এগৰাকী আৰক্ষীৰ এনকাউণ্টাৰত উৎখাত গভীৰ ৰহস্য : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 24, 2021

এগৰাকী আৰক্ষীৰ এনকাউণ্টাৰত উৎখাত গভীৰ ৰহস্য : Assamese Storyboard

Assamese Storyboard

মোৰ নাম বিশ্বজিৎ বৈশ্য। মই অসম আৰক্ষীৰ এজন sub inspector. মোৰ চাকৰিয়েই হ'ল ৰহস্য উদ্ঘাটন কৰা। সৰুৰে পৰা নিচা আছিল ৰহস্য ভঙাৰ ( Assamese Storyboard )। যি কোনো শিহৰণকাৰী কামবোৰত ভাগ লোৱাৰ। মোৰ এটা নাম আছে ডিপাৰ্টমেণ্টত ।   এজন সাহসী অফিচাৰ হিচাপে। প্ৰতিটো  ক্ৰিমিনেল যেনেকৈ মোৰ টাৰ্গেটত,ঠিক তেনেকৈ প্ৰতিটো ক্ৰিমিনেলৰ বাবেই মইও টাৰ্গেটত। সেয়ে সদায় মই সাৱধানে চলো। মই এতিয়াহে  যেন মনৰ জোখাৰে চাকৰিটো পাইছো। I LOVE THRILL


আজি অলপ দিনৰ পৰা বহুতে কোৱা শুনি আহিছো যে মোৰ থানা এলেকাৰ অন্তৰ্গত বগৰীবাৰী কাঠৰ দীঘল দলংখনৰ মুৰত প্ৰেতাত্মা ওলাই। কৃষ্ণপক্ষৰ নিশা  ওলায়। বগৰীবাৰী আমাৰ থানাৰ পৰা ১০ কি:মি: ভিতৰত।  প্ৰেতাত্মাটো বোলে বগা সাজ পিন্ধা যুৱতীৰ ৰূপত। সেই দলংৰ পৰাই নদীত জপিয়াই বোলে আজি দুবছৰ মানৰ আগত এজনী ছোৱালীয়ে আত্মহত্যা কৰিছিল।তাইৰেই প্ৰেতাত্মা হেনো সেইটো।দলংৰ ওপৰত বহে। উচুপি উচুপি কান্দে।পথেৰে হেনো কোনোবা গ'লেই তাই খঙত ক'ব নোৱাৰা হয়। আক্ৰমণ কৰিবলৈ খেদি যায়। বহুত মানুহৰ বোলে  তাইৰ প্ৰেতাত্মাটো দেখাৰ পাছত ঘৰত গৈ জ্বৰ উঠে। প্ৰলাপ বলকে। তিনিদিন মান বেজে জলকীয়া গছৰ ডালেৰে কোবাই বেজালী কৰে।ৰোগীয়ে অস্বাভাৱিক আচৰণ কৰে।  শেষত বেজে বলে নোৱাৰি ডাক্তৰৰ ওচৰলৈ পঠাই দিয়ে। বেজীৰ খোছ খাই,চেৰাইন লৈ ৰোগী সুস্থ হৈ আহে। এনেকুৱা বহুকেইটা কেচ আছে গাওঁ খনত। সেয়ে কোনো গঞাই সন্ধিয়াৰ পাছত সেই পথেৰে নাযায়। 


ব্যক্তিগত ভাৱে মই ভুত প্ৰেত এইবোৰ বিশ্বাস কৰো নে নাই সেই বোৰ কথা কৈ বেছি বিতৰ্ক নকৰো। এটাই ভাৱো,বেছিভাগ ক্ষেত্ৰতে মানুহৰ ভয়েই ভুত। কোনোবা  ঠাইত বা বিশেষ সময়ত  মানুহৰ মানসিক অৱস্থা যেতিয়া দুৰ্বল হৈ যায় তেতিয়াই মানুহে ভুত দেখে। ভুতৰ উপস্থিতি অনুভৱ কৰে। 


আপোনাৰ বুজাত অসুবিধা হৈছে?


চাওক , ধৰি লওক আপুনি অকলে আছে আজি ঘৰত। প্ৰকাণ্ড ঘৰ। নিজকে অকলশৰীয়া লাগিছে। ৰাতি টোপনিও যোৱা নাই।  বিচনাত বাগৰি আছে। অলপ অলপ ভয়ো লাগিছে। এনেতে শুনিলে আপোনাৰ ঘৰৰ টিনৰ ওপৰত কিবা এটা ডাঙৰ শব্দ হৈছে। কিবা যেন দলিয়াইছে কোনোবাই। আপোনাৰ গাটো জিকাৰ খাই উঠিছে। ভয়টো বেছিকৈ লাগিছে। তেনেতে আপোনাৰ বাথৰুমলৈ যোৱাৰ তাড়না অনুভৱ হ'ল। আপুনি বিচনাৰ পৰা ভয়ে ভয়ে  উঠি বাথৰুমৰ ফালে গ'ল।  এনেতে দেখিলে  বাথৰুমত  বগা মানুহৰ দৰে কিবা এটা। আপুনি আৰু বেছি ভয় খালে। আৰু দৌৰি আহি বিচনাত পৰি দিলেহি। আপোনাৰ বুকুৰ ধপধপনি বৃদ্ধি হ'ল। আপুনি যদি মানসিক ভাৱে অতি দূৰ্বল হয়,তেন্তে  পুৱাৰে পৰা অস্বাভাৱিক আচৰণ কৰিব লাগিছে। কাৰণ আপোনাৰ মনত সোমাই গ'ল যে আপুনি সঁচাকৈয়ে ভুত দেখিছিল।


এতিয়া যদি আমি আপোনাৰ  ভুত বুলি ভয় খোৱাৰ কাৰণ বোৰ বিজ্ঞান সন্মত ভাৱে চাওঁ তেতিয়া দেখিম  যে আপোনাৰ ঘৰৰ টিনপাতত ৰাতি পৰি হোৱা শব্দটো হয়টো কোনো  নিশাচৰ চৰাইৰ মুখৰ পৰা অসাৱধনতাবশত: সৰি পৰা কোনো এটা ফল হে আছিল !!! নিশাৰ নিৰ্জনাতত সেই সাধাৰণ শব্দটোৱেই এক অসাধাৰণ ৰূপলৈ আপোনাৰ মনত প্ৰৱেশ কৰিছিল। অথবা বাথৰুমলৈ যাওতে আপুনি মানুহৰ দৰে বুলি ভাৱি দেখি ভয়খোৱা বস্তুটো এখন বগা চাদৰ হে আছিল।  এই ইলুজনৰ চিকাৰ হ'ল আপুনি। কেৱল আপোনাৰ মানসিক দুৰ্বলতাৰ বাবে।


বাৰু বাদ দিয়ক সেইবোৰ! এতিয়া আমাৰ মূল কাহিনীলৈ আঁহো।


মই ভাৱিলো,এই প্ৰেতাত্মাজনীক মই লগ পাবই লাগিব। সমাজত চলি থকা কথাবোৰ এবাৰ নিজ চকুৰে চাই লওঁ।তাৰ পাছত যি হয় দেখা যাব।


আজি ৰাতিয়েই যাব লাগিব। অকলেই যাব লাগিব। সাধাৰণতে মই এনেকুৱা অভিযানবোৰত অকলেই গৈ বেছি ভালপাওঁ। এই কথাটো মোৰ শত্ৰু বন্ধু সকলোৱে জানে।


সন্ধিয়া আঠ মান বজাত ASI কলিতাক ক'লো কথাটো। শুনিয়েই তেওঁ হতবাক হ'ল। 


---- ছাৰ,অকলে যাব নালাগে আপুনি। মোকেই হ'লেও লৈ যাওক লগত।

------ নালাগে।এনেকুৱা থ্ৰীলবোৰ অকলেই ভালপাওঁ মই।


নিশা ন বজাত থানাৰ গাড়ীখনেৰে মোক নমাই গ'লহি দলংৰ ওচৰত। শীত কালৰ কুঁৱলী সনা নিশা। তাতেই আকৌ ঘোপমৰা আন্ধাৰ। চোৰে চৰ মাৰিলেও নেদেখে। চৌদিশে নিজান। নিস্তব্ধ। জিলিৰ বেসুৰা সংগীতেৰে ঠাইখণ্ড যেন আৰু অধিক জয়াল কৰি ৰাখিছে। এনেতে প্ৰচণ্ড শব্দ কৰি গাজণি মাৰিলে। আকাশলৈ চালো। তৰা দেখোন এটাও নাই। সমগ্ৰ আকাশ ক'লা। কিন্তু মই থানাৰ পৰা ওলাওঁতেটো ঠিকেই আছিল বতৰটো !!!! ( Assamese Storyboard )


বাৰু যি কি নহওঁক!! মই হাতৰ টৰ্চটো জ্বলাই পথৰ কাষৰ জুপোহা এটাৰ আঁৰত সুচল ঠাই এখনত বহি ল'লো। ইয়াৰ পৰা টৰ্চ মাৰিলেও দলংখন ভালদৰে দেখা পোৱা যায়। 


এটা চিগাৰেট খোৱাৰ তাড়ণা অনুভৱ কৰিলো। কিন্তু !!! না: !!! এই সময়ত খোৱাটো উচিত নহ'ব। 

এনেতে প্ৰচণ্ড শব্দ কৰি পুণৰ বাৰ মেঘে গাজিলে। বিজুলীৰ এচমকা পোহৰে  ঠাইখণ্ড ক্ষণিকৰ বাবে পোহৰ কৰি তুলিলে। তাৰ পাছত আকৌ ঘোপমৰা  অন্ধকাৰ। হঠাৎ এজাক বৰষুণ মুষুলধাৰে পৰিব ধৰিলে.. লগতে  হিমচেঁচা বতাহ। মোৰ ডাঠ জেকেট ভেদি বৰষুণৰ পানীবোৰে মোৰ গোটে দেহটো তিয়াই পেলালে। ঠাণ্ডা বতাহ জাকে যেন মোৰ গোটেই শৰীৰটোক যেন বৰফলৈ ৰূপান্তৰ কৰিলে। উশাহ ল'বলৈও কষ্ট পোৱাৰ দৰে হ'ল।  এনেকৈয়ে বৰষুণত তিতিঁ প্ৰায় এঘণ্টামান সময় গ'ল। সময় টো চাবৰ ইচ্ছা গ'ল। হাতত থকা টৰ্চটো ৰ বুটাম টিপি বাওঁহাতৰ ঘড়ীটোলৈ মই চালো


আৰে !!!! টৰ্চটো নজ্বলে দেখোন !!!! ইয়াত বহালৈকে টো ঠিকেই জলি আছিল !!! কি হ'ল হঠাৎ !!! হয়টো বৰষুণত তিতাৰ বাবেই নজ্বলা হ'ল ..!!!  আন্ধাৰতে খেপিয়াই বহাৰ পৰা উঠি আহিলো আৰু দলংৰ ফালে অনুমান কৰি চাবৰ বৃথা চেষ্টা কৰিলো । এনেতে পুণৰ এচমকা বিজুঁলীয়ে ঠাইখণ্ড ক্ষণিকৰ বাবে পোহৰাই তুলিলে।


বিজুঁলীৰ ক্ষণিকৰ পোহৰত দেখিলো বগা মানূহৰ দৰে  কিবা এটা দলঙৰ মূৰত ঠিয় হৈ আছে। মোৰ সমগ্ৰ শৰীৰেদি যেন এটা বিজুলী প্ৰৱাহ পাৰ হৈ গ'ল। মই ওচৰ চাপি যাবলৈ চেষ্টা কৰিলো। পুণৰ বিজুঁলী ক্ষণিকৰ পোহৰ। 


আ: !!!!! 


দীঘল চুলীৰ দৰে কিবাৰে বস্তুটো মোৰ ফালে পিঠি দি আছে। পকেটৰ পৰা খেপিয়াই পিষ্টলটো উলিয়াই ল'লো। মই লাহে লাহে যিমান পাৰি বস্তুটোৰ ওচৰ চাপি যাবলৈ চেষ্টা কৰিলো।


পুনৰ এবাৰ বিজুলী মাৰিলে।


------ হেণ্ডচ আপ !!!  মই গম্ভীৰ ভাৱে কৈ উঠিলো।


------ হা: হা: হা: হা:  বস্তটোৱে এটা অট্টহাস্য কৰি উঠিল।


 এটা পুৰুষ কণ্ঠ। 


------ মই জানিছিলো মি: বৈশ্য। তই মোৰ এইখন জালত এদিন হ'লেও ভৰি দিবি বুলি !!! তোক এই নিৰ্জন ঠাইলৈ অকলশৰে  মাতি অনাৰ বাবেই মোৰ ইমান দিনে মোৰ প্ৰেতাত্মাৰ অভিনয়  আছিল। মই ভালদৰেই জানিছিলো তই এদিন প্ৰেতাত্মাৰ ৰহস্য ভেদ কৰি অকলে এদিন ইয়ালৈ আহিবিয়েই। হা: হা: হা: তইটো  থ্ৰীলবোৰ অকলেই এনজয় কৰি ভালপাৱ??  


মই বুজিলো এইটো হামিদৰ মাত। দ্ৰাগছৰ কেছত তাক মই বহুবাৰ জেইলৰ ভাত খুৱাইছো । গতিকে তাৰ লগত মোৰ হিচাপ পুৰণি। 


----- তই কি বিচাৰ? মই চিঞৰি সুধিলো। কাৰণ বৰষুণ তেতিয়াও মুষুলধাৰে দি আছিল।


----- তোৰ মৃত্যু। সাজু হ।  


পুনৰ বাৰ বিজুলীৰ ক্ষণিকৰ পোহৰ।


এনেতে দেখিলো সি তড়িৎ গতিৰে মোৰ ফালে ঘুৰি পিষ্টলৰ ট্ৰিগাৰ টিপিছে।


 থিচিউ !!! থিচিউ !!! থিচিউ !!!


মই চকুহাল মুদি দিলো। 


আ: !!!! কোনোবাই চিৎকাৰ কৰি উঠিল। লগে লগে এটা টৰ্চৰ পোহৰ পৰিল মোৰ সন্মুখৰ বগা কাপোৰ পিন্ধা মানূহটো গাত। দেখিলো তেজেৰে ৰাঙলী হৈ সি পৰি আছে মাটিত। দেহৰ পৰা ওলোৱা তেজখিনি বৰষুণে বোৱাই নিছে।


মই টৰ্চৰ উৎসটোলৈ চালো।


এটা ছায়ামুৰ্তি বৰষুণৰ মাজেৰে মোৰ ফালে আহি আছে।


------ অকলে বেছি থ্ৰিল লোৱাটো ভাল কথা নহয়। 


এয়া দেখোন ASI কলিতা !!! থেংক গড!!! কলিতা সময়মতে নহা হ'লে আজি মই চাগৈ...!!!!@@@@@(সম্পুৰ্ণ কাল্পনিক)


(সমাপ্ত)


উক্ত গল্পটো আমালৈ প্ৰেৰণ কৰা যাদৱ বৰা ডাঙৰীয়াক SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages