনি নাইকিয়া হোৱাৰ দৰে লাগিল। তাহাঁতি ভাৱিলে যে, আচলতে বাহিৰত যি দুৱাৰত মাত দি আছে, সেয়া এক আত্মা হয়। ৰাজীৱ আৰু বন্তিয়ে দুৱাৰ নুখুলিলে আৰু পাচদিনা পুৱাই ৰাজীৱ আৰু বন্তি সেই কাষৰ মহিলা গৰাকী ঘৰলৈ গল। আৰু সম্পূর্ণ কথাটো সুধিলে।
তেতিয়া সেই মহিলা গৰাকীয়ে কলে, এই গাওঁত এটা সৰু পৰিয়াল আছিল। পাহাৰ বাগৰি অহাত সেই পৰিয়ালৰ লোকে মৃত্যুক সাৱটি ললে। কিন্তু তেওঁলোকৰে এটা লৰা জীয়াই থাকিল। সি সকলোৰে ঘৰে ঘৰে গৈ আহাৰ বিচাৰি ফুৰে। এদিন বহুত জোৰে বৰফ পৰিছিল। তেতিয়া সি সকলোৰে ঘৰে ঘৰে গৈ দুৱাৰ খুলিবলৈ প্ৰাৰ্থনা কৰিছিল আৰু কৈছিল বাহিৰত বহুত ঠাণ্ডা পৰিছে। কিন্তু কোনেও তাৰ প্ৰাৰ্থনা নুশুনিলে আৰু ঠাণ্ডাৰ বাবে ঘৰৰ ভিতৰতে চেপেটা লাগি আছিল। পাচদিনা পুৱা সেই সৰু লৰাটোৰ মৃতদেহ বৰফৰ মাজতে পোৱা গল। এতিয়াও বৰফৰ বৰষুণ পৰিলে, সেই সৰু লৰাটোৰ আত্মা সকলোৰে ঘৰে ঘৰে গৈ প্ৰাৰ্থনা কৰে। এই সকলোবোৰ শুনি ৰাজীৱ আৰু বন্তি আচৰিত হল। কিন্তু ৰাজীৱ আৰু বন্তি তাত ১মাহ থকালৈকে তাহাঁতৰ লগত ৪,৫বাৰ এনে হল। কিন্তু ৰাজীৱৰ কাম শেষ হলত, তাহাঁতি তাৰ পৰা গুচি আহিল। কিন্তু বন্তিৰ মনত এটা কথা সদায় বাবে ৰহস্য হৈয়ে থাকিল যে, সেই ঘটনাৰ পাচত, যিটো সৰু লৰাক তাই ঘৰত বাহিৰত দেখা পাইছিল, তাক আৰু কেতিয়াও দেখা নাপালে।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment