বৰুৱাই নিজৰ চকী খনত বহি ভাৱি আছে । পলাশৰ হত্যাকাণ্ড ৰ আজি পাচ দিন হ'ল ! তথাপি ও অপৰাধীক চিনাক্ত কৰিব পৰা নাই । কি কৰা যায় , এই হত্যাকাণ্ড ইমান নিখুঁত ভাৱে কৰিছে যে অপৰাধী বিচাৰি উলিয়াব কঠিন । ( Assamese Storyboard )
বাহিৰত চিঞৰ বাখৰ । " হত্যাকাৰী ক আমাৰ হাতত গটাই দিয়ক । মহানগৰ আৰক্ষী গৌ বেক , আৰক্ষী চকী মেনেজ হ'ল । " ইত্যাদি শ্লোগান শুনি বৰুৱা বাহিৰত ওলাই আহিল । শতাধিক ৰাইজে থানা ঘেৰি ধৰিছে । তাৰ লগত সাংবাদিক !
" এয়া দেখিছে , হত্যাকাণ্ড ৰ আজি পাচ দিন উকলিল । কিন্তু এই মহানগৰ আৰক্ষী য়ে হত্যাকাৰী ৰ ওপৰত কোনো ধৰনৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই । আচলতে মহানগৰ আৰক্ষী মেনেজ হ'ল নেকি ! হত্যাকাণ্ড ৰ চব্বিশ ঘন্টা নৌ হওতে হত্যাকাৰী ক আটক কৰা হ'ল , কিন্তু এতিয়ালৈ হত্যাকাৰী ৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই আমাৰ প্ৰশাসনে । "
বৰুৱাই আৰু নিজকে সংযম কৰিব নোৱাৰিলে ।
- বন্ধ কৰক আপোনালোকৰ এই ভুৱা সংবাদ ।
সৎ, নিষ্ঠাবান আৰক্ষী বিষয়া বৰুৱা ৰ ধমকত থানাৰ চৌহদ কাহ পৰি জিন গ'ল ।
- আপোনালোকে চিঞৰিলে সকলো কথা সত্য হৈ নাযায় । কোনে কৈছে আপোনালোকক আমি হত্যাকাৰী ক কাৰায়ত্ত কৰা বুলি ? কোনে কৈছে আমাৰ লক আপৰ ভিতৰত থকা জন হত্যাকাৰী বুলি ? অ প্ৰাথমিক তদন্ত ত আমি কিবা এটা ক্লু পাইছোঁ কাৰনে তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ । কিন্তু মই ক'ব খোজা নাই তেখেত নিৰপৰাধী । আমি দিন ৰাতি একাকাৰ কৰি এই হত্যাকাণ্ড ৰ তদন্ত কৰি আছোঁ । অপৰাধী আমাৰ হাতৰ পৰা সাৰি যাৱ নোৱাৰে । সেয়া মই আপোনালোকক কথা দিছোঁ । আৰু সাংবাদিক বন্ধু সকলক কৈছোঁ শুদ্ধ তথ্য নোপোৱাকৈ একমাত্ৰ টি আৰ পিৰ আশাত এটা নিউজ বনাই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব । এতিয়া মই আপোনালোকক হাত জোৰ কৰিছোঁ থানাৰ চৌহদ ত অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব । এতিয়া আপোনালোক যাওক গৈ । অতি সোনকালেই আমি হত্যাকাৰী ক কাৰায়ত্ত কৰিম ।
প্ৰতিবাদী মানুহ বোৰ এজন এজনকৈ আঁতৰি গ'ল । গুছি গ'ল সংবাদকৰ্মী বোৰ । কি যে হ'ব মানুহ বোৰৰ লগত । এটা হত্যাকাণ্ড তদন্ত কৰা ইমান সহজ নে ! ৰাজ্যত আজি কিমান টা হত্যাকাণ্ড ৰ ভুল অভিযুক্ত ক ধৰিৱ পৰা নাই । তেনেস্থলত আমাৰ আজি পাচ দিন হে হ'ল । যাকে যতে পাওঁ তাকে সন্দেহ কৰি লৈ আহি থানাত হত্যাকাৰী বিচৰা পুলিচ বিষয়া বৰুৱা নহয় ।
- বৰ্মন , নিয়ৰ কাকতি ক মোৰ ওচৰত লৈ আহক ।
বৰুৱাই কনিষ্টবল বৰ্মনক নিৰ্দেশ দিলে ।
- হ'ব ছাৰ ।
নিয়ৰ বৰুৱাৰ কোঠালৈ আহিছিল । সেইদিনা ধৰি অনা মানুহ জনৰ চেহেৰা আৰু আজিৰ চেহেৰা ৰ মাজত বহু খিনি পাৰ্থক্য দেখা পালে বৰুৱা ই । ধুনীয়া মানুহ জনৰ চকুৰ গুৰি বোৰ কলা পৰিছিল , চুলি বোৰ যত্নহীন ভাৱে আউলি বাউলি হৈ আছিল । ডাড়ী বোৰ লাহে লাহে দীঘল হৈ আহিছিল ।
- বহক নিয়ৰ ।
- হ'ব ছাৰ
সি বহিছিল ।
- খোৱা বোৱা ভালকৈ কৰি আছে নে ?
- আছোঁ ছাৰ ।
- আপুনি মিছা কৈছে । আপোনাৰ মুখ খন মোৰ ওচৰত ধৰা পৰিছে ।
- ছাৰ দুদিন মানুহে নাখালে একো নহয় । মাত্ৰ মই বিচাৰোঁ মই অতি সোনকালেই নিৰপৰাধী বুলি চিনাক্ত হ'ব লাগে ।
- ঠিকেই
বৰুৱাই মোবাইল টো উলিয়াই কালি মল্লিকা ৰ পৰা লোৱা সেই বিশেষ ভিডিঅ' টো নিয়ৰক দেখালে ।
- এয়া চাওক পলাশৰ বাৰ্থ দে পাৰ্টি । ইয়াত আপুনি কাৰোবাক চিনি পাই নেকি ?
নিয়ৰে ভালকৈ চাইছিল । আৰু হঠাৎ দেখা পাইছিল ডান্স কৰি থকা মুহুৰ্তত ৰাধিকা ক । এতিয়া নিয়ৰে কি কৰিব ! কব নেকি ৰাধিকা ৰ কথা আৰু যদি তাই ফচি যায় তেন্তে !
- কি হল নিয়ৰ কাৰোবাক চিনি পাইছে নে ? আৰু যদি পাইছে কৈ দিয়ক । তেতিয়া আমাৰ সহজ হ'ব । হয়টো তেওঁ হত্যাকাৰী নহ'ব ও পাৰে । কিন্তু তেতিয়া এই ভিডিঅ' টোত থকা প্ৰায় সংখ্যক মানুহক সোধপোচ কৰিব পাৰিম । হয়টো তাৰ মাজতে লুকাই থাকিব হত্যাকাৰী ।
এৰা , ৰাধিকা ই টো হত্যা কৰা নাই তেন্তে কিহৰ ভয় । হয় ইয়াৰ মাজত ও থাকিব পাৰে হত্যাকাৰী । গতিকে নামটো কৈ দিয়াই ভাল ।
- চিনি পাইছোঁ ছাৰ ।
- পাইছে ? কোনজনী ?
- এইজনী ছাৰ ।
- নামটো জানে ?
- জানো ছাৰ , ৰাধিকা হাজৰিকা ।
- ৰাধিকা ! ঘৰ কত ?
- মোক লৈ বলক । মই দেখাই দিম ।
এয়া যেন এক নতুন পন , নতুন সাহস । এইবাৰ নিয়ৰে ভয় নকৰে কাৰন নিয়ৰে জানে ৰাধিকা হত্যাকাৰী নহয় । গতিকে এই যুজ খনত ৰাধিকাৰ প্ৰত্যক্ষ ভাৱে খুৱে প্ৰয়োজন । তেতিয়া হে হত্যাকাৰী ধৰা পৰিব ।
ৰাধিকা ৰ মাকে নিজে ৰাধিকা ৰ কাপোৰ কিছুমান বেগত ভৰাই দিছিল । আৰু কৈছিল ।
- শুন, মই যেতিয়া লৈ তোক আহিব নকওঁ তেতিয়া লৈ তই নাহিবি ।
- মা তুমি এইবোৰ কিয় কৰিলা ! মই কতো যাৱ নিবিচাৰোঁ ।
- মই যাৱ এ লাগিব । নহ'লে মাৰক জান ই নহয় !
হয় , এইজনী মাকৰ বিৰুদ্ধে তাই প্ৰতিবাদ কৰিব নোৱাৰে । মাকৰ কথা তাই ভালকৈ জানে । কিন্তু তাই পলাই যাৱ । কিন্তু নিয়ৰৰ কি হ'ব ! তাক নিৰপৰাধী বুলি কোনে চিনাক্ত কৰিব ! তাই সিদ্ধান্ত ল'লে , তাই জেঠাইকৰ ঘৰলৈ নাযায় । তাই গুৱাহাটী তে নিজৰ কোনোবা বান্ধনীৰে লগত থাকিব । আৰু তাত থাকি তাই নিয়ৰক সহায় কৰিব । এইকেইদিন তাই মাকৰ ফোন নলগা কৰি থব ।
বৰুৱাই নিজৰ টেবুলত আজিৰ বাতৰি কাকতৰ পৃষ্ঠাবোৰ ত চকু ফুৰাই আছিল । তেনেতে কনিষ্টবল বৰ্মন সোমাই আহিল ।
- ছাৰ
- অহ, বৰ্মন কওক ।
- সেইদিনা নিয়ৰৰ দেউতাকক মেডিকেল ত থব যাওতে মোৰ ফোন নং টো ৰাখিছিল । আৰু তেখেতে মোক আজি ৰাতিপুৱা ফোন কৰিছে নিয়ৰ কাকতিৰ মাকৰ অৱস্থা বহুত বেয়া । যদি পাৰে এবাৰ নিয়ৰক মেডিকেললৈ লৈ যাৱলৈ কৈছে ।
- অহ , নিশ্চয় কিন্তু আপুনি ৰাতিপুৱা তে কথাটো কব লাগে । হ'ব এতিয়াও কথা নাই । বৰ্মন আপুনি এটা কাম কৰক আপোনাৰ নেতৃত্বত নিয়ৰক লৈ যাওক । নৈৰ সমান বব কোন , আইৰ সমান হ'ব কোন ।
বৰ্মনে নিয়ৰক মেডিকেললৈ লৈ আহিছিল । আহোতে গোটেই ৰাস্তা সি নিৰৱে কান্দি আহিছিল । এটা সময়ত সিহঁত আহি মেডিকেল পালে । আৰু নিয়ৰৰ দেউতাকে কোৱা মতে তৃতীয় মহলাৰ ৮৭ নং ৰুমত সোমাই গ'ল । কিন্তু নিয়ৰে বহুত বিছাৰিলে কতো দেখোন মাক নাই ।
- কিন্তু মোৰ মা দেউতা ইয়াত নাই ।
- অহ, নেকি চেহ কি কৰা যায় ।
সিহঁত বাহিৰত ওলাই আহিল । বৰ্মনে নিয়ৰৰ দেউতাকক ফোন লগালে । কিন্তু ফোন অফ । এতিয়া কি কৰা যায় । বৰ্মনে সিহঁতক বাহিৰত থৈ আকৌ সেই মেডিকেল ৰ ৰুমটো লৈ সোমাই আছিল । সাধাৰণতে পুলিচ দেখিলে মানুহ বোৰে ভয় কৰে তাত ও সেই অৱস্থা হল ।( Assamese Storyboard )
- শুনকচোন কথা এটা সোধো ।
বৰ্মনে মানুহ এজনক মাতিলে ।
- ভয় কৰিব নালাগে । আপুনি ইয়াত থকা কেইদিন হ'ল !
- তিনিদিন মান হ'ল ছাৰ ।
- বাৰু ইয়াত যে এজন বৃদ্ধ মাষ্টৰ আছিলে ।
- অহ , ৰাষ্ট্ৰপতি ৰ পদক পোৱা ছাৰ জন নেকি !
- অহ তেখেতৰ কথাই সুধিছো ।
- বৰ ভাল মানুহ আছিলে জানেনে । একদম মাটিৰ লগৰ মানুহ সকলোৰে লগত মিলি যায় ।
তেনেতে ৰুমটোলৈ আকৌ নিয়ৰ সোমাই আহিছিল ।
- বৰ্মনে নিয়ৰে নুশুনা কৈ মানুহ জনক সুধিলে ।
মানুহ জনে ও কানৰ কাষত বৰ্মনক কিবা ক'লে ।
- ঠিক আছে । আমি আহিছোঁ তেন্তে ।
বৰ্মনে নিয়ৰক লগত লৈ ওলাই আহিলে ।
- ছাৰ কিবা গম পালে নে ?
- নিয়ৰ ছাৰ বুলি নামাতিবা হে ! তুমি ইমান ডাঙৰ অফিচাৰ এজন ।
- অফিচাৰ হ'লে কি হ'ব এতিয়া চিনাকী এজন অপৰাধী ।
- হ'ব এইবোৰ সময়ত দেখিম ।তোমাতকৈ ডাঙৰ হ'ম যেতিয়া দাদা বুলি মাতিবা ।
- হ'ব বাৰু ! মা হতৰ খৱৰ পালে নে ?
- উম পালো । তোমাৰ মা ভাল হ'ল , ডাক্তৰে ডিচাৰ্জ দিছে ।
- কি ! মা ভাল হ'ল ! তাৰমানে ভগৱানে মোৰ কথা শুনিছে । ধন্যবাদ ভগবান । বৰ্মন দা
- কোৱা
- এবাৰ মাক চাই আহিব পাৰিম নেকি ?
- উম পাৰিবা । কেলৈ নোৱাৰিবা । বলা আমি এতিয়াই তোমাৰ ঘৰলৈ যাম ।
নিয়ৰৰ ঘৰ হ'ল আজাৰাত , আৰু ৰাধিকা ৰ ঘৰো সিহঁতৰ ঘৰৰ পৰা তিনি খন মান গাওঁ এৰি থৈ । সৰুতে সিহঁতে একে খন স্কুলতে পঢ়া । এতিয়া ৰাধিকা হত গুৱাহাটী তে থাকে ।
পুলিচ ৰ গাড়ী খন নিয়ৰৰ ঘৰলৈ আগবাঢ়িলে ।বাকি লগত অহা পুলিচ কেইজনে নিজৰ মাজতে কিবা কিবি কথা পাতি আহিছিল । মাত্ৰ বৰ্মন আৰু নিয়ৰ কথাত মচগুল হ'ল । আজি নিয়ৰৰ এনেকুৱা লাগিছে যেন সি এখন যুদ্ধ কৰিলে । মাকে ভালপোৱা কথাটো শুনি সি সাংঘাটিক সুখী হ'ল ।
- জানে বৰ্মন দা , মা - দেউতাই মোক একো অভাৱ নিদিয়াকৈ ডাঙৰ কৰিছে । আৰু আপুনি টো মোৰ দেউতাক ভালকৈ লগ পাইছে । গতিকে তেনে এখন ঘৰৰ সন্তান হৈ মই কাৰোবাক হত্যা কৰিব পাৰোঁ নে !
- হয় , আমি ও ভাৱিছো । কিন্তু তোমাৰ এটা ফোন কলে সকলো অথন্তৰ লগালে ।
- হয় , সেয়াই মোৰ অপৰাধ । এইবোৰ বাদ দিয়ক সময়ত সকলো তদন্ত হ'ব অপৰাধী সাৰি যাব নোৱাৰে ।
- হয়, বিশ্বাস ৰাখা ।
- আপোনাৰ ঘৰ ?
- মোৰ ঘৰ নলবাৰী ত ।
- নলবাৰীৰ কত !
- বেলশৰ ।
- অ এটা যে মন্দিৰ আছিল , নামটো কি আছিলে ,,,,
- বিল্বেশ্বৰ !
- অহ, সেইটো মন্দিৰ ৰ ওচৰতে নেকি ?
- উম । তাত গৈছিলা নেকি ?
- উম গৈছিলো । বহুত ভাল লাগিছিল গৈ ।
ইতিমধ্যে নিয়ৰে দিয়া নিৰ্দেশ মতে গাড়ী খন লক্ষ্যস্থানলৈ গৈ আছিল । আজি বৰ্মন আৰু লগত অহা আৰক্ষী খিনি এই লক্ষ্য কৰিছে নিয়ৰ সচাকৈ বৰ ভাল ল'ৰা যেনে লাগিছে । বৰ সহজ সৰল , ল'ৰা সি । আজি হয়টো মাকৰ খৱৰটো এই তাক সুখী কৰি তুলিছিল ।
ইটো সিটো কথা পাতি পাতি আহি থাকোঁতে এটা সময়ত গাড়ী খন নিয়ৰ হতৰ পদুলিত ৰৈ গ'ল । গাড়ীৰ পৰা নামিয়ে সি দেখিলে সিহঁতৰ পদুলিত বহুত মানুহ । মহিলা বোৰে মুখ খন চাদৰৰ আছলৰে ধাকি ৰাখিছে । আৰু তাৰ চিনাকী প্ৰসন্ন খুড়া , নবীন দা হতে কপালত হাত দি বহি আছে ।
সি বৰ্মনৰ ফালে চাইছিল ।
- বৰ্মন দা এইবোৰ কি !
- তুমি সোমাই যোৱা নিয়ৰ , হয়টো মানুহ বোৰে তোমাৰ মাৰ খৱৰ ল'বলৈ আহিছে ।
- উম হ'ব ও পাৰে !
বুলি কৈ সি আগুৱাই গ'ল ।
- খুড়ী মই আহিলো ।
ওচৰৰ খুড়ীয়েক এজনীক মাত দিয়া ৰ লগে লগে মানুহ জনীয়ে মুখ খন ঘূৰাই দিলে ।
- নবীন দা কি হল তোৰ ! মোৰ ফালে চা আকৌ !
নবীনে তাক নোহোৱাকৈ হাত খনৰে নিৰ্দেশ দিলে ভিতৰলৈ যা ।
- ঐ পোৱালি বাহ ডাঙৰ হৈ গলি । মনত আছে নাই মোৰ তাত যে টিউচন লৈছিলি ।
নাই সি ও আতৰি গ'ল । মানুহ বোৰে তাৰ লগত কিয় এনেকুৱা কৰিছে । আগতে যেতিয়া সি গুৱাহাটী ৰ পৰা আহে নিয়ৰ নিয়ৰ বুলি সকলোৱে চিঞৰে । কিন্তু আজি ,,,,
- হ'ব দে , আজি তহত সকলোৱে ভাৱিছ নিয়ৰ হত্যাকাৰী । কিন্তু তহতৰ ধাৰণা বোৰ ভুল । মই প্ৰমান কৰি দেখাম । হ'ব দে তহত কোনেও মোক মাতিব নালাগে , তহতে নামাতিলে ও মোক মায়ে মাতিব ।
কথা খিনি কৈ সি ভিতৰলৈ সোমায় গ'ল । বৰ্মনে দেখিছিল মানুহ বোৰে চকুপানী টুকি আছিল । বৰ্মন ৰ বুকু খন বিষাই গ'ল । আচলতে বৰ্মন ক মেডিকেল ত মানুহ জনে কানে কানে কোৱা কথাষাৰ এয়াই আছিল যে " মানুহ জনী ধুকাই থাকিল " । যিটো খৱৰ বৰ্মনে নিয়ৰক নিদিলে ।
মানুহ ৰ মাজত গুনাগথা চলিল । " নিয়ৰ আহিছে , বেয়াই লাগে বেচেৰালৈ " । সি সোমাই গৈ আচৰিত হ'ল । চোতালত শুই আছে তাৰ মাক । পিৰালিত বহি আছে তাৰ দুৰ্ভগীয়া দেউতাক । এখোজ এখোজ কৈ সি আগুৱাই গৈ মাকৰ ওচৰত বহিলে । মাকৰ মূৰটো তাৰ কোচত লৈ সি ক'লে ।
No comments:
Post a Comment