মন্দিৰাই মুখখন ফুলাই খংত অগ্নিশৰ্মা হৈ নিজৰ কোঠাত বহি আছিল। যেতিয়াই অভিনৱে খায় বৈ আজৰি হৈ কোঠালৈ আহিল, তেতিয়া মন্দিৰাই কলে, এতিয়া আৰু মই এইখন ঘৰত থাকিব নোৱাঁৰো, অভিনৱ।( Assamese Storyboard )
কি হল! এনেকৈ কিয় কৈছা! মন্দিৰা
কিমান বাৰ তোমাক কৈছো, মই সদায় সদায় এই কথাবোৰৰপৰা অশান্তি পাইছো। আচলতে সকলোৱে নিজকে কি ভাৱে!
অভিনৱ: এনেদৰে কয় নাথাকিবা। চিধা চিধি কোৱা কি হৈছে!
মন্দিৰা: মোৰ আৰু কবলগীয়া একো নাই। তুমি ঘৰত মা পাপা দাদাৰ লগত কথা পাতি লোৱা যে, তুমি বেলেগ হবলৈ বিচাৰিছা।
অভিনৱ: তেওঁলোকেওটো সুধিব, কথাটো কি বুলি! তেতিয়া তেওঁলোকক মই কি উত্তৰ দিম।
মন্দিৰা: মই সৰু বাবে সকলোৱে মোকে কথা শুনায়। মই এতিয়া এইবোৰ সহি থাকিব নোঁৱাৰো।
অভিনৱ: ডাঙৰৰ অধিকাৰ থাকে সৰুৰ ওপৰত।
মন্দিৰা: আনৰ ওপৰত ইমানো অধিক অধিকাৰ দেখুৱাব নালাগে, যেন সেয়া তেওঁলোকৰ মতে কাম কৰে।
অভিনৱ শান্ত স্বভাৱৰ ব্যক্তি আছিল। অভিনৱে বৰ মৰমৰে মন্দিৰাক বুজাবলৈ চেষ্টা কৰিছিল। চোৱা, মন্দিৰা যত আমি ইমানবোৰ লোকে একেলগে থাকো, তাত সৰু সৰু কথা চলিয়ে থাকে। সেইবোৰ কথাক মনত বহুৱাই নাৰাখিবা। আৰু এই সৰু সৰু কথাবোৰৰ বাবে বেলেগ হোৱাতো ভাল কথা নহয়।
মন্দিৰা: কি সৰু কথা! সদায়ে ৰাতিপুৱা মই সোনকালে উঠো , আজি আধা ঘন্টা পলমকে উঠিলতে, যেতিয়া মই কোঠাৰপৰা বাহিৰলৈ গলো, তেতিয়া মায়ে মোলৈ চাই ঘড়ীফালে চাই ৰল। সেই কথা মোৰ ভাল নালাগিল।
অভিনৱ: মায়ে তোমাক কিবা কৈছিল নি!
মন্দিৰা: কোৱাটো একো নাছিল। কিন্তু মই সকলো বুজো, তেওঁ মোৰ ওপৰত খং উঠিছিল। আৰু যোৱা কালি আঞ্জা অলপ বেছিকৈ বনালতো, মায়ে মোক কথা শুনালে।
অভিনৱ: তাতে আকৌ কি হল! তোমাৰ মায়েও তোমাক একো নকৈছিল নি!
মন্দিৰা: অ কৈছিল। কিন্তু তেওঁ অলপ বেলেগ ধৰণে কৈছিল। আৰু যদি কোনোবা এদিন কামকৰা বাইজনী নাহে, তেতিয়া মায়ে মোকে ঘৰটো মচিবলৈ কয়। আৰু যেতিয়াই আমি দেওবাৰে বাহিৰলৈ ফুৰিবলৈ যাওঁ, তেতিয়াও মায়ে মুখ খন ফুলাই বহি থাকে। আৰু এবাৰ দুবাৰ আমি পলমকে অহাত মোক খং কৰিছিল। কিছু কথা তুমিও বুজা।মই সকলো জানো, মা পাপাৰটো কেৱল দাদা বৌ আৰু তেওঁলোকৰ লৰা ছোৱালী দুটাকে ভাল লাগে। তুমি যেন তেওঁলোকৰ তুলনীয় সন্তানহে!
অভিনৱ: তুমি এই সকলোবোৰ কথা তোমাৰ মনত বহুৱাই লৈছা।
মন্দিৰা: এটা দুটা কথা হলে মইও বুজিছিলো। কিন্তু তেওঁলোকে মোৰ কোনো কথাকে ভাল নাপায়।মই কাম কৰা, মই বনোৱাটো, বাহিৰলৈ যোৱা! আৰু ঘৰখনৰ বাবে মই একো বস্তু আনিবকে যেন নোঁৱাৰো।
অভিনৱ: তুমি জানানে, একে লগে থকাৰো বহু লাভ আছে। তুমি অলপ বুজিবলৈ চেষ্টা কৰা,ঘৰ এখন চোৱা চিটা কৰাটো সাধাৰণ কথা নহয়।একেলগে থাকো বাবে আমাৰ ওপৰত বোজাও বহুত কম। সেয়ে ঘৰৰ কাম কেইটামান কৰি তুমি নিজৰ বাবে বজাৰ সমাৰ কৰিবলৈে আহৰি পোৱা।
মন্দিৰা: যেন মই এই ঘৰখনৰ কাম কৰা বাই হে।
অভিনৱ: কি পগলাৰ দৰে কথা কৈছা!
মন্দিৰা: আজি তুমি মোক তোমাৰ সিদ্ধান্ত কব লাগিব। যে, তুমি বেলেগ হবানে নোহোৱা!
অভিনৱ: এই সকলোবোৰ ইমান সহজ নহয়।
মন্দিৰা: তোমাৰ ওচৰত দুদিনৰ সময় আছে। তুমি ঘৰত বেলেগ হোৱাৰ কথা কোৱা, নহলে মই ছোৱালীজনীক লৈ মাৰ ঘৰলৈ গুচি যাও। সিদ্ধান্ত তোমাৰ হাতত। এয়া কয়ে মন্দিৰাই লাইতটো বন্ধ কৰি শুই পৰিল। অভিনৱ ভাৱিবলৈ ধৰিলে, এতিয়া কি কৰা যায়!
ৰাতিপুৱা যেতিয়া অভিনৱ অফিচলৈ যাবলৈ ওলাল,তেতিয়া মন্দিৰাই ৰাতিৰ কথাখিনি অভিনৱক পুনৰ সুঁৱৰাই দিলে। অভিনৱে কলে, ঠিক আছে, তোমাক মই আবেলিকে উত্তৰ দিম। আৰু অভিনৱ অফিচলৈ গুচি আহিল। আবেলি যেতিয়া অভিনৱ অফিচৰ পৰা আহিল তেতিয়া দেখা পালে যে, মন্দিৰাই নিজৰ কোঠাত বহি আজিও কান্দি আছিল। অভিনৱ তাইৰ ওচৰলৈ গৈ সুধিলে, কি হল মন্দিৰা, তুমি কিয় আজিও কান্দি আছা! আজি আকৌ কি হল! তুমি কোৱাচোন মন্দিৰা!( Assamese Storyboard )
কান্দি কান্দিয়ে মন্দিৰাই কলে, মা দেউতাই ফোন কৰিছিলে, তেওঁলোকে কলে যে, মোৰ ভাইটি হেমন্তই ঘৰৰপৰা বেলেগ হবলৈ বিচাৰিছে।
অভিনৱ আচৰিত হৈ, কিন্তু তাৰ আকৌ কি হল!
মন্দিৰা: সমস্যা তাৰ নহয়, তাৰ পত্নী ৰিনাৰ হে।
অভিনৱ: কিন্তু হঠাৎ এই সকলোবোৰ কি হৈ গল!
মন্দিৰা: মা দেউতাই তাক বহু বুজাইছে, কিন্তু সি মা দেউতাৰ কথা শুনা নাই। তেতিয়া হেমন্তই কৈছে, মোৰ কোনো সমস্যা নাই। কিন্তু ৰিনাই নামানিছে। আৰু মই তেতিয়া ৰিনালৈ ফোন কৰিলো। তেতিয়া ৰিনাই মোক কলে, বা, এই বিষয়ে লৈ আপুনি মোক একোকে নকব।
অভিনৱ: চোৱা মন্দিৰা, এতিয়া তুমি আৰু মই ভাৱিলে একোটো নহব। কাৰণ আমিও এই সিদ্ধান্তকে লবলৈ লৈছো। তেতিয়া হলে আমি আনক কি বুজাম।
মন্দিৰা, ইয়াৰ কথা বহু বেলেগ। তাত মা দেউতাৰ অৱস্হা বেয়া হৈ গৈছে।
অভিনৱ: আমিও যেতিয়া বেলেগ হোৱাৰ কথা কম, তেতিয়া ইয়াটো মা দেউতাৰ অৱস্হা সেই একেই হব।
মন্দিৰা: এতিয়াটো মোৰ সৰু ভাইটিৰ বিয়াখনো বাকী আছে। দেউতাই কৈছে যে, সৰু লৰাটোৰ বিয়া লৈকে লগতে থাকিবলৈ। বিয়াৰ পাছত দেউতাই নিজে বেলেগ কৰি দিব।
অভিনৱ: ঠিক কৈছে দেউতাই। কিন্তু ইয়াটো মোৰ সৰু ভাইটি বিশালৰ বিয়া খন হোৱা নাই। ইয়াটো দেউতাই তেনেদৰে কব।
মন্দিৰা: সেইটো পগলা, মোৰ ভাইটি একোকে নুবুজিছে। সি এতিয়াই বেলেগ হৈ ঘৰ এখনৰ দায়িত্ব কেনেকৈ লব!
অভিনৱ: অ হয়, এই কথাটো একেবাৰে সত্য। তেনেদৰে আমিও বেলেগ হৈ গলে, হয়টো মই ইমান ভাল দৰে ঘৰৰ দায়িত্ব লব নোঁৱাৰিম।বাৰু যিকি নহওক,এতিয়া আমাতকৈও তোমালোকৰ ঘৰখনক লৈহে মোৰ বেছি চিন্তা হৈছে।মই তোমাৰ ভাইটিক বুজাম বাৰু।
পাচদিনা আবেলি যেতিয়া অভিনৱ অফিচৰ পৰা আহি নিজৰ কোঠালৈ আহিল, তেতিয়া মন্দিৰাই আনন্দ মনেৰে দৌৰি আহিল আৰু অভিনৱক সাৱটি ললে। আৰু কলে আজি মই বহুত সুখী। মোৰ ভাইটি হেমন্তই মানি গল। সচাঁকৈ তুমি ধুনীয়া কাম কৰিলা। মা দেউতাই ফোন কৰিছিল। তেওঁলোক আজি বহুত সুখী। আৰু কৈছে যে, তোমাৰ কথা হেমন্তই শুনিলে, বুজিলে। আৰু সি কেতিয়াও বেলেগ নহয়।
অভিনৱ: এয়াটো বহুত ভাল কথা।
মন্দিৰা: এতিয়া তুমি কোৱা যে, তুমি হেমন্তক কেনেকৈ বুজালা!
অভিনৱ: ঠিক তেনেদৰে, যেনেকৈ তোমাক বুজাওঁ। অ মন্দিৰা, মই গাড়ীতে ফোনটো পাহৰি আহিলো, লৈ আহোঁগৈ। এয়া কয় অভিনৱ বাহিৰলৈ আহিল। আৰু গাড়ীৰ পৰা ফোনটো লৈ মন্দিৰাৰ ভায়েকলৈ ফোন কৰি ধন্যবাদ দিলে। আৰু কলে তুমি এটা মিছা কথা কয় মোৰ পৰিয়ালটো বেলেগ হোৱাৰ পৰা ৰক্ষা কৰিলা। আৰু আনফালে মন্দিৰাও নিজৰ পৰিয়ালক লোকৰ পৰা আঁতৰি থকাৰ দুখক বুজি পাইছিল। আৰু কোনোদিন অভিনৱক বেলেগ হোৱাৰ কথা আৰু নকলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment