কি হৈছিল ৰুম নং তিনিশ একত ? ( ভৌতিক ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 22, 2021

কি হৈছিল ৰুম নং তিনিশ একত ? ( ভৌতিক ) : Assamese Storyboard

Assamese Storyboard

কোনোবা এটা দেওলগা দিনত বাইকৰ পৰা পৰি হাত ভৰি দাঁত ভাগি ভাগিনটো মেডিকেলত ভৰ্তি হৈ আছে । বাইদেউ অকলশৰীয়া ( Assamese Storyboard )। কিমান ৰখীয়া হ'ব ? মই বোলো দুদিন মই গৈ থাকি দিম , তাই অলপ ঘৰত গৈ গা মূৰ ভাল কৈ ধুই ল'ব পাৰিব । সেইমতে শনিবাৰে তিনি মান বজাত মেডিকেল পালোগৈ । তেতিয়া হে গম পালোঁ সোমবাৰে ৰিলিজ দিবই আৰু । যি হওঁক আজি মইয়ে থাকিম তাৰ লগত ভাবি তাইক ঘৰলৈ পঠিয়াই দিলোঁ । মই গৈ পাওঁতে ভাগিনটো শুই আছিল । আগদাঁত পাৰি গোটেই ভগা বাবে একো খাব পৰা নাছিল , আলু পাৰিৰ অপাৰেচন কৰি ভালে থকা খিনি চেটিংত আনিলে যদিও তেতিয়াও চেলাইন হে খাই আছিল । বাওঁ হাত বাওঁ ভৰিত বেণ্ডেজ । মুখ খন শুকাই চকু গাঁত পাইছে । আঠাইছ বছৰীয়া ডেকা ল'ৰা এটা এনেদৰে দেখি বৰ দুখ লাগিল । কৰ্তব্যৰত নাৰ্ছ গৰাকী আহি প্ৰেচাৰ আৰু চুগাৰ চাই গ'লহি । যাওঁতে কৈ গল,,,,,চেলাইন শেষ হ'লে জনাব দেই ।।


ধুনীয়া মৰম লগা নাৰ্ছ জনী বিশ কি বাইচ বছৰ হ'ব । নাৰ্ছিং হ'ম বোৰৰ নাৰ্ছ বিলাক মৰমিয়াল হয় । খবৰ দিয়াৰ আগতেই নিৰ্দিষ্ট সময়ৰ মূৰত আহি তাইয়ে চেলাইন সলাই দিলে ।


,,,,,,,চিষ্টাৰ,,,,,,,


,,,,,,,উম,,,,,কওঁক খুড়ী ,,,,,


,,,,,,,,কি নাম তোমাৰ ?


,,,,,জিষ্মী,,,,,,


,,,,,জিষ্মী,,,?


,,,, গগৈ,,,,,,,,


ছোৱালী জনীলৈ কিয় জানো মৰম লাগি গ'ল । বাইদেউ হতে কৈছিল মেডিকেলৰ নাৰ্ছ সকলে ভাগিনটোৰ খুব যত্ন লৈছে , হয়তো সেই বাবেই ,,,,,,,,


ভাগিনৰ কপালত হাত খন বুলাই বিচনা চাদৰ খন ঠিক থাক কৰি জিষ্মী গ'লগৈ । ভাগিনটোৰ লগত যেন চকুৱে চকুৱে এপলক বহু কথা পাতি গ'ল । মোৰ দুষ্ট চকুৱে কিন্তু ঠিকেই বুজি পালে । 


,,,,,,খুড়ী,,,,,,এতিয়া মোৰ ডিউটি শেষ হব আৰু মই ৰুমলৈ যামগৈ । ৰাতি অন্য এগৰাকী আহিব । কিবা দিগদাৰ হ'লে এইটো ফোন নম্বৰ লওঁক । 


কথা খিনি যেন ভাগিনটোক কৈ গ'ল ।। ফোন নম্বৰ টো ময়েই চেভ কৰি ললোঁ । কেবিনৰ দৰ্জা মুখৰ পৰা আকৌ এবাৰ ভাগিনটোৰ চকুৱে চকুৱে হাত জোকাৰি তাই গুচি গ'ল ।


নিশা ৭ মান বজাত ৰাতিৰ বাবে থকা নাৰ্ছ গৰাকীয়ে কিবা এটা বেজী কঁকালত দি গ'লহি । ভাগিনটোয়ে মুখৰ অপাৰেচন হোৱা বাবে কথা ও কব নোৱাৰে । মোৰো আমনি লাগিছিল । তাক শুব দি এনেই এপাক মেডিকেলৰ ভিতৰতে খোজ কাঢ়ি আহোঁ বুলি ওলাই গ'লো । 


আমাৰ কেবিন টু একেবাৰে তিনি মহলৰ একেবাৰে শেষৰ ফালে । মেডিকেল খনত মুঠ তিনিশ দহ টা ৰুম আছে । আমাৰ টো তিনিশ এক । 


দীঘল কৰিদৰ এটাই কোঠাবোৰৰ মাজত বাৰাণ্ডা হৈ পৰিছে । প্ৰতিটো কোঠাত ৰোগী আছেই । অৱশ্যে দৰ্জা বোৰ বন্ধ । কৰিদৰৰ মূৰত নাৰ্ছৰ ৰুম । এইখিনি কোঠাৰ ৰুম বোৰ এইসকল নাৰ্ছৰ তত্বাৱধানত থাকে । ৰুম নহয় ঠিক কাউণ্টাৰ । 


মুকলিকৈ অলপ ফুৰি মনটো কিছু ভাল লগিল । হলেও তাক কিবা লাগিব পাৰে । সেয়ে ৰুমলৈ ঘূৰি আহিলোঁ । 


দিনৰ নাৰ্ছজনীয়ে তেতিয়া ভাগিনটোৰ প্ৰেচাৰ চেক কৰিছে । এটেণ্ড বহা টুল খনতে বহি একান্ত মনে নিজৰ কাম কৰিছে । 


,,,,,,,জিষ্মী,,,,,,,ৰুমলৈ ন'গলা নেকি ?

,,,,,,নাই খুড়ী । আজি মই ৰাতি ইয়াতে থাকিম । 


ভাল লাগি গ'ল । মোৰে সহায় হ'ব । এদিন আহি ক'ত ডঃ ক'ত নাৰ্ছ বিচাৰি ফুৰিম বুলি অলপ চিন্তাই হৈছিল । 


,,,,,,তুমি অলপ বহা যদি মই কিবা এটা খাই আহোঁ নেকি,,,,


,,,,,,,যাওঁক , তলৰ কেণ্টিনতে পাব । 


মনতে ভাবিলো জিষ্মী আৰু ভাগিন ৰতন , মনৰ কথা কলেও কওঁক । বৰ মৰম লগা ছোৱালী । 


অলপ পলম কৈয়ে ৰুমলৈ ঘূৰি আহিলোঁ । তেতিয়াও জিষ্মী বহি আছিল । এ চি কেবিন । সকলো সুবিধা আছে । এখন বেদ এটেণ্ডৰ বাৱে । টি ভি ,, ফ্ৰীজ ,,,,ড্ৰেছিং টেবুল ,,,,কি নাই । বৰ সু ব্যৱস্থা এই নাৰ্ছিং হ'মৰ । কাষৰ থকা বিছনাত মই দীঘল দিলোঁ । 


দিনটো জাৰণি কৰি অহা বাবে খাই দিয়া লগে লগে ভাগৰে হেঁচি ধৰিছিল । দৰ্জা ত টোকৰ পৰাত হে উঠি গৈ খুলি দিলোঁ ,,,,,,ট্ৰে এখন লৈ ৰাতিৰ নাৰ্ছজনী ।


তেতিয়া হে মন কৰিলোঁ জিষ্মী নাই । কেতিয়া নো গ'ল গমেই নাপালোঁ । অৱশ্যে দৰ্জা খন ভিতৰৰ পৰা মৰা আছিল । 


,,,,,,,,,,,প্ৰেচাৰ চাম,,,,


,,,,,,,অলপ আগতে চাই গৈছিল চিষ্টাৰ ।


,,,,,,,হয় নেকি ? মই অপাৰেচন ত আছিলোঁ । হলেও চাই যাওঁ দিয়ক । 


প্ৰেচাৰ চাই চেলাইন তো অলপ জোকাৰি লৰাই তাই গ'লগৈ । মই বিচনাত নগৈ টুল খনতে বহি থাকিলোঁ । মোৰ সন্মুখত থকা গ্লাছৰ খিড়িকী খনত এটা ছাঁ পৰিছে । তিনি মহলৰ ওপৰ বগাই তালৈ কোন আহিল ? নে সেইফালে কৰবাত যোৱাৰ বাট আছে ?? 


গ্লাছৰ খিড়িকী খনত সামান্য ফাঁক কৰি ৰখা আছিল । সেই ফাঁকৰে যেনেতেনে মূৰ সুমুৱাই জিষ্মী বগাই সোমাই আহিল । মুখত মিঠা হাঁহি । আহিয়ে ভাগিনৰ চেলাইনতো ঠিকে আছে নে চাই গৰ্জি উঠিল,,,,,


,,,,,,,স্পীদ কোনে বঢ়াই দিলে,,,,,,,


আকৌ শান্ত হৈ পৰিল । ভাগিনৰ ভগা হাত খনত স্পৰ্শ কৰি কিছু সময় চাই থাকিল । ভাগিনৰ চকু দুটা যেন উজ্বল হৈ পৰিছে । 


মই বিছনাত বহি তাইক টুলত বহা সুবিধা কৰি দিলোঁ । তাই লাইট অফ কৰি দিম লাইট জ্বলাই দিলে । মই টিভি চাব খোজাত তাই ক'লে,,,,,


,,,,,,বেয়া নাপাব খুড়ী , পেছেন্টক শুব দিয়ক । তেতিয়া হে ৰিকভাৰ হ'ব ।


পুৱতি নিশা বাহিৰত হুলস্থুল শুনি মই ওলাই গ'লো । দৌৰা দৌৰি । কি হৈছে বুজি নাপালোঁ । মাথোঁ গম পালোঁ ।কোনোবা মৰিছে । icu ত ডেডবডী সন্ধ্যা পৰা ৰাখি এতিয়া উলিয়াই দিয়া বাবে ঘৰৰ মানুহে হুলস্থুল কৰিছে । 


দুখ লাগিল । কোন বা হয় ! কি বা হৈছিল,,,,,,,,জিষ্মী তেতিয়া নিৰুদ্দিগ ভাবে তাতে বহি আছিল । মোৰ পিছে পিছে ৰাতিৰ নাৰ্ছ জনী সোমাই আহিল,,,,,,চেলাইন খুলিব ।( Assamese Storyboard )


জিষ্মী ক'ত ? 


,,,,,টোপ,,,,,, টোপ,,,,,,


বাথৰূমৰ শব্দটোৰ উৎস বিচাৰি ভাবিলোঁ জিষ্মী বাথৰুম গৈছে । ৰাতিৰ নাৰ্ছ জনী গুচি গ'ল । জিষ্মী তেতিয়া ও বাথৰূমত । 


,,,,,জিষ্মী,,,,,,জিষ্মী,,,,,,,


দিম লাইটোৰ শিখাৰ পৰা নাচি নাচি জিষ্মী নামি আহিল । ওপৰৰ পৰা ?? কি যে কৰে এই ছোৱালী জনীয়ে,,,,,,


জোৰেৰে শব্দ কৰি দৰ্জা খন বন্ধ কৰি দিলে । 


,,,,,,আৰু কাকো ইয়াত আহিব নিদিব,,,,,,,


তাই চিৎকাৰ কৰি উঠিল । এতিয়া মোৰ জিষ্মী লৈ ভয় লাগিল । অদ্ভুত তাই । পৰ্দা খিনি টানি দিলে আৰু ভাগিনটোৰ হাত এখন মুঠি মাৰি বহি থাকিল । ডিম লাইটৰ বাল্বটো ঠন কৈ ভাগি গোটেইখন অন্ধকাৰ হৈ পৰিল । 


নাৰ্ছসকলৰ বগা শুভ্ৰ পোছাক যোৰ আন্ধাৰতো জিলিকি আছিল । দীঘল চুলিখিনি তাই মুকলি কৰি ল'লে । ভাগিনটোক তাই উঠাই বহা বলৈ অপ্ৰাণ চেষ্টা কৰিছে । 


,,,,,,,,সি বহিব নোৱাৰে,,,,,,কিয় কৰিছা তেনে,,,,,,


,,,,,,,,চুপ,,,,,,,,,


,,,,,,ৰতন,,,,, বাবা,,,,,,,,


মই ওচৰ চপা লগে লগে ঠেলি আঁতৰাই দিলে তাই । তাক বহুৱাই বাহুৰ মাজত সাৱটি আছে । টান খাই চেলাইনৰ নিপুল টু এৰি পৰিল,,,,,,,,


তাইৰ হাতত এপাহ ৰঙা গোলাপ । এহাতেৰে ভাগিনটোক সাৱটি অন্য হাতেৰে গোলাপ পাহ তাৰ গালত , কপালত লগাই দিলে,,,,,,


মই জৰ ঘমাদি ঘামিছোঁ । এইহেন প্ৰেম লীলা মোৰ আগত হে ঘটিব লাগে নে,,,,,,,,,,


,,,,,,চাফাই,,,,,,,,,,টক,,,টক,,,,,,,টক,,,,,,


দৰ্জাত চাফাই কৰ্মীৰ টোকৰ পৰাত তাই চক খাই উঠিল । ভাগিনক লাহেকৈ শুৱাই বাথৰূমৰ ভিতৰত সোমাই পৰিল । 


মই দৰ্জা খন খুলি দিলোঁ । ভাগিনটো শুই আছে । চেলাইন লাগি আছে । চাফাই কৰ্মী হাতত বাল্টি আৰু ফেনাইল লৈ বাথৰূম চাফা কৰাত লাগিল,,,,,,,


জিষ্মী,,,,,,,,ক'ত লুকাল তাই,,,,,,


বাথৰূমৰ ওপৰলৈ চালোঁ। চিলিংত ওলমি মোলৈ চাই তাই হাঁহি আছিল ।


গা পা ধুই মই চাহ খাওঁ বুলি তললৈ নামি গলো । তেতিয়া পুৱা আঠ বাজিছিল । 


মেডিকেলৰ একেবাৰে তলৰ মুকলি ঠাইখনত ,,,যত ৰোগী দেখা কৰা মানুহবোৰ আহি বহে ,অথবা ডঃ ক লগ কৰিবলৈ অপেক্ষা কৰে,,,,,,


তাত আজি এতিয়াই বৰ ভীৰ । সকলো নাৰ্ছ ডাক্তৰ , ষ্টাফ মৌন্য হৈ ঠিয় দি আছে । মই লাহে লাহে ওচৰ চাপি জুম ফালি আগুৱাই গলো । 


,,,,ই,,,কি,,,,,হে ,,হৰি,,,,,,


মোৰ মুখৰ পৰা চিঞৰ ওলাই আহিল । এখন ডাঙৰ ফটোত বগা মালা পিন্ধাই চাকি ধূপ জ্বলাই সকলোৱে শ্ৰদ্ধাঞ্জলি দিছে । 


আকৌ এবাৰ ফটো খন ভাল কৈ চালোঁ ।হয় টু,,,,


,,,,,এইজনী দেখোন জিষ্মী,,,,,,,,,


কাষত ৰৈ থকা ডাক্তৰ জনক জোকাৰি পেলালোঁ ।


,,,,হেয়,,,,, হেয়,,,,, এইজনী জিষ্মী,,,,,,,কিয় মালা দিছা ,,,কি হৈছে তাইৰ,,,,,,,


মই জনা নাই সেইজন নাৰ্ছিং হম খনৰ মালিক ডাক্তৰ । অন্য দুজনে মোক আঁতৰাই আনিলে । 


,,,,,,খুড়ী,,,,,এওঁ জিষ্মী এ হয় । আমাৰ বৰ ভাল ষ্টাফ আছিল । বৰ মৰমিয়াল ছোৱালী ।


,,,,,,আছিল মানে , এতিয়াও আছে,,,,,


মই চিঞৰি উঠিলোঁ ।


,,,,,,,নাই , বাইদেউ । কালি ডিউটি চুটি কৰি ঘৰলৈ যাওঁতে এক্সিডেন্ট হৈ ঢুকাইছে । 


,,,,,কি,,,,,,,,


,,,,হয় বাইদেউ । ইয়াতে চাৰে বহু চেষ্টা কৰিও বচাব নোৱাৰিলে । পুৱতি নিশা,,,,,,,,


মই ফোঁপাইছোঁ । ওঁঠ শুকাই গৈছে । মই দৌৰিছোঁ । কেৱল দৌৰিছোঁ । লক্ষ্য আমাৰ কেবিন নং তিনিশ এক ।


মাৰ্বল পাথৰৰ চিৰি বগাওঁতে মোৰ ভৰি ছিগি যায় হেন লাগিছে । উঠিব পৰা নাই,,,,ইম্মান পিছল আৰু দীঘল চিৰি,,,,,,,,


ৰুমত অকলে জিষ্মী আৰু ৰতন,,,,,,,


ভগৱান মোক সহায় কৰা । লিফ্টৰ দৰ্জা খুলিব নোৱাৰি তিনি মহল চিৰি বগাই উঠিছোঁ । 


আজি সকলো ম্লান হৈ আছে । নাৰ্ছৰ কাউণ্টাৰ ও উদং । সকলো মৌন্য প্ৰাৰ্থনা কৰিবলৈ গৈছে । কাষৰ ৰুম বোৰৰ দৰ্জা বন্ধ ।দীঘল কৰিদৰ তো যেন শেষ নহ'বই । 


কেবিনৰ দৰ্জা সামান্য খোলা আছে । মই একে দৌৰে ভিতৰ সোমাই গলোঁ ।


,,,,,,,,,ৰতন,,,,,, বাবা তো,,,,,, ৰতন,,,,,


ভাগিনটো শুই আছে । জিষ্মী নাই । টোপনি তাৰ । 


,,,,,ৰতন,,,,,,


নাই , লৰচৰ কৰা নাই ,,,,,,কি হল মোৰ পোনাটোৰ,,,,,,


কলিং বেলটো চেপি ধৰিলোঁ,,,,,,,,,


এদল ডাক্তৰ নাৰ্ছ সোমাই আহিল,,,,,,,,


,,,,,,,হয়তো, হাৰ্ট এটেক ,,,,,,,,,


,,,,,,,নাই,,,,,নাই,,,,,,জিষ্মী,,,,,


মোৰ কথা কোনেও নুশুনে । ৰতনৰ দেহতো বগা কাপোৰেৰে ঢাকি দিলে । বগা কাপোৰৰ মাজেৰে তাৰ হাতত ৰঙা গোলাপ পাহ জিলিকি থকা মই হলে ভালকৈ দেখিলোঁ ।।।।।


(( বি দ্ৰ,,,,,,,,ভৱিষ্যত কোনেও বিশ্বাস নকৰিব , ৰুম নং তিনিশ এক ত আচলতে কি ঘটিছিল ))


নবযানী বৰুৱা শইকীয়া

ডিগবৈ

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages