যেতিয়া স্বামীয়ে পত্নীক গুৰুত্ব নিদিয়া হয় : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 2, 2021

যেতিয়া স্বামীয়ে পত্নীক গুৰুত্ব নিদিয়া হয় : Assamese Storyboard

Assamese Storyboard

: নিশা প্লীজ, মই কিমান বাৰ কৈছোঁ তোমাক অফিচত থকা সময়ত এনেদৰে ফোন কৰি আমনি কৰি নাথাকিবা বুলি।( Assamese Storyboard ) 

: কিন্তু..

         নিশাই কিবা কোৱাৰ আগতেই অনুৰাগে ফোনটো কাটি দিলে। সন্ধ্যা পাঁচ বজাৰ আগতেই ঘৰ সোমোৱা মানুহজন আজি কালি ৰাতি এঘাৰ বাৰ বজাতহে ঘৰ সোমায়। নিশাক অফিচৰ কাম আছিল বুলি কয় যদিও নিশাই মন কৰিছে সিহঁতৰ তলৰ ফ্ল'ৰত থকা অনুৰাগৰ অফিচৰে কলিগ এজন কিন্তু সদায়েই সময়মতেই ঘৰ সোমায়। অনুৰাগক বেছিকৈ প্ৰশ্ন কৰি থাকিলেও খং কৰি আঁতৰি যায়। সেয়েহে তাই আজিকালি প্ৰশ্ন নকৰাই হৈছে। 


              আন দিনাৰ দৰে আজিও অনুৰাগ অহালৈ বাট চাই থাকোতে চোফাখনতে শুই পৰিল নিশা। তেনেতে পাকঘৰত কিবা শব্দ হোৱা যেন শুনি লৰালৰিকৈ পাকঘৰলৈ গৈ দেখে যে গোটেই বাচন বৰ্তন মজিয়াত পৰি আছে। পাকঘৰৰ এচুকত থকা ফ্ৰীজটোৰ পৰা শাক পাচলি ফল মূল যি আছিল গোটেইবোৰ উলিয়াই অনুৰাগে দলিয়াই আছে। নিশাই একো বুজিব নোৱাৰি অনুৰাগৰ বাহুত ধৰি জোঁকাৰি দিলে। লগে লগে অনুৰাগে তাইক ঠেলা মাৰি খঙত গৰ্জি উঠিল। তাইৰ হাত এখনত জোৰেৰে ধৰি খঙতে পকাই দিলে। অনুৰাগৰ মুখৰ পৰা ওলোৱা ভেকেটা ভেকেট গোন্ধ সহ্য কৰিব নোৱাৰি নিশাই এখন হাতেৰে নাক মুখ ঢাকি ল'লে। তাৰমানে আজিও অনুৰাগে মদ খাই আহিছে। বিয়াৰ আগতেই এবাৰ অনুৰাগে মদ খোৱাৰ বাবে সিহতঁৰ মাজত কাজিয়া হোৱাৰ বাবে আৰু কেতিয়াও মদ মুখত নিদো বুলি তাইক কথা দিয়া অনুৰাগে আজিকালি প্ৰায়েই মদ খাই আহে। অসহ্য লাগে নিশাৰ। অনুৰাগে নেদেখাকৈয়ে চকুলো টুকে তাই। তাই অকণমান অভিমান কৰি দেখালেই তাইৰ খং অভিমান ভাঙিবলৈ তাইক মৰমেৰে উপচাই দিয়া মানুহজনৰ পৰা আজিকালি তাই মৰমৰ মাত এষাৰো নোপোৱা হৈছে। আজিকালি তাইৰ অভিমান বোৰো অনুৰাগৰ বাবে যেন বিৰক্তি হৈ পৰিছে। সামান্য অভিযোগ কৰিলেও সি কামৰ অজুহাত দেখুৱাই আঁতৰি যায়। সেয়েহে আজিকালি মনৰ কথাবোৰ মনতেই থয় তাই। 


: মই অফিচত কাম কৰি ভাগৰি জোগৰি ভোকত‌ আহো, আৰু তুমি ভাত ৰান্ধি থ'বলৈও সময় পোৱা নাই ? না ডাইনিং টেবুলত খোৱা বস্তু আছে, না পাকঘৰত। কি কৰি আছিলা ? নে টিভিৰ চিৰিয়েল চাই আহৰিয়েই পোৱা নাছিলা ? 

                খঙত ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি প্ৰায় চিঞৰি কোৱাদি ক'লে অনুৰাগে।

: ইমান ৰাতি এনেদৰে হাল্লা নকৰিবা অনু। মাইনাই সাৰ পাব।

              লাহেকৈ ক'লে নিশাই।

 :মই যি সুধিছো তাৰ উত্তৰ দিয়া। ( Assamese Storyboard )

               নিশাৰ হাতখন আৰু জোৰেৰে পকাই দিলে অনুৰাগে। তাইৰ দুধাৰি চকুলো বৈ আহিল। গাৰ সমস্ত জোৰেৰে অনুৰাগৰ হাতৰ পৰা নিজৰ হাতখন মুকলি কৰি অনুৰাগৰ হাত এখন ধৰি সিহঁতৰ কোঠালীলৈ লৈ গ'ল তাই। আন্ধাৰ হৈ থকা কোঠালীটোৰ লাইটটো জ্বলাই দিলে নিশাই। লগে লগে অনুৰাগৰ চকুত পৰিল কোঠালীৰ মাজমজিয়াত থকা টেবুলখনত সজাই থোৱা কেকটো, য'ত লিখা আছে "Happy anniversary to us"। তাৰ কাষতে সজাই থোৱা আছে মটৰ পনীৰৰ পৰা আদি কৰি অনুৰাগৰ প্ৰিয় খাদ্য সম্ভাৰ। গোটেই কোঠালীটো অনুৰাগৰ প্ৰিয় ৰং নীলা বেলুনেৰে সজাই থোৱা আছে। বিছনাৰ কাষতে থকা সৰু টেবুলখনত আছে এথোপা ৰঙা গোলাপ আৰু এটা নীলা চাৰ্ট। 


অথনিৰেপৰা খঙত দপদপাই থকা অনুৰাগে এতিয়া ভালকৈ চালে নিশালৈ। অনুৰাগে তাইক বিয়াৰ আগতেই তাইৰ জন্ম দিনত দিয়া নীলা শাৰীখন পিন্ধি আছে। শাৰীখনৰ সৈতে মিলাই ডিঙিত সৰু নেকলেচ আৰু কপালত সৰু নীলা ফোট এটা লৈছে। গলধনলৈকে পৰি থকা ঢিলাকৈ বান্ধি থোৱা খোপাৰে তাইক সৰগৰ পৰী যেনেই লাগিছে। এই সকলোবোৰ দেখাৰ লগে লগে যেন সম্বিৎ ঘূৰাই পালে অনুৰাগে। নিশাৰ হাতখন ধৰি আঠু কাঢ়ি তলত বহি পৰিল অনুৰাগ। 

 : মোক ক্ষমা কৰি দিয়া নিশা। মই তোমাক ইমান কষ্ট দিলোঁ অথচ তুমি মোৰ বাবে ইমানবোৰ কৰিলা। মোৰ ভুল হ'ল নিশা। অফিচৰ কেইজনমান বন্ধুৰ উচটনিত মই মদ খাই এনেদৰে....আজি আমাৰ বিবাহ বাৰ্ষিকীৰ দিনটোতো কন্দোৱালো তোমাক। মই ক্ষমাৰ যোগ্য নহয় যদিও মোক আপোন বুলি ভাবি ক্ষমা কৰি দিয়া।

              অনুৰাগৰ দুবাহুত ধৰি ওপৰলৈ তুলি দুহাতে সাবটি ধৰিলে নিশাই। 

: তুমি মোক ক্ষমা খুজিব নালাগে অনু। মাথোঁ প্ৰতিশ্ৰুতি দিয়া যে মোৰ লগত আৰু কেতিয়াও এনে আচৰণ নকৰা। আৰু মোক আগৰ দৰেই মৰম কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া।


: মই প্ৰতিশ্ৰুতি দিছো নিশা। আমাৰ মাইনাজনীৰ শপত। আৰু কেতিয়াও মদ নাখাওঁ। আৰু কেতিয়াও কান্দিব নিদো তোমাক।

                 নিশাৰ দুচকুৱেদি নিগৰি অহা চকুপানী অনুৰাগে আলফুলে মচি দিলে। তাইৰ কপালত এটি চুমা আঁকি দি বুকুৰ মাজত সুমুৱাই ল'লে। মৰম আকলুৱা নিশাজনী কুচি মুচি হৈ সোমাই পৰিল অনুৰাগৰ বুকুত। আজি কিমান দিনৰ পিছত যেন পুনৰ ঘূৰাই পালে ব্যস্ততাৰ মাজত হেৰাই যোৱা তাইৰ প্ৰেমিকজনক।


Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংকwww.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংকsmj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages